The World Population (Distribution, Density and Growth)

পৃথিৱীৰ জনসংখ্যাৰ বিতৰণ ঘনত্ব আৰু বৃদ্ধি (The World Population)

নিম্নলিখিত চাৰিটি বিকল।পৰ পৰা শুদ্ধ উত্তৰ টো বাছি উলিওৱা

ক. নিম্নলিখিত মহাদেশ কেইখনত কোনখনত আটাইতকৈ বেছি হাৰত জনসংখ্যা বৃদ্ধি ঘটৈ

১.আফ্ৰিকা👈

২.দক্ষিণ আমেৰিকা

৩.এছিয়া

৪.উত্তৰ আমেৰিকা

খ. তলত উল্লেখ কৰা কোনটো বিৰল জনসংখ্যা যুক্ত অঞ্চল নহয়

১.আটাকামা

২.দক্ষিণপূব এছিয়া👈

৩.বিষুৱীয় অঞ্চল

৪.মেৰু অঞ্চল

গ. নিম্নলিখিত কোনটো বিকৰ্ষক কাৰক নহয় ? (The World Population)

১.পানীৰ নাটনি

২. চিকিৎসা/শৈক্ষিক সা-সুবিধা👈

৩. নিযুক্তি নথকা

৪. মহামাৰী

ঘ. তলত উল্লেখ কৰা সমূহৰ কোনটো শুদ্ধ তথ্য নহয় ?

১. যোৱা ৫০০ বছৰ জুৰি জনসংখ্যা দহ গুনতকৈও অধিক বৃদ্ধি পাইছে

২.প্ৰতি বছৰে প্ৰায় ৮০ নিযুত ব্যক্তি পৃথিৱীৰ মুঠ জনসংখ্যাৰ লগত লগ লাগে

৩. ৫ মহাপদ্মৰ পৰা ৬ মহাপদ্মলৈকে জনসংখ্যা বৃদ্ধি পাওঁতে ১০০ বছৰ সময় লাগে 👈

৪. জনসাংখ্যিক অৱস্হান্তৰ প্ৰথম খলপটোত জনসংখ্যা বৃদ্ধি উচ্চতম হাৰত ঘটে

নিম্নলিখিত প্ৰশ্নসমূহৰ উত্তৰ দিয়া (The World Population)

১. জনসংখ্যাৰ ঘনত্ব বুলিলে কি বুজা ?

জনসংখ্যাৰ ঘনত্ব বুলিলে অঞ্চল এটাৰ মুঠ জনসংখ্যা আৰু সেই অঞ্চলটোৰ মুঠ ভৌগলিক ক্ষেত্ৰফলৰ গাণিতিক অনুপাতক সেই নিৰ্দিষ্ট অঞ্চল টোৰ জনসংখ্যাৰ ঘনত্ব বোলা হয় । অৰ্থাৎ ……

পৃথিৱীৰ অধিক উৎপাদনক্ষম অঞ্চল সমুহত সচৰাচৰ জনসংখ্যাৰ ঘনত্ব অধিক হোৱা দেখা যায় ।

২. জনসংখ্যাৰ বিতৰণ কি ? জনসংখ্যাৰ বিতৰণ আৰু ঘনত্বত প্ৰভাৱ পেলোৱা কাৰক সমুহ আলোচনা কৰা

জনসংখ্যাৰ বিতৰণ মানে হৈছে মানুহ অৰ্থাৎ জনসম্পদ সমুহ অঞ্চল টোৰ কʼত কʼত আছে ? অৰ্থাৎ ভূ-পৃষ্ঠৰ কোন অংশত কিমান পৰিমানৰ বসতি আছে তাৰ ধাৰণা বা পৰিমানকে জনসংখ্যাৰ বিতৰণ বোলা হয় । পৃথিৱীৰ মুঠ জনসংখ্যা সমূহ ৬ খন মহাদেশত বিভিন্ন অনুপাতত বিতৰণ হৈ আছে ।

জনসংখ্যাৰ বিতৰণত প্ৰভাৱ পেলোৱা কাৰক সমুহ হ’ল

ক.প্ৰাকৃতিক অথবা ভৌগলিক কাৰক – প্ৰাকৃতিক কাৰক সমুহেও জনসংখ্যাৰ বিতৰণত যথেষ্ট প্ৰভাব পেলায় । এনে কাৰক বোৰৰ ভিতৰত উল্লেখযোগ্য কাৰক বোৰ হ’ল – পানীৰ প্ৰাপ্যতা, জলবায়ু , বন্ধুৰতা, মাটিৰ উৰ্বৰতা ইত্যাদি । যেনে মাটিৰ উৰ্বৰতা কমি বাবে মৰুভূমি অঞ্চলত বসতি সেৰেঙা

