Know the Questions and Answers Transport and Communications

মানৱ ভূগোলৰ মৌলিক তত্ব Transport and communications

(প্ৰথম খণ্ড) Transport and communications

(অষ্টম অধ্যায়)

পৰিবহন আৰু যোগাযোগ

1.তলত উল্লেখ কৰা চাৰিটা সম্ভাব্য উত্তৰৰ পৰা শুদ্ধ উত্তৰ বাছি উলিওৱা

ক. ট্ৰান্স- মহাদেশীয় ষ্টুৱাৰ্ট ঘাই পথে কোন দুখন ঠাইৰ সংযোগ কৰিছে

  • ডাৰ‌উইন আৰু মেলবোৰ্ন ☑️
  • এডমন্টন আৰু এনচʼৰেজ
  • ভেনকʼভাৰ আৰু ছেইন্ট জনচ্ চিটি
  • চেংডু আৰু লাছা

খ. কোনখন দেশত ৰেলপথৰ ঘনত্ব সৰ্বাধিক

  • ব্ৰাজিল
  • আমেৰিকান যুক্তৰাষ্ট্ৰ ☑️
  • কানাডা
  • ৰাছিয়া

গ. বৃহৎ ট্ৰাংক পথ কোনটো মহাসাগৰৰ মাজেৰে পাৰ হৈ গৈছে

  • ভূমধ্য-ভাৰত মহাসাগৰ
  • উত্তৰ আটলান্টিক মহাসাগৰ☑️
  • দক্ষিণ আটলান্টিক মহাসাগৰ
  • উত্তৰ প্ৰশান্ত মহাসাগৰ

ঘ. বিগ-ইঞ্চ পাইপ লাইনে কি পৰিবহন কৰে

  • গাখীৰ
  • LPG
  • পানী
  • খাৰুৱা তেল☑️

ঙ. তলৰ কোন দুখন ঠাই প্ৰণালী সুৰংগৰে সংযোজিত

  • লণ্ডন-বাৰ্লিন
  • পেৰিছ-লণ্ডন☑️
  • বাৰ্লিন-পেৰিছ
  • বাৰ্ছিলোনা-বাৰ্লিন

2. তলত দিয়া প্ৰশ্নবোৰৰ 30 টা মান শব্দৰ ভিতৰত উত্তৰ দিয়া Transport and communications

1.পৰ্বতীয়া, মৰুভূমি আৰু সঘনাই বানপানী হোৱা অঞ্চলৰ পথ পৰিবহনৰ সমস্যাবোৰ কি?

উত্তৰ:  পথ পৰিবহন হৈছে এক জনপ্ৰিয় পৰিবহন ব্যৱস্থা । ভৌগলিক কাৰকে পথ পৰিবহনত যথেষ্ট প্ৰভাৱ পেলায় । পৰ্বতীয়া অঞ্চলৰ পথ পৰিবহন ব্যৱস্থা টো ব্যয়বহুল হয়, পথ নিৰ্মান কাৰ্য যথেষ্ট কঠিন আৰু ভূমিস্থলনৰ বাবে পথ সমূহত যান-বাহন কেইবাদিনলৈ আবদ্ধ হ’ব লগীয়া হয়।

মৰুভূমি অঞ্চলৰ বালিময় পৰিৱেশত পথ নিৰ্মাণ কাৰ্য যথেষ্ট ব্যয়বহুল আৰু সময় খৰচী।

আকৌ সঘনাই বানপানী হোৱা অঞ্চলত পথ সমূহ সঘনাই মেৰামতি কৰিব লগীয়া হয় বাবে খৰচৰ পৰিমান বাঢ়ি যায়।

2. ট্ৰান্স মহাদেশীয় ৰেলপথ কি?

