Question and Answers for class 11 Chapter 1 Logic

তৰ্কবিজ্ঞান

( সংজ্ঞা , প্রকৃতি, পৰিসৰ আৰু উপযোগিতা, পৰম্পৰাগ্ত আৰু আধুনিক তৰ্কবিজ্ঞান) (Class 11 chapter 1 Logic)

(Definition, Nature, Scope and Utility ,Tradition and Modern logic) (Class 11 chapter 1 Logic)

অনুশীলনী (Class 11 chapter 1 Logic)

1. শুদ্ধ উত্তৰ বাছি উলিওৱাঃ (Class 11 chapter 1 Logic)

  1. তৰ্কশাস্ত্ৰই চিন্তা /সৌন্দৰ্য/সম্পদ/অধ্যয়ন কৰে ।

      উত্তৰ – চিন্তা ।

  • পদ/বচন/যুক্তি/ সত্য এই সকলোবোৰ তৰ্কবিজ্ঞানৰ বিষয় ব্স্তুৰ অন্তৰ্ভুক্ত

      উত্তৰ-  যুক্তি ।

  • তৰ্কবিদ্যা কলা/ বিজ্ঞান/ কলা আৰু বিজ্ঞান দু্য়োটা বা উভয়েই ।

       উত্তৰ-  কলা আৰু বিজ্ঞান দু্য়োটা বা উভয়েই ।

  • তৰ্কবিজ্ঞান বিষয়নিষ্ঠ / ব্স্তুনিষ্ঠ/ আদৰ্শনিষ্ঠ বিজ্ঞান ।

       উত্তৰ  -আদৰ্শনিষ্ঠ বিজ্ঞান

  • তৰ্কবিদ্যা হৈছে সৌন্দৰ্য/সম্পদ/ সত্যৰ বিজ্ঞান ।

      উত্তৰ – সত্যৰ বিজ্ঞান

  • তৰ্কবিদ্যাৰ সম্বন্ধ প্ৰত্যক্ষ/অনুমান/উপমানৰ লগত ।

      উত্তৰ – অনুমান

  • তৰ্কশাস্ত্ৰ শুদ্ধ্ব চিন্তাৰ বাবে উপযোগী/অনুপযোগী ।

       উত্তৰ – উপযোগী

2. খালী ঠাই পূৰণ কৰাঃ

   a) তৰ্কবিজ্ঞান ………..বিজ্ঞান ।

  উত্তৰ- আদৰ্শনিষ্ঠ বিজ্ঞান

b)তৰ্কবিজ্ঞান কলা আৰু বিজ্ঞান ……….

             উত্তৰ  -উভয়েই

      3. (Class 11 chapter 1 Logic)

  1. ’তৰ্কবিজ্ঞান আদৰ্শনিষ্ঠ বিজ্ঞান’ – উক্তিটো সত্য নে

        উত্তৰ – সত্য

  • ’লগচ’ৰ অৰ্থ ’ভাষাত প্ৰকাশিত চিন্তা’- কথাবোৰ সঁচানে ?

                           উত্তৰ – নহয়

  • তৰ্কবিজ্ঞান ব্স্তুনিষ্ঠ বিজ্ঞান নে ?

                          উত্তৰ – ন্হয়

  • তৰ্কবিজ্ঞানৰ আদৰ্শ কি ?

                           উত্তৰ  – সত্য

  • ’তৰ্কবিজ্ঞান কলা আৰু বিজ্ঞান উভয়ে’ এই উক্তিটো সত্য নে

 সত্যপৰম্পৰাগত তৰ্কবিজ্ঞান

                          উত্তৰ  – সত্য

  • পৰম্পৰাগত তৰ্কবিজ্ঞান আৰু প্ৰতীকাত্মক তৰ্কবিজ্ঞানৰ মাজত থকা এটা গুৰুত্বপূৰ্ণ পাৰ্থক্য উল্লেখ কৰা ।

উত্তৰ – পৰম্পৰাগত তৰ্কবিজ্ঞানৰ পৰিসৰ  ঠেক কিন্তু             পৰম্পৰাগত তৰ্কবিজ্ঞানৰ পৰিসৰ  বহল

  • ’গণিতৰ বিকাশৰ সৈতে প্ৰতীকাত্মক তৰ্কবিজ্ঞানৰ বিকাশ অংগাংগীভাৱে জড়িত’-  এইটো সত্য বুলি বিবেচনা কৰানে ?

উত্তৰ- হয় সত্য ।

  • ’ পৰম্পৰাগত তৰ্কবিজ্ঞান আৰু প্ৰতীকাত্মক তৰ্কবিজ্ঞানৰ মাজৰ পাৰ্থক্য কেৱল ক্ৰমোন্নতিৰ বিভিন্ন পৰ্যায়ৰ পাৰ্থক্য’ এইটো সত্য বুলি বিবেচনা কৰানে ?

উত্তৰ -হয় সত্য

  1. প্ৰতীকাত্মক তৰ্কবিজ্ঞানৰ এক সংক্ষিপ্ত ইতিহাস আছে আৰু পৰম্পৰাগত তৰ্কবিজ্ঞানৰ এক দীৰ্ঘ ইতিহাস আছে-এইটো সত্য বুলি বিবেচনা কৰানে ?

উত্তৰ- হয় সত্য

  • প্ৰতীকাত্মক তৰ্কবিজ্ঞান পৰম্পৰাগত তৰ্কবিজ্ঞানৰ পৰিবৰ্ধিত ৰূপ নে ?

উত্তৰ- হয়

  •   উদাহৰণ দিয়া –

a.বস্তুনিষ্ঠ বিজ্ঞান

উত্তৰ – মনোবিজ্ঞান এক বস্তুনিষ্ঠ বিজ্ঞান ।মনোবিজ্ঞানৰ বিষয়বস্তু ’মন’।

b.আদৰ্শনিষ্ঠ বিজ্ঞান

উত্তৰ- নীতিবিজ্ঞান এক আদৰ্শনিষ্ঠ বিজ্ঞান । নীতিবিজ্ঞানৰ আদৰ্শ ’পৰম কল্যাণ’।

c. বিজ্ঞান

উত্তৰ- শৰীৰবিদ্যা এক প্ৰকাৰৰ বিজ্ঞান।

d.কলা

উত্তৰ – অস্ত্ৰ চিকিৎসা এক প্ৰকাৰৰ কলাবিদ্যা ।

     5. সংজ্ঞা দিয়া (Class 11 chapter 1 Logic)

  1. বিজ্ঞানঃ প্ৰকৃতিৰ কোনো এক নিৰ্দিষ্ট বিভাগ সম্পৰ্কে সুসংবদ্ধ, যুক্তিনিষ্ঠ,প্ৰামাণিক,যথাৰ্থ,সুনিশ্চিত আৰু সাধাৰণ জ্ঞানক বিজ্ঞান বোলে ।
  • আদৰ্শনিষ্ঠ বিজ্ঞানঃ যি বিজ্ঞানে কোনো এটা আদৰ্শক মাপকাঠি হিচাপে লৈ বিষয়বস্তুৰ মূল্য বিচাৰ কৰে,তাক আদৰ্শনিষ্ঠ বিজ্ঞান বোলে ।
  •  বিষয়নিষ্ঠ বা বস্তুনিষ্ঠ বিজ্ঞানঃ যি বিজ্ঞানে বিষয়ব্স্তুৰ যথাৰ্থ স্বৰূপ সম্পৰ্কে আলোচনা কৰে, তাক বিষয়নিষ্ঠ বা বস্তুনিষ্ঠ বিজ্ঞান বোলে ।
  • কলাঃ যি বিদ্যাই কোনো এক নিৰ্দিষ্ঠ উদ্দেশ্য সাধনৰ বাবে কোনো জ্ঞানক ব্যৱহাৰিক ক্ষেত্ৰত প্ৰয়োগ কৰাৰ বিধি বা নীতি-নিয়মৰ শিক্ষা দিয়ে তাকে কলা বোলে ।

6.   উত্তৰ দিয়া

  1. আদৰ্শনিষ্ঠ বিজ্ঞানৰ দুটা উদাহৰণ দিয়া

উত্তৰঃ  আদৰ্শনিষ্ঠ বিজ্ঞানৰ দুটা উদাহৰণ হ’ল

  • নীতিবিজ্ঞান এক আদৰ্শনিষ্ঠ বিজ্ঞান । নীতিবিজ্ঞানৰ আদৰ্শ ’পৰম কল্যাণ’।
  • তৰ্কবিজ্ঞান আদৰ্শনিষ্ঠ বিজ্ঞান । সত্যই তৰ্কবিজ্ঞানৰ আদৰ্শ ।
  • বিষয়নিষ্ঠ বিজ্ঞানৰ তিনিটা উদাহৰণ দিয়া ।

