Transformation of Ordinary Sentences into Logical Proposition

 সাধাৰণ বাক্যক বচন লৈ পৰিবৰ্তন Logical Proposition

অনুশীলনী Logical Proposition

() তলত কিছুমান বাক্যক বচনলৈ পৰিৱৰ্তন কৰি দেখুওৱা  

a)সকলো ৰাজহাঁহ বগা নহয় । 

O – কিছুমান ৰাজহাঁহ বগা নহয় ।

b) প্ৰত্যেক জন্তুৱেই মাংসভোজী নহয় । 

 O- কিছুমান জন্তু নহয় মাংসভোজী ।

c) কোনো লিখকেই অজ্ঞানী নহয় । 

E- কোনো লিখক নহয় অজ্ঞানী ।

d) একমাত্ৰ ধাৰ্মিক সকলেই নম্ৰ ।

A- সকলো নম্ৰলোক হয় ধাৰ্মিক ।

e) মানুহৰ শিক্ষণ কেতিয়াও সম্পূৰ্ণ নহয় । 

E- কোনো মানুহৰ শিক্ষণ নহয় সম্পূৰ্ণ ।

f) সাধু লোকৰ বাহিৰে আন কোনো বিশ্বাসী নহয় । 

 E- সাধুলোকৰ বাহিৰে আন কোনো নহয় বিশ্বাসী ।

g) কেৱল সৎ ব্যক্তিয়েই বিশ্বাসযোগ্য । 

A- সকলো বিশ্বাসযোগ্য ব্যক্তি হয় সৎ ।

h)  কোনেনো নিজৰ জন্মস্থান ভাল নাপায় ? 

 A- সকলো লোক হয় এনে যি নিজৰ জন্মস্থান ভাল নাপায় ।

i) যি চিন্তা কৰিব পাৰে তেওঁৰেই অস্তিত্ব আছে । 

O- সকলো চিন্তা কৰিব পৰা ব্যক্তি হয় অস্তিত্বশীল ।

j )  কম মানুহেই শাৰীৰিক বাধাগ্ৰস্ত ।

O-কিছুমান মানুহ নহয় শাৰীৰিক বাধাগ্ৰস্ত ।

k)  কেৱল প্ৰাপ্তবয়স্ক সকলেহে ভোটাধিকাৰৰ যোগ্য । 

A- সকলো ভোটাধিকাৰৰ যোগ্য লোক হয় প্ৰাপ্তবয়স্ক ।  

(তলত দিয়া বাক্যবোৰ বচনলৈ ৰূপান্তৰ কৰা আৰু উপযুক্ত বচন চিহ্নৰে চিহ্নিত কৰা  

(ক) জ্ঞানীসকলে সাধাৰণতে উদাৰ ।

উত্তৰঃ কিছুমান জ্ঞানী মানুহ হয় উদাৰ । (I) 

(খ) বেছিভাগ ছাত্ৰই খেলা-ধূলাতে দক্ষ নহয় । 

উত্তৰঃ কিছুমান ছাত্ৰই নহয় এনে যি খেলা-ধূলাতে দক্ষ । (O) 

(গ) কেৱল অশিক্ষিত সকলেই কুসংস্কাৰত বিশ্বাসী । 

উত্তৰঃ সকলো কুসংস্কাৰত বিশ্বাসীলোক হয় অশিক্ষিত । (A) 

(ঘ) সকলো বিজ্ঞানী আমেৰিকান নহয় । 

উত্তৰঃ কিছুমান বিজ্ঞানী নহয় আমেৰিকান । (O) 

(ঙ) দয়া এটা মহৎ গুণ ।

উত্তৰঃ দয়া হয় এটা মহৎ গুণ । (A) 

(চ)  প্ৰত্যেক ৰোগেই দুৰাৰোগ্য নহয় । 

উত্তৰঃ কিছুমান ৰোগ নহয় এনে যিবোৰ দুৰাৰোগ্য । (O) 

(ছ)  শিক্ষকসকল প্ৰায়েই উদাৰ হয় । 

উত্তৰঃ কিছুমান শিক্ষক হয় উদাৰ । (I) 

(জ) অসৎ লোকক বেয়া নাপায় কোনে ? 

