Questions and Answers for HS Second Year | Secondary Activities

Human Geography | Chapter 6

উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিক Secondary Activities

মানৱ ভুগোল  

পাঠ-৬

দ্বিতীয়ক বৃত্তি Secondary Activities

১/নিম্নলিখিত উক্তি সমূহৰ ভিতৰত কোনটো ভুলকৈ আছে

ক. হুগলী নদীৰে থকা  সস্তীয়া জলপৰিবহণ ব্যৱস্থাৰ বাবে মৰাপাট উদ্যোগ সুবিধা হৈছে ।

খ. চেনি, কপাহ, বয়ন আৰু উদ্ভিদজাত তেলৰ উদ্যোগক চলন্ত শিল্প উদ্যোগ বোলে ।👈

গ. জলবিদ্যুৎ আৰু পেট্ৰলিয়ামৰ বিকাশৰ ফলত , উদ্যোগৰ অৱস্থান নিৰ্ণায়ক কাৰক হিচাপে থকা কয়লা শক্তিৰ ভূমিকা বিস্তৃত হাৰত হ্ৰাস পাইছে।

ঘ. ভাৰতবৰ্ষৰ বন্দৰ চহৰ বোৰে শিল্প উদ্যোগক আকৰ্ষিত কৰে ।

২/ নিম্নলিখিত অৰ্থনৈতিক প্ৰকাৰবোৰৰ , কোনটো ব্যক্তিগত উৎপাদনৰ কাৰক হিচাপে থাকে

ক. পুঁজিপতি 👈

খ. মিশ্ৰিত

গ. সমাজতান্ত্ৰিক

ঘ. এটাও নহয়

৩/ নিম্নলিখিত উদ্যোগ সমুহৰ ভিতৰত কোনবিধে আন আন উদ্যোগৰ বাবে কেঁচামাল উৎপাদন কৰে ?

ক. কুটীৰ শিল্প

খ. ক্ষুদ্ৰ উদ্যোগ

গ. মৌলিক উদ্যোগ 👈

ঘ. চলন্ত শিল্প উদ্যোগ

৪/ নিম্নলিখিত অংশবোৰৰ ভিতৰত কোনটো শুদ্ধ ভাবে সমকক্ষ হৈ আছে ?

ক. গাড়ী-মটৰৰ উদ্যোগঃ লচ্এঞ্জেলছ

খ. জাহাজ নিৰ্মাণ শিল্পঃলুচাকা

গ. উৰাজাহাজ শিল্পঃফ্লৰেন্স

ঘ. লো আৰু তীখা শিল্পঃ পিটছ্ বাৰ্গ 👈

৫/ ৩০ টা মান শব্দৰ ভিতৰত নিম্নলিখিত বিষয়সমূহৰ ওপৰত চমু টোকা লিখা

ক. উচ্চ প্ৰযুক্তি শিল্প Secondary Activities

উচ্চ প্ৰযুক্তি শিল্প বুলিলে সাধাৰণতে উন্নত মানৰ আৰু আধুনিক যন্ত্ৰ পাতিৰ দ্বাৰা পৰিচালিত শিল্প সমুহকে বুজা যায়। এনেধৰনৰ শিল্প সমুহে পৰাম্পৰাগত নিৰ্মান শৈলীৰ পৰিবৰ্তে আধুনিক, বিজ্ঞান সন্মত আৰু উন্নত মানৰ কাৰু-কাৰ্যৰ ব্যৱহাৰ কৰে । উচ্চ প্ৰযুক্তিৰ উদ্যোগৰ প্ৰধান বৈশিষ্ট্য হ’ল – শাৰীৰিক শ্ৰমৰ সলনি বৌদ্ধিক শ্ৰমৰ প্ৰয়োগ, কম্পিউটাৰৰ বহুল ব্যৱহাৰ। এনে উচ্চ প্ৰযুক্তিৰ শিল্পৰ লগত গৱেষক , উচ্চ বৌদ্ধিক মানসিকতাৰ লোক সমুহ জড়িত । উচ্চ প্ৰযুক্তিৰ শিল্প সমুহে মানৱ সমাজৰ বাবে নতুন নতুন আৱিষ্কাৰত বিশেষ অৰিহনা যোগায় । যেনে, দুৰাৰোগ্য ৰোগৰ গবেষণা আৰু ঔষধ নিৰ্মান , ৰবট নিৰ্মান, মহাকাশ যান নিৰ্মান ইত্যাদি হৈছে আধুনিক প্ৰযুক্তিৰ শিল্পৰ উদাহৰণ । বৰ্তমান এনে উদ্যোগ সমুহ দ্ৰুত গতিত বৃদ্ধি পাইছে ।

