Question and Answer of HS 2nd year Geography in Assamese

Tertiary and Quaternary activities, chapter 7

মানৱ ভূগোলৰ মৌলিক তত্ব(প্ৰথম খণ্ড), উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিক। পাঠ- ৭, তৃতীয়ক আৰু চতুৰ্থক বৃত্তি। Geography in Assamese

গোট-৩

পাঠভিত্তিক প্ৰশ্নোত্তৰ Geography in Assamese

১/ তলত দিয়া চাৰিটা বিকল্পৰ সাম্ভাব্য উত্তৰৰ পৰা শুদ্ধ উত্তৰ টো বাচি উলিওৱা

ক) নিম্ন উল্লেখিত কোনটো তৃতীয়ক বৃত্তিৰ অন্তৰ্ভুক্ত

  • কৃষিকাৰ্য
  • ব্যৱসায় ☑️
  • কাপোৰ বোৱা
  • চিকাৰ কৰা

খ) নিম্ন উল্লেখিত কোনটো দ্বিতীয়ক খণ্ডৰ বৃত্তি নহয়

  • লো শোধন
  • মাছ ধৰা ☑️
  • কাপোৰ চিলোৱা
  • পাছি খৰাহী বনোৱা

গ) তলৰ কোনটো বৃত্তিয়ে দিল্লী ,মুম্বাই, চেন্নাই আৰু কলকতাৰ অধিক লোকক নিয়োজিত কৰিছে

  • প্ৰাথমিক
  • দ্বিতীয়ক
  • তৃতীয়ক ☑️
  • সেৱা

ঘ) উচ্চ পৰ্যায়ৰ চাকৰিৰ কোনটো অধিক নতুন চিন্তা উদ্ৰেককাৰী হিচাপে গণ্য কৰা হয়

  • দ্বিতীয়ক বৃত্তি
  • তৃতীয়ক বৃত্তি
  • পাছুঁতীয়া বৃত্তি ☑️
  • প্ৰাথমিক বৃত্তি

ঙ) নিম্ন উল্লেখিত কোনটো চতুৰ্থক বৃত্তি হিচাপে গণ্য কৰা হয়

  • কম্পিউটাৰ উৎপাদন ☑️
  • কাগজ আৰু কাগজৰ মণ্ড উৎপাদন
  • কটন কলেজত শিক্ষকতা কৰা
  • কিতাপ ছপা কাৰ্য্য

চ) তলৰ কোনটো উক্তি শুদ্ধ নহয়

  • ঠিকাভিত্তিক কামত উৎপাদন ব্যয় কম হয় আৰু পাৰদৰ্শিতা বাঢ়ে ☑️
  • সময় অনুসৰি কাৰিকৰী আৰু উৎপাদনৰ সৈতে জড়িত কাম ঠিকাভিত্তিত সম্পাদন কৰিব পাৰি
  • ঠিকাভিত্তিত কাম কৰিলে বনুৱাৰ নিয়োগ কমি চাকৰিৰ সুবিধা হ্ৰাস হয়
  • ব্যৱসায়ত কৈ জ্ঞানৰ সৃষ্টিৰ জৰিয়তে গৱেষণা আৰু উন্নয়নৰ বিকাশ অধিক হয়

২/ ৩০ টা মান শব্দৰ ভিতৰত উত্তৰ দিয়া Geography in Assamese

১) খুচুৰা ব্যৱসায় সেৱা কি ?

উত্তৰ: খুচুৰা ব্যৱসায় সেৱা হৈছে তৃতীয়ক কাৰ্য্যৰ অন্তৰ্গত অৰ্থনৈতিক কাৰ্যকলাপ । খুচুৰা ব্যৱসায় অকল বিক্ৰী কাৰ্যতেই সীমাবদ্ধ হৈ থাকে আৰু এনে ব্যৱসায় প্ৰতিষ্ঠান বোৰ সাধাৰণতে স্থায়ী ঘৰত অৱস্থিত। এনে সেৱাৰ জৰিয়তে গ্ৰাহকক প্ৰত্যক্ষ ভাবে সামগ্ৰীৰ যোগান ধৰা হয় ।  

ফেৰীৱালা, গেলামাল দোকান, মনিহাৰি দোকান আদি খুচুৰা ব্যৱসায়ৰ উদাহৰণ ।

২) চতুৰ্থক বৃত্তি বা সেৱা কি ?