উত্তৰ: একোখন মহাদেশৰ দুই মুৰ সংযোগী ৰেলপথ সমূহক ট্ৰান্স মহাদেশীয় ৰেল পথ বা পাৰ মহাদেশীয় ৰেল পথ বোলে। ঘাইকৈ অৰ্থনৈতিক আৰু ৰাজনৈতিক কাৰণত এনে ৰেলপথ বোৰ নিৰ্মান কৰা হয় । ট্ৰান্স মহাদেশীয় ৰেলপথৰ কেইটামান উদাহৰণ হল- ট্ৰান্স চাইবেৰীয়া ৰেলপথ, ট্ৰান্স কানাডা ৰেল পথ।

3. জল পৰিবহনৰ সুবিধা বোৰ কি কি ?

উত্তৰ: জল পৰিবহনৰ সুবিধা বোৰ হ’ল

  • জল পৰিবহনত পথ নিৰ্মানৰ বাবে খৰচ কৰিবলগীয়া নহয়।
  • এই পৰিবহন ব্যৱস্থাৰ যোগেদি অত্যাধিক ওজনৰ সামগ্ৰী সমূহ অনায়াসে আৰু কম খৰচত পৰিবহন কৰিব পাৰি।
  • ইয়াত ৰাজহ আদয়ৰ ব্যৱস্থা নাই।
  • এই ব্যৱস্থাত কৰ্মচাৰীৰ সংখ্যা কম।

4. ‘সু পৰিচালিত পৰিবহন ব্যৱস্থাত বিভিন্ন প্ৰকাৰৰ পৰিবহনে এটা আনটোৰ পৰিপূৰক হোৱা দেখা যায়’ __ বাখ্যা কৰা। Transport and communications

উত্তৰ: ‘সু পৰিচালিত পৰিবহন ব্যৱস্থাত বিভিন্ন প্ৰকাৰৰ পৰিবহন এটা আনটোৰ পৰিপূৰক কিয়নো-

  • অধিক ওজন থকা বস্তু বোৰ জল পৰিবহনৰ যোগেদি কঢ়িয়াবলৈ বৰ সুবিধাজনক । আকৌ, ৰেল পৰিবহনৰ যোগেদি মানুহৰ লগতে অন্যান্য দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰী সমূহ কম সময়ৰ ভিতৰতে কঢ়িয়াবলৈ সুবিধাজনক।
  • পথ পৰিবহন হৈছে কম দুৰত্বৰ ঠাইৰ মাজত যোগাযোগ কৰিবলৈ এক সুবিধাজনক ব্যৱস্থা, আনহাতে আকাশী পথ হৈছে আটাইতকৈ দ্ৰুততৰ ব্যৱস্থা , আন্তৰ্জাতিক যাতায়তৰ ক্ষেত্ৰত আৰু ক্ষিপ্ৰ যোগাযোগ আকাশী পথেৰে সুবিধাজনক ।
  • আকৌ পেট্ৰলিয়াম, গেছ এইবোৰ পৰিবহন কৰিবলৈ পাইপলাইন হৈছে উত্তম ব্যৱস্থা

গতিকে, ওপৰৰ আলোচনাৰ পৰা দেখা গ’ল যে কেবল একেধৰনৰ পথ পৰিবহন যাতায়ত যোগাযোগৰ বাবে সুবিধাজনক নহয় বৰঞ্চ, সকলো ধৰনৰ পৰিবহন ব্যৱস্থাৰ সমাহাৰে যাতায়ত আৰু যোগাযোগ ব্যৱস্থা সুচল কৰি তোলে ।

5. পৃথিৱীৰ কোনবোৰ অঞ্চলত আকাশী পথৰ ঘনত্ব অধিক? Transport and communications

উত্তৰ: পৃথিৱীৰ উন্নত দেশবোৰত আকাশী পথৰ ঘনত্ব অধিক । আমেৰিকা যুক্তৰাষ্ট্ৰ‌ই পৃথিৱীৰ প্ৰায় ৬০% বিমান সেৱাৰ যোগান ধৰে । নিউয়ৰ্ক, লণ্ডন, পেৰিছ, ৰোম, কাইৰো মস্কো, কৰাচী, দিল্লী, মুম্বাই, বেংকক, চিংগাপুৰ, টকিও, চান ফ্ৰানন্সিক, লচ এঞ্জেলচ, চিডনি আদি ঠাইত উচ্চ পৰ্যায়ৰ বিমান বন্দৰ গঢ়ি উঠিছে ।

6. মানুহৰ সাম্প্ৰতিক অৰ্থনৈতিক আৰু সামাজিক স্পেছ সম্প্ৰসাৰণ কৰা বিভিন্ন ধৰনৰ চাইবাৰ স্পেছ বোৰ কি??

