Know Questions and Answers of Primary Activities

Chapter 5 | Class 12 | Questions and Answers | Assamese Medium | Primary Activities

গোট-৩ Primary Activities

পঞ্চম অধ্যায়

প্ৰাথমিক বৃত্তি

পাঠ ভিত্তিক প্ৰশ্নোত্তৰ

নিম্নলিখিত বিকল্প সমূহৰ পৰা শুদ্ধ উত্তৰ টোবাছি উলিওৱা

নিম্নলিখিত কোনবিধ ৰোপন শস্য নহয়

কফি

কুঁহিয়াৰ

গম্👈

ৰবৰ

নিম্নলিখিত দেশ সমূহৰ ভিতৰত, কোনখন দেশে সাফল্যতাৰ অভিজ্ঞতা লাভ কৰিছে

ৰাছিয়া

ডেনমাৰ্ক 👈

ভাৰত

নেদাৰলেণ্ড

ফুল উৎপাদন কাৰ্যক এনেদৰে কোৱা হয়

ট্ৰাক ফাৰ্মিং বা কৃষি

কাৰখানা কৃষি

মিশ্ৰ কৃষি

ফ্লʼৰিকালচাৰ👈

নিম্নলিখিত কৃষি প্ৰকৰণৰ ভিতৰত কোনবিধ কৃষিৰ বিকাশ ,ইউৰোপীয় ঔপনিৱেশিক সকলৰ দ্বাৰা হৈছিল

কʼলখোজ

ভিটিকালচাৰ

মিশ্ৰ কৃষি

ৰোপন কৃষি 👈

নিম্নলিখিত অঞ্চলবোৰৰ ভিতৰত কোনটো অঞ্চলত , বিস্তৃত বাণিজ্যিক শস্যৰ  কৃষিৰ অনুশীলন কৰা নহয়

কানাডাৰ প্ৰেইৰী অঞ্চল

ইউৰোপৰ ষ্টেপচ

আৰ্জেন্টিনাৰ পম্পাচ👈

আমাজান অববাহিকা

নিম্নলিখিত কৃষি প্ৰকৰণৰ ভিতৰত কোনবিধ কৃষিত চাইট্ৰাছ যুক্ত ফলৰ খেতিৰ প্ৰয়োজন বেছিকৈ থাকে

বজাৰ কেন্দ্ৰিক বাগিছা খেতি

ৰোপন কৃষি

ভূমধ্যসাগৰীয় কৃষি 👈

সমবায় কৃষি

নিম্নলিখিত সমূহৰ ভিতৰত কোনবিধ কৃষিক “ঘাপ মাৰি কাটি জ্বলোৱা” কৃষি বুলিও কোৱা হয়

বিস্তৃত পোষণ কৃষি

আদিম পোষণ কৃষি👈

বিস্তৃত বাণিজ্যিক শস্যৰ কৃষি

মিশ্ৰ কৃষি

নিম্নলিখিত সমূহৰ কোনবিধে এক সংস্কৃতি অনুসৰন নকৰে

দুগ্ধ শালা পাম

মিশ্ৰ কৃষি

ৰোপন কৃষি

বাণিজ্যিক শস্যৰ খেতি👈

2. ৩০ টা মান শব্দেৰে নিম্নলিখিত প্ৰশ্ন সমূহৰ উত্তৰ লিখা

ক. স্হানান্তৰী কৃষিৰ ভৱিষ্যৎ মলিন , আলোচনা কৰা

স্থানান্তৰিত কৃষি পদ্ধতিত নাঙলৰ ব্যৱহাৰ নহয় । বন জংঘল কাটি জ্বলাই লৈ কৃষি ভূমি মুকলি কৰাৰ কাৰণে ইয়াক “ছেদন আৰু দহন” নামেৰেও জনা যায় । এই পদ্ধতিৰে একেৰাহে একোখন কৃষিক্ষেত্ৰত দুই- তিনিবছৰ খেতি কৰিলে ক্ষিপ্ৰ গতিত মাটিৰ উৰ্বৰতা হ্ৰাস পায় । ইয়াৰ উপৰিও এনে কৃষি ব্যৱস্থাত কৃষিভূমিৰ ক্ষেত্ৰফল অনুপাতে কৃষকৰ জনমূৰি আয় নিচেই কম , তদুপৰি বৰ্তমান সময়ত এনেদৰে ঠাই সলনি কৰি খেতি কৰি থকাতো মুঠেই সম্ভৱপৰ নহয় । এনেবোৰ কাৰণতে স্থানান্তৰিত কৃষিৰ ভবিষ্যৎ মলিন বুলি আখ্যা দিয়া হয় | Primary Activities

