Class 11 | EVS | Assamese Medium
সামাজিক বিষয় আৰু পৰিৱেশ social issues and environment
১/বহনক্ষম উন্নয়ন মানে কি বুজা? social issues and environment
উঃবহনক্ষম উন্নয়ন বা ধাৰণক্ষম উন্নয়ন বিশ্ব আজি সকলোৰে কাম্য। অনন্তকালৰ বাবে যদি বিশ্বই সকলো ক্ষেত্ৰতে বিশ্বৰ জনগণক উন্নত মানদণ্ডৰে নিজৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰি জীয়াই থকাৰ সমল যোগায়,সেয়ে হ’ব ধাৰণক্ষম বা বহনক্ষম বিশ্ব। আজি বিশ্ববাসীয়ে উন্নতিৰ শিখৰত আৰোহন কৰিবলৈ সমৰ্থ হৈছে,কিন্তু এই উন্নয়ন ধাৰণক্ষম হৈ থাকিব যদিহে ই মানৱ সমাজৰ চাহিদা পূৰণ কৰি আৰ্থ-সামাজিক উন্নতিৰ লগতে সম্পদবোৰো ভৱিষ্যৰ বাবে সংৰক্ষিত কৰিব পাৰে।কিন্তু,বাস্তৱিকতে বর্ত্তমান বিশ্ব বহনক্ষম অৱস্থাৰ পৰা ক্রমান্বয়ে অবহনক্ষম হোৱাৰ পৰ্যায়ত উপনীত হৈছে।বিশ্বৰ দ্ৰুতগতিত বৰ্ধিত জনসংখ্যা আৰু দ্রুত উন্নয়নৰ ফলত আজি পৃথিৱীৰ মাটি,পানী,বায়ু,খনিজ পদাৰ্থ আৰু গছ-গছনিৰ মাত্ৰাধিক ব্যৱহাৰে পৃথিৱীখনক অবহনক্ষম কৰি তোলাৰ প্ৰয়াস কৰিছে।প্ৰাকৃতিক সম্পদবোৰৰ ক্ৰমাগতভাৱে আহৰণ আৰু ব্যৱহাৰ অব্যাহত থাকিলে ভৱিষ্যতৰ উন্নয়নৰ গতি স্তব্ধ হ’ব। এই কথাবোৰৰ গুৰুত্ব অনুধাৱন কৰি বিশ্বৰ এই উন্নয়নক এটা স্থিৰ মাত্ৰাত ৰাখিয়েই উন্নয়নলৈ লৈ যাবলৈ যি প্ৰচেষ্টা কৰা হয় তাকে বহণক্ষম উন্নয়ণ বুলি কোৱা হয়। social issues and environment
২/নৱীকৰণযোগ্য আৰু নৱীকৰণ অযোগ্য শক্তিৰ উৎস সমূহ কি কি?উদাহৰণ দিয়া।
উঃক)নবীকৰণযোগ্য শক্তিৰ উৎসঃ এই শক্তিৰ উৎসসমূহ প্ৰকৃতিত একেৰাহে সৃষ্টি হৈ থাকে আৰু এই শক্তি অফুৰন্ত।উদাহৰণ-সৌৰ শক্তি,বায়ু শক্তি,জলবিদ্যুৎশক্তি,ভূ-তাপবিদ্যুৎ শক্তি,সাগৰীয়তাপ শক্তি, জোৱাৰ শক্তি,জৈৱ পচন শক্তি,জৈৱ ইন্ধন,হাইড্ৰ’জৈন আদি।
খ)নবীকৰণঅযোগ্য শক্তিৰ উৎস এই শক্তিৰ উৎসসমূহ প্ৰকৃতিৰ মাজতে আছে দীর্ঘদিন ধৰি ব্যৱহাৰ কৰি থকা হৈছে আৰু এইসমূহ শক্তিৰ উৎস অফুৰন্ত ভাণ্ডাৰ নহয়।যদিহে এবাৰ এই শক্তিৰ ভাণ্ডাৰ শেষ হৈ যায় তেন্তে সহজে সেইসমূহক পূৰণ কৰিব নোৱাৰি।উদাহৰণ-জীৱাশ্ম ইন্ধন(কয়লা,পেট্ৰ’লিয়াম,প্রাকৃতিক গেছ)পাৰমাণৱিক ইন্ধন যেনে ইউৰেনিয়াম,থ’ৰিয়াম আদি।