উত্তৰ: অৰ্থনৈতিক কাৰ্যকলাপৰ সৈতে জড়িত যিবোৰ সেৱা বা বৃত্তি বৌদ্ধিক শ্ৰম, দক্ষতা, পৰিচালনা , পৰামৰ্শদাতা আদি কাৰ্যৰ সৈতে জড়িত তেনে বৃত্তি বা সেৱাকে চতুৰ্থক বৃত্তি বোলে। জ্ঞান, বুদ্ধি আৰু অভিজ্ঞতা হৈছে চতুৰ্থক খণ্ডৰ আৰ্থিক কাম কাজৰ চালিকা শক্তি । চতুৰ্থক বৃত্তিৰ উদাহৰণ হ’ল – গৱেষক, কম্পিউটাৰ অভিজ্ঞতা, মানচিত্ৰ প্ৰস্তুতকৰ্তা আদি ।

৩/ চিকিৎসা সেৱাত অগ্ৰণী দেশ কোনবোৰ আৰু কিয়?

উত্তৰ: চিকিৎসা সেৱাত অগ্ৰণী দেশবোৰ হ’ল উন্নত দেশ বোৰ। এনেবোৰ দেশত মানৱ সম্পদ যথেষ্ট আগবঢ়া আৰুবেছিভাগ লোকেই তৃতীয়ক চতুৰ্থক আৰু পাছুতীয়া কাৰ্যৰ লগত জড়িত ।

৪/ জ্ঞানৰ সৃষ্টি কেনেকৈ কৰিব পাৰি Geography in Assamese

উত্তৰ: চমুকৈ কবলৈ গলে শিক্ষা আৰু অভিজ্ঞতাৰ পৰাই জ্ঞানৰ সৃষ্টি হয় । কোনো এখন দেশৰ মানৱ সম্পদ সকলৰ মাজত জ্ঞানৰ সৃষ্টি কৰিবলৈ হলে মানৱ সম্পদৰ বিকাশৰ বাবে সঠিক আৰু উন্নত মানদণ্ডৰ শিক্ষা আৰু দক্ষতা বিকাশৰ ব্যৱস্থা কৰিব লাগিব।

3/ আধুনিক অৰ্থব্যৱস্থাৰ উন্নয়নত সেৱা খণ্ডৰ বিকাশ আৰু গুৰুত্ব আলোচনা কৰা

উত্তৰ: সেৱা খণ্ড বুলিলে এক বিস্তৃত পৰিসৰ আগুৰি লয় । বিভিন্ন ধৰনৰ সেৱা সমুহ হৈছে যাতায়ত আৰু যোগাযোগ সেৱা, নিৰাপত্তা সেৱা, চিকিৎসা সেৱা, বেংক সেৱা, বাণিজ্য সেৱা আদি।

আধুনিক অৰ্থব্যৱস্থাৰ উন্নয়নত সেৱা খণ্ডৰ যথেষ্ট দ্ৰুত গতিত বিকাশ হোৱা দেখিবলৈ পোৱা গৈছে। উদাহৰণ স্বৰূপে গোলকীয় অৰ্থনৈতিক ব্যৱস্থাৰ বাবে আন্তঃৰাষ্ট্ৰীয় যোগাযোগ আৰু যাতায়ত ব্যৱস্থা টোৰ প্ৰসাৰ ঘটিছে । ইফালে টকা-প‌ইচাৰ লেনদেনৰ ক্ষেত্ৰতো বেংক সেৱাৰ বিকাশ হৈছে নানা নতুন এপচ্ যেনে গুগল পে, পে পাল আদিৰ উদ্ভাৱন হৈছে

আকৌ আধুনিক অৰ্থব্যৱস্থাৰ উন্নয়নত সেৱা খণ্ডৰ যথেষ্ট গুৰুত্ব আছে। সেৱা খণ্ড অবিহণে অৰ্থনৈতিক ব্যৱস্থাটোৱে বিকশিত হ’ব নোৱাৰে । উৎপাদিত সামগ্ৰী সমূহৰ কিনা-বেচা, চিকিৎসা সেৱা, যোগাযোগ সেৱা শিক্ষা সেৱা আদি অবিহনে এখন দেশে কেতিয়াও অৰ্থনৈতিক ভাবে আগবাঢ়িব নোৱাৰে।