খ. বজাৰ কেন্দ্ৰিক বাগিছা খেতি পৌৰ এলেকাৰ ওচৰে পাজৰে অনুশীলন কৰে কিয় ?

বজাৰ কেন্দ্ৰিক বাগিছা খেতি পৌৰ এলেকাৰ ওচৰে পাজৰে অনুশীলন কৰাৰ কাৰন হল – নগৰৰ বজাৰ সমূহৰ চাহিদা পূৰন কৰিবলৈ অধিক মূল্য থকা শাক পাচলি, ফল-মূল আৰু ফুলৰ খেতি কৰা , এনে খেতি পথাৰ বোৰৰ আকাৰ সৰু  আৰু নগৰ চহৰৰ উচ্চ আয় থকা উপভোক্তাৰ সৈতে জড়িত হৈ থাকে । উৎপাদিত শস্য সমূহ যাতে নষ্ট নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিও এনে খেতি নগৰ -চহৰৰ ওচৰত যাতায়তৰ সু-ব্যৱস্থা থকা ঠাইত কৰা হয় ।

গ. যাতায়াত আৰু শীতলীকৰণৰ বিকাশ ঘটাৰ বাবেই বৃহত্তৰ হাৰত দুগ্ধশালা কৃষি কৰিব পৰা যায় – আলোচনা কৰা

দুগ্ধশালা কৃষিৰ বাবে অত‌্যাধুনিক যন্ত্ৰ পাতিৰ ক্ৰয় কৰিব লগা হয়, জন্তু বোৰৰ বাবে চালিঘৰ সাজিবলৈও বিভিন্ন বস্তু ক্ৰয় কৰিব লগা হয়, ইয়াৰ উপৰি উৎপাদিত দুগ্ধ সংৰক্ষন কৰিবলৈ উন্নতমানৰ শীতলীকৰণ ব্যৱহাৰ প্ৰয়োজন, আৰু সু- পৰিবহন ব্যৱস্থাৰো প্ৰয়োজন । এনেবোৰ কাৰণতে যাতায়ত আৰু শীতলীকৰণৰ বিকাশ ঘটাৰ বাবেই বৃহত্তৰ হাৰত দুগ্ধশালা কৃষি কৰিব পৰা যায় । Primary Activities

৩. ১৫০ টাত কৈ অধিক শব্দ ব্যৱহাৰ কৰি নিম্নলিখিত প্ৰশ্ন সমূহৰ উত্তৰ দিয়া

ক. অঘৰী চাৰন আৰু বাণিজ্যিক পশুধন পালনৰ মাজত থকা পাৰ্থক্য ৰ বিষয়ে লিখা ।

অঘৰী পশুপালন আৰু ব্যৱসায় ভিত্তিক পশুপালন দুয়োটা ক্ষেত্ৰতে যদিও জীৱ জন্তুক পোহপাল দিয়া হয় তথাপি সাংগঠনিক দিশটোৰ পৰা লক্ষ্য কৰিলে উপৰোক্ত দুই ব্যৱস্থাৰ মাজত কিছুমান পাৰ্থক্য পৰিলক্ষিত হয় , সেইবোৰ তলত উল্লেখ কৰা হ’ল-

অঘৰী পশুপালন হ’ল এবিধ আদিম ভাবে কৰা পোষন ভিত্তিক কাৰ্য । ইয়াত মূলধনৰ প্ৰয়োজন নহয়।

আনহাতে, বাণিজ্যিক পশুপালন এক সু-সংগঠিত ব্যৱস্থা আৰু ইয়াত এক বৃহৎ পৰিমানৰ মূলধনৰ প্ৰয়োজন হয়।