খ. নিৰ্মাণ শিল্প

নিৰ্মান শিল্পক দ্বিতীয়ক বৃত্তিৰ কাম কাজৰ অন্তৰ্ভুক্ত কৰিব পাৰি । নিৰ্মান শিল্প হৈছে এনে এক প্ৰকাৰৰ শিল্প য’ত কেঁচা মাল সমুহক বিভিন্ন ৰুপত গঢ় দিয়া হয় । আধুনিক শক্তি আৰু যন্ত্ৰ পাতি নাইবা পুৰণি পদ্ধতি অৱলম্বনৰ দ্বাৰাও নিৰ্মান শিল্প‌ই উৎপাদন কাৰ্য সম্পন্ন কৰিব পাৰে । নিৰ্মান শিল্পৰ কিছুমান বিশেষত্ব হ’ল – একোটা শিল্প উদ্যোগত সমৰূপৰ সামগ্ৰীৰ উৎপাদন, শ্ৰমিকৰ নিযুক্তি, এক বুজন পৰিমানৰ মুলধনৰ প্ৰয়োজন, বজাৰৰ চাহিদা, আধুনিক প্ৰযুক্তিৰ প্ৰয়োগ  ইত্যাদি। নিৰ্মান শিল্পৰ কিছুমান উদাহৰণ হ’ল – লো- তীখা উদ্যোগ, বস্ত্ৰ নিৰ্মাণ উদ্যোগ, চেনী উদ্যোগ, ইত্যাদি। Secondary Activities

গ. চলন্ত শিল্প উদ্যোগ

চলন্ত শিল্প উদ্যোগ সমুহে কোনোধৰণৰ বিশেষ কেঁচা মালৰ ওপৰত নিৰ্ভৰশীল নহয়, সাধাৰণতে সহজলভ্য যিকোনো ধৰনৰ কেঁচা মালক কেন্দ্ৰ কৰি এনে উদ্যোগ সমুহ গঢ় লৈ উঠে । এনেধৰনৰ উদ্যোগ সমুহৰ পৰা বিশেষ পৰিৱেশ প্ৰদূষণ নহয় । এনেধৰনৰ শিল্প উদ্যোগ সমুহত বহুত বেছি উন্নত মানৰ যন্ত্ৰ পাতিৰ প্ৰয়োগ নহয় । চলন্ত শিল্প উদ্যোগ সমুহৰ উৎপাদনৰ পৰিমানো কম আৰু শ্ৰমিকৰ পৰিমানো কম। এনেধৰনৰ শিল্প উদ্যোগ সমুহত বৰ বেছি মুলধনৰ প্ৰয়োজন নহয়। চলন্ত শিল্প উদ্যোগৰ উদাহৰণ হ’ল – কেঁচু সাৰ উৎপাদন, ঘড়ী নিৰ্মাণ শিল্প, ধুপ কাঠি নিৰ্মান ইত্যাদি ।

