The best way about Wudu or Ablution in Islam (Assamese)

Wudu Ablution in Islam (Assamese Wajju/0jju)
Cleaning oneself with water!
 
ওজু কেনেকৈ কৰিব লাগে জানো আহক।

আচ্ছালামুআলাইকুম ।আমি প্ৰত্যেক নামাজৰ আগত অজু কৰাটো জৰুৰী। কেতিয়াবা আমাৰ অজু কৰোতে সাধাৰণ খেলি-মেলি লাগি যায়, গতিকে আপোনাৰ যাতে কেতিয়াও খেলি-মেলি নালাগে তাৰ বাবে মই আজি আপোনাক কম ওজু কেনেকৈ কৰিব লাগে।

Ø 1st stepঅজুৰ নিয়ত কৰিব । নিয়ত টো মই ইয়াত ধুনীয়াকৈ লিখি দিছো –“নাৱাইতুৱান আতাৱাজ্জাআ লিৰাফ্-ইল হাদাছি ওৱা ইছতি বাহাতিছ চালাৱাতি তাকাৰৰুবান ইলাল্লাহি তা’আলা”।

Ø 2nd stepবিছমিল্লাহ পঢ়ি অজু আৰম্ভনি দোৱাটো মাতিব। “বিছমিল্লাহিল আলিউল আজীম ,ৱাল হামদু লিল্লাহি আলা দীনিল ইছলামি আল ইছলামু হাক্কু ৱাল কুফৰু বাতিনুল আল ইছলামু নুৰুন ৱাল কুফৰু বাতিনুল আল ইছলামু নুৰন ৱাল কুফৰু জুলমাতুন”|

Ø 3rd step, হাতৰ সৰু গাঠিলৈ ৩ বাৰ ধুব আৰু ইখন হাতৰ আঙুলি সিখন হাতৰ আঙুলিৰ ফাকত সমুবাই ভালদৰে ধুব।

Ø 4th step,তৰ্জনী আঙুলিৰে ঘহি দাত পৰিষ্কাৰ কৰিব,তাৰ পিছত ৩ বাৰ কুলি আৰু গাৰগল কৰিব।

Ø 5th step.তিনিবাৰ কুলি কৰাৰ পিছতেই নাক পৰিষ্কাৰ কৰিব। সোঁহাতেৰে নাকৰ ফুটাত পানী নিক্ষেপ কৰাৰ পিছত বাঁওহাতৰ আঙুলিৰে নাক চাফ কৰিব। এনেকৈ ৩ বাৰ কৰিব।

Ø 6th step. নাক পৰিষ্কাৰ কৰাৰ পিছত দুয়ো হাতেৰে পানী লৈ মুখমণ্ডল ৩ বাৰ ধুব। ঘন দাড়ি থাকিলে দাড়িৰ ফাকত আঙুলি সুমুৱাই ভালদৰে ধুব।

Ø 7th step.মুখমণ্ডল ভালদৰে পৰিষ্কাৰ কৰাৰ পিছত কিলাকুটি পৰ্যন্ত ৩ বাৰকৈ ধুব। প্রথমে সোঁ হাত তাৰপিছত বাঁওহাত ধুব।

Ø 8th step.মুখমণ্ডল ধোৱাৰ পিছত. হাত দুখন পানীত ভিজাই শ্বাহাদৎ, মধ্যমা, আৰু অনামিকা আঙুলি ৩ টাৰে কপালৰ চুলিৰ সীমাৰ পৰা মুৰৰ এক চতুৰ্থাংশ এবাৰ মোছেহ অৰ্থাৎ মুচিব  আৰু next কানৰ ভাজ মোছেহ কৰিব এবাৰ।

Ø 9th step.ভৰিৰ পতা আৰু সৰু গাঠিৰ কিছু ওপৰলৈ ধুব। ভৰি ধোওতে সোঁহাতেৰে পানী ঢালি বাঁওহাতেৰে ঘহিপিহি ভালদৰে ৩ বাৰ ধুব।

Ø Last step.অজু কৰি শেষ হোৱাৰ পিছত কলিমা শ্বাহাদৎ আৰু সংশ্লিষ্ট দোৱা পাঠ কৰা মুস্তাহাব।

কলিমা শ্বাহাদৎ- “আশ্বহাদু আল লা ইলাহা ইল্লাল্লাহু ওৱা আশ্বহাদু আন্না মুহাম্মাদান আবদুহু ওৱা ৰাছুলুহু”

অজুৰ শেষৰ দোৱা- “আল্লাহুম্মা জাআলনী মিনাত্ তাওৱাবিনা, ওৱাজ আলনী মিনাল মুতাটাহ হিৰীনা ওৱাজ আলনী মিন ইবাদিকাচ চালিহীন”

অজু কৰোতে মনত ৰাখিব লগীয়া কেইটামান simple কথা- অজু কৰোতে কথা পাতিব নালাগে আৰু মহিলাই অজু কৰোতে মুৰত কাপোৰ লোৱা উচিত।

অজু কি কি কাৰণত ভংগ হব পাৰে জানো আহক :

পেচাব পায়খানা কৰিলে, পায়খানাৰ দৰ্জাৰে বায়ু নিঃসৰণ হোৱা, মুখভৰি বমি কৰিলে. অচেতন হলে, গভীৰ নিদ্রাত গলে, আদি কাৰনত অজু নষ্ট হ’ব পাৰে।

দিনটোত ৫ বাৰ অজু কৰাটো ইচলামৰ নিয়ম। Scientifically চাবলৈ গলে দিনটোত ৫ বাৰ হাত- ভৰি চকু-কান চাফ কৰি ৰাখিলে শৰীৰ টোক বিভিন্ন বেমাৰৰ পৰাও নিৰাপদে ৰাখিব পাৰি। আল্লাহুতাআলাই আমাক সকলোকে চয়তানৰ কবলৰ পৰা মুক্ত কৰি শুদ্ধ পথে পৰিচালিত কৰক, আমিন। (Ablution in Islam)

https://myislam.org/how-to-do-wudu/

Leave a comment