Q and A of Population: Distribution, Density, Growth & Composition

HS Second Year, Geography, AHSEC

পাঠ ১/ জনসংখ্যা বিতৰণ, ঘনত্ব, বৃদ্ধি আৰু গঠন Population

শুদ্ধ উত্তৰ টো বাছি উলিওৱা Population

২০০১ চনৰ পিয়ল অনুসৰি ভাৰতবৰ্ষৰ মুঠ জনসংখ্যা হ’ল

  • ১০২৮ নিযুত☑️
  • ৩১৮২ নিযুত
  • ৩২৮৭ নিযুত
  • ২০ নিযুত

ভাৰতবৰ্ষৰ কোনখন প্ৰদেশত জনসংখ্যাৰ ঘনত্ব অধিক

  • পশ্চিমবঙ্গ☑️
  • কেৰেলা
  • উত্তৰ প্ৰদেশ
  • পঞ্জাৱ

২০০১ চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ কোনখন প্ৰদেশত নগৰীয়া জনসংখ্যাৰ অনুপাত অধিক

  • তামিলনাডু☑️
  • কেৰেলা
  • মহাৰাষ্ট্ৰ
  • গুজৰাট

ভাৰতবৰ্ষৰ কোনটো ভাষিক জনগোষ্ঠীৰ সংখ্যা অধিক

  • চীন-তিব্বতীয়
  • ইন্দো-আৰ্য☑️
  • অষ্ট্ৰিক
  • দ্ৰাবিড়

২/ তলত দিয়া প্ৰশ্নবোৰৰ ৩০ টা মান শব্দৰ ভিতৰত উত্তৰ দিয়া

ক) ‘অত্যাধিক উষ্ণ আৰু শুকান , ঠাণ্ডা আৰু সেমেকা — অঞ্চলবোৰত জনসংখ্যাৰ ঘনত্ব সেৰেঙা ‘ ভাৰতৰ জনসংখ্যা বিতৰণৰ পৰিপ্ৰেক্ষিতত জলবায়ুৰ প্ৰভাৱ সন্দৰ্ভত উক্তি টো বাখ্যা কৰা

উত্তৰ: আমি জানো যে, কোনো এখন ঠাইৰ ভৌগলিক অৱস্থা আৰু জলবায়ুই ঠাইখনৰ জনসংখ্যা বিতৰণত প্ৰভাৱ পেলায় ।

চৰম জলবায়ুৰ অৱস্থাই দৈনন্দিন জীৱন যাপনত যথেষ্ট প্ৰভাৱ পেলায় । তেনে চৰম পৰিৱেশত মানুহে দৈনন্দিন জীৱন যাপন কৰিবলৈ অসমৰ্থ হয় । উদাহৰণ স্বৰূপে অধিক উষ্ণ আৰু শুকান অঞ্চলত পানীৰ অভাৱ হয়, খেতিৰ বাবে অনুপযোগী । আকৌ,  অধিক ঠাণ্ডা অঞ্চলতো খেতি বাতি কৰিব নোৱাৰি, বৰফেৰে ঢাক খাই থাকে, সেইবাবে এনে অঞ্চলত জনবসতি সেৰেঙা। Population

খ) ভাৰতবৰ্ষৰ কোনবোৰ প্ৰদেশত গ্ৰাম্য জনসংখ্যা অধিক? বৃহৎ গ্ৰাম্য জনসংখ্যা হোৱাৰ এটা প্ৰধান কাৰণ দৰ্শোৱা

উত্তৰ: ২০০১ চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ বৰ্তমান ৯৩% বসতিপূৰ্ণ গাওঁ আছে । হিমাচল প্ৰদেশ(৯০.২%), বিহাৰ (৮৯.৫%), চিকিম(৮৮.৯%), অসম(৮৭.৩%), ওড়িশা(৮৫.২%), ত্ৰিপুৰা(৮৩%), নাগালেণ্ড(৮২.৩%) আৰু মেঘালয়(৮০.৪%) এই অঞ্চল কেইটাত গ্ৰাম্য জনসংখ্যা অধিক দেখা যায়। কাৰণ এই অঞ্চল বোৰ খেতিৰ বাবে উপযোগী ।