উত্তৰঃ বিষয়নিষ্ঠ বিজ্ঞানৰ তিনিটা উদাহৰণ হ’ল

মনোবিজ্ঞান, পদাৰ্থবিজ্ঞান, আৰু উদ্ভিদবিজ্ঞান

  • বিজ্ঞান আৰু কলাৰ তিনিটা পাৰ্থ্ক্য উল্লেখ কৰা ।

উত্তৰঃ বিজ্ঞান আৰু কলাৰ তিনিটা পাৰ্থ্ক্য হ’ল

  • বিজ্ঞানে জানিবলৈ শিকায় আৰু কলাই কৰিবলৈ শিকায় ।
  • বিজ্ঞানে জ্ঞান লাভৰ প্ৰৱৰ্তনা দিয়ে আৰু কলা বিদ্যাই ব্যৱহাৰিক উদ্দেশ্য সাধনৰ প্ৰবৃতি যোগায় ।
  • বিজ্ঞানে ব্স্তুৰ স্ব্ভাৱ উপাদান আৰু নিয়মাৱলীৰ জ্ঞান দিয়ে, আৰু কলাই সেই জ্ঞানক কোনো নিৰ্দিষ্ট উদ্দেশ্য পূৰণৰ বাবে বাস্তৱ ক্ষেত্ৰত প্ৰয়োগ কৰাৰ শিক্ষা দিয়ে ।
  • পৰম্পৰাগত তৰ্কবিজ্ঞান আৰু প্ৰতীকাত্মক তৰ্কবিজ্ঞানৰ মাজ্ত থ্কা তিনিটা পাৰ্থ্ক্য উল্লেখ কৰা ।

উত্তৰঃ পৰম্পৰাগত তৰ্কবিজ্ঞান আাৰু প্ৰতীকাত্মক তৰ্কবিজ্ঞানৰ মাজ্ত থ্কা তিনিটা পাৰ্থ্ক্য হ’ল –

  • পৰম্পৰাগত তৰ্কবিজ্ঞানৰ ইতিহাস প্ৰতীকাত্মক তৰ্কবিজ্ঞানৰ ইতিহাসতকৈ দীৰ্ঘ ।
  • পৰম্পৰাগত তৰ্কবিজ্ঞানৰ পৰিসৰ প্ৰতীকাত্মক তৰ্কবিজ্ঞানৰ পৰিসৰত্কৈ ঠেক ।
  • যদিও পৰম্পৰাগত তৰ্কবিজ্ঞানত বচ্ন আৰু যুক্তিসমূহ প্ৰতীকাত্মক আকাৰত প্ৰকাশ কৰা হৈছিল,এই তৰ্কবিজ্ঞানত প্ৰ্তীকৰ প্ৰয়োগ অতি সীমিত আছিল । কিন্তু প্ৰতীকাত্মক তৰ্কবিজ্ঞানত প্ৰ্তীকৰ প্ৰয়োগ অতি বিস্তৃত ৰুপত কৰা হয় ।

7. পাৰ্থক্য দেখুওৱাঃ (Class 11 chapter 1 Logic)

  1. বস্তুনিষ্ঠ বিজ্ঞান আৰু আদৰ্শনিষ্ঠ বিজ্ঞানঃ

উত্তৰ – যি বিজ্ঞানে বিষয়ব্স্তুৰ যথাৰ্থ স্বৰূপ সম্পৰ্কে আলোচনা কৰে, তাক বিষয়নিষ্ঠ বা বস্তুনিষ্ঠ বিজ্ঞান বোলে । উদাহৰণ স্বৰুপে মনোবিজ্ঞান এক বস্তুনিষ্ঠ বিজ্ঞান । মনোবিজ্ঞানৰ বিষয়বস্তু ’মন’।ইয়াত মনৰ বিভিন্ন অৱস্থা , ক্ৰিয়া-প্ৰক্ৰিয়া  আদি যিদৰে ঘটে, ঠিক তেনেদৰেই তাৰ বৰ্ণনা দিয়া হয় ।প্দাৰ্থবিজ্ঞান, আৰু উদ্ভিদবিজ্ঞান বস্তুনিষ্ঠ বিজ্ঞান ।

             আকৌ যি বিজ্ঞানে কোনো এটা আদৰ্শক মাপকাঠি হিচাপে লৈ বিষয়ব্স্তুৰ মূল্য বিচাৰ কৰে,তাক আদৰ্শনিষ্ঠ বিজ্ঞান বোলে । উদাহৰণ স্বৰুপে নীতিবিজ্ঞান এক আদৰ্শনিষ্ঠ বিজ্ঞান । নীতিবিজ্ঞানৰ আদৰ্শ ’পৰম কল্যাণ’বা ’শ্ৰেয়’। এই আদৰ্শ্ক মানদণ্ড হিচাপে সন্মুখত ৰাখি নীতিবিজ্ঞানে মানুহৰ কাৰ্য কলাপ বিচাৰ কৰে ।

বিষয়বস্তু ঠিক যেনেকুৱা, ঠিক তেনেকুৱা ভাৱে বস্তুনিষ্ঠ বিজ্ঞানত আলোচনা কৰা হয় । কিন্তু আদৰ্শনিষ্ঠ বিজ্ঞানত ’কেনেকুৱা হোৱা উচিত’ সেই বিষয়ে আলোচনা কৰা হয় ।

  •  আকাৰগত সত্যতা আৰু বস্তুগত সত্যতাঃ

উত্তৰ – সংগতিপূৰ্ণ চিন্তাৰ জৰিয়তে যি সত্যতাত উপনীত হোৱা যায়, তাক আকাৰগত সত্যতা বোলে ।উদাহৰণ স্বৰূপে   ’গোলাকাৰ  বৃত্ত’   ই আকাৰগত ভাৱে সত্য ।           

            আনহাতে  বাস্তৱ জগতৰ  ব্স্তুৰ লগত চিন্তাৰ বা ধাৰণাৰ সামঞ্জস্য বা অনুৰূপতাৰ জৰিয়তে যি সত্যতাত উপনীত হোৱা য়ায, তাক বস্তুগত সত্যতা বোলে ।উদাহৰণ স্বৰুপে ’গছৰ পাত  সেউজীয়া’ বুলি চিন্তা বা ধাৰণা কৰি দেখা যায় যে এই ধাৰণাৰ বাস্তৱ জগ্তৰ সেউজীয়া গছৰ পাতৰ লগত সামঞ্জস্য আছে ।

  আকাৰগত ভাৱে সত্য ন্হ’লে বস্তুগত ভাৱে কোনো চিন্তাই সত্য হ’ব নোৱাৰে । চিন্তাৰ বস্তুগত সত্যতা থাকিলে আকাৰগত সত্যতা থাকিবই । কিন্তু আকাৰগত সত্যতা থাকিলে’ বস্তুগত সত্যতা থাকিব ও পাৰে অথবা নাথাকিবও পাৰে । কোনো চিন্তা আকাৰগত ভাৱে সত্য হ’লেও বস্তুগত ভাৱে সত্য নহ’বও পাৰে ।

  C . বিজ্ঞান আৰু কলা ।

উত্তৰ- প্ৰকৃতিৰ কোনো এক নিৰ্দিষ্ঠ বিভাগ সম্পৰ্কে সুসংবদ্ধ, যুক্তিনিষ্ঠ,প্ৰামাণিক,যথাৰ্থ,সুনিশ্চিত আৰু সাধাৰণ জ্ঞানক বিজ্ঞান বোলে ।

             যি বিদ্যাই কোনো এক নিৰ্দিষ্ট উদ্দেশ্য সাধনৰ বাবে কোনো জ্ঞানক ব্যৱহাৰিক ক্ষেত্ৰত প্ৰয়োগ কৰাৰ বিধি বা নীতি-নিয়মৰ শিক্ষা দিয়ে তাকে কলা বোলে ।

 বিজ্ঞানে জানিবলৈ শিকায় আৰু কলাই কৰিবলৈ শিকায় ।

বিজ্ঞানে জ্ঞান লাভৰ প্ৰৱৰ্তনা দিয়ে আৰু কলা বিদ্যাই ব্যৱহাৰিক উদ্দেশ্য সাধনৰ প্ৰবৃতি যোগায় ।

বিজ্ঞানে ব্স্তুৰ স্ব্ভাৱ উপাদান আৰু নিয়মাৱলীৰ জ্ঞান দিয়ে, আৰু কলাই সেই জ্ঞানক কোনো নিৰ্দিষ্ট উদ্দেশ্য পূৰণৰ বাবে বাস্তৱ ক্ষেত্ৰত প্ৰয়োগ কৰাৰ শিক্ষা দিয়ে ।

শৰীৰবিদ্যা এক প্ৰকাৰৰ বিজ্ঞান অস্ত্ৰ চিকিৎসা এক প্ৰকাৰৰ কলাবিদ্যা ।

D. প্ৰত্যক্ষ জ্ঞান আৰু পৰোক্ষ জ্ঞান

উত্তৰ – অন্য কোনো জ্ঞানৰ সহায় নোলোৱাকৈ পোনপটীয়াভাৱে অৰ্জন কৰা জ্ঞানক প্ৰত্যক্ষ জ্ঞান বোলে ।