৩/শক্তিৰ সংৰক্ষণ কি?শক্তিৰ সংৰক্ষণৰ বাবে লোৱা কিছুমান ব্যৱস্থা উল্লেখ কৰা।
উঃশক্তিৰ সংৰক্ষণৰ অৰ্থ হৈছে শক্তিৰ খৰচ হ্ৰাস কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰা। শক্তিৰ বৰ্ধিত দক্ষতাপূর্ণ ব্যৱহাৰ হ্রাস পোৱা শক্তিৰ ব্যৱহাৰ একলগ কৰা আৰু প্ৰচলিত শক্তিৰ উৎসৰ পৰা শক্তিৰ সংৰক্ষণ কৰিব পৰা যায়।বিত্তীয় মূলধনৰ বৃদ্ধি, পৰিবেশৰ গুণমান,ৰাষ্ট্ৰীয় নিৰাপত্তা, ব্যক্তিগত সুৰক্ষা আৰু মানুহৰ সুখ-শান্তিৰ মাজেৰে শক্তি সংৰক্ষণৰ সাফল্য প্রকাশ পায়।শক্তিৰ খৰচ কম কৰিবলৈ আৰু অৰ্থনৈতিক নিৰাপত্তা বৃদ্ধি কৰিবৰ বাবে শক্তিৰ সংৰক্ষণ কৰাৰ ক্ষেত্ৰত ব্যক্তি আৰু সংস্থাসমূহ শক্তিৰ প্রত্যক্ষ গ্রাহক।লাভ বঢ়াবৰ বাবে ঔদ্যোগিক আৰু বাণিজ্যিক উপভোক্তাসকলে শক্তিৰ কাৰ্য দক্ষতা বৃদ্ধি কৰিব পাৰে।যিসমূহ শক্তিয়ে ধন ৰাহি কৰাৰ লগতে পৰিবেশ ৰক্ষা কৰে তেনে শক্তি যোগান ধৰাৰ লগতে পৰিবেশ অনুকূল জীৱন-শৈলী ৰছনা,শক্তিৰ সংৰক্ষণৰ ক্ষেত্ৰত সহায়ক। social issues and environment
শক্তিসংৰক্ষণৰ বাবে অৱলম্বন কৰিব পৰা পদক্ষেপসমূহ হ’ল-
(ক)পেট্ৰ’লিয়াম কয়লা,প্রাকৃতিক গেছ,ইউৰেনিয়াম আদি জীৱাশ্ম ইন্ধন আৰু নবীকৰণ অযোগ্য শক্তি সম্পদৰ পৰিবৰ্ত্তে সৌৰ শক্তি,বায়ু শক্তি, জৈৱ গেছ আদি পুনৰ নবীকৰণ যোগ্য শক্তি সম্পদৰ ব্যৱহাৰ।
(খ)যথেষ্টভাবে শক্তি সংৰক্ষণ কৰিব পৰা অধিক কাৰ্যদক্ষ প্রযুক্তি উদ্ভাবন।
(গ)বিদ্যুতৰ অপ্ৰয়োজনীয় ব্যৱহাৰ নিষিদ্দ কৰা উচিত।নিচেই পুৱাতে স্ট্রিট লাইট নুমুৱাই দিব লাগে।
(ঘ)ঘৰত ব্যৱহাৰ কৰা বিভিন্ন কাম-কাজত উপভোক্তাই শক্তিৰ খৰচ কমাব পাৰে।
(ঙ)উদ্যোগসমূহে নিজৰ কেঁছা মালৰ সঠিক হিচাপত ব্যৱহাৰ হোৱাৰ বাবে কাৰিকৰী কৌশল উদ্ভাৱণ কৰা উচিত।
৪/বৰষুণৰ পানী সংৰক্ষণ কি?বৰষুণৰ পানী সংৰক্ষণৰ উদ্দেশ্য কি?