অঘৰী পশুপালক সকলে জীৱ জন্তুৰ খাদ্যৰ সন্ধানত এঠাইৰ পৰা আন ঠাইলৈ ঘূৰি ফুৰে । কিন্তু,

বাণিজ্যিক পশুপালনৰ ক্ষেত্ৰত জীৱ-জন্তুক স্হায়ী ৰেঞ্চত নিয়ন্ত্ৰিত আৰবেৰৰ মাজত চৰিবলৈ দিয়া হয় ।

অঘৰী পশুপালনৰ ক্ষেত্ৰত , পশুপালক সকলে অন্ন, বস্ত্ৰ আদিৰ বাবে পশুবোৰৰ ওপৰত নিৰ্ভৰশীল । পশুবোৰৰ পৰা উৎপাদিত দ্ৰব্য সমূহ বিক্ৰী কৰা নহয় । আনহাতে,

বাণিজ্যিক পশুপালনৰ ক্ষেত্ৰত , পশুপালক সকল অন্ন, বস্ত্ৰৰ বাবে পশুৰ ওপৰত নিৰ্ভৰশীল নহয়। পশুবোৰৰ পৰা উৎপাদিত দুগ্ধ , মাংস আদি বিক্ৰী কৰা হয় ।

বৰ্তমান অঘৰী পশুপালকৰ সংখ্যা কমি গৈছে । কিন্তু,

বানিজ্যিক পশুপালকৰ সংখ্যা বৃদ্ধি পাইছে।

অঘৰী পশুপালন হৈছে এক অসংঘবদ্ধ ব্যৱস্থা । কিন্তু ,

বাণিজ্যিক পশুপালন হৈছে এক সু সংঘবদ্ধ ব্যৱস্থা ।

খ. ৰোপন কৃষিৰ বৈশিষ্ট্য সমূহ আলোচনা কৰা , বিভিন্ন দেশত থকা কিছুমান প্ৰয়োজনীয় ৰোপন শস্যৰ নাম উল্লেখ কৰা

বৰ্ষানুবৰ্ষী প্ৰজাতিৰ বৃক্ষ অথবা গুল্ম শ্ৰেনীৰে উদ্ভিদৰ ৰোপন তথা প্ৰতিপালনৰ মাধ্যমত সম্পন্ন কৰা বাণিজ্যিক কৃষি কাৰ্যক ৰোপন কৃষি বোলে । এই কৃষিৰ বৈশিষ্ট্য সমূহ হল

ৰোপন কৃষি ক্ৰান্তীয় অঞ্চল সমূহত কৰা হয়

ৰোপন কৃষিৰ বাবে বিস্তৃত কৃষিভূমিৰ প্ৰয়োজন হয়

বৃহৎ পৰিমানৰ মূলধন বিনিয়োগ কৰিবলগীয়া হয় , আৰু পৰিচালনা আৰু কাৰিকৰী সাহাৰ্য থকা বৈজ্ঞানিক পদ্ধতিৰ অৱলম্বন কৰিব লগীয়া হয়

উৎপাদিত সামগ্ৰী সমূহক ৰপ্তানি কৰিবলৈ এক সু-পৰিবহন ব্যৱস্থাৰ প্ৰয়োজন হয় ।

বৃহৎ সংখ্যক বনুৱাৰ প্ৰয়োজন হয় ।

বিভিন্ন দেশত কৰা কিছুমান ৰোপন খেতিৰ নাম হ’ল

ভাৰত 👉 চাহবাগিছা

ফিলিপাইন👉 নাৰিকল আৰু কুঁহিয়াৰ

মালয়েছিয়া👉 ৰবৰ

ৱেষ্ট ইণ্ডিজ 👉 কুঁহিয়াৰ আৰু কল

অতিৰিক্ত পাঠভিত্তিক প্ৰশ্নোত্তৰ

১. প্ৰাথমিক খণ্ডৰ জীৱিকা বুলিলে কি বুজা ?