          আনহাতে অন্য কোনো জ্ঞানৰ মাধ্যমেৰে লাভ কৰা জ্ঞানক পৰোক্ষ জ্ঞান বোলে ।

          প্ৰত্যক্ষ জ্ঞানৰ ক্ষেত্ৰত প্ৰামাণ্য নিৰূপণ কৰাৰ কোনো প্ৰয়োজন নাথাকে কিন্তু পৰোক্ষ জ্ঞানৰ ক্ষেত্ৰত প্ৰামাণ্য নিৰূপণ কৰাৰ প্ৰয়োজ্ন থাকে ।

        তৰ্কবিজ্ঞান প্ৰৰোক্ষ জ্ঞানৰ লগ্ত জড়িত , প্ৰত্যক্ষ জ্ঞানৰ লগত নহয় ।

  • .চমুটোকা লিখা
  • আদৰ্শনিষ্ঠ বিজ্ঞান

          উত্তৰ-  যি বিজ্ঞানে কোনো এটা আদৰ্শক মাপকাঠি হিচাপে লৈ বিষয়ব্স্তুৰ মূল্য বিচাৰ কৰে,তাক আদৰ্শনিষ্ঠ বিজ্ঞান বোলে । উদাহৰণ স্বৰূপে নীতিবিজ্ঞান এক আদৰ্শনিষ্ঠ বিজ্ঞান । নীতিবিজ্ঞানৰ আদৰ্শ ’পৰম কল্যাণ’বা ’শ্ৰেয়’। এই আদৰ্শক মানদণ্ড হিচাপে সন্মুখত ৰাখি নীতিবিজ্ঞানে মানুহৰ কাৰ্য কলাপ বিচাৰ কৰে।এই আদৰ্শক মানদণ্ড হিচাপে সন্মুখত ৰাখি নীতিবিজ্ঞানে মানুহৰ কাৰ্য-কলাপ বিচাৰ কৰে ।

        তৰ্কবিজ্ঞান আদৰ্শনিষ্ঠ বিজ্ঞান । সত্যই তৰ্কবিজ্ঞানৰ আদৰ্শ।তৰ্কবিজ্ঞানে শুদ্ধভাৱে চিন্তা কৰিবলৈ শিকায় ।শুদ্ধচিন্তা বা যথাৰ্থ অনুমানৰ জৰিয়তে যথাৰ্থ জ্ঞানত উপনীত হ’ব পাৰি আৰু য্থাৰ্থ জ্ঞানৰ জৰিয়তে সত্য উপলব্ধি হয়।

b) তৰ্কবিজ্ঞান অধ্যয়নৰ উপযোগিতা

উত্তৰ – তৰ্কবিজ্ঞান অনুমান সম্পৰ্কীয় আদৰ্শনিষ্ঠ বিজ্ঞান । তৰ্কবিজ্ঞানৰ আদৰ্শ হ’ল ’সত্য’।গতিকে তৰ্কবিজ্ঞানে অনুমান বা যুক্তি পদ্ধতিৰে প্ৰাধান্য নিৰূপক কেতবোৰ নীতি নিয়ম নিৰ্দেশ দিয়ে । এই নীতি নিয়মবোৰ প্ৰয়োগ কৰি অনুমানক যথাৰ্থ  ৰূপ দিব পাৰি । গতিকে সত্যক লাভ কৰিবলৈ, তৰ্কবিজ্ঞান অধ্যয়নৰ উপযোগিতা অস্বীকাৰ কৰিব নোৱাৰি ।

   তৰ্কবিজ্ঞানৰ জ্ঞান নোহোৱাকৈ মানুহে শুদ্ধভাৱে চিন্তা বা যুক্তি তৰ্ক কৰিবলৈ সক্ষম হ’লেও ভূল ভ্ৰান্তি হ’লে বা কিবা দোষ দেখা দিলে অথবা কোনো সন্দেহ বা সংশয়ত ভুগিলে সেই ভুল ভ্ৰান্তি বা দোষ বা সন্দেহ বা সংশয় দূৰীকৰণৰ বাবে তৰ্কবিজ্ঞানৰ জ্ঞানৰ প্ৰয়োজন হয় ।কিন্তু তৰ্কবিজ্ঞান অধ্যয়ন কৰি বাস্তৱ ক্ষেত্ৰত কোনো লোকে নীতি নিয়ম ল্ংঘন কৰিলে বা ব্যক্তিগত সুবিধা বা স্বাৰ্থৰ বাবে মিছাৰ আশ্ৰয় ল’লে তাৰ বাবে তৰ্কবিজ্ঞান দায়ী হ’ব নোৱাৰে।

        গতিকে তৰ্কবিজ্ঞানে আমাৰ চিন্তাশক্তি নিয়ন্ত্রিত কৰি য্থাৰ্থ জ্ঞান লাভ কৰাত সহায় কৰে । তৰ্কবিজ্ঞান অধ্যয়নে বুদ্ধিবৃত্তিক সক্ৰিয় আৰু

উন্নত কৰে , লগতে কু সংস্কাৰ আৰু অন্ধবিশ্বাস দূৰ কৰি যুক্তিৰ সহায়ত যুক্তিনিষ্ঠ বিচাৰ কৰিবলৈ শিকায় ।তৰ্কবিজ্ঞানক অলংকাৰ শাস্ত্ৰৰ মেৰুদণ্ড বুলি কোৱা হয় । গতিকে তৰ্কবিজ্ঞানৰ জ্ঞান মানুহৰ জীৱনত অপৰিহাৰ্য্য বুলি ক’ব পাৰি ।

C ) আকাৰগত সত্যতা ।

           উত্তৰঃ চিন্তাৰ সংগতিৰ জৰিয়তে যি সত্যতাত উপনীত হোৱা যায়, তাক আকাৰগত সত্যতা বোলে । সংগতিপূৰ্ণ চিন্তাৰ জৰিয়তে যি সত্যতাত উপনীত হোৱা যায়, তাক আকাৰগত সত্যতা বোলে ।উদাহৰণ স্বৰূপে   ’গোলাকাৰ  বৃত্ত’   ই আকাৰগত ভাৱে সত্য । এই ধৰণৰ চিন্তা আমাক সত্য জ্ঞানৰ পথত আগবঢ়াই লৈ যায় । বৃত্তাকাৰ আয়ত ক্ষেত্ৰ বা বক্র সৰলৰেখা এইবোৰ ধাৰণা আত্মবিৰোধমুক্ত । গতিকে এনে ধাৰণাবোৰে আকাৰগত সত্যতা প্ৰমাণ কৰিব নোৱাৰে । আকৌ আকাৰগত সত্যতা নাথাকিলে চিন্তাই মনত কোনো স্পষ্ট ধাৰণা জন্মাব নোৱাৰে । 

d) বস্তুগত সত্যতা ।

উত্তৰঃবাস্তৱ জগতৰ  ব্স্তুৰ লগত চিন্তাৰ বা ধাৰণাৰ সামঞ্জস্য বা অনুৰুপতাৰ জৰিয়তে যি সত্যতাত উপনীত হোৱা য়ায, তাক বস্তুগত সত্যতা বোলে ।উদাহৰণ স্বৰূপে ’গছৰ পাত সেউজীয়া’ বুলি চিন্তা বা ধাৰণা কৰি দেখা যায় যে এই ধাৰণাৰ বাস্তৱ জগতৰ সেউজীয়া গছৰ পাতৰ লগত সামঞ্জস্য আছে । আমাৰ চিন্তা যদি বাস্তৱ জগতৰ বস্তুৰ লগত সামঞ্জস্যপূৰ্ণ হয়, তেনেহ’লে সেই চিন্তা বস্তুগতভাৱে সত্য হ’ব । অৰ্থাৎ যি বস্তু যেনেকুৱা তাক তেনেভাৱে জানিলেই জ্ঞান বস্তুগতভাৱে সত্য হয় । যেনে জৰীক জৰী বুলি জনা বা সাপক সাপ বুলি জনা বস্তুগতভাৱে পোৱা সত্যজ্ঞান । কিন্তু কম পোহত এডাল জৰীক সাপ বুলি জ্ঞান কৰিলে, এইজ্ঞান বস্তুগতভাৱে অসত্য হ’ব । 

e) তৰ্কবিজ্ঞানৰ পৰিসৰ

উত্তৰঃ তৰ্কবিজ্ঞানৰ পৰিসৰ বুলি ক’লে সেই বিজ্ঞানৰ আলোচ্য বিষয়বস্তুৰ ক্ষেত্ৰত বুজায় । তৰ্কবিজ্ঞানৰ পৰিসৰ অতি ব্যাপক । তৰ্কবিজ্ঞান চিন্তা সম্পৰ্কীয় বিজ্ঞান । তৰ্কবিজ্ঞানে অনুমান বা যুক্তি পদ্ধতিৰহে আলোচনা কৰে । অনুমানৰ জৰিয়তে লাভ কৰা জ্ঞান পৰোক্ষজ্ঞান । গতিকে পৰোক্ষজ্ঞান তৰ্কবিজ্ঞানৰ আলোচ্য বিষয় । 