উঃবৰষুণৰ পানীৰ সংৰক্ষণ বা কৰ্ষণ হৈছে পকী বা টিন,আদিৰ নিৰ্মিত ঘৰৰ ছাল আৰু পকী চোতালৰ পৰা বৰষুণৰ পানী সংৰক্ষণ কৰা কৌশল।বৰষুণৰ পানী সংৰক্ষণ আৰু জমা কৰা ব্যৱস্থাই ভূগৰ্ভৰ পানীও বৃদ্ধি কৰে।আজিকালি খৰাং দিনত পানীৰ অভাব দূৰ কৰিবলৈ নগৰাঞ্চলৰ লগতে গ্রামাঞ্চলত ঘৰুৱা কাম-কাজত ব্যৱহাৰ কৰা পানীৰ অভাৱ পূৰণ কৰিবলৈ বৰষুণৰ পানী সংৰক্ষণ কৰা ব্যৱস্থা বৃদ্ধি পাইছে।
বৰষুণৰ পানী সংৰক্ষণৰ উদ্দেশ্যসমূহ হৈছে-
(ক)বাগৰি গৈ নষ্ট হোৱা কাৰ্য হ্রাস কৰা। (খ)পানীৰ বৰ্ধিত চাহিদা পূৰণ কৰা। (গ)ভূগৰ্ভৰ পানীৰ ওপৰত পৰা হেঁচা হ্রাস কৰা। (ঘ)পানীক পুনৰ একলগ কৰি ৰখা প্ৰক্ৰিয়াৰে ভূগৰ্ভৰ পানীৰ মান বৃদ্ধি কৰা।
৫/বৰষুণৰ পানী সংৰক্ষণৰ সুবিধাসমূহ কি?
উঃ বৰষুণৰ পানী সংৰক্ষণৰ সুবিধা সমূহ হ’ল-
(ক)এই ব্যৱস্থাৰে যি ঠাইতে আৱশ্যক সেই ঠাইতে পানীৰ এটা উৎস গঢ়ি ল’ব পাৰি। (খ)এই ব্যৱস্থাটো কম খৰচী আৰু প্ৰত্যেক পৰিয়ালে বৰষুণৰ পানী পুনৰ ব্যৱহাৰ কৰিবৰ বাবে প্রয়োজনীয় সহজ ব্যৱস্থাটো সহজে কৰি ল’ব পাৰে। (গ)ফ্ল’ৰাইড,আৰ্চেনিক,লো আইৰণ আদিৰাসায়নিক দ্রব্যসমূহ বৰষুণৰ পানীত নাথাকে। (ঘ)যিহেতু বিশ্বৰ বহু চহৰত এতিয়া ভূমিজলৰ সমস্যা গুৰুতৰ সেয়ে ঘৰুৱা আৰু অন্যান্য ক্ষেত্ৰত বৰষুণৰ পানীৰ ব্যৱহাৰে ভূমিজলৰ ওপৰত চাপ হ্রাস কৰে। (ঙ)জৰুৰীকালীন সময় আৰু ৰাজহুৱা পানী যোগান ব্যৱস্থা অকামিলা বা বিফল হোৱাৰ সময়ত ই অতি প্রয়োজনীয় ভাণ্ডাৰ হিচাপে কাম কৰে। (চ)বৰষুণৰ পানী সংগ্ৰহ ব্যৱস্থাটো সৰল হোৱা বাবে সাধাৰণ মানুহে কম খৰচত বৰষুণৰ পানী জমা কৰা,এটা ভাঙৰ টেংক নিৰ্মাণ কৰা আদি কাৰিকৰী কৌশল সহজে শিকি ল’ব পাৰে। social issues and environment
৬/পৰিবেশৰ পৰা স্বাস্থ্য কি দৰে প্রভাবান্বিত হ’ব পাৰে?