পৃথিৱীৰ প্ৰাকৃতিক পৰিৱেশত নিহিত সম্ভাৱনা সমূহক আধাৰ ৰূপে লৈ তেনেবোৰ আধাৰৰ পৰা সম্পদ আহৰণ কৰা কাম কাজ সমূহক প্ৰাথমিক খণ্ডৰ জীৱিকা বোলে । এই খণ্ড টোত মানুহ প্ৰত্যক্ষভাৱে প্ৰকৃতিৰ লগত জড়িত হৈ পৰে । প্ৰাথমিক খণ্ডৰ জীৱিকা কিছুমানৰ উদাহৰন হ’ল – কৃষি-কাৰ্য, মাছমৰা, ফল-মূলৰ সংগ্ৰহ, চিকাৰ  ইত্যাদি ।

 এই বৃত্তিৰ লগত জড়িত কলা কৌশল সমূহ অতি প্ৰাচীন ।

২. আৰ্থিক কাম-কাজ আৰু জীৱিকাৰ মাজত পাৰ্থক্য কি ?

আৰ্থিক কাম-কাজ আৰু জীৱিকাৰ মাজত পাৰ্থক্য হ’ল

মানুহৰ উপাৰ্জন তথা আয় সৃষ্টিকাৰী কাম-কাজৰ সমূহক আৰ্থিক কাম- কাজ বোলে । আনহাতে,

যি কাম-কাজৰ পৰা আহৰণ কৰা উপাৰ্জনৰ সহায়ত ব্যক্তি নাইবা ব্যক্তি সমষ্টি একোটাই জীৱন যাপনৰ প্ৰয়োজনীয় খৰচ জোৰা মাৰে তাকে , জীৱিকা অথবা বৃত্তি বোলা হয় ।

৩. ট্ৰাক ফাৰ্মিং কি ?

এখন ট্ৰাকে এৰাতিৰ ভিতৰত যিমান দূৰত্ব অতিক্ৰম কৰিব পাৰে , বজাৰৰ পৰা সিমানখিনি দূৰত্বত শাক-পাচলিৰ খেতি কৰা কাৰ্যক ট্ৰাক ফাৰ্মিং বোলা হয় । আকৌ,কেৱল শাক পাচলিৰ কৃষিত ৰাপ থকা কৃষক সকলে কৰা কৃষি কাৰ্যকো ট্ৰাক ফাৰ্মিং বুলি কব পাৰি ।

৪. ঋতু প্ৰবাস কাক বোলে ?

অঘৰী পশুপালক সকলে বিস্তৃত অনুভূমিক দূৰত্ব অতিক্ৰম কৰি নাইবা, পৰ্বতীয় ঠাইত উলম্বিক গতিত এক উচ্চতাৰ পৰা আনটো উচ্চতালৈ চৰনীয়া পথাৰৰ সন্ধানত ঘূৰি ফুৰে । গ্ৰীষ্মকালত সমতল অঞ্চলৰ পৰা পাৰ্বত্য অঞ্চললৈ আকৌ, শীতকালত পাৰ্বত্য অঞ্চলৰ পৰা সমতল অঞ্চললৈ গতি কৰে। Primary Activities

ঋতু অনুযায়ী কৰা এনে প্ৰবজনকে ঋতু প্ৰবাস বোলা হয় ।

৫. মিশ্ৰ কৃষিৰ বৈশিষ্ট্য সমূহ লিখা ।

মিশ্ৰ কৃষিৰ প্ৰধান বৈশিষ্ট্য সমূহ হল –

কৃষি কাৰ্যত উন্নত যন্ত্ৰ পাতিৰ ব্যৱহাৰ ।

প্ৰয়োজনীয় কৃষি গৃহ নিৰ্মানত উচ্চ পৰ্যায়ৰ মূলধন বিনিয়োগ ।

ৰাসায়নিক আৰু সেউজ সাৰৰ বহুল ব্যৱহাৰ ।

কৃষক সকল কৌশলগত আৰু পাৰদৰ্শী ।

এই কৃষি ব্যৱস্থাত খাদ্য- শস্য ৰ লগতে জীৱ জন্তু পালন কৰা হয় ।

৬. তৃতীয় শ্ৰেণীৰ বৃত্তিৰ দুটা উদাহৰণ দিয়া

প্ৰশাসন কাৰ্যৰ লগত জড়িত লোক সকল আৰু পৰামৰ্শ দাতা।

৭. মিশ্ৰ কৃষিৰ বিষয়ে লিখা

ঘাইকৈ উত্তৰ পশ্চিম ইউৰোপ, উত্তৰ আমেৰিকাৰ পূৱ অংশ , ইউৰেছিয়াৰ কোনো কোনো অঞ্চল, আৰু দক্ষিণ গোলাৰ্দ্ধৰ নাতিশীতোষ্ণ মণ্ডলকে ধৰি পৃথিৱীৰ ভিতৰত উন্নত অঞ্চল ৰূপে চিহ্নিত কিছুমান অঞ্চলত মিশ্ৰ কৃষিৰ পয়োভৰ দেখা যায় ।

