Know Question and Answers of Onnyor Proti Byabohar

অন্যৰ প্ৰতি ব্যৱহাৰ Onnyor Proti Byabohar

Question Answers | Class 9 | Assamese | SEBA

. ক্. সাৰথি পুথি খনৰ ৰচক কোন? Onnyor Proti Byabohar

সত্যনাথ বৰা

. কি নজনাৰ নিমিত্তে বহুত মানুহে জীৱনত নানাবিধ উপদ্ৰৱ ভুগিবলৈ পায়?

ৱ্যবহাৰ নজনাৰ বাবে মানুহে জীৱনত নানাবিধ উপদ্ৰৱ ভুগিবলৈ পায়

গ. কোনটো শ্ৰেণীৰ মানুহৰ শত্ৰু সৰহ ?

কেটেৰা মাত আৰু নিৰ্বোধ খিংখিঙীয়া মানুহৰ শত্ৰু সৰহ

. সজ ব্যৱহাৰৰ অনুপান কি ?

নম্ৰতা হৈছে সজ ব্যৱহাৰৰ অনুপান

. মনত অহংকাৰ ৰাখি মুখত নম্ৰ লে মানুহক কি কৰা হয় ?

মনত অহংকাৰ ৰাখি মুখত নম্ৰ হলে মানুহক ছল কৰা হয়

. ‘এই শ্ৰেনীৰ মানুহৰ স্বভাৱ নিচেই পাতল‘ – ইয়াত কোনটো শ্ৰেণীৰ মানুহৰ কথা কোৱা হৈছে?

কিছুমান মানুহে আনক হঁহুৱাবলৈ লোকৰ গোপন কথা সদৰী কৰে আৰু এই শ্ৰেণীৰ মানুহৰ স্বভাৱ নিচেই পাতল Onnyor Proti Byabohar

. কাৰ লগত সম্বন্ধ ৰাখিলে শঠতাক প্ৰশ্ৰয় দিয়া হয় ?

কোনো মানুহক শঠ বুলি জানিব পাৰিলে , তেঁওৰ লগত সম্বন্ধ ছেদ নকৰি যদি সম্বন্ধ বজাই ৰখা হয়, তেতিয়া শঠতাক প্ৰশ্ৰয় দিয়া হয়

. ‘বহল ব্যাকৰণ’ পুথিখন কাৰ ৰচনা ?

সত্যনাথ বৰা দেৱৰ ৰচনা

/ চমুকৈ বুজাই লিখা

. ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি কিয় উলাই কৰিব নোৱাৰি?

কোনো এজন মানুহৰ মাত-কথা, আচাৰ-ব্যৱহাৰত তেঁওৰ ব্যক্তিত্ব প্ৰকাশ পায় মানুহৰ সামাজিক জীৱ , মানুহে ইজনে সিজনৰ লগত সম্বন্ধ ৰাখে আৰু সমাজত নানা ধৰনৰ ব্যক্তি থাকে সকলোৰে ব্যৱহাৰ তথা স্বভাব ভিন্ন হয় সেইকাৰণে কাৰ লগত কেনে ব্যৱহাৰ কৰিলে বা কেনেদৰে চলিলে মানুহ সংসাৰত সুখে-সন্তোষে সময় কটাব পাৰি তাক ভালদৰে শিকা উচিত ব্যৱহাৰ নজনাৰ বাবে বহুত মানুহে জীৱনত নানাবিধ সমস্যাত ভোগে অন্যহাতে কিছুমান মানুহৰ ব্যৱহাৰ যদিও ভাল, চৰিত্ৰ ভাল নহব‌ও পাৰে , অনেক কপটীয়া চলাহী মানুহেও ব্যৱহাৰৰ গুণত সকলোৰে মৰম পায়, আকৌ কিছুমান চৰিত্ৰৱন্ত মানুহেও আনৰ হিংসা গৰিহণাৰ পাত্ৰ হয় গতিকে ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি উলাই কৰিব নোৱাৰি

খ. বিনয় ভাবত দান কৰিব লাগে বুলি জ্ঞানী সকলে কিয় কৈছে.?

