আচ্ছালামুআলাইকুম। আজি মই আপোনাক কিহৰ বিষয়ে কম আপুনি নিশ্চয় headline টো চাইয়ে গম পাইছে..! আপুনি ছুৰা ইয়াছীন সদায় পঢ়েনে বাৰু? আৰু এটা important কথা আমি বহুতেই নাজানো কোৰান শ্বৰীফত থকা ছুৰা সমুহ আৰু ইয়াৰ ফজীলতৰ বিষয়ে , আমি মাত্ৰ ঠেক কোঠালী এটাতে আবদ্ধ।। but আপুনি যদি ভালদৰে অধ্যয়ন কৰে , কোৰানৰ ছুৰা সমুহৰ অৰ্থ , তেতিয়া আপুনি বুজিব যে ইচলামিক আদব-কায়দা বোৰ কিমান scientific. আৰু তেতিয়া as a muslim you will feel proud. গতিক মোৰ ফালৰ পৰা এটা সৰু অনুৰোধ আপোনালৈ, অধ্যয়ন কৰক আৰু ইচলামৰ প্ৰকৃত অৰ্থ উপলব্ধি কৰক। (Surah Yasin in Assamese)
Now মুল বিষয় টো লৈ উভতি আহিছো । আপুনি জানেনে ছুৰা ইয়াছীন অক পবিত্ৰ কোৰানৰ ৰুহ বুলি আখ্যা দিয়া হৈছে। পবিত্ৰ কোৰানৰ ১১৪ টা ছুৰাৰ ভিতৰত ছুৰা ইয়াছীন অন্যতম। এতিয়া জানো আহক ছুৰা ইয়াছীনৰ ফজীলত সম্পৰ্কে
আমাৰ দৈনন্দিন জীৱনত জানি হওক বা নাজানি হওক আমি বহুত গুনাহ কৰি আহিছো। আৰু এদিন নহয় এদিন আমি এই গুনাহৰ শাস্তি ভোগ কৰিবই লাগিব। আৰু গুনাহ মাফৰ বাবে আমি তৌবাহ কৰো, নেক আমল কৰো নহয়নে বাৰু…? কিন্তু যি ব্যক্তিয়ে নিয়মিত ছুৰা ইয়াছীন পাঠ কৰিব আল্লাহতাআলাই তেওঁৰ সকলো গুনাহ মাফ কৰি দিব। কিন্তু কথাটো এনেকুৱা নহয় যে আপুনি জানি বুজি গুনাহ কৰি থাকিব আকৌ ছুৰা ইয়াছীন পঢ়িব আৰু ভাবিব যে আল্লাই আপোনাৰ সকলো গুনাহ মাফ কৰি দিব, কিন্তু নিদিয়ে। প্ৰথমে আপোনাৰ অন্তৰাত্মা পবিত্ৰ কৰি ৰাখক আৰু ইয়াছীন ছুৰা পঢ়ক আৰু আল্লাৰ ওচৰত দোৱা কৰক , নিশ্চয় আল্লাই আপোনাক ৰহম কৰিব।
Next, আমাক দুনীয়াদাৰী জীৱনটোত বহুত বস্তুৰে প্রয়োজন , আমাৰ আশা-আকাংশা বহুত বেছি যেনে এটা ঘৰ লাগে, এখন গাড়ী লাগে, এটা চাকৰী লাগে.. আকৌ কাৰোবাৰ হজ্ কৰিব যোৱা সপোন , মোৰ দৰে অধ্যয়নৰত student বোৰৰ আকৌ বেক নলগাকৈ semester exam কেইটা পাছ কৰাৰ আশা , কাৰোবাৰ ভাল দৰা এজন বা কাৰোবাৰ ভাল কইনা এজনী পোৱাৰ আশা । মুঠৰ ওপৰত আশা বহুত। গতিকে এই সকলোবোৰ আশা পুৰণৰ একমাত্ৰ উপায় হল ছুৰা ইয়াছীন পাঠ কৰা। হজৰত আব্দুল্লা ইবনে জুবায়েৰ ৰা: কৈছে যে “যদি কোনো ব্যক্তিয়ে অভাৱ অনাটনৰ সময়ত ছুৰা ইয়াছীন পাঠ কৰে, তেতিয়াহলে আল্লাহুতাআলাই সেই ব্যক্তিৰ অভাৱ দূৰ কৰে, সংসাৰত শান্তি বৃদ্ধি হয় আৰু আল্লাই বৰকত দিয়ে।
And , ছুৰা ইয়াছীন মৄত্যুৰ কষ্ট লাঘৱৰ মাধ্যম। হজৰত আবু যৰ( ৰা: ) কৰা বৰ্ণনা অনুসৰি , কোনো মৄত্যু পথযাত্ৰী ব্যক্তিৰ কাষত ছুৰা ইয়াছীন পাঠ কৰে তেতিয়াহলে সেই ব্যক্তিৰ মৄত্যুৰ যন্ত্ৰনা লাঘৱ হয়। Next, কেতিয়াবা মনটো বেয়া লাগিলে বা চয়তানী শক্তিৰ প্রভাৱ পৰিলে ছুৰা ইয়াছীন পাঠ কৰক বা শুনক । আপুনি বহুত ভাল ফল পাব।
আল্লাহ হৈছে সৰ্বেসৰ্বা, সুখ-দুখ সকলোৰে দোলজৰী তেওৰে হাতত, দাতা-বিধাতা তেৱেই । গতিকে আল্লাৰ আৰু আমাৰ প্ৰিয় নবীৰ ৰাস্তাত চলক । অন্তৰ খন পবিত্ৰ ৰাখক । প্রত্যেকটো দিনেই নিশ্চয় ভালেই হ’ব। আমিন।