তৰ্কবিজ্ঞানত অনুমানৰ উৎপত্তি বিকাশ আদিৰ আলোচনা কৰা নহয় । অনুমানৰ শুদ্ধতা বা যথাৰ্থতা তৰ্কবিজ্ঞানৰ আলোচনাৰ বিষয় । শুদ্ধ চিন্তা আৰু যথাৰ্থ অনুমানত উপনীত হোৱাৰ উদ্দেশ্য পালন কৰিবলগীয়া নিয়মসমূহ তৰ্কবিজ্ঞানে আলোচনা কৰে । 

চিন্তা বুলিলে চিন্তাৰ প্ৰক্ৰিয়া আৰু পৰিণাম উভয়কে বুজায় । চিন্তাৰ মূল প্ৰক্ৰিয়াসমূহৰ আলোচনা তৰ্কবিজ্ঞানৰ বিষয় নহয়, মনোবিজ্ঞানৰহে বিষয় । তৰ্কবিজ্ঞান চিন্তাৰ পৰিণামৰ লগতহে জড়িত । 

দুটা সামান্য ধাৰণা বা প্ৰত্যয় মনত সংযোগ কৰাকে অৱধাৰণ প্ৰক্ৰিয়া বোলে । সেইদৰে অনুমান প্ৰক্ৰিয়াত অৱধাৰণ যুক্ত হৈ থাকে । অনুমান প্ৰক্ৰিয়াত এটা বা অধিক অৱধাৰণৰ পৰা ইয়াৰ ভিত্তিক আন এটা অৱধাৰণত উপনীত হ’ব পাৰি । অৱধাৰণক ভাষাত প্ৰকাশ কৰিলে তাক বচন বোলে । সামান্য ধাৰণাক ভাষাত প্ৰকাশ কৰিলে তাক পদ বোলে । আকৌ অনুমানক ভাষাত প্ৰকাশ কৰিলে তাক যুক্তি বোলে । যুক্তি বা অনুমান বচনৰ দ্ধাৰা গঠিত আৰু বচন পদৰ দ্ধাৰা গঠিত । গতিকে, পদ, বচন, যুক্তি তৰ্কবিজ্ঞানৰ আলোচ্য বিষয় । 

অনুমান আকৌ দুই প্ৰকাৰৰ, নিগমন অনুমান আৰু আগমন অনুমান । তৰ্কবিজ্ঞানে নিগমন আৰু আগমন দুয়ো প্ৰকাৰৰ অনুমানৰ আলোচনা কৰে । 

অনুমান আলোচনাৰ লগতে, তৰ্কবিজ্ঞানে অনুমানৰ সহায়ত প্ৰক্ৰিয়াসমূহৰো আলোচনা কৰে । যেনে – সংজ্ঞা, বিভাজন, শ্ৰেণীকৰণ আদি । তৰ্কবিজ্ঞানৰ আলোচ্য বিষয় হ’ল সত্যতা । সত্যতা দুই প্ৰকাৰৰ – আকাৰগত সত্যতা আৰু বস্তুগত সত্যতা । 

তৰ্কবিজ্ঞানৰ মূল সূত্ৰ তিনিটা – তাদাত্মনিয়ম, বিৰোধবাধক নিয়ম আৰু নিৰ্মধ্যম নিয়ম । তৰ্কবিজ্ঞান চিন্তাৰ বিজ্ঞান । সেইবাবে চিন্তাৰ মূল সুত্ৰাৱলীৰ আলোচনা তৰ্কবিজ্ঞানত কৰা হয় । 

তৰ্কবিজ্ঞানে নিৰ্দেশ দিয়া নীতি-নিয়মসমূহ যথাযথভাৱে পালন নকৰিলে নানা প্ৰকাৰৰ দোষ উদ্ভৱ হয় । তৰ্কবিজ্ঞানত এই দোষবোৰৰ বিষয়েও আলোচনা কৰা হয় । 

  • তৰ্কবিজ্ঞানৰ বিষয়বস্তু । 

উত্তৰঃ তৰ্কবিজ্ঞানে অনুমান বা যুক্তিৰ আলোচনা কৰে । তৰ্কবিজ্ঞানৰ আলোচ্য বিষয় হ’ল পৰোক্ষ জ্ঞান । আকৌ চিন্তা বা অনুমান আৰু ইয়াৰ প্ৰামান্য নিৰূপক বিধিসমূহৰ আলোচনাও তৰ্কবিজ্ঞানে কৰে । শুদ্ধ চিন্তা আৰু যথাৰ্থ অনুমানৰ লগত তৰ্কবিজ্ঞান জড়িত । চিন্তাৰ প্ৰক্ৰিয়াৰ আলোচনা তৰ্কবিজ্ঞানে নকৰে কিন্তু চিন্তাৰ পৰিমাণৰ লগত তৰ্কবিজ্ঞান জড়িত, পদ, বচন, যুক্তি তৰ্কবিজ্ঞানৰ আলোচ্য বিষয় । 

আকৌ নিগমন আৰু আগমনৰ লগত উভয়ৰে সহকাৰী প্ৰক্ৰিয়াসমূহৰো আলোচনা তৰ্কবিজ্ঞানৰ আলোচনাৰ বিষয় । তৰ্কবিজ্ঞানে আকৌ আকাৰগত আৰু বস্তুগত সত্যতাৰ আলোচনা বিশেষভাৱে কৰে । কাৰণ সত্যতা তৰ্কবিজ্ঞানৰ অন্যতম আলোচ্য বিষয় । চিন্তাৰ মূল সুত্ৰাৱলী-তাদাত্ম‍্য নিয়ম, বিৰোধবাধক নিয়ম আৰু নিৰ্মধ্যম নিয়ম সম্পৰ্কে আলোচনা কৰে । তৰ্কবিজ্ঞানে সত্যতা নিৰূপক নীতি-নিয়মসমূহ যথাৰ্থভাৱে পালন নকৰিলে উদ্ভৱ হোৱা দুখবোৰৰ সম্পৰ্কেও আলোচনা কৰে । 

9. উদাহৰণৰ সৈতে সংজ্ঞা  দিয়া ঃ

  1. আদৰ্শনিষ্ঠ বিজ্ঞানঃ যি বিজ্ঞানে কোনো এটা আদৰ্শক মাপকাঠি হিচাপে লৈ বিষয়বস্তুৰ মূল্য বিচাৰ কৰে,তাক আদৰ্শনিষ্ঠ বিজ্ঞান বোলে । উদাহৰণ – নীতিবিজ্ঞান আদৰ্শনিষ্ঠ বিজ্ঞান
  • বিষয়নিষ্ঠ বা বস্তুনিষ্ঠ বিজ্ঞানঃ যি বিজ্ঞানে বিষয়ব্স্তুৰ যথাৰ্থ স্বৰূপ সম্পৰ্কে আলোচনা কৰে, তাক বিষয়নিষ্ঠ বা বস্তুনিষ্ঠ  বিজ্ঞান বোলে । উদাহৰণ – মনোবিজ্ঞান  বস্তুনিষ্ঠ বিজ্ঞান ।
  • বিজ্ঞান ঃ প্রকৃতিৰ কোনো এক নিদির্ষ্ট বিভাগ সম্পৰ্কে , সুসংবদ্ধ, যুক্তিনিষ্ঠ, প্ৰামাণিক, যথাৰ্থ,সুনিশ্চিত আৰু সাধাৰণ জ্ঞানক বিজ্ঞান বোলে । উদাহৰণ – শৰীৰবিদ্যা ।
  • কলা  ঃ  যি বিদ্যাই কোনো নিৰ্দিষ্ট উদ্দেশ্য সাধনৰ বাবে কোনো জ্ঞানক ব্যৱহাৰিক ক্ষেত্ৰত প্ৰয়োগ কৰাৰ বিধি বা নীতি-নিয়মৰ শিক্ষা দিয়ে তাকে কলা বোলে । উদাহৰণ – অস্ত্ৰচিকিৎসা । 

10. তৰ্কবিজ্ঞানৰ এটা সন্তোষজনক সংজ্ঞা দিয়া কি কি কাৰণত ই সন্তোষজনক ?

