Know Questions and Answers of Minerals and Rocks

Class 11 | Geography | Chapter 5 | AHSEC

মনিক আৰু শিলা minerals and rocks

 শুদ্ধ উত্তৰ বাছি উলিওৱা

১. গ্ৰেনাইট গঠনৰ মূল উপাদান কোন দুবিধ ? minerals and rocks

ক. লৌহ আৰু নিকেল                              

খ. চিলিকা আৰু এলুমিনিয়াম

গ. লৌহ আৰু ৰূপ                                   

ঘ. লৌহ আৰু অয়স্ক আৰু পʼটাছিয়াম                                                               

২. তলত উল্লেখ কৰা কোনটো ৰূপান্তৰিত শিলাৰ স্পষ্ট বৈশিষ্ট্য ?

ক. পৰিবৰ্তশীল                                   

খ. স্ফটিকযুক্ত

গ. ফʼলিয়েচন                 

ঘ. স্হিৰতা

৩. কোনবিধ খনিজদ্ৰব্য একক উপাদানেৰে গঠিত নহয় ?

ক. সোণ                    

খ. অভ্ৰ

গ. ৰূপ                      

ঘ. গ্ৰাফাইট/খনিজ কʼলা মাটি

৪. আটাইতকৈ কঠিন খনিজদ্ৰব্য কোনবিধ ?

ক. টʼপাজ                    

খ. কোৱাৰ্জ

গ. হীৰা                     

ঘ. ফেলছপাৰ

৫.তলত উল্লেখ কৰা কোনবিধ গেদীয় শিলা নহয়

ক. টিলাইট                    

খ. ব্ৰেচিয়া

গ. বোৰাক্স                    

ঘ. মাৰ্বল

2. উত্তৰ লিখা (৩০ টা শব্দৰ ভিতৰত) minerals and rocks

১. শিলা বুলিলে কি বুজা ? তিনি প্ৰকাৰৰ শিলা কি কি ?

পৃথিৱী পৃষ্ঠৰ একেবাৰে ওপৰৰ কঠিন পদাৰ্থ খিনিক সামগ্ৰিক ভাবে শিলা বুলি কোৱা হয় । শিলা বিভিন্ন মণিকৰ সংমিশ্ৰণেৰে গঠিত।

উৎপত্তিৰ ধৰণ অনুযায়ী শিলাক তিনিটা ভাগত ভগাব পাৰি –

ক. আগ্নেয় বা প্ৰাথমিক শিলা

খ. গেদীয় বা স্তৰীভূত শিলা

গ. ৰূপান্তৰিত শিলা

২. আগ্নেয় শিলা কি ? ই কেনেকৈ গঠন হয় ? আগ্নেয় শিলাৰ বৈশিষ্ট্য কি ?

মেগমাৰ পৰা প্ৰত্যক্ষভাৱে সৃষ্টি হোৱা শিলাকে আগ্নেয় শিলা বোলা হয় ।

পৃথিৱীৰ অন্তৰ্ভাগত থকা উত্তপ্ত গলিত পদাৰ্থ(মেগমা) বোৰ পৃথিৱীৰ উপৰি ভাগলৈ ওলাই আহে আৰু কেতিয়াবা ভূ-ত্বকৰ ভিতৰতে পৰ্যায়ক্ৰমে শীতল হৈ কঠিন হয় আৰু এইদৰে আগ্নেয় শিলাৰ গঠন হয়।

আগ্নেয় শিলাৰ বৈশিষ্ট্য সমূহ হ’ল –

আগ্নেয় শিলা অত্যন্ত ক্ষয়ৰোধী, স্তৰবিহীন আৰু স্ফটিকীয় ।

আগ্নেয় শিলাৰ মাজেৰে পানী সৰকিব নোৱাৰে

আগ্নেয় শিলাৰ মাজত সোণ, ৰূপ, তাম , সীহ আদি ধাতৱ পদাৰ্থ পোৱা যায় ।

৩. গেদীয় শিলা কি ? গেদীয় শিলা কেনেকৈ গঠন হয় ?