খ. অৰ্থনৈতিক কাৰক – অৰ্থনৈতিক কাৰক সমুহেও জনসংখ্যাৰ ঘনত্ব নিৰূপণ কৰে । অৰ্থনৈতিক কাৰক সমুহৰ ভিতৰত খনিজ উত্তোলন, নগৰীকৰণ, আৰু ঔদ্যোগিকৰণ এই তিনিওটা প্ৰধান । উদাহৰণস্বৰূপে নগৰ অঞ্চলত সকলো সা-সুবিধা সহজলভ্য বাবে তেনে ঠাইবোৰত জনবসতি খুবেই ঘন, আকৌ ঔদ্যোগিক অঞ্চল সমুহতো কৰ্মসংস্থাপন বিচৰি মানুহে ভিৰ কৰেহি । (The World Population)

গ. সমাজ-সাংস্কৃতিক কাৰক – ৰাজনৈতিক সুস্থিৰতা, ধৰ্মীয় গুৰুত্ব ,সামাজিক আৰু ৰাজনৈতিক নিৰাপত্তাই মানুহক ঠাই একোখনৰ প্ৰতি আকৰ্ষিত কৰে । উদাহৰণস্বৰূপে দুখন দেশৰ সীমাৰ অঞ্চল বোৰত ৰাজনৈতিক পৰিস্থিতি উত্তপ্ত , সামাজিক সুস্থিৰতা ৰ অভাৱ , যাৰ বাবে এনে অঞ্চলবোৰত জনবসতি সেৰেঙা ।

৩. জনসংখ্যাৰ ধনাত্মক আৰু ‌ঋনাত্মক বৃদ্ধি বুলিলে কি বুজা?

জনসংখ্যাৰ স্বাভাবিক বৃদ্ধি আৰু অন্যান্য অঞ্চলৰ পৰা ঘটা অন্তপ্ৰব্ৰজনৰ তুলনাত বহিঃপ্ৰব্ৰজন কম হোৱা বাবে সেই অঞ্চলটোৰ জনসংখ্যা ক্ৰমশঃ বাঢ়ি গৈ থকা অৱস্থা টোকে জনসংখ্যাৰ ধনাত্মক বৃদ্ধি বোলা হয় ।

আনহাতে, মহামাৰী ইত্যাদিৰ ফলত জন্মতকৈ মৃত্যুৰ হাৰ বাঢ়ি প্ৰব্ৰজন ইত্যাদি কাৰকৰ ফলত নিৰ্দিষ্ট এক সময়ৰ ভিতৰত অঞ্চলটোৰ জনসংখ্যা ক্ৰমশঃ কমি যোৱা অৱস্থাটোকে জনসংখ্যাৰ ঋনাতত্মক বৃদ্ধি বোলা হয় ।

৪.পৃথথিৱীত অধিকতম ঘন জনবসতিপূৰ্ণ অঞ্চল কেইটামান আছে।কিয় এনে হোৱা দেখা যায় ?

পৃথিৱীৰ সকলো ঠাইতে জনসংখ্যা সমান ভাবে বিতৰণ হৈ থকা নাই , সাধাৰণতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ উত্তৰ-পূব অঞ্চল, ইউৰোপৰ উত্তৰ পশ্চিম অঞ্চল, দক্ষিণ, দক্ষিণ-পূব আৰু পূব এছিয়া – এই অঞ্চল কেইটাত ঘন জনবসতি দেখা যায় কাৰণ

এনে অঞ্চল সমুহৰ ভূ-পৃষ্ঠ বসবাসৰ বাবে যথেষ্ট সুবিধাজনক, সাৰুৱা মাটি যথেষ্ট পৰিমানে পোৱা যায় য’ত খেতি-বাতি ও ভাল হয়

এনে অঞ্চল বোৰৰ জলবায়ু বসবাসৰ বাবে উপযোগী

উদ্যৌগিকৰণেও এনে ঠাই বোৰলৈ মানুহক আকৰ্ষিত কৰি আহিছে

গতিকে , এনেবোৰ কাৰণতে অঞ্চল একোটাৰ জনবসতি ঘন হোৱা দেখা যায় ।

৫. জনসংখ্যা পৰিবৰ্তনৰ তিনিটা উপাংশ কি কি?