উত্তৰঃ তৰ্কবিজ্ঞানৰ এটা সন্তোষজনক সংজ্ঞা হ’ল  –মিলৰ মতে –  তৰ্কবিজ্ঞান হ’ল সাক্ষ্যৰ বিচাৰ বা মূল্যায়নৰ অনুগত হৈ জ্ঞাত সত্যৰ পৰা অজ্ঞাত সত্যত উপনীত হোৱাৰ প্ৰক্ৰিয়া আৰু আন সহায়কাৰী বুদ্ধিগত প্ৰক্ৰিয়া উভয়কে অন্তৰ্ভুক্ত কৰি লোৱা  বোধশক্তিৰ  ক্ৰিয়াসমূহৰ বিজ্ঞান । 

তদুপৰি সাক্ষ্যৰ বিচাৰ বা মূল্যায়নৰ উল্লেখৰ জৰিয়তে সত্যতা নিৰূপণৰ  ক্ষেত্ৰতযি আধাৰ বচন সমূহৰ ভিত্তিত সিদ্ধান্ত গ্ৰহণ কৰা হয় ,  সেই আধাৰ বচন সমূহকো বিচাৰ কৰাৰ নিৰ্দেশ পোৱা যায় । গতিকে , তৰ্কবিজ্ঞানে আকাৰগ্ত আৰু বস্তুগত উভয় প্ৰকাৰৰ সত্যতা সম্পৰ্কে আলোচনা কৰাৰ উল্লেখ স্ংজ্ঞাটোত আছে ।

                          কিন্তু মিলে আগমন  ওপৰত অধিক গুৰুত্ব দিয়া যেন অনুভৱ হয় । সেইবাবে , সূক্ষ্মভাৱে বিচাৰ কৰি চালে এই স্ংজ্ঞাও সম্পূৰ্ণ ক্ৰটিমুক্ত বুলি ক’ব নোৱাৰি । তথাপি আন সংজ্ঞাসমূহতকৈ মিলৰ সংজ্ঞাকে সাধাৰণতে অধিক সন্তোষজনক বুলি গ্ৰহণ কৰা হৈছে ।

11.তৰ্কবিজ্ঞানৰ স্বৰূপৰ বৰ্ণনা দিয়া

উত্তৰ – বুদ্ধিবৃত্তি মানুহৰ এটা বিশেষ গুণ । বুদ্ধিবৃত্তি থকাৰ কাৰণে মানুহে আন জীৱবিলাকতকৈ পৃথক । মানুহ জীৱ্শ্ৰেষ্ঠ । বুদ্ধিবৃত্তিৰ বাবেই মানুহে চিন্তা কৰিব পাৰে । কিন্তু চিন্তা সকলো সময়তে শুদ্ধ বা নিৰ্ভুল নহ’লে যথাৰ্থ জ্ঞান লাভ কৰিব নোৱাৰি। নিৰ্ভুল আৰু শুদ্ধ চিন্তাৰ মাধ্যমেৰে সত্যোপলব্ধি হয় । মানুহৰ জ্ঞান লাভৰ চৰম লক্ষই হ’ল সত্যোপলব্ধি ।

১২. তৰ্কবিজ্ঞানৰ পৰিসৰ সম্বন্ধে তোমাৰ ধাৰণা কি ?

উত্তৰ – তৰ্কবিজ্ঞানৰ পৰিসৰ বুলি কলে সেই বিজ্ঞানৰ আলোচ্য বিষয়বস্তুৰ ক্ষেত্ৰত বুজায় । তৰ্কবিজ্ঞানৰ পৰিসৰ অতি ব্যাপক । তৰ্কবিজ্ঞানে অনুমান বা যুক্তিৰ আলোচনা কৰে । পৰোক্ষ জ্ঞান তৰ্কবিজ্ঞানৰ আলোচ্য বিষয় । তৰ্কবিজ্ঞান চিন্তাৰ শুদ্ধতা বা অনুমানৰ যথাৰ্থতাৰ লগত জড়িত । চিন্তাৰ মূল প্ৰক্ৰিয়া সমূহৰ আলোচনা তৰ্কবিজ্ঞানৰ বিষয় নহয় । তৰ্কবিজ্ঞান পৰিণামৰ লগত জড়িত । পদ, বচন, যুক্তি , তৰ্কবিজ্ঞানৰ আলোচ্য বিষয় ।

                  তৰ্কবিজ্ঞানে নিগমন আৰু আগমন এই দুয়ো প্ৰকাৰৰ অনুমানৰ আলোচনা কৰাৰ লগতে উভয়ৰে সহায়কাৰী প্ৰক্ৰিয়াসমূহৰো আলোচনা কৰে ।তৰ্কবিজ্ঞানৰ অন্যতম আলোচ্য বিষয় হ’ল সত্যতা ।তৰ্কবিজ্ঞানে আকাৰগত আৰু বস্তুগত উভয় প্ৰকাৰৰ সত্যতাৰে আলোচনা কৰে ।আধুনিক প্ৰতীকাত্মক তৰ্কবিজ্ঞানে বিশুদ্ধ আকাৰমুলক বিজ্ঞান হিচাপে আকাৰ সম্পেৰ্কে আলোচনা কৰে ।

তৰ্কবিজ্ঞানে  চিন্তাৰ মূল সূত্ৰৱলী – তাদাত্ম্য নিয়ম , বিৰোধবাধ্ক নিয়ম আৰু নিৰ্ম্ধ্যম নিয়ম সম্পৰ্কেও আলোচনা কৰে ।

 সত্যতা নিৰূপক নীতি নিয়মসমূহ যথাৰ্থভাৱে পালন নকৰিলে যিবোৰ দোষৰ উদ্ভৱ হয়, তৰ্কবিজ্ঞানত সেই দোষবোৰ সম্পৰ্কেও আলোচনা কৰা হয় ।

১৩. তৰ্কবিজ্ঞান বিজ্ঞান নে কলা ? (Class 11 chapter 1 Logic)

উত্তৰ- ঃ প্রকৃতিৰ কোনো এক নিৰ্দিষ্ট বিভাগ সম্পৰ্কে , সুসংবদ্ধ, যুক্তিনিষ্ঠ, প্ৰামাণিক, যথাৰ্থ,সুনিশ্চিত আৰু সাধাৰণ জ্ঞানক বিজ্ঞান বোলে । আৰু যি বিদ্যাই কোনো নিৰ্দিষ্ট উদ্দেশ্য সাধনৰ বাবে কোনো জ্ঞানক ব্যৱহাৰিক ক্ষেত্ৰত প্ৰয়োগ কৰাৰ বিধি বা নীতি-নিয়মৰ শিক্ষা দিয়ে তাকে কলা বোলে

         বিজ্ঞানে জানিবলৈ শিকায় আৰু কলাই কৰিবলৈ শিকায় বিজ্ঞানে জ্ঞান লাভৰ প্ৰৱৰ্তনা দিয়ে আৰু কলা বিদ্যাই ব্যৱহাৰিক উদ্দেশ্য সাধনৰ প্ৰবৃতি যোগায় ।বিজ্ঞানে ব্স্তুৰ স্বভাৱ উপাদান আৰু নিয়মাৱলীৰ জ্ঞান দিয়ে, আৰু কলাই সেই জ্ঞানক কোনো নিৰ্দিষ্ট উদ্দেশ্য পূৰণৰ বাবে বাস্তৱ ক্ষেত্ৰত প্ৰয়োগ কৰাৰ শিক্ষা দিয়ে ।

14 . তৰ্কবিজ্ঞান বস্তুনিষ্ঠ বিজ্ঞান নে আদৰ্শনিষ্ঠ বিজ্ঞান ?

উত্তৰ – বিজ্ঞানক বস্তুনিষ্ঠ আদৰ্শনিষ্ঠ এই দুটা ভাগ্ত ভাগ কৰা হয় ।যি বিজ্ঞানে বিষয়ব্স্তুৰ যথাৰ্থ স্বৰুপ সম্পৰ্কে আলোচনা কৰে, তাক বিষয়নিষ্ঠ বা বস্তুনিষ্ঠ  বিজ্ঞান বোলে । যেনে – মনোবিজ্ঞান ।মনোবিজ্ঞানৰ বিষয়ব্স্তু ’মন’।

আন্হাতে যি বিজ্ঞানে কোনো এটা আদৰ্শক মাপকাঠি হিচাপে লৈ বিষয়ব্স্তুৰ মূল্য বিচাৰ কৰে,তাক আদৰ্শনিষ্ঠ বিজ্ঞান বোলে । যেনে  – নীতিবিজ্ঞান আদৰ্শনিষ্ঠ বিজ্ঞান । নীতিবিজ্ঞানৰ আদৰ্শ ’পৰম কল্যাণ’।