প্ৰস্তৰীভৱন বা শিলাকৰণৰ জৰিয়তে গেদ বোৰ জমা হৈ সৃষ্টি হোৱা শিলাকেই গেদীয় শিলা বোলা হয় ।

শীত, তাপ, বায়ুৰ চাপ, বৰষুণ আদিৰ ভৌতিক আৰু ৰাসায়নিক ক্ৰিয়াৰ ফলত আগ্নেয় অথবা ৰূপান্তৰিত শিল বোৰ ভাঙি খণ্ড-বিখণ্ড হয় । আৰু এই চূৰ্ণ-বিচূৰ্ণ উপাদান সমূহ বোৱতী পানী, বতাহ, হিমবাহ আদিৰ জৰিয়তে প্ৰবাহিত হৈ সাগৰ, হ্ৰদ, নাইবা কোনো দʼ ঠাইত জমা হয়। সময়ৰ লগে লগে ভূ-গৰ্ভৰ উত্তাপ, চাপ আৰু জীৱদেহৰ অৱশিষ্ট অংশ, চূণশিল লৌহ পদাৰ্থ আদি সংযোজনৰ ফলত গেদ বোৰ কঠিন হৈ শিললৈ ৰূপান্তৰ হয় । এনেদৰে গেদীয় শিলৰ গঠন হয় । minerals and rocks

৪. শৈল চক্ৰ কি ? চিত্ৰসহ বুজাই লিখা ?

শৈল চক্ৰ হৈছে এক নিৰবিচ্ছিন্ন প্ৰক্ৰিয়া , যাৰ জৰিয়তে সময়ৰ সোঁতত শিলা সমূহৰ ৰূপান্তৰ ঘটে । শৈল চক্ৰৰ পৰ্যায় সমূহ তলত চিত্ৰৰ সৈতে উল্লেখ কৰা হ’ল –

ওপৰৰ চিত্ৰৰ পৰা দেখা গ’ল যে –

ক. আগ্নেয় শিলা হ’ল প্ৰাথমিক শিলা এই শিলা প্ৰত্যক্ষ ভাবে মেগমাৰ পৰা সৃষ্টি হয়, ইয়াৰ পৰা বিভিন্ন প্ৰকাৰে গেদীয় আৰু ৰূপান্তৰিত শিলাৰ সৃষ্টি হয় ।

খ. আগ্নেয় শিলা  আৰু গেদীয় শিলা ৰূপান্তৰিত শিলালৈ পৰিবৰ্তন হ’ব পাৰে ।

গ. আকৌ ৰূপান্তৰিত শিলা আৰু আগ্নেয় শিলা বিভিন্ন কাৰকৰ প্ৰভাৱত চূৰ্ণ-বিচূৰ্ণ হৈ গেদীয় শিলা হ’ব পাৰে , আনকি গেদীয় শিলা ভাঙি খণ্ড-বিখণ্ড হৈ আকৌ গেদীয় শিলালৈ পৰিবৰ্তন ঘটিব পাৰে ।

ঘ. কেতিয়াবা আকৌ এই শিলা সমূহ ফলক বিবৰ্তনৰ ফলত ভূ-গৰ্ভৰ অভ্যন্তৰলৈ সোমাই গৈ ভূ-গৰ্ভীয় উত্তাপৰ ফলত আকৌ মেগমালৈ পৰিবৰ্তন ঘটিব পাৰে । শেষত আকৌ এই মেগমা শীতল হৈ আগ্নেয় শিলাৰ গঠন হয় ।

এইদৰে অবিৰাম ভাবে শৈল চক্ৰ চলি থাকে । minerals and rocks

৩. উত্তৰ দিয়া

১. খনিজ দ্ৰব্য বুলিলে কি বুজা ? বিভিন্ন প্ৰকাৰৰ খনিজ দ্ৰব্যৰ নাম উল্লেখ কৰি সেইবোৰৰ বৈশিষ্ট্য লিখা ?

খনিজ দ্ৰব্যৰ মূল উৎস হ’ল পৃথিৱীৰ অন্তৰ্ভাগত থকা মেগমা । খনিজ দ্ৰব্য বোৰ হ’ল প্ৰাকৃতিক ভাবে উপলব্ধ জৈৱিক আৰু অজৈৱিক উপাদানেৰে গঠিত কিছুমান পদাৰ্থ যিবোৰ পৰমাণুযুক্ত আৰু নিৰ্দিষ্ট ৰাসায়নিক গঠন সমৃদ্ধ । খনিজ বোৰ দুটা নাইবা ততোধিক উপাদানেৰে গঠিত ।

তলত খনিজ দ্ৰব্য কিছুমানৰ নাম আৰু বৈশিষ্ট্য উল্লেখ কৰা হ’ল –

ক. ফেলচপাৰ – সকলো ধৰনৰ ফেলচপাৰত চিলিকন আৰু অক্সিজেন জড়িত হৈ থাকে । অৱশ্যে কেতিয়াবা ছʼডিয়াম, পটাছিয়াম, কেলছিয়াম, এলুমিনিয়াম এইবোৰো কম পৰিমানে পোৱা যায় । ইয়াৰ ৰং পাতল ক্ৰীম সদৃশ আৰু গুলপীয়া হয় ।

