Know Questions and Answers of Structure and Physiography

Class 11 | Geography | Indian Physical Environment | Chapter 2 | AHSEC

ভাৰতৰ ভূ প্ৰকৃতি Structure and Physiography

তলত দিয়া বোৰৰ পৰা শুদ্ধ উত্তৰ বাছি উলিওৱা |

১. হিমালয় পাৰ্বত্য অঞ্চলৰ কোন অংশত আমি কাৰেৱা গঠন হোৱা দেখা পাওঁ ? Structure and Physiography

ক. উত্তৰ পূব হিমালয়।                        

খ. হিমাচল- উত্তৰাঞ্চল হিমালয়।         

গ. পূৱ হিমালয়

ঘ. কাশ্মীৰ হিমালয়

২. লোকটক হ্ৰদ কোনখন প্ৰদেশত অৱস্থিত

ক. কেৰেলা                    

খ. উত্তৰাঞ্চল।                  

গ. মণিপুৰ

ঘ. ৰাজস্থান

৩. তলত দিয়া কোনটো জলভাগে আন্দামানক নিকোবৰ দ্বীপৰ পৰা পৃথক কৰিছে

ক. ১১ ডিগ্ৰী প্ৰণালী               

খ. মান্নাৰ উপসাগৰ                  

গ. ১০ ডিগ্ৰী প্ৰণালী

ঘ. আন্দামান সাগৰ

৪. ডোডাবেট্টা শৃংগ কোনখন পৰ্বতত অৱস্থিত ?

ক. নীলগিৰি                     

খ. আনাইমালাই                    

গ. কাৰ্ডামম পাহাৰ

ঘ. নাল্লামালা পাহাৰ

তলত দিয়া প্ৰশ্ন বোৰ ৩০ টা মান শব্দৰ ভিতৰত উত্তৰ দিয়া | Structure and Physiography

১. যদি এজন মানুহে লাক্ষাদ্বীপলৈ যাত্ৰা কৰে , তেন্তে তেওঁ কোনটো উপকূলৰ পৰা যাত্ৰা কৰিব আৰু কিয় ?

লাক্ষাদ্বীপ হৈছে আৰব সাগৰস্থিত দ্বীপপুঞ্জ  এই দ্বীপ সমূহ ৮ডিগ্ৰীৰ পৰা ১২ডিগ্ৰী উত্তৰ অক্ষাংশ আৰু ৭১ডিগ্ৰী ৰ পৰা  ৭৪ডিগ্ৰী পূব দ্ৰাঘিমাংশ মাজত সিঁচৰিত হৈ আছে।  ভাৰতৰ পশ্চিম উপকূলৰ পৰা ইয়াৰ দূৰত্ব বেছি নহয় । কেৰেলা উপকূলৰ পৰা ইয়াৰ দূৰত্ব ২৮০-৪৮০ কি.মি । গতিকে এজন মানুহে লাক্ষাদ্বীপলৈ যাবলৈ হ’লে কেৰেলা উপকূলৰ পৰা যাত্ৰা কৰিব ।

২. ভাৰতবৰ্ষৰ কোন অঞ্চলত শীতল মৰুভূমি পোৱা যায় ? এই অঞ্চলত অৱস্থিত কেইশাৰীমান পৰ্বতৰ নাম লিখা ?

ভাৰতৰ উত্তৰ অঞ্চলত শীতল মৰুভূমি পোৱা যায়, ভাৰতবৰ্ষৰ উত্তৰত অৱস্থিত লাডাখ হৈছে শীতল মৰুভূমি ।

ভাৰতৰ উত্তৰ অঞ্চলত অৱস্থিত কেইশাৰীমান পৰ্বতৰ নাম হ’ল –

পিৰপাঞ্জল

বৃহৎ হিমালয়

জাস্কৰ

ধাওলাধৰ ইত্যাদি ।

৩. ভাৰতৰ পশ্চিম উপকূলত অৱস্থিত নদীবোৰৰ মোহনাত ব-দ্বীপ দেখা নাযায় কিয় ?