উত্তৰ:  বৰ্তমান সময়ত মানুহৰ সাম্প্ৰতিক অৰ্থনৈতিক আৰু সামাজিক স্পেছ সম্প্ৰসাৰণ কৰা বিভিন্ন ধৰনৰ চাইবাৰ স্পেছ বোৰ হ’ল

  • ই-মেইল: ই-মেইল হৈছে এক দ্ৰুত যোগাযোগ মাধ্যম, ইয়াৰ যোগেদি আমি অতি কম সময়ৰ ভিতৰত বাৰ্তা প্ৰেৰণ কৰিব পাৰো । এই ব্যৱস্থা কম খৰচীও।
  • ই লাৰ্নিং: ই লাৰ্নিং ৰ লগত আমি সকলোৱে পৰিচিত । এই ব্যৱস্থাৰ যোগেদি আমি নতুন নতুন কথা শিকিব পাৰিছো, নতুন জ্ঞান অৰ্জন কৰিব পৰা হৈছো । ইয়ে আমাক কম খৰচত মুক্ত শিক্ষা প্ৰদান কৰিছে
  • ই-কমাৰ্চ: ই -কমাৰ্চ এক জনপ্ৰিয় ব্যৱস্থা, এই ব্যৱস্থাৰ জৰিয়তে আমি যিকোনো সামগ্ৰী অনলাইন কিনা-বেচা কৰিব পাৰো
  • ই-গভাৰ্নেন্স: এই সেৱাৰ জৰিয়তে চৰকাৰৰ বিভিন্ন আঁচনি তথা সেৱা সুবিধা সমুহ জনসাধাৰণৰ মাজলৈ প্ৰচাৰ কৰাত সুবিধা হৈছে । সকলো শ্ৰেণীৰ লোকেই এই সা-সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে ।

অতিৰিক্ত পাঠ ভিত্তিক প্ৰশ্নোত্তৰ

1.পৰিবহন আৰু যোগাযোগ ৰ মাজত পাৰ্থক্য লিখা Transport and communications

উত্তৰ: পৰিবহন আৰু যোগাযোগ ব্যৱস্থাৰ মাজত পাৰ্থক্য তলত উল্লেখ কৰা হ’ল

  • পৰিবহন ব্যৱস্থাত বয় বস্তু অনা নিয়া কৰা হয়। আনহাতে , যোগাযোগ ব্যৱস্থাত সেৱা, তথ্য, সংবাদ আদি সৰবৰাহ কৰা হয়।
  • পৰিবহন ব্যৱস্থাত পথৰ প্ৰয়োজন । কিন্তু, যোগাযোগ ব্যৱস্থাত পথৰ প্ৰয়োজন নহয়।
  • পৰিবহন ব্যৱস্থা ইন্ধনৰ ওপৰত নিৰ্ভৰশীল । কিন্তু, যোগাযোগ ব্যৱস্থা বিদ্যুৎ শক্তি আৰু নেটৱৰ্কৰ ওপৰত নিৰ্ভৰশীল।
  • পৰিবহন ব্যৱস্থা দুৰ্গম ঠাইত সম্ভৱ নহয়। কিন্তু যোগাযোগ ব্যৱস্থা দুৰ্গম ঠাইটো সম্ভৱপৰ।

2. যাতায়তৰ দুৰত্ব কেইপ্ৰকাৰৰ Transport and communications

উত্তৰ: যাতায়তৰ দুৰত্ব তিনিপ্ৰকাৰৰ –

কিলোমিটাৰ হিচাপত দুৰত্ব, সময়ৰ দুৰত্ব আৰু খৰচৰ দুৰত্ব

3. ভাৰতৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথ টোৰ নাম আৰু ইয়াৰ বিস্তৃতি উল্লেখ কৰা?