জনসংখ্যা পৰিবৰ্তনৰ তিনিটা উপাংশ হ’ল

জন্ম – কোনো এটা অঞ্চলত  প্ৰতি ১০০০ জন শিশুৰ বিপৰীতে এটা বছৰত জন্ম লাভ কৰা জীৱন্ত শিশুৰ সংখ্যাক অপৰিশোধিত জন্মৰ হাৰ বোলা হয় , জন্মৰ হাৰ বৃদ্ধি পালে জনসংখ্যা বৃদ্ধি পায়

মৃত্যু-  জন্মৰ হাৰতকৈ মৃত্যুৰ হাৰ বাঢ়ি গলে জনসংখ্যা হ্ৰাস হয়

প্ৰব্ৰজন- যিটো অঞ্চলৰ পৰা প্ৰব্ৰজন কৰে সেই অঞ্চলটোত জনসংখ্যা কমি যায়, আৰু যিটো অঞ্চললৈ প্ৰব্ৰজন কৰে সেই অঞ্চলটোত জনসংখ্যা বৃদ্ধি হয় ।

৬. পাৰ্থক্য দেখুৱা

ক. জন্মৰ হাৰ আৰু মৃত্যুৰ হাৰ (The World Population)

কোনো এটা বছৰত এহেজাৰ জনে  প্ৰতি থকা জীৱিত জন্মৰ সংখ্যাক সেই বছৰ টোৰ জন্মৰ হাৰ বোলা হয়

আনহাতে, কোনো এটা নিৰ্দিষ্ট অঞ্চলত , এটা নিৰ্দিষ্ট বছৰত এহেজাৰ জনে প্ৰতি হোৱা মৃত্যুৰ সংখ্যাক সেই বছৰটোৰ মৃত্যুৰ হিৰ বুলি প্ৰকাশ কৰা হয়

জন্মৰ হাৰ বৃদ্ধি হ’লে জনসংখ্যাও বৃদ্ধি হয়

আনহাতে, মৃতো হাৰ বৃদ্ধি হ’লে জনসংখ্যাৰ পৰিমান কমি যায় ।

খ. প্ৰব্ৰজনৰ আকৰ্ষক আৰু বিকৰ্ষক কাৰক

প্ৰব্ৰজনৰ আকৰ্ষক কাৰক সমূহে কোনো এটা অঞ্চলৰ পৰা নিজ অঞ্চললৈ মানুহক বসতি কৰিবলৈ আকৰ্ষণ কৰে

আনহাতে বিকৰ্ষণী কাৰক সমূহে এটা অঞ্চলৰ পৰা আন এটা অঞ্চললৈ যাবলৈ মানুহক বাধ্য কৰায় ।

আকৰ্ষণী কাৰকৰ ফলত যিটো অঞ্চললৈ প্ৰব্ৰজন হয় সৈই ঠাইত জনসংখ্যা বাঢ়ে

আনহাতে, বিকৰ্ষণী কাৰকৰ ফলত যিখন ঠাই মানুহে এৰি গুচি যায় সেই ঠাইত জনসংখ্যা কমি যায় ।

৭. জনসাংখ্যিক অৱস্থান্তৰ তিনিটা স্তৰৰ বিষয়ে আলোচনা কৰা

জনসাংখ্যিক অৱস্হান্তৰ সূত্ৰ টোৰ ব্যৱহাৰৰ জৰিয়তে অঞ্চল একোটাৰ জনসংখ্যাৰ ভবিষ্যত বৰ্ণনা কৰিব পাৰি লগতে জনসংখ্যাৰ একোটা অঞ্চলৰ জনসংখ্যা সম্পৰ্কীয় বাখ্যা আগবঢ়াব পাৰি ।

জনসাংখ্যিক অৱস্থান্তৰৰ স্তৰ তিনিটাৰ সবিশেষ বৰ্ণনা তলত কৰা হ’ল

প্ৰথম অৱস্থাত উৰ্বৰতা অৰ্থাৎ জন্মৰ হাৰ আৰু মৃত্যুৰ হাৰ দুয়োটাই অধিক হয় । এইটো স্তৰত মানুহ বোৰৰ জীৱন ধাৰণ নিম্ন মানদণ্ডৰ হয়,মানুহ বোৰ অশিক্ষিত হয়, বেছিভাগ মানুহেই কৃষিজীৱি আৰু পৰিয়াল বোৰো ডাঙৰ হয় অৰ্থাৎ একোটা পৰিয়ালত বহু কেইজন সদস্য থাকে । এইটো স্তৰত নিম্নমানৰ প্ৰযুক্তিৰ ব্যৱহাৰ হয় ।