৬/ ১৫০ টা শব্দৰ ভিতৰত নিম্নলিখিত প্ৰশ্ন সমুহৰ উত্তৰ দিয়া

ক. প্ৰাথমিক আৰু দ্বিতীয়ক কাৰ্য সমুহৰ পাৰ্থক্য লিখা

প্ৰাথমিক কাৰ্য আৰু দ্বিতীয়ক কাৰ্য সমুহৰ পাৰ্থক্য তলত উল্লেখ কৰা হ’ল

  • প্ৰাথমিক কাৰ্য সমুহ প্ৰত্যক্ষ ভাবে প্ৰকৃতিৰ লগত জড়িত আনহাতে, দ্বিতীয়ক কাৰ্য সমুহ প্ৰত্যক্ষ ভাবে নিৰ্মাণ কাৰ্যৰ লগত জড়িত ।
  • প্ৰাথমিক কাৰ্য সমুহৰ জৰিয়তে প্ৰকৃতিৰ পৰা কেঁচা মাল সমূহ সংগ্ৰহ কৰা হয় । আনহাতে, দ্বিতীয়ক কাৰ্যৰ জৰিয়তে প্ৰকৃতিৰ পৰা আহৰণ কৰা কেঁচা মাল সমুহক আন  ব্যৱহাৰ যোগ্য সামগ্ৰীলৈ পৰিবৰ্তন কৰা হয় , যেনে ধানৰ পৰা চিৰা বনোৱা ।
  • প্ৰাথমিক কাৰ্যত কোনো উন্নত মানৰ যন্ত্ৰৰ প্ৰয়োগ নহয় ,আৰু খুব প্ৰয়োগ হ’লেও খুব কম যন্ত্ৰৰ প্ৰয়োগ হয় । কিন্তু দ্বিতীয়ক কাৰ্যত আধুনিক যন্ত্ৰপাতি বহুল  ব্যৱহাৰ হয় ।
  • প্ৰাথমিক কাৰ্য ধাৰণা পৰাম্পৰাগত আৰু পৌৰাণিক আনহাতে দ্বিতীয়ক কাৰ্য সমূহ আধুনিক ।
  • প্ৰাথমিক কাৰ্যৰ উদাহৰণ হ’ল – কৃষি কাৰ্য, খনিৰ পৰা লো, সোণ আহৰণ আদি । আনহাতে , দ্বিতীয়ক কাৰ্যৰ উদাহৰণ হ’ল লো- তীখা উদ্যোগ, চাহ উদ্যোগ, চেনী উদ্যোগ আদি ।

খ. পৃথিৱীৰ উন্নত দেশসমূহত  সংঘটিত হৈ থকা মূখ্য আধুনিক ঔদ্যোগিক কাৰ্যাৱলীৰ আলোচনা কৰা

পৃথিৱীৰ সকলো ঠাইতে কেঁচামালৰ অসমান বিতৰণ তথা পৰিবহন ব্যৱস্থাৰ সমান সুবিধা আৰু মানৱ সম্পদৰ সমান ব্যৱহাৰ নোহোৱাৰ ফলত পৃথিৱীৰ সকলো ঠাইতে সমানে ঔদ্যোগিক বিকাশ হৈ উঠা নাই । উন্নয়নশীল দেশ সমুহৰ তুলনাত উন্নত দেশ সমূহত ঔদ্যোগিক বিকাশ ভালেখিনি আগবঢ়া ।

পৃথিৱীৰ উন্নত দেশ সমুহত সংঘটিত হৈ থকা মূখ্য আধুনিক ঔদ্যোগিক কাৰ্যাৱলী তলত আলোচনা কৰা হ’ল

উত্তৰ আমেৰিকা – উত্তৰ আমেৰিকাৰ প্ৰধান উদ্যোগ সমুহ পিটছবাৰ্গ, হ্ৰদ অঞ্চলৰ চিকাগো, লোৰেইন, আদি ঠাই বোৰত পোৱা যায় । ডেটৰ‌ইট অঞ্চল টো মটৰ নিৰ্মান কাৰখানাৰ বাবে বিখ্যাত । Secondary Activities

জাৰ্মান- জাৰ্মানৰ লো- তীখা উদ্যোগ ৰুঢ় কয়লাখনিক কেন্দ্ৰ কৰি গঢ় লৈ উঠিছিল , এই অঞ্চল টোকে সমগ্ৰ ইউৰোপ মহাদেশৰ শিল্প বিপ্লবৰ অগ্ৰণী অঞ্চল ৰূপে চিহ্নিত কৰা হয় । সময়ৰ লগে লগে লৌহ আকৰৰ ভাণ্ডাৰ টুটি আহিল যদিও বৰ্তমান এই অঞ্চলত মটৰ গাড়ীৰ পৰিসজ্জন, ৰাসায়নিক উদ্যোগ, ইত্যাদি গঢ় লৈ উঠিছে । ইয়াৰ উপৰিও জাৰ্মানৰ দেশীয় কপাহী বয়ন উদ্যোগে বৰ্তমানেও পৃথিৱীৰ বজাৰ দখল কৰি আছে ।

চীন- ইয়াংছি উপত্যককাক চীনৰ মানচেষ্টাৰ বুলি কোৱা হয় , চীন দেশৰ বস্ত্ৰ উদ্যোগে এক বৃহৎ বজাৰ দখল কৰি আছে, ইয়াৰ উপৰিও আধুনিক সদ্য ব্যৱহাৰিত বস্তু যেনে – ইলেকট্ৰনিক সা-সৰঞ্জাম, প্লাষ্টিকৰ নিত্য ব্যৱহাৰ্য সামগ্ৰী আদি উৎপাদনৰেও চীনে এক বৃহৎ বজাৰ দখল কৰি আছে ।