২/ যাতায়ত আৰু পৰিবহন সেৱাৰ গুৰুত্ব আলোচনা কৰা

উত্তৰ: যাতায়ত আৰু পৰিবহন সেৱাৰ গুৰুত্ব সমুহ তলত আলোচনা কৰা হ’ল

  • যাতায়ত আৰু পৰিবহন ব্যৱস্থা হৈছে দেশ এখনৰ অৰ্থনৈতিক কাৰ্যকলাপৰ চালিকা শক্তি
  • উৎপাদন, উৎপাদনৰ আহিলা সমুহক একত্ৰীকৰণ, কেঁচামালৰ যোগান , উৎপাদিত সামগ্ৰী সমুহৰ বিতৰণ এই গোটেই প্ৰক্ৰিয়াটোতে যাতায়ত আৰু পৰিবহন ব্যৱস্থাই মেৰুদণ্ড হিচাপে কাম কৰে
  • বিভিন্ন সৰু-বৰ ঠাই সমুহক সংযোগ কৰা, বস্তুৰ চাহিদা বঢ়োৱা আদি কাৰ্যতো যাতায়ত আৰু পৰিবহন ব্যৱস্থাৰ যথেষ্ট গুৰুত্ব আছ। Geography in Assamese

অতিৰিক্ত পাঠভিত্তিক প্ৰশ্নোত্তৰ

১/ তৃতীয়ক বৃত্তি বুলিলে কি বুজা? এটা উদাহৰণ দিয়া

উত্তৰ: সেৱা সৃষ্টিকাৰী সৰু-বৰ সকলো ধৰনৰ আৰ্থিক কাম-কাজকেই তৃতীয়ক বৃত্তি বুলিব পাৰি। তৃতীয়ক বৃত্তিৰ উদাহৰণ হৈছে- বাণিজ্য সেৱা, পৰ্যটন সেৱা আদি।

২/ পাছুতীয়া কাৰ্যকলাপ বুলিলে কি বুজা উদাহৰণ দিয়া

উত্তৰ: অৰ্থনৈতিক কাৰ্যকলাপৰ যিটো ভাগত কাৰ্যকলাপ সমুহ পুৰামাত্ৰাই জ্ঞানৰ দ্বাৰাই পৰিচালিত হয় আৰু নতুন- নতুন ধ্যাণ ধাৰণাৰ উপস্থাপন, সংস্কাৰ সাধন , পৰ্যালোচনা, নতুন কলা কৌশল সমুহৰ কাৰ্যকাৰিতাৰ মূল্যায়ণ আদি কাৰ্য বোৰ সংঘটিত হয় তাকেই পাছুতীয়া কাৰ্যকলাপ বোলা হয় ।

পাছুতীয়া কাৰ্যকলাপৰ উদাহৰণ হ’ল – নীতি নিৰ্ধাৰক, উচ্চ পৰ্যায়ৰ পৰামৰ্শ দাতা ।

৩/ সবলীকৃত কৰ্মী কাক বোলে ?

উত্তৰ: তথ্য ভিত্তিক গৱেষণা আৰু উন্নয়ন কাৰ্যৰ সৈতে জড়িত কৰ্মী সকলক সবলীকৃত কৰ্মী বোলা হয় । এই কৰ্মী সকলৰ প্ৰধান কাম হৈছে বিভিন্ন ক্ষেত্ৰীয় তথ্যৰ যোগান ধৰা আৰু পৰৱৰ্তী কালত পাছুতীয়া কাৰ্যৰ লগত জড়িত হোৱা ।

৪/ মেডিকেল বা চিকিৎসা পৰ্যটন কি?

উত্তৰ: আন্তৰ্জাতিক পৰ্যটনৰ লগত যেতিয়া মেডিকেল বা চিকিৎসা সেৱাক সংলগ্ন কৰা হয় তেতিয়া তাকেই মেডিকেল বা চিকিৎসা পৰ্যটন বোলা হয় ।

৫/ পৰ্যটনক প্ৰভাবিত কৰা দুটা প্ৰধান কাৰক কি?

উত্তৰ: পৰ্যটনক প্ৰভাবিত কৰা দুটা প্ৰধান কাৰক হ’ল

  • ভূ-দৃশ্যাৱলী
  • যাতায়ত  আৰু যোগাযোগ ব্যৱস্থা

৬/ সমকাল ৰেখা কাক বোলে?

উত্তৰ: কোনো এক নিৰ্দিষ্ট ঠাইৰ পৰা যিবোৰ ঠাইলৈ অহা যোৱা কৰোতে একে সময়ৰ প্ৰয়োজন হয় তেনে বোৰ ঠাইক মানচিত্ৰত উপস্থাপন কৰোতে সংযোগ কৰিবলৈ কিছুমান ৰেখা অংকন কৰা হয় , এই ৰেখাবোৰকে সমকাল ৰেখা বোলে

Leave a comment