উত্তৰ: ভাৰতৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথ টো হৈছে NH-7 , এই পথটোৰ মুঠ দৈৰ্ঘ্য ২৪৩৭ কি.মি । এই পথটো বাৰাণসীৰ পৰা কন্যাকুমাৰীলৈ বিস্তৃত ।

4. ভাৰতৰ দীৰ্ঘতম ৰেলৱে প্লেটফৰ্ম খনৰ নাম কি?

উত্তৰ: খড়গপুৰ।

5. পৰিবহন নেটৱৰ্ক কি ?

উত্তৰ: বিভিন্ন স্থান বিভিন্ন পথেৰে সংযোগ কৰি গঢ়ি তোলা ব্যৱস্থাক পৰিবহন নেটৱৰ্ক বোলে।

6.পাহাৰীয়া অঞ্চলৰ পৰিবহনৰ প্ৰধান সমস্যা সমূহ কি কি ?

উত্তৰ: পাহাৰীয়া অঞ্চলত পৰিবহনৰ বিভিন্ন সমস্যা দেখিবলৈ পোৱা যায় । এই অঞ্চলৰ ভূ-প্ৰাকৃতিক গঠনৰ বাবে সাধাৰণতে এনে সমস্যা সমূহ হয় । এই সমস্যা সমূহ তলত উল্লেখ কৰা হ’ল

  • পাহাৰীয়া অঞ্চলত পথ পৰিবহনৰ বাবে নিৰ্মান কাৰ্য অধিক কষ্টকৰ আৰু ব্যয়বহুল।
  • এই অঞ্চলত পৰিবহনৰ মেৰামতিৰ কাম অধিক খৰচী ।
  • বিভিন্ন প্ৰাকৃতিক দুৰ্যোগৰ বাবে এই অঞ্চল সমূহ পৰিবহনৰ বাবে সুবিধাজনক নহয় ।
  • ভূমিস্থলনৰ বাবে পথ সমুহত কেইবাদিনো ধৰি যান বাহন আবদ্ধ হৈ থাকিবলগীয়া হয়।

7. আকাশী পৰিবহনৰ অসুবিধা সমূহ লিখা Transport and communications

উত্তৰ: আকাশী পৰিবহনৰ অসুবিধা সমুহ হ’ল

  • এই পৰিবহন ব্যৱস্থা অধিক ব্যয়বহুল বাবে সকলো শ্ৰেণীৰ লোকেই ব্যৱহাৰ কৰিব নোৱাৰে ।
  • আকাশী পৰিবহন ব্যৱস্থা বিভিন্ন প্ৰাকৃতিক সমস্যা যেনে ঘুৰ্ণীবতাহ, অতি বৃষ্টিপাত, কুঁৱলী আদিৰ বাবে স্থগিত ৰাখিব লগীয়া হয়।
  • আকাশী পথ পৰিবহন ব্যৱস্থাৰ আন্তঃগাথঁনি অধিক ব্যয়বহুল।
  • ৰেডিঅ’ তৰংগৰ ব্যৱস্থাপনা আৰু ব্যৱহাৰ অধিক খৰচী।

8. এখন দেশৰ উন্নয়নত ঘাই পথ বোৰে কিদৰে প্ৰভাব বিস্তাৰ কৰে ?

উত্তৰ: এখন দেশৰ উন্নয়নৰ ক্ষেত্ৰত পৰিবহন ব্যৱস্থাই এক মুখ্য ভুমিকা পালন কৰে অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত দেশ এখনৰ ঘাইপথ সমুহে তলত উল্লেখ কৰা ধৰনে প্ৰভাৱ বিস্তাৰ কৰে

  • দেশ এখনৰ ভিতৰত উন্নত চহৰ আৰু বন্দৰ সমুহক ঘাই পথৰ জৰিয়তে সংলগ্ন কৰা হয়
  • দেশ এখনৰ আমদানি-ৰপ্তানি কাৰ্য সমুহৰ সু পৰিচালনাত ঘাই পথ সমূহে মুখ্য ভূমিকা পালন কৰে ।

9.ট্ৰান্স কন্টিনেন্টেল ষ্টুৱাৰ্ড ৰাজপথটো ক’ত অৱস্থিত?