   এই কৃষি কাৰ্যৰ ক্ষেত্ৰত , কৃষিক্ষেত্ৰ মজলীয়া আকাৰৰ হয় । এনে কৃক্ষি ক্ষেত্ৰত একেলগে কেইবা বিধৰো শস্য উৎপন্ন কৰা হয় আৰু শস্যৰ আৱৰ্তন ঘটোৱা হয় । আকৌ, এনেবোৰ শস্য ক্ষেত্ৰত উৎপন্ন হোৱা উপজ – সম্ভাৰ সমূহৰ ওপৰত নিৰ্ভৰ কৰি শস্য উৎপাদনৰ সমান্তৰাল ভাবে কিছুসংখ্যক পোহনীয়া জীৱ- জন্তু পালন কৰা হয় ।

   মিশ্ৰ কৃষি প্ৰনালীত মূল ধনৰ বিনিয়োগ, হেক্টৰে প্ৰতি উৎপাদনৰ পৰিমান আন যিকোনো কৃষিৰ তুলনাতে বেছি । উন্নত মানৰ বীজ, যন্ত্ৰ -পাতি , সাৰ, উন্নত মানৰ কৌশলগত প্ৰয়োগেৰে এনে কৃষি কৰা হয় ।

   এই কৃষি ব্যৱস্হাত প্ৰধানকৈ গম, বাৰ্লি, ওটচ, ৰাই, গৰু মʼহৰ খাদ্য, আলুজাতীয় শস্য ৰ লগতে হাঁহ- কুকুৰা, গাহৰি, গৰু-মʼহ আদি পোহা হয় ।

৮. ভূমধ্যসাগৰীয় কৃষি পৃথিৱীৰ কত কত পোৱা যায়?

ভূমধ্যসাগৰীয় কৃষি হৈছে এটা বিশেষত্ব পূৰ্ণ বাণিজ্যিক কৃষি । ভূমধ্যসাগৰৰ দুয়োকাষে থকা ইউৰোপৰ দেশ বোৰত আৰু উত্তৰ আফ্ৰিকাৰ টিউনিচিয়া ৰ পৰা আটলান্টিক উপকূল ভাগলৈ , কেলিফ’ৰ্ণিয়াৰ দক্ষিন অঞ্চল , মধ্য চিলি, দক্ষিন আফ্ৰিকাৰ দক্ষিণ পশ্চিম অঞ্চল  আৰু অষ্ট্ৰেলিয়া ৰ দক্ষিণ পশ্চিম ৰ ঠাই সমূহত ভূমধ্যসাগৰীয় কৃষি কৰা হয় ।

৯. মুকলি খনন কাক বোলে ?

যি পদ্ধতিৰ সহায়ত পৃথিৱীৰ ভু-পৃষ্ঠৰ নাতিগভীৰ অৱস্হানত সঞ্চিত হৈ থকা বৃহৎ পৰিমানৰ খনিজ সম্পদ সমূহ অতি কম খৰচতে , অতি সহজে আহৰন কৰা হয় তাকে মুক্ত খনন বোলা হয় ।

১০. বাণিজ্যিক পশুধন পালনৰ দুটা বৈশিষ্ট্য লিখা ?

বাণিজ্যিক পশুধন পালনৰ দুটা বৈশিষ্ট্য হ’ল

বাণিজ্যিক পশুধন পালন কাৰ্য যথেষ্ট পৰিমানে সু সংহত আৰু মূলধন কেন্দ্ৰিক ।

এনে কৃষি ক্ষেত্ৰত , মাত্ৰ এটা প্ৰজাতিৰ পোহনীয়া পশুৰ লালধ – পালন কৰা হয় । Primary Activities

Leave a comment