গতিকে বস্তুনিষ্ঠ বিজ্ঞানে বিষয়বস্তু যেনে আছে ঠিক সেইদৰেই তাৰ বৰ্ণনা দিয়ে । কিন্তু আদৰ্শনিষ্ঠ বিজ্ঞানে  ’কি হৈছে’ৰ পৰিবৰ্তে কি হোৱা উচিত তাৰ আলোচনা কৰে । ত ৰ্কবিজ্ঞান যিহেতু পৰোক্ষ জ্ঞানৰ লগত জড়িত, ই আকাৰগত আৰু বস্তুগত উভয়্প্ৰ্কাৰৰ সত্যতাৰ লগতে জড়িত । সত্যতা লাভৰ বাবে তৰ্কবিজ্ঞান চিন্তা বা অনুমানৰ কিছুমান বিধি নিয়্মৰ নিদেৰ্শ দিয়ে গতিকে তৰ্ক বিজ্ঞান এক আদৰ্শনিষ্ঠ বিজ্ঞান ।

15. তৰ্কবিজ্ঞান কিয় বিজ্ঞানৰ বিজ্ঞান আৰু কলাৰ কলা বুলি কোৱা হয়, বুজাই লিখা

উত্তৰঃ তৰ্কবিজ্ঞান হৈছে আদৰ্শনিষ্ঠ বিজ্ঞান । তৰ্কবিজ্ঞানৰ আদৰ্শ হৈছে সত্য লাভ কৰা । সেইকাৰণে তৰ্কবিজ্ঞানে জ্ঞানৰ সত্যতা বা প্ৰামান্য নিৰূপক কিছুমান নীতি-নিয়মৰ সন্ধান দিয়ে । বিজ্ঞানে প্ৰকৃতিৰ কোনো এটা নিৰ্দিষ্ট বিভাগ সম্পৰ্কে সাধাৰণ সুসংবদ্ধ, যথাৰ্থ, যুক্তিনিষ্ঠ প্ৰামানিক আৰু সুনিশ্চিত

 জ্ঞান দিয়ে । তৰ্কবিজ্ঞানেও পদৰ যথাৰ্থতা নিৰ্ণয় শ্ৰেণীবিভাগ, ব্যাখ্যা, যুক্তি পদ্ধতি আদি সম্পৰ্কে কিছুমান নীতি-নিয়ম নিৰ্ধাৰণ কৰে । সেইকাৰণে তৰ্কবিজ্ঞানক বিজ্ঞানৰ ভিতৰত শ্ৰেষ্ঠ বিজ্ঞান বোলা হয় । 

কলাবিদ্যা কোনো নিৰ্দিষ্ট উদ্দেশ্য সাধনৰ বাবে জ্ঞানক ব্যৱহাৰিক ক্ষেত্ৰত প্ৰয়োগ কৰাৰ বিধি-নিয়মৰ জ্ঞান দিয়ে । এই নীতি-নিয়মসমূহ ভুল-ভ্ৰান্তি পৰিহাৰ কৰি যথাৰ্থ অনুমানত উপনীত হৈ সত্যতা লাভৰ বাবে ব্যৱহাৰিক ক্ষেত্ৰত প্ৰয়োগ কৰে । গতিকে তৰ্কবিজ্ঞানক শ্ৰেষ্ঠ কলাবিদ্যা বোলা হয় । সেইবাবে ডান্সস্কটাছ আদি দাৰ্শনিকে তৰ্কবিজ্ঞানক বিজ্ঞানৰ বিজ্ঞান আৰু কলাৰ কলা বুলি অভিহিত কৰিছে । 

16. তৰ্কবিজ্ঞান আকাৰগত সত্যতা নে বস্তুগত সত্যতাৰ লগত জড়িত ?

উত্তৰঃ প্ৰত্যেক বস্তুৰ দৰে চিন্তাৰো আকাৰ , উপাদান থাকে । যি ভাৱে চিন্তা কৰা যায় তাক চিন্তাৰ আকাৰ বোলে ।

আকৌ যি বিষয়ে চিন্তা কৰি যায় তাক চিন্তাৰ উপাদান বোলে । গতিকে চিন্তাৰ সত্যতা ২ প্ৰকাৰৰ – 

(ক) আকাৰগত সত্যতা

(খ) বস্তুগত সত্যতা । 

চিন্তাৰ অন্তবিৰোধ মুক্ততাই হ’ল চিন্তাৰ আকাৰগত সত্যতা । আকাৰগত সত্যতা নাথাকিলে চিন্তাই মনত কোনো স্পষ্ট ধাৰণা জন্মাব নোৱাৰে । যেনে – গোলাকাৰ চতুৰ্ভুজ ।

আনহাতে, চিন্তাৰ লগত বিষয়বস্তুৰ সাদৃশ্য বা সামঞ্জস্যই হ’ল চিন্তাৰ বস্তুগত সত্যতা । ধাৰণাৰ লগত যদি বিষয়বস্তুৰ সংগতি নাথাকে তেনেহ’লে ই বস্তুগতভাৱে সত্য হ’ব নোৱাৰে । যেনে জৰীক জৰী বুলি নাজানি যদি সাপ বুলি জনা যায়, তেনেহ’লে এই জ্ঞান বস্তুগতভাৱে অসত্য হ’ব । 

চিন্তা যদি বস্তুগতভাৱে সত্য হয় তেনেহ’লে আকাৰগত ভাৱে সত্য হ’বই । কাৰণ অন্তৰ্বিৰোধীপূৰ্ণ কোনো ধাৰণাৰ বস্তুগত সত্যতা থাকিব নোৱাৰে । কিন্তু যদি কোনো চিন্তাৰ আকাৰগত সত্যতা থাকে তেনেহ’লে বস্তুগত সত্যতাও যে থাকিব তাক নিশ্চিতভাৱে ক’ব নোৱাৰি । আকাৰগত ভাৱে সত্য নহ’লে কোনো চিন্তাই বস্তুগতভাৱে সত্য হ’ব নোৱাৰে, কিন্তু আকাৰগত ভাৱে সত্য হ’লেও ই বস্তুগতভাৱে সত্য নহ’ব পাৰে । 

তৰ্কবিজ্ঞান অনুমান সম্বন্ধীয় বিজ্ঞান, তৰ্কবিজ্ঞানে এই অনুমানৰ আকাৰগত আৰু বস্তুগত সত্যতা সম্পৰ্কে আলোচনা কৰে । তৰ্কবিজ্ঞানে যথাৰ্থ অনুমানৰ নীতি-নিয়মৰ নিৰ্দেশ দিয়ে । এই নীতি-নিয়মবোৰ পালন কৰিলে অনুমান আকাৰগতভাৱে সত্য হয় । আকৌ অনুমানৰ আশ্ৰয় বাক্যবিলাক যদি বস্তুগতভাৱে সত্য নহয় তেনেহ’লে অনুমান আকাৰগতভাৱে সত্য নহয় । তেনেহ’লে অনুমান আকাৰগতভাৱে সত্য হৈও বস্তুগতভাৱে সত্য নহয় । কোনো অনুমান যদি তৰ্কবিজ্ঞান প্ৰদত্ত নীতি-নিয়ম পালন কৰে আৰু আশ্ৰয় বাক্যবিলাক যদি বস্তুগতভাৱে সত্য হয়, তেনেহ’লে সেই অনুমান আকাৰগতভাৱে আৰু বস্তুগতভাৱে উভয় প্ৰকাৰেই সত্য হ’ব । 

তৰ্কবিজ্ঞানত আকাৰগত সত্যতা আৰু বস্তুগত সত্যতা এটা আনটোৰ পৰিপূৰক ।  জ্ঞান যথাৰ্থ হ’বলৈ হ’লে ই বস্তুগতভাৱে সত্য হ’বই লাগিব আৰু বস্তুগতভাৱে সত্য হ’লে আকাৰগত ভাৱেও সত্য হ’ব । গতিকে তৰ্কবিজ্ঞান আকাৰগত আৰু বস্তুগত সত্যতাৰ লগত জড়িত । (Class 11 chapter 1 Logic)

17 .তৰ্কবিজ্ঞানৰ উপযোগিতাৰ বিষয়ে উল্লেখ কৰা  

উত্তৰঃ  তৰ্কবিজ্ঞান অনুমান সম্পৰ্কীয় আদৰ্শনিষ্ঠ বিজ্ঞান । তৰ্কবিজ্ঞানৰ আদৰ্শ হ’ল ‘সত্য’ ।তৰ্কবিজ্ঞানে অনুমান বা যুক্তি পদ্ধতিৰ প্ৰাধান্য নিৰূপক কেতবোৰ নীতি-নিয়ম নিৰ্দেশ দিয়ে । এই নীতি-নিয়মবোৰ প্ৰয়োগ কৰি অনুমানক যথাৰ্থ ৰূপ দিব পাৰি আৰু ইয়াৰ জৰিয়তে শুদ্ধ জ্ঞানক উপনীত হ’ব পাৰি । গতিকে সত্যক লাভ কৰিবলৈ, তৰ্কবিজ্ঞান অধ্যয়নৰ উপযোগিতা নাই বুলি মন্তব্য কৰে ।  এইসকল লোকে দিয়া যুক্তিবোৰ হ’ল –তৰ্কবিজ্ঞানে আমাক চিন্তা বা যুক্তি-তৰ্ক কৰিবলৈ নিশিকায় ।  তৰ্কবিজ্ঞান অধ্যয়ন নকৰিও মানুহে শুদ্ধভাৱে চিন্তা বা যুক্তি-তৰ্ক কৰিব পাৰে আৰু আনহাতে তৰ্কবিজ্ঞান অধ্যয়ন কৰিলেও মানুহে সকলো সময়তে শুদ্ধভাৱে চিন্তা বা যুক্তি তৰ্ক কৰিব নোৱাৰে । 