দ্বিতীয়টো পৰ্যায়ত , আৰম্ভণিতে জন্মৰ হাৰ অধিক হয় যদিও সময়ৰ সোঁতত হ্ৰাস হবলৈ ধৰে আৰু মৃত্যুৰ হাৰো কমি আহে। স্বাস্থ্য বিধিৰ উৎকৰ্ষ সাধন হয় , লাহে লাহে মানুহ দ্বিতীয়ক আৰু তৃতীয়ক বৃত্তিৰ লগত জড়িত হৈ পৰে ।

শেষৰটো  পৰ্যায়ত , জন্মৰ হাৰ আৰু মৃত্যুৰ হাৰ দুয়োটাই তললৈ নামি আহে , জনসংখ্যাৰ বৃদ্ধি সুস্থিৰ হয় । জনসংখ্যা শিক্ষিত হয়, অঞ্চল টোৰ নগৰীকৰন হয়, উচ্চ প্ৰযুক্তিৰ ব্যৱহাৰ হয় আৰু জনসংখ্যা নিয়ন্ত্ৰণ কৰিব পৰা হয় । (The World Population)

৮.জনসংখ্যা বৃদ্ধিৰ স্থানিক ধৰণ বা ক্ষেত্ৰীয় প্ৰতিৰূপৰ বিষয়ে লিখা

জনসংখ্যা বৃদ্ধিৰ হাৰ আৰু অৰ্থনৈতিক উন্নয়নৰ মাজত সাধাৰণতে এক ঋনাতত্মক সম্পৰ্ক দেখা যায়, কিয়নো অৰ্থনৈতিক উন্নয়ন আৰু জনসংখ্যা হ্ৰাস-বৃদ্ধিৰ এক নিবিড় সম্পৰ্ক আছে । উন্নত অৰ্থ ব্যৱস্থাৰ দেশসমূহত জনসংখ্যাৰ বৃদ্ধি মন্থৰ হোৱাৰ বিপৰীতে উন্নয়নশীল দেশ সমূহত জনসংখ্যাৰ বৃদ্ধি দ্ৰুত হয় ।

সামগ্ৰিক ৰূপত পৃথিৱীৰ জনসংখ্যা বৃদ্ধিৰ হাৰ বাৰ্ষিক ১.৪% । পৃথিৱীৰ 5 খন মহাদেশৰ ভিতৰত আফ্ৰিকাত জনসংখ্যাৰ বৃদ্ধিৰ হাৰ আটাইতকৈ বেছি (2.4%) , ইয়াৰ পিছতে আছে লেটিন আমেৰিকা(1.6%), এছিয়া (1.4%), অষ্ট্ৰেলিয়াত (1.3%), উত্তৰ আমেৰিকাত(0.9%) । ইউৰোপ মহাদেশৰ জনসংখ্যাৰ বৃদ্ধিৰ হাৰ 1995-2000 ৰ সময়ত প্ৰায় স্থৱিৰ আছিল আৰু জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল 0% , আকৌ আফ্ৰিকা মহাদেশৰ লিবিয়াত জনসংখ্যা বৃদ্ধিৰ হাৰ আটাইতকৈ বেছি (8.2%)

এছিয়া মহাদেশৰ ইছলাম ধৰ্মী দেশ সমূহত যেনে , আফগানিস্তান, পাকিস্তান, বাংলাদেশ ,ইৰাক, ছিৰিয়া, য়েমেন আদি দেশত বাৰ্ষিক বৃদ্ধিৰ হাৰ 2% । আনহাতে, চীনে জনসংখ্যা নিয়ন্ত্ৰণ কৰি 0.9% কৰিবলৈ সক্ষম হৈছে । জাৰ্মানীকে ধৰি বহু ইউৰোপীয় দেশে একেৰাহে যোৱা দশক কেইটাত স্থৱিৰ জনসংখ্যা বৰ্তাই ৰখাত সক্ষম হৈছে ।

Leave a comment