The best way to know Ramzan month and Roza in Assamese

Ramzan month and Roza in Assamese

মাহে ৰমজান

আচ্ছালামুআলাইকুম ভালনে বাৰু সকলোৰে..? চাঁওতে চাঁওতে সময় বোৰ যে কেনেকৈ পাৰ হৈ গ’ল  এইবাৰ আকৌ ৰমজান মাহে আহি পালে, I  আটাইলৈ ৰমজান মাহৰ শুভেচ্ছা থাকিল And I hope this holy month will bring brightest days for us. ৰমজান মাহ বুলিলে মনটো কিবা এটা বহুত ভাল লাগি যায় নহয়নে..? (Roza in Assamese) আকাশত ভুমুকি মাৰি  কাঁচি জোনটোৱে দিয়া ৰমজান মাহৰ খবৰ টো পালেই মনটো ফৰকাল লাগি যায় তাৰাবী নামাজ পঢ়াৰ পৰা আৰম্ভ কৰি ইফতাৰ কৰালৈকে গোটেই সময় খিনিয়ে বহুত ভাল লগা সময়

ৰোজা ৰখাৰ নিয়ত, ৰোজা ভঙা নিয়ত, বা তাৰাবী নামাজ কেনেকৈ পঢ়িব লাগে , এই গোটেই খিনি আমি কম-বেছি পৰিমানে জানো, but ৰমজান মাহত কেনেকুৱা কৰ্মৰ দ্বাৰা আমি অশেষ ছোৱাবৰ ভাগি ব পাৰো বা আল্লাহৰ ৰহমত পাব পাৰো , সেইয়া হয়তো বহুতেই নাজানে আৰু এটা most important কথা হ’ল যে ৰমজান মাহত ছেহেৰি আৰু ইফতাৰৰ সময়ত আমি কেনেকুৱা ধৰণৰ খাদ্য avoid কৰিব লাগে আৰু কেনে ধৰনৰ খাদ্য খাব লাগে সেইয়া আমি বহুতেই নাজানো, যাৰ বাবে আমাৰ কেতিয়াবা গোটেই কেইটা ৰোজা ৰখাত ব্যঘাত জন্মে ,  I mean কেতিয়াবা গা বেয়া লাগে বা গেছৰ সমস্যা হয় গতিকে এতিয়া আহকচোন নজনা কথা বোৰ জানি লও‌‌

 

1.       ৰমজান মাহত আমাৰ কৰনীয় (Roza in Assamese)

·         ৰমজান মাহত কোৰান পঢ়ক, যদি আপুনি নিজে পঢ়িব নাজানে বা নোৱাৰে , তেতিয়া হলে আনে কোৰান তিলাৱত কৰা শুনক আজিকালি YouTube অতো কোৰান পাঠ উপলব্ধ, সেইয়াও আপুনি শুনিব পাৰে

·          যিমান পাৰে  সদায় সময় উলিয়াই জিকিৰ কৰক

·         আপোনাৰ সামৰ্থ্য অনুযায়ী দান কৰকসেইয়া হয়তো টকা-পচাইও ব পাৰে, কাপোৰ-কানিও ব পাৰে বা খাদ্য বস্তু ব পাৰে

·          নামাজ পঢ়ি সকলোৰে বাবে দোৱা কৰক আল্লহুতালাই ৰোজাদাৰৰ দোৱা কেতিয়াও অথলে যাব নিদিয়ে

·         তাহাজ্জুদ আৰু তাৰাবী পঢ়ক

·         আল্লাহৰ ওচৰত চবৰ কৰক

·         নামাজ পঢ়ক

 

ৰমজান মাহ হৈছৈ আটাইতকৈ পবিত্ৰ মাহ, এই মাহটো আল্লাহুতালাই সকলোতকৈ শ্ৰেষ্ঠ মাহ বুলি কৈছে আৰু আল্লাহে এইমাহটোত কৰা এবাদত কেতিয়াও অথলে যাব নিদিয়ে আল্লাহে ৰমজান মাহৰ এবাদতক দুগুণ কৰি দিয়েআমি বহুতেই ৰমজান মাহত কেৱল ৰোজা টোহে ৰাখো, বাকী সময় বোৰ এনেয়ে মোবাইল টিপি বা উঠি বহিয়ে কটাই দিও গতিকে upcoming ৰমজান মাহটোত আল্লাহৰ এবাদত কৰক আৰু আপোনাৰ ইমান মজবুত কৰক লগতে অশেষ ছোৱাবৰ ভাগি হ‌ওঁক