উঃনিজৰ পৰিবেশৰ পৰাই মানুহৰ স্বাস্থ্য প্রভাবিত হয়।পৰিপুষ্টি, বাসায়নিক,ভৌতিক,জীৱবৈজ্ঞানিক, মানসিক,শোচনীয় জীৱন-ধাৰণৰ অৱস্থা আদি সকলোৰে মাজত আন্তঃ সম্পর্ক আছে।
(ক)খোৱা পানীৰ যোগান স্বাস্থ্যৰ বাবে অপৰিহাৰ্য,মানুহৰ এটা মৌলিক অধিকাৰ আৰু স্বাস্থ্য ৰক্ষাৰ ফলদায়ক স্বাস্থ্য আঁচনিৰ এটা উপাদান।আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় নীতি নিৰ্ধাৰণৰ বিভিন্ন মঞ্চত দীর্ঘদিন ধৰি পানী,অনাময় আৰু পৰিচ্ছন্নতাৰ গুৰুত্ব প্রতিফলিত হৈছে। (খ)টাইফইদ,কলেৰা,হেপাটাইটিছ, পলিঅ’,গেষ্টো-এণ্টাৰাইটিছ, এমিবিয়াছিছ,জিয়াৰদিাছি আদিকে ধৰি ভাৰতৰ৮০শতাংশতকৈ বেছি ভাগ ৰোগ হৈছে পানীৰ পৰা হোৱা ৰোগ।পানীৰ পৰা আটাইতকৈ বেছিকৈ দেখা দিয়া আৰু বেছি মানুহক আক্রমণ কৰা বেমাৰ হৈছে অনুজীৱৰ সংক্রমণ।বহু বিষাক্ত ৰাসায়নিক দ্রব্য, কীটনাশক দ্রব্য,গধুৰ মৌল বিভিন্ন ধৰণে পানী আৰু মাটিত মিহলি হয়। এই দ্রব্যসমূহ খাদ্য শৃংখলৰ মাজেৰে মূৰকত মানুহৰ শৰীৰলৈ আহে আৰু শৰীৰত বিৰূপ প্ৰভাৱ পেলায়। (গ)বিভিন্ন উদ্যোগ আৰু পৰিবহন ব্যৱস্থাই বায়ুমণ্ডলত বিভিন্ন গেছ এৰি দিয়ে।ইয়াৰে কিছুমান গেছে যেনে- ছালফাৰ ডাই অক্সাইড, কার্বন মন’ক্সাইড,নাইটাছ,অক্সাইড, হাইড্ৰ’কার্বন আৰু বতাহত ওপঙি ফুৰা ধূলিকণা বিভিন্ন পৰ্যায়ত বিভিন্ন ধৰণে স্বাস্থ্যৰ ক্ষতি কৰে। (ঘ)গোটা আৱৰ্জনাই বায়ু, পানী আৰু মাটিৰ গুণাগুণ নষ্ট কৰে। ইয়াৰ পৰা স্বাস্থ্য আৰু পৰিবেশৰ প্ৰতি ভাবুকিৰ সৃষ্টি হয়। (ঙ)কেতিয়াবা শোচনীয় লেতেৰা অৱস্থাৰ মাজত থকা ঘৰবাৰীয়েও স্বাস্থ্যৰ গুৰুতৰ ক্ষতি কৰে। সাধাৰণতে নগৰাঞ্চলৰ বক্তি বাসিন্দাসকলৰ মাজত এনে অৱস্থা দেখা যায়। (চ)নিৰক্ষৰতা, নিজৰ স্বাস্থ্য আৰু পৰিবেশ সম্পর্কে সজাগতাৰ অভাৱ, দাৰিদ্ৰতা, পৰিয়ালৰ বৃহৎ আকাৰ, শোচনীয় নলা-নর্দমা আৰু অনাময় ব্যৱস্থা আৰু উপযুক্ত চিকিৎসাৰ সুবিধাৰ অভাৱ হৈছে মানুহৰ স্বাস্থ্যৰ শোচনীয় অৱস্থাৰ কাৰণ।
৭/ ”জনবিস্ফোৰণ পৰিৱেশ অৱক্ষয়ৰ মূল কাৰণ”-এই কথাষাৰ ব্যাখ্যা কৰা।