প্ৰথম যুক্তিৰ উত্তৰত ক’ব পাৰি যে মানুহে কিদৰে শুদ্ধভাৱে চিন্তা কৰিব পাৰে, তৰ্কবিজ্ঞানে তাৰ শিক্ষা দিয়ে । চিন্তা কৰা মানুহৰ এক স্বাভাৱিক ক্ষমতা । গতিকে মানুহ চিন্তা কৰিবলৈ শিকোৱাটো তৰ্কবিজ্ঞানৰ উদ্দেশ্য নহয় । তৰ্কবিজ্ঞানে কেৱল শুদ্ধভাৱে চিন্তা কৰিবলৈহে শিকায় । আকৌ, তৰ্কবিজ্ঞান অধ্যয়ন নকৰিও মানুহে শুদ্ধভাৱে চিন্তা-চৰ্চা কৰিব পাৰে কিন্তু সেই বুলিয়েই তৰ্কবিজ্ঞানৰ উপযোগিতা নাই বুলি ক’ব নোৱাৰি । যেনেকৈ, চিকিৎসা বিজ্ঞানৰ সহায় নোলোৱাকৈ বহুতে ৰোগমুক্ত সুন্দৰ জীৱন অতিবাহিত কৰিব পাৰে । কিন্তু, সেইকাৰণে চিকিৎসা বিজ্ঞান অধ্যয়নৰ কোনো উপযোগিতা নোহোৱা হ’ব নোৱাৰে । 

তৰ্কবিজ্ঞান অধ্যয়ন নকৰাকৈ যিবিলাক মানুহে শুদ্ধভাৱে যুক্তি তৰ্ক কৰিব পাৰে, তেনে মানুহ তৰ্কবিজ্ঞানৰ জ্ঞান লাভ কৰিলে আৰু অধিক পাৰদৰ্শিকতাৰে যুক্তি তৰ্ক কৰিব পাৰিব  তাত কোনো সন্দেহ নাই । তৰ্কবিজ্ঞানৰ জ্ঞান প্ৰণালীবদ্ধ আৰু সুসংগত গতিকে তৰ্কবিজ্ঞান অধ্যয়ন কৰিলে নিৰ্ভুল জ্ঞান লাভ কৰিব পাৰি । আকৌ সু স্বাস্থ্যৰ মানুহ এজন অসুস্থ হৈ পৰিলে চিকিৎসাৰ জৰিয়তে ৰোগমুক্ত হোৱা দেখা যায় । ঠিক সেইদৰে যুক্তি তৰ্কত ভুল ভ্ৰান্তি হ’লে, সন্দেহ সংশয় বা দোষ দূৰ কৰিবলৈ তৰ্কবিজ্ঞানৰ জ্ঞানৰ প্ৰয়োজন হয় । কিন্তু তৰ্কবিজ্ঞান অধ্যয়ন কৰিও বাস্তৱ ক্ষেত্ৰত কোনো লোকে নীতি-নিয়ম লংঘন কৰিলে বা ব্যক্তিগত সুবিধা বা স্বাৰ্থৰ বাবে মিছাৰ আশ্ৰয় ল’লে । তাৰ বাবে তৰ্কবিজ্ঞানৰ দায়ী হ’ব নোৱাৰে । (Class 11 chapter 1 Logic)

গতিকে, তৰ্কবিজ্ঞানে আমাৰ চিন্তাশক্তি নিয়ন্ত্ৰিত কৰি যথাৰ্থ জ্ঞান লাভ কৰাত সহায় কৰে । তৰ্কবিজ্ঞানৰ অধ্যয়নে বুদ্ধিবৃত্তিক সক্ৰিয় আৰু উন্নত কৰে, লগতে কুসংস্কাৰ আৰু অন্ধবিশ্বাস দূৰ কৰি যুক্তিৰ সহায়ত যুক্তিনিষ্ঠ বিচাৰ কৰিবলৈ শিকায় । তৰ্কবিজ্ঞানক অলংকাৰ শাস্ত্ৰৰ মেৰুদণ্ড বুলি কোৱা হয় । গতিকে তৰ্কবিজ্ঞানৰ জ্ঞান মানুহৰ জীৱনত অপৰিহাৰ্য বুলি ক’ব পাৰি । 

18.প্ৰত্যক্ষজ্ঞান আৰু পৰোক্ষজ্ঞানৰ ভিতৰত কোন প্ৰকাৰৰ লগত তৰ্কবিজ্ঞান জড়িত ?

উত্তৰঃ  জ্ঞান প্ৰধানতঃ দুই প্ৰকাৰৰ – (a) প্ৰত্যক্ষ জ্ঞান আৰু (b)পৰোক্ষ জ্ঞান ।

 প্ৰত্যক্ষ জ্ঞান : প্ৰত্যক্ষ জ্ঞান আন কোনো জ্ঞানৰ সহায় নোলোৱাকৈ পোনপটীয়াভাৱে অৰ্জন কৰা জ্ঞানক প্ৰত্যক্ষ জ্ঞান বোলে ।  

পৰোক্ষ জ্ঞান : আনহাতে, পৰোক্ষ জ্ঞান আন কোনো জ্ঞানৰ ভিত্তিত লাভ কৰা জ্ঞান হৈছে পৰোক্ষ জ্ঞান । অনুমান, শব্দ আদিৰ জৰিয়তে পৰোক্ষ জ্ঞান লাভ কৰা যায় । 

তৰ্কবিজ্ঞানৰ বিষয়বস্তু সত্যতা প্ৰমাণৰ লগত জড়িত হৈ আছে । প্ৰত্যক্ষ জ্ঞানত প্ৰামাণ্য নিৰূপনৰ বিশেষ কোনো প্ৰয়োজন নাথাকে । ইন্দ্ৰিয় সুস্থ থাকিলে বাহ্যপ্ৰত্যক্ষৰ জৰিয়তে পোৱা জ্ঞান আৰু প্ৰকৃতিস্থ মনৰ পৰা পোৱা অন্তপ্ৰত্যক্ষৰ জ্ঞান নিৰ্ভুল হ’ব । কিন্তু অনুমানৰ জৰিয়তে পোৱা জ্ঞানৰ ক্ষেত্ৰত ভুল-ভ্ৰান্তি ঘটাৰ সম্ভাৱনা থাকে । সেইবাবে পৰোক্ষ জ্ঞানৰ ক্ষেত্ৰত সত্যতা প্ৰমাণ কৰাৰ প্ৰয়োজন হয় । তৰ্কবিজ্ঞানৰ মূল কাৰ্য হ’ল সত্য উপলব্ধি কৰা । গতিকে তৰ্কবিজ্ঞানৰ পৰোক্ষ জ্ঞানৰ লগতহে জড়িত । 

19. মিলৰতর্কবিজ্ঞান সংজ্ঞাটো তর্কবিজ্ঞানৰ সন্তোষজনক সংজ্ঞা হয় নে নহয় , বিচাৰ কৰা । (Class 11 chapter 1 Logic)

উত্তৰঃ মিলৰ মতে – ‘তৰ্কবিজ্ঞান হ’ল সাক্ষৰ বিচাৰ বা মূল্যায়নৰ অনুগত হৈ জ্ঞাত সত্যৰ পৰা অজ্ঞাত সত্যত উপনীত হোৱাৰ প্ৰক্ৰিয়া আৰু আন সহায়কাৰী বুদ্ধিগত প্ৰক্ৰিয়া উভয়কে অন্তৰ্ভুক্ত কৰি লোৱা বোধশক্তিৰ ক্ৰিয়াসমূহৰ বিজ্ঞান । 

