Know Q and Ans of Migration: Types, Causes & Consequences

পাঠ ২ – জনপ্ৰব্ৰজন । প্ৰকাৰ, কাৰণ আৰু পৰিণতি Migration

HS Second Year | Geography Questions and Answers

১/ শুদ্ধ উত্তৰ টো বাছি উলিওৱা Migration

ক) ভাৰতবৰ্ষৰ পুৰুষ প্ৰব্ৰজনৰ প্ৰধান কাৰণ কোনটো?

  • শিক্ষা
  • ব্যৱসায়- বাণিজ্য
  • কৰ্ম আৰু নিয়োজন☑️
  • বিবাহ

খ) আপ্ৰব্ৰজন অধিক হোৱা ৰাজ্য কোনখন?

  • উত্তৰপ্ৰদেশ
  • দিল্লী
  • মহাৰাষ্ট্ৰ☑️
  • বিহাৰ

গ) তলত উল্লেখ কৰা কোনটো প্ৰব্ৰজনৰ সোঁত পুৰুষ প্ৰধান?

  • গ্ৰাম্যৰ পৰা গ্ৰাম্যলৈ
  • গাঁৱৰ পৰা নগৰলৈ☑️
  • নগৰৰ পৰা গাঁৱলৈ
  • নগৰৰ পৰা নগৰলৈ

ঘ) তলৰ কোনটো নগৰপুঞ্জত অধিকাংশ প্ৰব্ৰজিত জনসংখ্যা আছে?

  • মুম্বাই নগৰপুঞ্জ☑️
  • বাংগালোৰ
  • দিল্লী
  • চেন্নাই

২/ তলত দিয়া প্ৰশ্নবোৰৰ ৩০ টা মান শব্দৰ ভিতৰত উত্তৰ লিখা (Geography Questions and Answers)

ক) পুৰুষ মহিলাৰ নিৰ্বাচিত প্ৰব্ৰজনৰ মূল কাৰণ কি?

উত্তৰ:  পুৰুষ আৰু মহিলাৰ নিৰ্বাচিত প্ৰবজনৰ কাৰণ ভিন্ন। সাধাৰণতে , পুৰুষ সকলে ব্যৱসায় , কৰ্ম সংস্থাপন, নিয়োজন আদিৰ কাৰণে প্ৰব্ৰজন কৰে আনহাতে, মহিলা সকলৰ প্ৰব্ৰজন বিবাহ ভিত্তিক আৰু শিক্ষা সংক্ৰান্ত হোৱা দেখা যায় । Migration

ভাৰতৰ সৰ্বমুঠ প্ৰব্ৰজকৰ ৬৮.৪৩% শতাংশই মহিলা প্ৰব্ৰজক। এই সকলৰ ৬৫% অৰ্থাৎ দেশখনৰ মুঠ প্ৰব্ৰজকৰ ৪৪.৮% মহিলা প্ৰব্ৰজনৰ মূল কাৰণ হ’ল বিবাহ যোগে স্বামীগৃহ গমন।

খ) বয়স আৰু লিংগৰ স‌ংৰচনাৰ ওপৰত গ্ৰাম্য- নগৰীয়া প্ৰব্ৰজনে উৎস আৰু গন্তব্যস্থলত কেনে প্ৰভাৱ বিস্তাৰ কৰিছে?

উত্তৰ: বয়স আৰু লিংগৰ সংৰচনাৰ ওপৰত ভিত্তি কৰি চালে গ্ৰাম্য- নগৰীয়া প্ৰব্ৰজনৰ এক অসমান চিত্ৰ দেখা যায় ।

পুৰুষ আৰু মহিলাৰ প্ৰব্ৰজনে ঠাই একোখনৰ লিংগ গাঁথনিত প্ৰভাৱ পেলায় । উদাহৰণ স্বৰূপে গাওঁ অঞ্চলৰ পৰা অত্যাধিক পৰিমাণত হোৱা পুৰুষৰ প্ৰব্ৰজনৰ ফলত গাওঁ অঞ্চলত কৰ্মঠ জনবল কমি যায় আৰু যিখন নগৰলৈ প্ৰব্ৰজন কৰে সেই ঠাইত পুৰুষৰ সংখ্যা বাঢ়ি যায় আৰু কৰ্ম অনুপাতে কৰ্মীৰ সংখ্যা বৃদ্ধি হয় ফলত উপযুক্ত কৰ্ম সংস্থাপনৰ পৰা বঞ্চিত হয়।