আমাৰ সমাজত এনে কিছুমান মানুহ আছে যিয়ে অনবৰতে ভৱিষ্যতৰ কথা নাভাবি কেটেৰা মাৰিয়ে মানুহৰ লগত কথা কয় এনেকুৱা ধৰনৰ মানুহবোৰে জানি-বুজি কাৰো অহিত চিন্তা নকৰে সঁচা , কিন্তু তিতা মখত কৰাৰ বাবে এনে মানুহৰ শত্ৰু সৰহ, এনে মানুহৰ গাত লক্ষ গুণ থাকিলেও অকল তিতা তাতেই সকলো ঢাকি পেলায় তিতা মুখৰ মাত কথাই মানুহৰ সহস্ৰ উপকাৰ নিমিষতে পাহৰি যায় , আৰু অৰ্বুদ দানৰ ফল পলকতে হেৰাই যায় এইবাবেই জ্ঞানী সকলে বিনয় ভাৱত দান কৰিব লাগে বুলি কৈছে

. তাৎপৰ্য ব্যাখ্যা কৰা

. নম্ৰতা সজ ব্যৱহাৰৰ অনুপান

নম্ৰতা হৈছে সজ ব্যৱহাৰৰ অনুপান যেনেদৰে উচিত অনুপানত নিমখ, তেল, মা-মচলা দি তৰকাৰী বনালে কৰিবলৈ পোৱাৰ হয়, ঠিক তেনেদৰে সজ ব্যৱহাৰৰ লগত নম্ৰতাই সোণত সুৱগা চৰাই বহুতেই আনৰ আগত দম্ভালি মাৰি কথা কয়, নিজৰ অহংকাৰ ফুটাই তোলে আকৌ বহুতেই ভাবে যে আনৰ আগত নম্ৰ লে নিজকে সৰু বা লঘু কৰা হয় কিন্তু এই বিশ্বাস ভুল , নম্ৰতা আশয়ৰ চিন, তাৰ পৰা আশয়ৰ উচ্চতা হে প্ৰকাশ পায় নম্ৰতা হৈছে এটা মনৰ গুণ আৰু মিঠা মাত তাৰ ফল মনত নম্ৰ ভাব থাকিলে মুখেৰে আপোনা আপুনি মিঠা মাত ওলায় সেয়ে কোৱা হয় নম্ৰতা সজ ব্যৱহাৰৰ অনুপান

. সোণৰ জেউতি অমান্য কৰিলে নকমে

সোণৰ জেউতি অমান্য কৰিলে নকমে অৰ্থাৎ সোণ সদায় সোণেই এই পৃথিৱীত নানা ৰকমৰ মানুহ আছে ,কোনোবা সাধু , কোনোবা চোৰ , কোনোবা প্ৰবঞ্চক , কোনোবা আকৌ সহজ-সৰল কিন্তু কোন মানুহ কেনেকুৱা সেইয়া একেদিনাই চিনিব নোৱাৰি সংসাৰত সদায় মানুহৰ অৱস্থা একে নাথাকে একালৰ আঢ্যৱন্ত লোক একালত দৰিদ্ৰতাত ভুগিব পাৰে আনহাতে একালৰ দৰিদ্ৰ মানুহ একালত ধনী ব পাৰে আঢ্যৱন্ত অৱস্থাত অহংকাৰ দেখুৱাই দাৰিদ্ৰতাক ভেঙুচালি কৰিব নালাগে সুদিনত সৎকাৰ আৰূ দুৰ্দিনত ইতিকিং কৰা ঠেক মানসিকতাৰ প্ৰমান কিছুমান মানুহে আকৌ মান্যবন্ত লোকক অমান্য কৰিলে পুৰুষালি কৰা যেন পায় , তেনেলোকে ছল পালেই অমান্য কৰাৰ সুযোগ লয় , কিন্তু তেওঁলোকে ভাবি নাচায় যে মান্যবন্তক অমান্য কৰিলে তাৰ মূল্য কমি নাযায় ,যেনেদৰে সোণৰ জেউতি সদায়  একৈই থাকে Onnyor Proti Byabohar

/ বিপৰীতাৰ্থক শব্দ লিখা

সুখ= দুখ

সন্তোষ= অসন্তোষ

সজ= অসজ

চৰিত্ৰবন্ত = চৰিত্ৰহীন

কপটীয়া= উদাৰ

মিঠা= তিতা

বিনয়= উগ্ৰ

নম্ৰতা= উগ্ৰতা

লঘু= গুৰু

উচ্চ= নীচ

নিন্দা= প্ৰশংসা

গুপ্ত= মুক্ত

দোষ= গুণ

গহীন= পাতল

আঢ্যৱন্ত= দৰিদ্ৰ

. বাক্য ৰচনা কৰা

চকুৰ কুটা= মাহীমাকৰ বাবে তেজীমলা চকুৰ কুটা দাতৰ শাল আছিল

পেটত কথা ৰাখ= কোনোবাই অতি বিশ্বাসেৰে কোৱা কথা পেটত ৰাখিব লাগে Onnyor Proti Byabohar

Leave a comment