উত্তৰঃ সকলো অসৎলোক হয় এনে যাক লোকে বেয়া পায় । (A) 

(ঝ)  কম মানুহেই বিবেকবান । 

উত্তৰঃ কিছুমান মানুহ নহয় এনে যি সকলে বিকেকবান । (O) 

(ঞ) পণ্ডিতসকল সদায় নমস্য । 

উত্তৰঃ সকলো পণ্ডিত হয় নমস্য । (A) 

(ট) সকলো ছাত্ৰ সমানে দক্ষ নহয় । 

উত্তৰঃ সকলো ছাত্ৰ নহয় সমানে দক্ষ । (O) 

(ঠ)  কেৱল পুৰুষসকলহে মছজিদত সোমাব পাৰে । 

উত্তৰঃ সকলো মছজিদত সোমাব পৰা লোক হয় পুৰুষ ।(A) 

(ড)  মানুহ মাত্ৰেই বুদ্ধি-বৃত্তি সম্পন্ন জীৱ । 

উত্তৰঃ সকলো বুদ্ধি-বৃত্তি সম্পন্ন জীৱ হয় মানুহ । (A)

(ঢ)  এভাৰেষ্ট পৃথিৱীৰ সৰ্বোচ্চ শৃংগ । 

উত্তৰঃ এভাৰেষ্ট হয় পৃথিৱীৰ সৰ্বোচ্চ শৃংগ । (A)

(ণ)  প্ৰায় সকলো ভাৰতীয় ধৰ্মভীৰু । 

উত্তৰঃ কিছুমান ভাৰতীয় হয় ধৰ্মভীৰু । (I) 

(ত) ত্ৰিভূজ কেতিয়াও বৰ্গক্ষেত্ৰ হ’ব নোৱাৰে । 

উত্তৰঃ কোনো ত্ৰিভূজ নহয় এনে যি বৰ্গক্ষেত্ৰ হ’ব পাৰে । (E) 

(থ) জাতিভেদ প্ৰথাই কেতিয়াও ঐক্য আনে । 

উত্তৰঃ জাতিভেদ প্ৰথা নহয় এনে যি ঐক্য আনে । (E) 

(দ)  জ্ঞানী ব্যক্তি মাত্ৰেই শান্তিপ্ৰিয় । 

উত্তৰঃ সকলো শান্তিপ্ৰিয় ব্যক্তি হয় জ্ঞানী । (A) 

(৩)  খালি ঠাই পূৰণ কৰা : Logical Proposition

(ক) এটা বচনত অংশসমূহ ———- থাকে । 

উত্তৰঃ স্পষ্টৰূপত । 

(খ) সৰলীকৰণত তৰ্কবিজ্ঞানসন্মত বচনবোৰ ——– ৰূপলৈ নিয়া হয় । 

উত্তৰঃ স্পষ্ট । 

(গ)  বচনৰ সৰলীকৰণত বাক্য আৰু পৰিৱৰ্তিত বচনৰ ——— সলনি নহয় । 

উত্তৰঃ অৰ্থৰ । 

(ঘ) বচনৰ ক্ষেত্ৰত নঞৰ্থক চিনটো সদায় ———- ৰ লগত লিখা হয় । 

উত্তৰঃ সংযোজক । 

(ঙ )  বচনৰ ক্ষেত্ৰত প্ৰথমেই ব্যৱহাৰ শব্দটো হ’ল ——— । 

উত্তৰঃ উদ্দেশ্য । 

(চ)  ———- উদ্দেশ্য আৰু বিধেয়ৰ মাজত থাকে । 

উত্তৰঃ সংযোজক । 

(ছ) সকলো, প্ৰত্যেক আদি শব্দৰে আৰম্ভ হোৱা নঞৰ্থক বাক্যবোৰক ———– বচনলৈ ৰূপান্তৰিত কৰা হয় । 

উত্তৰঃ বিশেষ নঞৰ্থক । 

(জ) ‘কেৱল’ শব্দৰে আৰম্ভ হোৱা বাক্যবোৰক ———- বচনলৈ ৰূপান্তৰিত কৰা হয় । 

উত্তৰঃ সামান্য । 

(ঝ)  ‘ৰামেই’ শব্দটো থকা বাক্যবোৰক সদায় ———- বচনলৈ নিয়া হয় । 

উত্তৰঃ বিশেষ । 

() চমু উত্তৰ দিয়া – 

ক)  বাক্যৰ সৰলীকৰণ কাক বোলে ? উদাহৰণসহ লিখা । 

উত্তৰঃ তৰ্কবিজ্ঞানত আলোচনা কৰিবলগীয়া বাক্যবোৰক A, E, I, O এই চাৰিপ্ৰকাৰৰ বচনৰ যিকোনো এটালৈ ৰূপান্তৰিত কৰাৰ নামেই হ’ল বাক্যৰ সৰলীকৰণ । যেনে –

 প্ৰত্যেক মানুহ হয় মৰণশীল । 

       = সকলো মানুহ হয় মৰণশীল । (A) 

  তেওঁ অন্ধবিশ্বাসী নহয় । 

        = তেওঁ নহয় অন্ধবিশ্বাসী । (E) 

খ)  বাক্য সৰলীকৰণ কৰাৰ পিছত বচনৰ কেইটা আৰু কি কি ৰূপ পোৱা যায় ? 