ব-দ্বীপ হৈছে নদীৰ মোহনাত গঠন হোৱা একপ্ৰকাৰৰ ভূ-অৱয়ব, যি বোৰ নদীয়ে কঢ়িওৱা পদাৰ্থ বোৰৰ অৱক্ষেপন ফলত জমা হয়। কিন্তু ভাৰতৰ শ্চিম উপকূলৰ নদী বোৰৰ ক্ষেত্ৰত কথাটো সুকীয়া । ভাৰতৰ পশ্চিম উপকূলত অৱস্থিত নদী বোৰৰ মোহনাত ব-দ্বীপ গঠন নোহোৱাৰ কাৰণ বোৰ হ’ল –

পশ্চিম উপকূল অঞ্চল টো ঠেক আৰু থিয় গৰা যুক্ত ।

পশ্চিম উপকূললৈ বৈ যোৱা নদীৰ প্লাৱন ভূমি ঠেক ।

ব-দ্বীপ গঠন কৰিবলৈ প্ৰয়োজন হোৱা গেদৰ পৰিমান কম।

এই অঞ্চল টোৰ নদী অৱবাহিকা সমূহ কঠিন পুৰণি শিলাৰে গঠিত ।

তলত দিয়া প্ৰশ্ন বোৰৰ উত্তৰ ১২৫ টা মান শব্দৰ ভিতৰত দিয়া?

১. ভাৰতবৰ্ষৰ ভূ- প্ৰাকৃতিক বিভাগ বোৰৰ বিষয়ে বহলাই লিখা?

 ভাৰতবৰ্ষ প্ৰাকৃতিক অৱয়বৰ ক্ষেত্ৰত বৈচিত্ৰ্যময় । ভাৰতৰ উত্তৰে ওখোৰা মোখোৰা সু-উচ্চ পৰ্বতমালা , দক্ষিণে মহাসাগৰ, মালভূমি সমভূমি পশ্চিমে মৰুভূমি আছে । এনে বিভিন্নতাৰ বাবে ভাৰতবৰ্ষক ৬ টা ভূ-প্ৰাকৃতিক ভাগত বিভক্ত কৰা হৈছে , এই ভাগ বোৰ হ’ল –

ক. উত্তৰ আৰু উত্তৰ-পূৱৰ পাৰ্বত্য অঞ্চল– হিমালয় আৰু উত্তৰ-পূৱৰ পাহাৰেৰে এই অঞ্চল টো‌ গঠিত  বন্ধুৰতা,পৰ্বতমালাৰ সংৰেখন আৰু অন্যান্য ভূ-আকৃতিক অৱয়বৰ ওপৰত নিৰ্ভৰ কৰি এই অঞ্চলটোক বিভিন্ন ভাগত ভগোৱা হয় , এনেভাগ বোৰ হ’ল কাশ্মীৰ বা উত্তৰ পশ্চিম হিমালয় , হিমাচল আৰু উত্তৰাঞ্চল হিমালয়, দাৰ্জিলিং আৰু চিকিম হিমালয়, অৰুণাচল হিমালয় আৰু পূৰ্বদেশীয় পাহাৰ আৰু পৰ্বতশ্ৰেণী । এই অঞ্চলবোৰ প্ৰাকৃতিক ভাৱে অতি সুন্দৰ আৰু বিভিন্ন হ্ৰদ , নদীৰ উৎপত্তি স্থলী । Structure and Physiography

খ. উত্তৰৰ সমভূমি অঞ্চল- উত্তৰৰ সমভূমি অঞ্চল টো সিন্ধু, গংগা আৰু ব্ৰহ্মপুত্ৰ নদীয়ে কঢ়িয়াই অনা পলসুৱা মাটিৰে গঠিত । পূৱা পশ্চিমা কৈ এই সমভূমিৰ দৈৰ্ঘ্য প্ৰায় ৩২০০ কি.মি আৰু প্ৰস্থ গড় হিচাপত ১৫০-৩০০ কি.মি ।

