Why should we offer Namaz ? (in Assamese)

নামাজ কিয় পঢ়িব লাগে ?

আচ্ছালামুৱালাইকুম । hmm, do you know নামাজ পঢ়িলে আমাৰ কি কি benefit হয়, আৰু আমি নামাজ কিয় পঢ়িব লাগে..? মোৰ বয়সৰ খুব কম লৰা-ছোৱালীয়েহে regular নামাজ পঢ়ে। বেছিভাগৰে মোৰ নিছিনা অৱস্থা । I mean , not regular. অৱশ্যে স্থান,কাল,পাত্ৰ ভেদে নিজকে adjust কৰিব যাওঁতে কিছুমান কামৰ পৰা আতৰি আহিব লগা হয় । মই মোৰ অভিজ্ঞতাৰ পৰা কৈছো , মই থাকো shillong অত , মই NEHU ত পঢ়ি আছো আৰু সেই সূত্ৰে মই হোষ্টেলতে থাকো। আকৌ মোৰ Roommate দুজনী খ্রীষ্টিয়ান , যদিও সিঁহতে মোক কেতিয়াও নামাজ পঢ়াত বাধা দিয়া নাই আৰু কেতিয়াও ঠাট্টা-মস্কৰাও কৰা নাই তথাপি কেতিয়াবা কিছুমান পৰিস্থতিত মই পাঁচ ৱাক্ত নামাজ maintain কৰাত অলপ অসুবিধা পাঁও। তাতে আকৌ class ও থাকে। বাৰু সেইটো আল্লাহেও দেখিছে আৰু সকলোৰে লগত ধুনীয়াকে মিলি-জুলি চলাটোও এটা চুন্নত। But প্রকৃত কথাটো হ’ল যে মই যেতিয়া নামাজৰ benefit বোৰ গম পালো , ভ|বিলো  আপোনাৰ লগতো share কৰি দিওঁ । অন্তত মই নোৱাৰিলেও কিজানিবা আপুনিয়ে পাঁচ ৱাক্ত নামাজ আদায় কৰিব পাৰে, আৰু আমাৰ বাবে দোৱা কৰিব পাৰে । কিন্তু এটা কথা, এতিয়া যিহেতু 0nline class হৈ আছে মই ধুনীয়াকে নামাজ খিনি আদায় কৰব পাৰিছো। এতিয়া আহিছো একেবাৰে মূল কথাটোলৈ। গতিকে সময় নষ্ট নকৰি নামাজৰ benift বোৰ জানি লওঁ আহক। (Namaz in Assamese)

·     নামাজ হৈছে এনেকুৱা এটা ৰাস্তা যিয়ে আয়-বৰকত ৰুজি-ৰোজগাৰৰ ৰাস্তা মুকলি কৰে।

·       নামাজ পঢ়িলে আমাৰ শাৰীৰিক স্বাস্থ্যও ভালে থাকে।

·       ইয়ে হানিকাৰক পথৰ পৰা আমাক আতৰত ৰাখে।

·       ইয়ে আমাক বেমাৰৰ পৰাও আতৰত ৰাখে।

·       নামাজ পঢ়িলে অন্তৰ পবিত্ৰ আৰু মজবুত হয়

·       নামাজ পঢ়িলে আমাৰ চেহেৰা নুৰানী হয়।

·       নামাজে অন্তৰাত্মাক সন্তুষ্টি প্ৰদান কৰে।

·       নামাজৰ পৰা এলেহুৱা স্বভাব দূৰ হয়।

·       ইয়ে আমাৰ শৰীৰৰ অংগ সমূহক সক্ৰিয় কৰি ৰাখে।

  • ইয়ে আমাৰ শাৰিৰীক শক্তি বৃদ্ধি কৰে।

·       নামাজ পঢ়াৰ পৰা আমাৰ অন্তৰ বহল হয়, অৰ্থাৎ আমাৰ চিন্তা ধাৰাৰ উন্নতি হয়।

 

·       নামাজ হৈছে আমাৰ অন্তৰাত্মাৰ খাদ্য।

·       নামাজে আমাৰ হৃদয় উজ্বল কৰে।

·       ইয়ে আশীৰ্বাদক সুৰক্ষিত কৰে।

·       নামাজে আপদ-বিপদক পৰা সুৰক্ষা প্ৰদান কৰে।

·       নামাজে  আশীৰ্বাদৰ বৰষুণ আনে।

·       ইয়ে আমাক চয়তানৰ পৰা দুৰত ৰাখে।

·       নামাজে আমাক আল্লাহৰ ওচৰ চপাই আনে।

·       শুদ্ধ অন্তৰেৰে নামাজ পঢ়ি দোৱা কৰিলে আল্লাহে মনৰ আশা পূৰণ কৰে।

·       নামাজ পঢ়িলে অৱসাদ, দুখ, হতাশা আদিৰ পৰা মন আৰু অন্তৰ মুক্ত হয়।

আপুনি এতিয়া নিশ্চয় গম পালে নামাজ পঢ়িলে কিমান benefit হয়। গতিকে নামাজ পঢ়ক , দোৱা কৰক আৰু stay happy and healthy. আমিন। (Namaz in Assamese)

 

 

 

 

 

 

 

 

 

 

 

                                                    

Leave a comment