 এতিয়া আহকচোন জানো চেহেৰীৰ সময়ত আমি কি খোৱা উচিত আৰু কি খোৱা অনুচিত

·         

চেহেৰীত কেনেকুৱা ধৰনৰ খাদ্য খাব

ü  প্ৰটিনযুক্ত আহাৰ খাব যেনে কণী, দাইল, মাছ, মাংস , কিয়নো প্ৰটিন জাতীয় খাদ্য‌ই আপোনাক বেছি সময়লৈ শক্তি প্ৰদান কৰিব

ü  আহজাতীয় খাদ্য যেনে পাচলি, ওটমীল আদি , কিয়নো আহজাতীয় খাদ্য‌ই digestion process টো slow কৰে লগতে কলেষ্টৰেল আৰু তেজত শৰ্কৰাৰ পৰিমান নিয়মিত কৰি ৰাখে,  আৰু ইয়ে আপোনাক গোটেই দিনটো energetic কৰি ৰাখিব

ü  কেলচিয়াম আৰু ভিটামিনযুক্ত আহাৰ যেনে গাখীৰ, কল, মৌ, আদি এনেবোৰ খাদ্য‌ই আপোনাক গোটেই দিনটো সতেজ কৰি ৰাখিব

·         এইবাৰ জানো আহক চেহেৰীত কি কি খাব নালাগে

Ø  এনেবোৰ খাদ্য পৰিহাৰ কৰক যিবোৰ কম সময়ৰ ভিতৰতে  হজম হৈ যায় আৰু ত খুবেই কম nutrients থাকে যেনে- কেক, পেষ্ট্ৰি, মিঠাই আদি

Ø  বেছি নিমখ যুক্ত খাদ্য পৰিহাৰ কৰক, কিয়নো এনেবোৰ খাদ্য‌ই আপোনাক বেছি thirsty অনুভৱ কৰাব

Ø  Caffeinated drinks যেনে ক’ফি আদি পৰিহাৰ কৰক কিয়নো ইয়ে আপোনাক hydrate কৰি নাৰাখে

এতিয়া আহক জানো ইফতাৰৰ সময়ত কি খাব আৰু কি নাখাব

 

কি খাব লাগে

Ø  খেজুৰ খাব , কাৰণ খেজুৰত যথেষ্ট পৰিমাণে nutrients আছে, আৰু খেজুৰে quickly আপোনাক hydrate কৰি তোলাত সহায়ক কৰিব আৰু দিনজোৰা লঘোনৰ অন্তত ইয়ে আপোনাক সতেজ কৰি তুলিব

Ø   ফলৰ ৰস, পানী খাব

Ø  বেছিকৈ ৰস থকা ফল-মূল যেনে , তিয়হ , তৰমুজ, আদি খাওক ,ইয়ে শৌচ কঠিন হোৱাৰ পৰাও help কৰিব

কি খাব নালাগে

§  অধিক তেল মচলা যুক্ত আৰু fried food পৰিহাৰ কৰক দিনটো লঘোনৰ অন্তত এনেবোৰ খাদ্য‌ই আপোনাক ক্ষতি কৰিব

§  অধিক মিঠা যুক্ত বস্তু নাখাব

§  Carbonate drinks avoid কৰক, Coca-Cola, Fanta, এনেবোৰ শীতল পানীয় গ্ৰহণ নকৰিব

ৰোজা ৰখাৰ লগতে আমাৰ কৰনীয় বোৰ জনাটোও প্ৰয়োজন , লগতে আমি গোটেই মাহটো ৰোজা ৰাখিবলৈ হলৈ নিজকে healthy ৰাখিব লাগিব আৰু তাৰ বাবে আমি during fasting কেনেকুৱা ধৰনৰ খাদ্য খোৱা উচিত সেইয়া জানিব লাগিব মই জানা খিনি আপোনাৰ লগত share কৰিলো পঢ়ি কেনে পালে জনাব আৰু আপুনি জানা খিনিও আমাৰ লগত share কৰক because sharing is caring.

 Stay healthy and stay safe.. may Allah bless us . Ameen. 

 

Leave a comment