উঃকোনো এক নির্দিষ্ট সময়ত কোনো এখন ঠাইত এটা প্ৰজাতিৰ জীৱবিলাক একেলগে বৰ্তি থাকিলে তাক সেই জীৱৰ সমষ্টি বোলা হয়। এই অৱস্থা মানুহৰ ক্ষেত্ৰত বুজাবলৈ হ’লে জনসংখ্যা বুলি কোৱা হয়। জনসংখ্যা গঠনত অৰিহণা যোগায় সাধাৰণতে প্ৰজাতিটোৰ প্ৰজনন ক্ষমতা।
কুৰি শতিকাৰ শেষৰফালে বিশ্ববাসী মানুহৰ সংখ্যা দ্রুত গতিত বৃদ্ধি পোৱাটো পৰিলক্ষিত হৈছে। শতিকাটোৰ শেষৰ ৩৫ টা বছৰতে জনসংখ্যা২.৫বিলিয়নৰ পৰা ৬ বিলিয়নতকৈও অধিকলৈ বৃদ্ধি পাইছে। জনসংখ্যা এই দ্ৰুতহাৰত বৃদ্ধি পোৱাৰ প্ৰধান কাৰণ হ’ল মৃত্যুৰ হ্ৰাসৰ হাৰতকৈ জন্মৰ হ্ৰাসৰ হাৰ কম হোৱাটো। আধুনিক প্রযুক্তিগত সা-সুবিধা,চিকিৎসা ব্যৱস্থা,খাদ্য, বাসস্থান ইত্যাদিয়ে মৃত্যুৰ হাৰ কমাই মানুহৰ আয়ুস বৃদ্ধি কৰিছে। ক্রমাগতভাৱে বাঢ়ি অহা জনসংখ্যা বৃদ্ধিয়ে সম্পদসমূহৰ অধিক ব্যৱহাৰৰ উপৰিও পৰিবেশ দূষিত কৰি তুলিছে। জনসংখ্যা বৃদ্ধিয়ে পৰিবেশ অধোগমনৰ প্ৰধান কাৰক হৈ পৰিছে।সম্প্ৰতি বিশ্ব জনসংখ্যাৰ বৃদ্ধিৰ বাৰ্ষিক হাৰ হ’ল শতকৰা ১.৫।এই বৃদ্ধিৰ হাৰ অব্যাহত থাকিলে ২৯২৫চনত এই জনসংখ্যা ৮.৩ বিলিয়ন হ’ব বুলি ধাৰণা কৰা হৈছে। এই বৃদ্ধিৰ হাৰ উন্নয়নশীল দেশসমূহত আপেক্ষিকভাৱে অধিক, উন্নয়নৰ প্ৰাক স্তৰত সকলো দেশতে জনসংখ্যা দ্রুত হাৰত বৃদ্ধি পোৱাটো পৰিলক্ষিত হয়। অৱশ্যে উন্নত দেশে জনসংখ্যা বৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ কিছু সমৰ্থ হৈছে।প্ৰকৃততে এই পৃথিৱীত পৰিবেশ বিনষ্ট হোৱাৰ আঁৰত আছে প্ৰধানকৈ বর্ধিত কার্যকলাপ। আদি কালত যেতিয়া বিশ্বত মানুহৰ সংখ্যা কম আছিল, তেতিয়া মানুহে পৰিবেশ বিঘ্নিত কৰিছিল যদিও তাৰ প্ৰভাব ইয়াৰ উৎস স্থলতে সীমাবদ্ধ হৈ আছিল। সম্প্রতি মানুহৰ সংখ্যা ইমান বৃদ্ধি পাইছে আৰু কাৰিকৰী প্ৰযুক্তি ইমান শক্তিশালী হৈ পৰিছে যে পৰিবেশৰ ওপৰত মানুহৰ নিৰ্ভৰশীলতা আৰু প্ৰাকৃতিক সম্পদ আহৰণ এক এই শক্তিশালী প্ৰযুক্তিৰ ব্যৱহাৰ পৰিবেশ অৱনতিৰ প্ৰতিকূল পৰিণাম ইয়াৰ উৎসস্থলতে আৱদ্ধ নাৰাখি দূৰ দূৰান্তলৈ এই প্ৰভাৱ বিস্তাৰিত হৈছে। মানুহৰ বসতি আৰু কাৰিকৰী কৌশল প্রয়োগৰ ব্যাপকতাই পৰিবেশৰ ওপৰত তীব্র আঘাত হানিছে।
৮/প্ৰধান সেউজ গৃহ গেছসমূহ কি কি?সেউজ গৃহ প্ৰভাৱ কি?