মিলৰ এই সংজ্ঞাটো বিশ্লেষণ কৰিলে পোৱা যায় যে এই সংজ্ঞাটোত তৰ্কবিজ্ঞানক বিজ্ঞান বুলি উল্লেখ কৰিও সাক্ষ্য বিচাৰ বা মূল্যায়নৰ উল্লেখ কৰি ইয়াক কলা বুলি আভাষ দিছে । আকৌ তৰ্কবিজ্ঞানৰ আলোচ্য বিষয় হিচাপে অনুমান আৰু ইয়াৰ সহকাৰী প্ৰক্ৰিয়াৰ উল্লেখ ইয়াত পোৱা গৈছে । তৰ্কবিজ্ঞানৰ আদৰ্শ স্বৰূপ ‘সত্য’ শব্দৰ ব্যৱহাৰ আৰু তৰ্কবিজ্ঞানক আদর্শনিষ্ঠ বিজ্ঞান বুলিও ইংগিত এই সংজ্ঞাত পোৱা যায় । সাক্ষৰ বিচাৰ বা মূল্যায়নৰ জৰিয়তে আধাৰ বচন সমূহৰ বিচাৰৰ নিৰ্দেশও ইয়াত পোৱা যায় । আকাৰগত আৰু বস্তুগত সত্যতাৰ গুৰুত্ত্ব ইয়াত দেখা যায় । সাক্ষ্য বিচাৰৰ জৰিয়তে এই সংজ্ঞা অধিক সন্তোষজনক বুলি ক’ব পাৰি । 

20. পৰম্পৰাগত তৰ্কবিজ্ঞান বুলিলে কি বুজা ? পৰম্পৰাগত তৰ্কবিজ্ঞান আৰু প্ৰতীকাত্মক তৰ্কবিজ্ঞানৰ মাজত কোনো মৌলিক পাৰ্থক্য আছে নে ? আলোচনা কৰা । 

উত্তৰঃ এৰিষ্টটল আৰু তেওঁৰ অনুগামী সকলৰ তৰ্কবিজ্ঞানমূলক চিন্তা, পদ্ধতি আৰু নীতিসমূহৰ ওপৰত প্ৰতিষ্ঠিত তৰ্কবিজ্ঞানকে প্ৰাচীন বা পৰম্পৰাগত তৰ্কবিজ্ঞান বোলে । প্ৰাচীন তৰ্কবিজ্ঞানৰ প্ৰতিষ্ঠাতা বিখ্যাত গ্রীক দাৰ্শনিক এৰিষ্টটল । তেওঁক তৰ্কবিজ্ঞানৰ জনক বুলিও কোৱা হয় । 

পৰম্পৰাগত তৰ্কবিজ্ঞান আৰু প্রতীকাত্মক সম্পৰ্কে তুলনামূলক আলোচনাৰ পৰা দেখা যায় যে দুয়োৰে মাজত কেতবোৰ পাৰ্থক্য আছে সঁচা কিন্তু মৌলিক বা নীতিগত কোনো পাৰ্থক্য নাই । প্ৰতীকাত্মক তৰ্কবিজ্ঞানে পৰম্পৰাগত তৰ্কবিজ্ঞানক প্ৰত্যাখ্যান কৰা নাই, বৰং পৰিপুৰণহে কৰিছে । দুয়োৰে মাজত পাৰ্থক্য ক্ৰমোন্নতিৰ বিভিন্ন পৰ্যায়ৰহে । প্ৰতীকাত্মক তৰ্কবিজ্ঞান পৰম্পৰাগত তৰ্কবিজ্ঞানত নিহিত হৈ থকা ভাব ধাৰণা আৰু ৰীতি নীতিৰেই পৰিবৰ্দ্ধিত, সম্প্ৰসাৰিত আৰু পৰিণত ৰূপ । 

21. প্ৰতীকাত্মক তৰ্কবিজ্ঞান আৰু পৰম্পৰাগত তৰ্কবিজ্ঞানৰ মাজৰ সম্পৰ্ক আৰু পাৰ্থক্য আলোচনা কৰা । 

উত্তৰঃ প্ৰতীকাত্মক তৰ্কবিজ্ঞান আৰু পৰম্পৰাগত তৰ্কবিজ্ঞান পৰস্পৰ সম্পৰ্কহীন দুটা পৃথক তৰ্কবিজ্ঞান নহয় । কাৰণ দুয়োৰে মাজত কেতবোৰ সাদৃশ্য আছে । যেনে  দুয়োৰে মতে তৰ্কবিজ্ঞানৰ আলোচ্য বিষয়বস্তু যুক্তিৰ আকাৰ আৰু মূল্যনিৰ্ধাৰণ অৰ্থাৎ বৈধতা অবৈধতা নিৰ্ণয় । পৰম্পৰাগত তৰ্কবিজ্ঞান বীজাকৰে নিহিত হৈ থকা ভাৱ ভঙ্গী বা ধাৰণা পদ্ধতি আদিৰ পৰিবৰ্দ্ধিত ৰূপ হ’ল প্ৰতীকাত্মক তৰ্কবিজ্ঞান । 

কিন্তু দুয়োবিধ তৰ্কবিজ্ঞানৰ মাজত কিছুমান পাৰ্থক্যও আছে । যেনে – 

a) পৰম্পৰাগত তৰ্কবিজ্ঞান অতি প্ৰাচীন । ইয়াৰ আঢ়ৈ হাজাৰ বছৰৰ দীঘলীয়া ইতিহাস আছে । তাৰে তুলনাত প্ৰতীকাত্মক তৰ্কবিজ্ঞানৰ ইতিহাস বয়সত নতুন । ইয়াৰ বয়স মাত্ৰ এশ পঞ্চাচ বছৰ । 

b)  পৰম্পৰাগত তৰ্কবিজ্ঞানত নিগমনাত্মক পদ্ধতিৰ প্ৰয়োগ সীমিত ক্ষেত্ৰত হৈছিল । কিন্তু প্ৰতীকাত্মক তৰ্কবিজ্ঞানত অধিক পাৰিপাৰ্শ্বিকতাৰে আৰু ব্যাপকভাৱে নিগমনাত্মক পদ্ধতিৰ প্ৰয়োগ কৰা হয়

c) এৰিষ্টটলে কেৱল ন্যায়িক যুক্তিৰ ক্ষেত্ৰতহে প্ৰতীক ব্যৱহাৰ কৰিছিল । কিন্তু প্ৰতীকাত্মক তৰ্কবিজ্ঞানীসকলে বিস্তীৰ্ণ ক্ষেত্ৰত ব্যাপক হাৰত উন্নত পদ্ধতিৰ প্ৰতীকৰ ব্যৱহাৰ কৰে । 

d) পৰম্পৰাগত তৰ্কবিজ্ঞানীসকলে নিৰপেক্ষ, বচনকে বচনৰ উপযুক্ত আৰ্হি বুলি ভাবিছিল আৰু আন সকলো বচনকে নিৰপেক্ষ বচনলৈ ৰূপান্তৰিত কৰাৰ নিয়মাৱলী উলিয়াইছিল । তেওঁলোক নিৰপেক্ষ বচনকেই দুটা পদৰ মাজত থকা সম্বন্ধৰ যুক্তি বুলি ধৰি লৈছিল । কিন্তু প্ৰতীকাত্মক তৰ্কবিজ্ঞানীসকলে বচনৰ এনে সংকীৰ্ণ বিভাজনক প্ৰত্যাখ্যান কৰে । 

e) পৰম্পৰাগত তৰ্কবিজ্ঞানীসকলে সংযোজকেই সকলো প্ৰকাৰৰ সম্বন্ধ প্ৰকাশ কৰিব পাৰে । কিন্তু প্ৰতীকাত্মক তৰ্কবিজ্ঞানীসকলৰ মতে সম্বন্ধ বিভিন্ন প্ৰকাৰৰ । যেনে – সঞ্চাৰী, অসঞ্চাৰী, সমমিত আৰু অসমমিত সম্বন্ধ আদি, এনে বিভিন্ন প্ৰকাৰৰ সম্বন্ধৰ প্ৰকাশ সংযোজকে কৰিব নোৱাৰে । 

 f) পৰম্পৰাগত তৰ্কবিজ্ঞান সম্বন্ধীয় আলোচনা প্ৰধানতঃ ন্যায়িক যুক্তিৰ ক্ষেত্ৰতেই সীমাবদ্ধ । কিন্তু প্ৰতীকাত্মক তৰ্কবিজ্ঞানত বিভিন্ন ধৰণৰ আকাৰ বিশিষ্ট যুক্তিৰ আলোচনা কৰে । যেনে – ৰচনাত্মক যুক্তি । বিধেয়াত্মক যুক্তি আদি । 

   গতিকে পৰম্পৰাগত আৰু প্ৰতীকাত্মক তৰ্কবিজ্ঞানৰ মাজত কেতবোৰ পাৰ্থক্য থাকিলেও প্ৰকৃত কোন বিৰোধ সম্বন্ধ নাই । দুয়ো দুয়োকে পৰিপূৰণ কৰিছে কিন্তু প্ৰত্যাখ্যান কৰা নাই । পৰম্পৰাগত আৰু প্ৰতীকাত্মক তৰ্কবিজ্ঞানৰ মাজত নীতিগত কোনো পাৰ্থক্য নাই । পাৰ্থক্য মাথো ক্ৰমোন্নতি বিভিন্ন পৰ্যায়ৰহে । (Class 11 chapter 1 Logic)

https://www.dailyassam.com/2021/09/lesson-1-class-11-logic-philosophy-all_28.html

Leave a comment