ৰাছিয়া- ৰাছিয়া ঔদ্যোগিক দিশত যথেষ্ট আগবঢ়া, মহাকাশ যান নিৰ্মাণ শিল্প, অস্ত্ৰ-শস্ত্ৰ নিৰ্মান শিল্প আদি উন্নত প্ৰযুক্তি উদ্যোগৰ বিকাশত ৰাছিয়া যথেষ্ট আগবাঢ়িছে । ইয়াৰ উপৰিও, ৰাছিয়াৰ মস্কো- ইভানভো অঞ্চল, লেনিনগ্ৰেড অঞ্চল, দক্ষিণ অঞ্চল বস্ত্ৰ শিল্পত যথেষ্ট আগবঢ়া । ইভানভো অঞ্চলক ৰাছিয়াৰ মানচেষ্টাৰ বুলি কোৱা হয় ।

আৰু বহুতো ঔদ্যোগিক কাৰ্যবলী উন্নত দেশসমূহত সম্পন্ন হৈ আছে, সময়ৰ লগে লগে উন্নত মানৰ প্ৰযুক্তিৰো ব্যৱহাৰ হৈছে ।

অতিৰিক্ত পাঠ ভিত্তিক প্ৰশ্নোত্তৰ

১/ আধুনিক বৃহৎ উদ্যোগৰ চাৰিটা বৈশিষ্ট্য/ লক্ষণ উল্লেখ কৰা ।

  • বিশিষ্ট নৈপুণ্যৰ প্ৰয়োগ
  • যান্ত্ৰিকীকৰণ
  • কাৰিকৰী নতুনত্বৰ প্ৰয়োগ
  • অসমান ভৌগলিক বিস্তাৰ

২/ বুনিয়াদী উদ্যোগ কাক বোলে ? উদাহৰণ দিয়া

উপভোগ্য সামগ্ৰী প্ৰস্তুত কৰা উদ্যোগ সমূহৰ যন্ত্ৰ-পাতি আৰু অন্যান্য প্ৰয়োজনীয় কেঁচামাল সমুহ আন এক শ্ৰেণীৰ উদ্যোগত উৎপাদন কৰা হয়, এনেদৰে যিবোৰ উদ্যোগে আন উদ্যোগৰ বাবে প্ৰয়োজনীয় কেঁচামাল আৰু আন্তঃগাথঁনিৰ বাবে প্ৰয়োজনীয় দ্ৰব্য উৎপাদন কৰে সেইবোৰ উদ্যোগক বুণিয়াদী উদ্যোগ বোলা হয়।

উদাহৰণস্বৰূপে – কাঠ ফলা কল, ৰবৰ পৰিশোধন, লো-তীখা শোধানাগাৰ আদি বুনিয়াদী উদ্যোগৰ অন্তৰ্গত ।

৩/ এটা বনজ উদ্যোগৰ উদাহৰণ দিয়া

কাগজ উদ্যোগ বা কাগজকল ।

৪/ ধূমায়মান উদ্যোগ কাক বোলে ?

সাধাৰণতে  ধাতু নিষ্কাষণ, ৰাসায়নিক উদ্যোগ, গুৰু অভিযান্ত্ৰিক উদ্যোগ, বয়ন শিল্পৰ সৰ্ববৃহৎ প্ৰতিষ্ঠান আদি পৰাম্পৰাগত উদ্যোগ সমুহ কয়লা খনিৰ নিকটৱৰ্তী অঞ্চলত গঢ় লৈ উঠে আৰু কয়লাক মুখ্য ইন্ধন হিচাপে ব্যৱহাৰ কৰে । এনেবোৰ উদ্যোগকে ধূময়মান উদ্যোগ বোলে । Secondary Activities

৫/বগা গলাবন্ধাধাৰী কৰ্মী(white collar worker) মানে কি?

পেছাদাৰী কৰ্মী বা কৌশলগত কৰ্মী (skilled labour) ।

৬/ উদ্যোগৰ অৱস্থানত প্ৰভাৱ বিস্তাৰ কৰা কাৰক সমুহ কি কি ?

  • কেঁচামালৰ উপলভ্যতা
  • বজাৰলৈ থকা প্ৰৱেশ
  • পৰিবহন আৰু যাতায়তৰ সুবিধা
  • চৰকাৰৰ নীতি
  • শ্ৰমিক যোগানৰ সুবিধা

https://www.dailyassam.com/2021/04/class-12-geography-question-answer.html

Leave a comment