আকৌ বয়সৰ সংৰচনাৰ ক্ষেত্ৰতো প্ৰব্ৰজনে প্ৰভাব পেলায় । উৎস স্থানৰ পৰা সৰহ সংখ্যক কৰ্মঠ জনসংখ্যাৰ প্ৰব্ৰজন হয় বাবে উৎস স্থানত শিশু আৰু বাৰ্ধক্যজনিত জনসংখ্যাৰ পৰিমান বাঢ়ে যিয়ে উৎস অঞ্চলৰ অৰ্থনৈতিক কাৰ্য-কলাপত গুৰুতৰ প্ৰভাব পেলায়। Migration

৩/ ১৫০ টা মান শব্দৰ ভিতৰত উত্তৰ লিখা (Geography Questions and Answers)

ক) আন্তৰ্জাতিক প্ৰব্ৰজনৰ ফলত ভাৰতত হোৱা পৰিণাম বোৰ আলোচনা কৰা

উত্তৰ: আন্তৰ্জাতিক প্ৰব্ৰজন মানে হ’ল নিজৰ দেশ এৰি বিদেশলৈ প্ৰব্ৰজন কৰা । আন্তৰ্জাতিক প্ৰব্ৰজনৰ কু প্ৰভাৱ আৰু সু-প্ৰভাৱ দুয়োটাই আছে। আন্তৰ্জাতিক প্ৰব্ৰজনৰ ফলত ভাৰতত হোৱা পৰিণাম বোৰ হ’ল

  • আন্তৰ্জাতিক প্ৰব্ৰজনৰ ফলত ভাৰতে বৈদেশিক মুদ্ৰা অৰ্জন কৰিব পাৰিছে , যিয়ে উৎস অঞ্চল বোৰ অৰ্থনৈতিক ভাবে সমৃদ্ধিশালী কৰিছে
  • আন্তৰ্জাতিক প্ৰব্ৰজনৰ ফলত ‘ব্ৰেইন ড্ৰেইন’ৰ দৰে সমস্যাও হৈছে , য’ত উপযুক্ত কৰ্ম সংস্থাপনৰ অভাৱত বহু দক্ষ আৰু মেধাবী ব্যক্তি বিদেশলৈ ঢাপলি মেলিব লগা হৈছে । যাৰ ফলত ভাৰতত মানৱ সম্পদৰ উপযুক্ত ব‌্যৱহাৰ হোৱা নাই
  • বৰ্তমানৰ গোলকীয় যুগত বহুলোকে পৰ্যটনৰ বাবে সাময়িক ভাবে ভাৰতলৈ ও প্ৰব্ৰজন কৰে , ইয়ে ভাৰতৰ প্ৰব্ৰজন ক্ষেত্ৰ খনৰ উন্নতি কৰিছে ।

খ) প্ৰব্ৰজনৰ ফলত হোৱা সামাজিক-জনসাংখ্যিক পৰিণাম বোৰ কি ?

উত্তৰ: প্ৰব্ৰজনৰ ফলত বিভিন্ন সামাজিক আৰু জনসাংখ্যিক পৰিণামৰ উদ্ভৱ হয় ।  এই সমূহ তলত আলোচনা কৰা হ’ল

  • প্ৰব্ৰজনৰ ফলত উৎস স্থান আৰু গন্তব্য স্থানৰ জনগাঁথনিত প্ৰভাৱ পৰে । উৎস স্থানত জনসংখ্যাৰ হ্ৰাস হয় আৰু গন্তব্য স্থানত জনসংখ্যাৰ হেঁচা বৃদ্ধি হয়
  • প্ৰব্ৰজনৰ ফলত সামাজিক-সাংস্কৃতিক পৰিবৰ্তন হয় । গন্তব্য স্থানত বিভিন্ন সামাজিক -সাংস্কৃতিক সমন্বয় ঘটে
  • প্ৰব্ৰজনে জাতি-ভেদ প্ৰথাৰ ক্ষেত্ৰত ৰক্ষণশীলতাক কমাই আনে
  • প্ৰব্ৰজনৰ ফলত লিংগ ভিত্তিক ভাৰসাম্যতা হেৰুৱায়।

