Tahajjud Namaz in Assamese

তাহাজ্জুদ নামাজ

আচ্ছালামুআলাইকুম।আজি আকৌ আপোনাক নতুন কথা এটা জনাম বুলি ভাবিলো, আৰু কথাটো হল তাহাজ্জুদ নামাজৰ বিষয়ে, নামটো নিশ্চয় আপুনিও শুনিছে? আৰু আপুনি যদি তাহাজ্জুদ নামাজ পঢ়িছে মোক কমেন্ট কৰি নিশ্চয় জনাব। মই আজিলৈকে পঢ়া নাই কিন্তু পঢ়িব বহুত মন আছে, সেয়ে ভাবিলো নামাজ পঢ়াৰ আগত কেনেকৈ তাহাজ্জুদ নামাজ পঢ়িব লাগে আৰু এই নামাজৰ ফজীলত সম্বন্ধে কিছু অধ্যয়ন কৰি লঁও আৰু  অধ্যয়ন কৰি খুবেই ভাল লাগিল, বহু কথাই জানিব পাৰিলো and লগে লগে ভাবিলো আপোনাৰ লগত share কৰো বুলি ,কিজানিবা আপুনিও মোৰ নিচিনাকৈ ভাবি আছে বহু দিনৰ পৰা পঢ়িম বুলি but still আপুনি পঢ়িব পৰা নাই। মই আল্লাৰ ওচৰত দোৱা কৰিছো আল্লাই আপোনাক মোক সকলোকে নামাজ পঢ়াৰ বাবে তৌফিক দান কৰক।


তাহাজ্জুদ নামাজ পঢ়াৰ সময় হল ইছা নামাজৰ পিছৰ পৰা ফজৰৰ নামাজৰ আগলৈকে। but শেষ ৰাতিৰ  সময় খিনি তাহাজ্জুদ নামাজৰ বাবে উত্তম সময়। এই খিনি সময়ত দোৱা কবুল হয় বুলি কোৱা হয়। অৱশ্যে আপুনি ইছাৰ নামাজৰ পিছতো তাহাজ্জুদ নামাজ পঢ়িব পাৰে। তাহাজ্জুদৰ মুঠ নামাজ ১২ ৰাকাত, আপুনি ২ ৰাকাতো পঢ়িব পাৰে।

এতিয়া মই তলত ধুনীয়াকৈ লিখি দিছো তাহাজ্জুদ নামাজ কেনেকৈ পঢ়িব লাগে।

Øপ্রথমে অজু কৰি লব, তাৰ পিছত জাইনামাজ পাক কৰাৰ দোৱাটো পঢ়িব(দোৱাটো আগৰ ‘নামাজ পঢ়ো আহক’ শীৰ্ষক লিখনি টোত ধুনীয়াকৈ উল্লেখ আছে তাত চাই ল’ব।)

Øতাহাজ্জুদ নামাজৰ বাবে নিয়ত কৰিব। নিয়ত : নাৱাইতুৱান উচাল্লিয়া লিল্লাহি তা’আলা ৰাক্আতাই চালাতিল তাহা্জ্জুদি ছুন্নাতি ৰাছুলিল্লাহি তা’আলা মুতাৱা্জ্জিহান ইলা জিহাতিল কা’বাতিচ শ্বাৰিফাতি আল্লাহুআকবাৰ।

Øবাকী নিয়ম খিনি অন্য নামাজৰ সৈতে একেই (অৰ্থাৎ তহৰীমা বন্ধা, ছানা পঢ়া, ছুৰা ফাতিহা পঢ়া ইত্যাদি)

Øছুৰা ফাতিহা পঢ়াৰ পিছত প্ৰথম ৰাকাতত ছুৰা কাফিৰুন পঢ়িব আৰু ২য় ৰাকাতত ছুৰা ফাতিহাৰ সৈতে ছুৰা এখলাজ পঢ়িব। যদি আপুনি ইচ্ছা কৰে ছুৰা বক্কৰ, আল্ ইমৰান, আন নেচা পঢ়িব পাৰে।

Øতাহাজ্জুদ নামাজ ২ ৰাকাত ২ ৰাকাত কৈ পঢ়ি গলে হ’ল। আৰু ২ ৰাকাতৰ মুৰে মুৰে চালাম ফিৰাব। মুঠ ১২ ৰাকাত নামাজ।

Øশেষত দোৱা কৰিব।

Now, মোৰ ফালৰ পৰা আপোনালৈ কেইটামান simple tips , যিহেতু তাহাজ্জুদ নামাজ মাজ নিশা বা শেষ নিশা পঢ়িলে ভাল ফল পোৱা যায় গতিকে আপুনি এলাৰ্ম দি থ’ব যাতে সময়ত সাৰ পায়। কিন্তু এলাৰ্ম দি থোৱাৰ পিছতো যদি কিবা কাৰণত আপুনি সাৰ নাপায় তেতিয়াহলে দুখ নকৰিব কাৰন আল্লাহে আপোনাৰ পবিত্ৰ মন টোৰ কথা জানে আৰু আল্লাই আপোনাৰ দোৱা কবুল কৰিব । Because Allah knows everything. Next, পবিত্ৰ আৰু নিৰিবিলি ঠাই এখনত জাইনামাজ খন পাৰি লওক , নামাজৰ বাবে প্রয়োজনীয় নিয়ত কৰক, মনটো আৰু অন্তৰ খনক পবিত্ৰ কৰি লওক, মনৰ বেয়া  যিকোনো negative thoughts , fears আতৰাই পঠাওক and next close your eyes আৰু ভাবক যে আল্লাহৰ লগত আপোনাৰ আত্মাৰ মিলন হ’বলৈ গৈ আছে। আৰু যদি আপোনাৰ family ও পঢ়িব ইচ্ছা কৰে তেতিয়াহলে encourage কৰক। আৰু important কথাটো হল তাহাজ্জুদ নামাজ পঢ়ি দোৱা কৰিলে আল্লাহুতাআলাই কবুল কৰে কাৰণ হাদীচত বৰ্ণনা কৰা আছে যে শেষ ৰাতি আল্লাহ সপ্তম আচমান অৰ্থাৎ বয়তুল মামুৰৰ পৰা আহি প্ৰথম আচমানত অৱস্থান কৰে আৰু কয় হে বান্দা তোমালোকে কি বিচাৰা মোক কোৱা মই তোমালোকৰ ইচ্ছা পুৰণ কৰিম। আল্লাহুতআলাই আপোনাক মোক সকলোকে তৌফিক দান কৰক, আমিন। আকৌ সোনকালে লগ পাম।আজিলৈ bye.

Leave a comment