উত্তৰঃ বাক্য সৰলীকৰণ কৰাৰ পিছত বচনৰ চাৰিটা ৰূপ পোৱা যায় । যেনে ― 

          সামান্য সদৰ্থক (A) বচন । 

          সামান্য নঞৰ্থক (E) বচন । 

          বিশেষ সদৰ্থক (I) বচন । 

          বিশেষ নঞৰ্থক (O) বচন । 

গ) সার্বিক পৰিমাণক যুক্ত নঞৰ্থক বাক্যবোৰ কি বচনলৈ ৰূপান্তৰিত কৰা হয় । উদাহৰণসহ লিখা । 

উত্তৰঃ সার্বিক পৰিমাণ যুক্ত নঞৰ্থক বাক্যবোৰ বিশেষ নঞৰ্থক অৰ্থাৎ ‘O’ বচনত ৰূপান্তৰিত কৰিব লাগে । যেনে সকলো চকচকীয়া বস্তু সোণ নহয় =কিছুমান চকচকীয়া বস্তু সোণ নহয় । (O) 

ঘ) কমেই, কাঁচিৎহে আদি শব্দযুক্ত বাক্যবোৰক কিয় নঞৰ্থক ৰূপ দিয়া হয় ? 

উত্তৰঃ কমেই, কাঁচিৎহে আদি শব্দযুক্ত বাক্যবোৰক নঞৰ্থক বুলি ধৰা হয় । সেই বাবে এনেবোৰ শব্দযুক্ত বাক্যবোৰক নঞৰ্থক ৰূপ দিয়া হয় । যেনে ―   কমেই মানুহ অন্ধবিশ্বাস মুক্ত ।  = কিছুমান মানুহ নহয় অন্ধবিশ্বাস মুক্ত । (O) 

(ঙ) সকলো প্ৰকাৰৰ বাক্যক বচনলৈ নিওতে পালন কৰিবলগীয়া তিনিটা সাধাৰণ নিয়ম লিখা । 

উত্তৰঃ সকলো প্ৰকাৰৰ বাক্যত বচনলৈ নিওতে পালন কৰিবলগীয়া তিনিটা সাধাৰণ নিয়মসমূহ হ’ল ―

১.যিবিলাক সদৰ্থক বচনত ‘সকলো’, ‘সমস্ত’, ‘প্ৰত্যেক’ আদি শব্দ থাকে সেইবিলাকক সামান্য, সদৰ্থক বচনত (A) ৰূপান্তৰিত কৰিব লাগে । 

২.যিবিলাক নঞৰ্থক বচনত ‘সকলো’, ‘সমস্ত’, ‘প্ৰত্যেক’ আদি শব্দ থাকে সেইবিলাকক বিশেষ নঞৰ্থক (O) বচনত ৰূপান্তৰিত কৰিব লাগে । 

৩.যিবিলাক সদৰ্থক বচনত ‘কিছুমান’, ‘কিছু সংখ্যক’, ‘কেইটামান’ আদি শব্দ থাকে সেইবিলাকক বিশেষ সদৰ্থক (I) বচনলৈ ৰূপান্তৰিত কৰিব লাগে । 

(চ) প্ৰশ্ন:- উদ্দেশ্য নিৰ্দিষ্ট বিশিষ্ট পদযুক্ত বাক্যবোৰক কি বচনলৈ পৰিৱৰ্তন কৰিব লাগে ? সদৰ্থক আৰু নঞৰ্থক দুয়োটা ৰূপৰ উদাহৰণ লিখা । 

উত্তৰঃ বিশিষ্ট বচনৰ ক্ষেত্ৰত যদি উদ্দেশ্যটো নিৰ্দিষ্ট বিশিষ্ট পদ হয় আৰু বাক্যটো সদৰ্থক যেনে ―  

 মাজুলী পৃথিৱীৰ সৰ্ববৃহৎ নদী দ্বীপ ।  

= মাজুলী হয় পৃথিৱীৰ সৰ্ববৃহৎ নদী দ্বীপ । (A) 

   শংকৰদেৱ ৰাজনীতিবিদ নহয় । 

   = শংকৰদেৱ নহয় ৰাজনীতিবিদ । (E) Logical Proposition

https://study.com/academy/exam/topic/introduction-to-philosophy-logic.html

Leave a comment