অতিৰিক্ত পাঠভিত্তিক প্ৰশ্নোত্তৰ Migration

১/ প্ৰব্ৰজনৰ কাৰক বোৰ কি কি বহলাই লিখা

উত্তৰ: প্ৰব্ৰজন মানে হৈছে স্থায়ী বা অস্থায়ী ভাবে শিক্ষা, সংস্থাপন, বাণিজ্য, বিবাহ আদি সূত্ৰে এখন ঠাইৰ পৰা আন এখন ঠাইলৈ গতি কৰা ।

প্ৰব্ৰজনৰ কাৰক সমূহক প্ৰধানকৈ দুটা ভাগত ভগাব পাৰি

  • আকৰ্ষক কাৰক: আকৰ্ষক কাৰক সমূহৰ ভিতৰত সংস্থাপনৰ সুবিধা, শিক্ষা, স্বাস্থ্য খণ্ডৰ সুবিধা , সুস্থিৰ ৰাজনৈতিক বাতাবৰণ আদি যিয়ে কোনো এখন ঠাইলে প্ৰব্ৰজকক আকৰ্ষণ কৰে।
  • বিকৰ্ষক কাৰক: বিকৰ্ষক কাৰক সমূহৰ ভিতৰত অস্থিৰ ৰাজনৈতিক বাতাবৰণ , কৰ্মসংস্থাপনৰ অভাৱ,  অনুন্নত শিক্ষা আৰু স্বাস্থ্য খণ্ড, প্ৰদূষণ আদি । এইবোৰে মানুহক একোখন ঠাই এৰি যাবলৈ বাধ্য কৰায় ।

২/ জনদৃশ্যপট পৰিবৰ্তন বুলিলে কি বুজা ?

উত্তৰ: জনদৃশ্যপট পৰিবৰ্তন মানে হৈছে কোনো এটা অঞ্চলৰ বয়স, লিংগ, আৰু সমগ্ৰ জনগাঁথনি টোত হোৱা পৰিবৰ্তন।

৩/প্ৰব্ৰজনৰ ফলত হোৱা দুটা নৈসৰ্গিক পৰিণতি উল্লেখ কৰা?

উত্তৰ : প্ৰব্ৰজনৰ ফলত হোৱা দুটা নৈসৰ্গিক পৰিণতি হ’ল

  • বস্তি অঞ্চলৰ সম্প্ৰসাৰণ ।
  • চহৰসমূহত হোৱা জনবিস্ফোৰণৰ ফলত প্ৰাকৃতিক সম্পদৰ লুন্ঠন ।

৪/প্ৰব্ৰজন তৰংগ আৰু প্ৰব্ৰজন সোঁত কি ?

উত্তৰ: প্ৰব্ৰজন তৰংগ হৈছে একেটা উৎস অঞ্চলৰ পৰা নিৰ্দিষ্ট লক্ষ্য অভিমুখে নিৰ্দিষ্ট সময়ৰ ব্যৱধানত এদল বা দুদল মানুহৰ প্ৰব্ৰজন কাৰ্য

আনহাতে ,এনে প্ৰব্ৰজন এক দীঘলীয়া সময় জুৰি অব্যাহত থাকিলে তাক প্ৰব্ৰজন সোঁত বোলা হয় ।

৫/ আভ্যন্তৰীণ প্ৰব্ৰজন কাক বোলে? Migration

উত্তৰ : দেশ এখনৰ ভিতৰতে হোৱা প্ৰব্ৰজনক আভ্যন্তৰীণ প্ৰব্ৰজন বোলে। আভ্যন্তৰীন প্ৰব্ৰজন চাৰি প্ৰকাৰৰ হ’ব পাৰে

  • নগৰৰ পৰা গাঁৱলৈ
  • গাৱৰ পৰা নগৰলৈ
  • গাঁৱৰ পৰা গাঁৱলৈ আৰু
  • নগৰৰ পৰা নগৰলৈ

Leave a comment