উত্তৰ: অষ্ট্ৰেলিয়া।

10. কোনখন দেশত সৰ্বাধিক ঘনত্বৰ ৰেল পথৰ সংযোগ আছে?

উত্তৰ: উত্তৰ আমেৰিকা।

11.বিগ ট্ৰাংক পথটো ক’ত অৱস্থিত ?

উত্তৰ: ভাৰতত অৱস্থিত।

12. দ্যা বিগ ইঞ্চ পাইপ লাইন টোৱে কি পৰিবহন কৰে?

উত্তৰ: মেক্সিকো উপসাগৰৰ পৰা উত্তৰ পূবৰ শোধানাগাৰ সমূহলৈ খাৰুৱা তেল কঢ়িয়াই।

13. চেনেল টানেল সংযোগ কৰা ঠাই দুখন কি কি?

উত্তৰ : লণ্ডন আৰু পেৰিছ।

14. ইউৰোপৰ কোনখন দেশৰ ৰাজপথৰ ঘনত্ব অধিক?

উত্তৰ: উত্তৰ আমেৰিকা।

15. ৰাছিয়াৰ কোনখন মহানগৰত ৰেল বিভাগৰ মুখ্য কাৰ্যালয় অবস্থিত?

উত্তৰ: মস্কো।

16. চুয়েজ খাল কেতিয়া নিৰ্মান কৰা হৈছিল ? ইয়াৰ দৈৰ্ঘ্য কিমান?

উত্তৰ: চুয়েজ খাল ১৮৬৯ চনত ভূমধ্যসাগৰ আৰু লোহিত সাগৰক সংলগ্ন কৰি নিৰ্মান কৰা হৈছিল। ইয়াৰ দৈৰ্ঘ্য ১৬০ কিলোমিটাৰ।

17. পানামা খালৰ দৈৰ্ঘ্য কিমান ? ই কোন দুখন ঠাইক সংযোগ কৰিছে?

উত্তৰ: পানামা খালৰ দৈৰ্ঘ্য হ’ল ৭২ কিলোমিটাৰ । এই খালে প্ৰশান্ত মহাসাগৰ আৰু আটলান্টিক মহাসাগৰক সংযোগ কৰিছে ।

18. ৰেল পৰিবহনৰ দুটা সুবিধা উল্লেখ কৰা ?

উত্তৰ: ৰেল পৰিবহনৰ দুটা সুবিধা হ’ল

  • গধূৰ বস্তু বোৰ যেনে কিছুমান যন্ত্ৰ পাতি ৰেলেৰে বহু দূৰলৈ অনা নিয়া কৰিব পাৰি।
  • একেলগে বৃহৎ পৰিমানৰ খাদ্য-সামগ্ৰীৰ আমদানি ৰপ্তানি ৰেল পৰিবহন ব্যৱস্থা ৰে কৰা হয় ।
  • দূৰনিবটীয়া ঠাইলৈ বৃহৎ পৰিমানৰ যাত্ৰী একেলগে কম খৰচত অহা যোৱা কৰিব পাৰে।
  • এই পৰিবহন ব্যৱস্থাটো পথ পৰিবহনৰ তুলনাত কম খৰচী।

19. কোন খন ঠাইৰ মাজেৰে ৰাইনʼ নদী খন বৈ গৈছে?

উত্তৰ: জাৰ্মানী আৰু নেদাৰলেণ্ডৰ মাজেৰে।

20. দুই ধৰনৰ জল পৰিবহন ব্যৱস্থা কি কি ?

উত্তৰ: অন্তৰ্দেশীয় জলপথ আৰু সামুদ্ৰিক জলপথ।

Leave a comment