উঃসেউজ গৃহ গেছসমূহ হ’ল-কার্বন ডাই-অক্সাইড,মিথেন,নাইট্ৰাছ অক্সাইড,ক্লৰ’ফ্লৰ’কাৰ্বন,জলীয় বাষ্প আৰু অজ’ন।
সেউজ গৃহ প্ৰভাৱঃ বিভিন্ন উৎসৰ পৰা ওলোৱা ধূলি,ধোৱা বাষ্প আদিয়ে বায়ুমণ্ডলক আচ্ছাদিত কৰি কুঁৱলীৰ সৃষ্টি কৰে।এই কুঁৱলীৰ ফলত বায়ুমণ্ডলৰ অস্পষ্টতা বাঢ়ে। বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ বাঢ়ি গ’লে সূৰ্যৰ পৰা বিকিৰিত ৰশ্মি কুঁৱলী আৰু কাৰ্বন-ডাই-অক্সাইডৰ তৰপ ভেদ কৰি ওলাই যাব নোৱাৰে।ফলত পৰিবেশৰ উষ্ণতা বাঢ়ে।ইয়াক সেউজ গৃহ প্ৰভাৱ বুলি কোৱা হয়।গছ-গছনি বঢ়াবলৈ গ্ৰীণ হাউচৰ প্ৰয়োগ কৰা হয়। social issues and environment
৯/গোলকীয় উষ্ণায়ন বুলিলে কি বুজা?গোলকীয় উষ্ণায়নৰ কেইটামান পৰিণতিৰ বিষয়ে উল্লেখ কৰা।
উঃগোলকীয় উষ্ণায়ণ হ’ল- পৃথিৱীপৃষ্ঠৰ ঠিক উপৰিভাগৰ বায়ুৰ উষ্ণতা।সামগ্ৰিকভাৱে স্থলভাগৰ লগতে জলভাগকে ধৰি পৃথিৱীপৃষ্ঠৰ বায়ুৰ গড় উষ্ণতা বৃদ্ধি পোৱাকে গোলকীয় উষ্ণায়ণ বুলি কোৱা হয়।
গোলকীয় উষ্ণায়ণৰ কেইটামান পৰিণতি হ’ল-
(ক(সাগৰপৃষ্ঠৰ উচ্চতা বৃদ্ধি-
বতৰ বিজ্ঞানীসকলৰ মতে গোলকীয় উত্তাপৰ ফলত মেৰু অঞ্চলত থকা বৰফ গলি গৈ সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধি হ’ব। পৰিৱেশ বিজ্ঞানীসকলে কৰা এক প্ৰকল্পৰ সমীক্ষা মতে অহা ১০০বছৰত প্ৰতি বছৰে ৫ মিলিলিটাৰকৈ সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধি হ’ব।
(খ)জৈৱ-বৈচিত্ৰ্যৰ অৱনতি-
গোলকীয় উত্তাপ দ্ৰুত হাৰত বৃদ্ধি পালে জলচক্ৰৰ পৰিৱৰ্তন হৈ বৰষুণ অনিয়মিত হ’ব পাৰে বুলি বৰ্তমান বতৰ বিজ্ঞানীসকল নিশ্চিত হৈছে। সম্প্ৰতি,মৌচুমী বতাহৰ সময় আৰু গতিপথ পৰিৱৰ্তন হোৱা পৰিলক্ষিত হৈছে।যি অঞ্চলত অতিপাত বৰষুণ হৈছিল,সেই অঞ্চলত এতিয়া বৰষুণ কমি গৈ খৰাং পৰিস্থিতিৰ উদ্ভৱ হৈছে।ইয়াৰ ফলত এক বৃহৎ পৰিমাণৰ জৈৱ-বৈচিত্ৰ্যৰ অৱনতি হৈছে।
খৰাং পৰিস্থিতিৰ ফলত বিশ্বৰ বহুতো ৰাষ্ট্ৰীয় উদ্যান,অভয়াৰণ্য আদি ধ্বংসপ্ৰাপ্ত হ’ব বুলি ঠাৱৰ কৰা হৈছে।গোলকীয় উত্তাপ বৃদ্ধিৰ লগে লগে বনজুইৰ প্ৰাদুৰ্ভাৱ বেছি হ’ব, বৰ্ষাসিক্ত অৰণ্য ব্যাপক পৰিমাণে বনজুইত জাহ যাব।
১০/এচিড বৰষুণ কি?
উঃএচিড বৰষুণ-
কল-কাৰখানা আৰু উদ্যোগবিলাকত ব্যৱহাৰ হোৱা বিভিন্ন জৈৱিক ইন্ধনবিলাকৰ দহনৰ ফলত প্ৰচুৰ পৰিমাণৰ ছালফাৰ-ডাই-অক্সাইড, নাইট্ৰ’জেন অক্সাইড আৰু হাইড্ৰ’জেন ক্লৰাইড আদি গেছ বায়ুমণ্ডললৈ নিৰ্গত হয়।বায়ুমণ্ডলত এই গেছসমূহ জলীয় বাষ্পৰ লগত বিক্ৰিয়া কৰি ক্ৰমে ছালফিউৰিক এচিড,নাইট্ৰিক এচিড আৰু হাইড্ৰক্ল’ৰিক এচিডলৈ ৰূপান্তৰিত হয়।এই এচিডবিলাক বৰষুণৰ পানীৰ লগত লগ হৈ এচিড বৰষুণ হিচাপে পৃথীৱীত পৰে। social issues and environment