ভাৰতত বৃহৎ গ্ৰাম্য জনসংখ্যা হোৱাৰ কাৰণ হ’ল

  • লেহেমীয়া নগৰীকৰণ।
  • প্ৰাথমিক বৃত্তিত জড়িত লোকৰ সংখ্যা অধিক।
  • নিম্ন মানৰ ঔদ্যোগী কৰণ।

গ) ভাৰতবৰ্ষৰ কিছুমান প্ৰদেশত শ্ৰমিকৰ সংখ্যা আন কিছুমান প্ৰদেশৰ তুলনাত অধিক হোৱাৰ কাৰণ কি?

উত্তৰ: ভাৰতৰ কিছুমান প্ৰদেশত শ্ৰমিকৰ সংখ্যা আন কিছুমান প্ৰদেশৰ তুলনাত অধিক হোৱাৰ কাৰণ হ’ল

  • ঔদ্যোগীকৰণ: উদ্যোগ স্থাপনে সংস্থাপনৰ সুবিধাৰ সৃষ্টি কৰে যাৰ বাবে শ্ৰমিক সকলে তেনে অঞ্চল বোৰলৈ ঢাপলি মেলে।
  • প্ৰবজন: যিবোৰ অঞ্চলত কৰ্ম সংস্থাপনৰ সুবিধা অধিক তেনে অঞ্চল সমূহলৈ শ্ৰমিকে প্ৰবজন কৰে ফলত সেই অঞ্চল বোৰত শ্ৰমিকৰ সংখ্যা বৃদ্ধি পায় ।

ঘ) ‘ভাৰতবৰ্ষৰ শ্ৰমিকৰ সৰহভাগেই কৃষিখণ্ডৰ সৈতে জড়িত’।– বাখ্যা কৰা

ভাৰতবৰ্ষ হৈছে এখন কৃষি প্ৰধান দেশ । লগতে ভাৰতত গ্ৰাম্যাঞ্চলৰ পৰিমান আৰু গ্ৰাম্য জনসংখ্যাও বেছি । গাওঁ অঞ্চলৰ বেছিভাগ লোকেই খেতি বাতিল লগত জড়িত । ভাৰতৰ প্ৰায় ৫২.৮% লোক খেতিয়ক আৰু কৃষি শ্ৰমিক । Population

যিহেতু ভাৰতৰ ঔদ্যোগীকৰণো বৰ ক্ষিপ্ৰ নহয় গতিকে সৰহভাগ শ্ৰমিকে কৃষি খণ্ডৰ সৈতে জড়িত ।

৩/ তলত দিয়া প্ৰশ্নবোৰৰ ১৫০ টা মান শব্দৰ ভিতৰত উত্তৰ দিয়া

১/ভাৰতবৰ্ষৰ জনসংখ্যাৰ স্থানিক-আৰ্হি আলোচনা কৰা

উত্তৰ : জনসংখ্যাৰ বিতৰণ সকলো ঠাইতে সমান নহয় । সামাজিক আৰু ভৌগলিক কাৰকৰ বাবে জনসংখ্যাৰ ঘনত্ব, বিতৰন ভিন্ন হয় ।

ভাৰতৰ জনসংখ্যাৰ স্থানিক আৰ্হি টো তলত আলোচনা কৰা হ’ল—–

ভাৰতৰ উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, বিহাৰ , পশ্চিম বংগ, অসম, উৰিষ্যা, অন্ধ্ৰ প্ৰদেশ, কৰ্ণাটক আদি ঠাইবোৰত জনসংখ্যা বিতৰণ সৰ্বাধিক। আনহাতে অৰুণাচল প্ৰদেশ, জম্মু কাশ্মীৰ, ৰাজস্থানৰ মৰুভূমি অঞ্চল আদি ঠাইত জনসংখ্যাৰ বিতৰণ তুলনামুলক ভাবে কম। Population