গ.উপদ্বীপিয় মালভূমি অঞ্চল- এই অঞ্চলটো সমুদ্ৰপৃষ্ঠৰ ১৫০ মিটাৰ উচ্চতাৰ পৰা ৬০০-৯০০ মিটাৰ উচ্চতা বিশিষ্ট ত্ৰিকোণ আকৃতিৰ এটা অঞ্চল , এই অঞ্চলটো ওখোৰা-মোখোৰা । এই অঞ্চলটো কেইবাটাও মালভূমিৰে গঠিত যেনে- হাজৰিবাগ, পালামু, ৰাঁচী, মালৱা, কৰ্ণাটক মালভূমি আদি । এই মালভূমি অতি পুৰণি স্থিৰ ভূ-ভাগ । এই অঞ্চলত সততে দেখিবলৈ পোৱা প্ৰাকৃতিক অৱয়ব বোৰ হ’ল – শিলাময় পাহাৰ, স্তুপ পৰ্বত, গ্ৰস্ত উপত্যকা ইত্যাদি। মুখ্য অৱয়ৱৰ ওপৰত নিৰ্ভৰ কৰি এই অঞ্চলটোক তিনিটা ভাগত ভগোৱা হৈছে, এইবোৰ হ’ল – দাক্ষিণাত্য মালভূমি , মধ্যাংশৰ মালভূমি বা উচ্চ মালভূমি আৰু উত্তৰ-পূৰ‌বাঞ্চলৰ মালভূমি ।

ঘ.ভাৰতীয় মৰুভূমি অঞ্চল- আৰাৱলী পাহাৰৰ পৰা উত্তৰে ভাৰতীয় মৰুভূমি অঞ্চল টো অৱস্থিত । ইয়াৰ ভূ-প্ৰকৃতি ওখোৰা মোখোৰা আৰু অনুদৈৰ্ঘ্য বালিয়াৰি আৰু বাৰখান অʼত তʼত সিঁচৰিত হৈ থকা দেখা যায় । এই অঞ্চলটোত বৰষুণৰ পৰিমান ১৫০ মিলিলিটাৰতকৈও কম আৰু অঞ্চলটো শুকান ।

ঙ. উপকূলীয় সমভূমি অঞ্চল- অৱস্থান আৰু ভূ-আকৃতিক অৱয়বৰ ওপৰত নিৰ্ভৰ কৰি এই অঞ্চলটোক দুটা প্ৰধান ভাগত ভগোৱা হৈছে – পশ্চিম উপকূলীয় সমভূমি আৰু পূব উপকূলীয় সমভূমি । এই অঞ্চলটো সমুদ্ৰপৃষ্ঠৰ পৰা ওচৰত অৱস্থিত ।

চ. দ্বীপিয় অঞ্চল – এই অঞ্চলটো আন্দামান নিকোবৰ আৰু লাক্ষাদ্বীপ পুঞ্জ যে গঠিত ।ইয়াৰে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ বংগোপ সাগৰত আৰু লাক্ষাদ্বীপ পুঞ্জ আৰব সাগৰৰ অৱস্থিত । এই অঞ্চল বোৰ পৰিচলন বৃষ্টিৰ প্ৰভাৱ পুষ্ট আৰু বিষুৱীয় বৰ্ষাৰণ্যৰে ভৰা । Structure and Physiography

২. আৰব সাগৰৰ আৰু বংগ উপসাগৰত থকা দ্বীপ বোৰৰ তুলনাত কৰা ?

৩. নদী উপত্যকা বোৰত সততে দেখা পোৱা ভূ-অৱয়ব বোৰ কি কি ?

নদী উপত্যকা বোৰত সাধাৰণতে দেখা পোৱা ভূ-অৱয়ব বোৰ হ’ল –

প্ৰাকৃতিক পলস, অশ্বখুৰা হ্ৰদ ,নদী বেদিকা , বাজনাৰূপ পলস

নদী বিসৰ্পী ইত্যাদি । নদীয়ে কৰা বিভিন্ন কাৰ্য যেনে অৱক্ষেপন, ক্ষয়ীভৱন আদিৰ ফলত এনে ধৰনৰ ভূ-অৱয়বৰ গঠন হয় । Structure and Physiography

Leave a comment