আকৌ, ঘনত্বৰ ফালৰ পৰা চাবলৈ গ’লে ২০০১ চনৰ লোকপিয়ল মতে ভাৰতৰ জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কি.মি ৩১৩ জন। জনসংখ্যাৰ ঘনত্ব‌ও ঠাই ভেদে ভিন্ন হয়। দিল্লীত জনসংখ্যাৰ ঘনত্ব ৯৩৪০ জন, পশ্চিম বংগত ৯০৩ জন, বিহাৰত ৮৮০ জন, ইয়াৰ তুলনাত অৰুণাচল প্ৰদেশত মাত্ৰ ১৩ জন । আকৌ, অসম, গুজৰাট, হাৰিয়ানা, অন্ধ্ৰপ্ৰদেশ আদি ঠাই বোৰত জনসংখ্যাৰ ঘনত্ব মধ্যমীয়া ।

গতিকে ওপৰৰ আলোচনাৰ পৰা ভাৰতৰ জনসংখ্যাৰ স্থানিক ধাৰণাটো সুন্দৰ কৈ বুজি পোৱা গৈছে।

২/ভাৰতৰ জনসংখ্যাৰ বৃত্তিগত সংৰচনাৰ বিষয়ে বৰ্ণনা কৰা

উত্তৰ: ভাৰতবৰ্ষৰ কৰ্মৰত জনসংখ্যাক চাৰিটা প্ৰধান ভাগত ভগোৱা হৈছে —-

  • কৃষক
  • কৃষি শ্ৰমিক
  • শিল্প কৰ্মী
  • অন্যান্য কৰ্মী

এই ভাগকেইটাই ভাৰতৰ জনসংখ্যাৰ বৃত্তিগত সংৰচনাটোক বৰ্ণনা কৰে । ভাৰতত প্ৰায় ৫৮.২% লোক খেতিয়ক আৰু কৃষিৰ সৈতে জড়িত শ্ৰমিক। ৪.২% লোক কুটীৰ শিল্পৰ সৈতে জড়িত আৰু ৩৭.৬% লোক শিল্প , বেপাৰ , বাণিজ্য , নিৰ্মান , ৰিপেয়াৰিং আদি কৰ্মৰ সৈতে জড়িত । মন কৰিলে দেখা যায় যে বিগত কেইবাদশকৰ পৰা কৃষি কৰ্মৰ লগত জড়িত শ্ৰমিকৰ সংখ্যা হ্ৰাস পাইছে। নগৰীকৰণ আৰু উদ্যোগীকৰণে প্ৰাথমিক বৃত্তিত লগত জড়িত কৰ্মীৰ পৰিমান কমাই আনিছে।

অতিৰিক্ত পাঠভিত্তিক প্ৰশ্নোত্তৰ

১/ভাৰতত প্ৰথম লোকগনণা কেতিয়া আৰম্ভ হয়?

উত্তৰ: ভাৰতত ১৮৮১ চনত প্ৰথম লোকগনণা আৰম্ভ হয় ।

২/ ৩০ খনতকৈও অধিক জিলা থকা ভাৰতৰ দুখন ৰাজ্যৰ নাম লিখা

উত্তৰ: ৩০ খনতকৈও অধিক জিলা থকা ভাৰতৰ দুখন ৰাজ্য হ’ল ৰাজস্থান আৰু উত্তৰ প্ৰদেশ।

৩/ভাৰতত বৰ্তমান জনসংখ্যাৰ বৃদ্ধিৰ হাৰ কিমান শতাংশ?

উত্তৰ : ভাৰতত বৰ্তমান জনসংখ্যাৰ বৃদ্ধিৰ হাৰ হ’ল  বছৰি ২.৪%

https://www.dailyassam.com/2021/04/hs-2nd-year-geography-answer-assam.html

Leave a comment