খ. ওʼলিভিন – ওʼলিভিন গঠনৰ মূল উপাদান তিনিবিধ হ’ল মেগনেচিয়াম, লৌহ আৰু চিলিকা । ইয়াৰ বৰণ সেউজীয়া।

গ. কোৱাৰ্জ – কোৱাৰ্জ চিলিকাৰে গঠিত । ই পানীত দ্ৰৱীভূত নহয় আৰু ই কঠিন পদাৰ্থ । ৰাডাৰ নাইবা ৰেডিওত ইয়াক ব্যৱহাৰ কৰা হয় ।

ঘ. পাইৰʼক্সিন – কেলছিয়াম, এলুমিনিয়াম, লো , মেগনেছিয়াম আৰু চিলিকাৰে পাইৰʼক্সিন গঠিত । ইয়াৰ ৰং সেউজীয়া নাইবা কৃষ্ণবৰ্ণ । উল্কাপিণ্ডত সাধাৰণতে এই পদাৰ্থ বিধ পোৱা যায় ।

২. ভূ-পৃষ্ঠত বিভিন্ন প্ৰকাৰৰ শিলাৰ উৎপত্তি সম্বন্ধে লিখা । সেইবোৰৰ পাৰ্থক্য কেনেদৰে কৰিবা বুজাই লিখা ?

ভূ-পৃষ্ঠত বিভিন্ন প্ৰকাৰৰ শিলা পোৱা যায় । তাৰ ভিতৰত তিনিপ্ৰকাৰৰ শিলাই প্ৰধান । এই শিলাবোৰৰ উৎপত্তি সম্পৰ্কে তলত বৰ্ণনা কৰা হ’ল –

ক. আগ্নেয় শিলা – আগ্নেয় শিলা প্ৰত্যক্ষ ভাবে মেগমাৰ পৰা উৎপত্তি হয়। পৃথিৱীৰ অন্তৰ্ভাগত থকা গলিত মেগমা কেতিয়াবা ভূ-পৃষ্ঠলৈ ওলাই আহি  অথবা ভূ-ত্বকৰ ভিতৰতে শীতল হৈ কঠিন হয় আৰু শিলৰ ৰূপ লয়গৈ ।

খ. গেদীয় শিলা– আগ্নেয় শিলা আৰু ৰূপান্তৰিত শিলা বিভিন্ন প্ৰাকৃতিক কাৰকৰ প্ৰভাৱত ভাঙি চূৰ্ণ-বিচূৰ্ণ হয় আৰু ইয়াৰ ফলত সৃষ্টি হোৱা গেদ বোৰ বহু বছৰ ধৰি দʼ ঠাইত জমা হয় । বিভিন্ন প্ৰাণীৰ হাড়ৰ ভগ্নাৱশেষ অথবা উদ্ভিদৰ কিছুমান অৱশিষ্ট অংশ‌ও এই গেদ বোৰৰ সংস্পৰ্শলৈ আহে । বহু বছৰ ধৰি জমা হোৱা গেদ বোৰ উত্তাপ আৰু চাপৰ প্ৰভাৱত কঠিন হৈ শিলাৰ ৰূপ লয়, যাক আমি গেদীয় শিল বুলি ক‌ঁও ।

গ. ৰূপান্তৰিত শিলা– আগ্নেয় শিলা আৰু গেদীয় শিলা ভূ-আন্দোলন অথবা আন কিবা কাৰণত ভূ-ত্বকত বহু বছৰ ধৰি চেপা খাই থকাৰ ফলত সিহঁতৰ ভৌতিক আৰু ৰাসায়নিক পৰিবৰ্তন ঘটি ৰূপান্তৰিত শিলাৰ সৃষ্টি হয়।

শিলা সমূহৰ মাজৰ পাৰ্থক্য বুজিবলৈ হ’লে আমি শিলাৰ গঠন, বৈশিষ্ট্য আৰু আকাৰ আকৃতিৰ ওপৰত গুৰুত্ব দিব লাগিব । উদাহৰণস্বৰূপে – আগ্নেয় শিলাত কোনো স্তৰ নাথাকে , কিন্তু গেদীয় শিলাৰ ক্ষেত্ৰত গেদবোৰ তৰপে তৰপে জমা হয় বাবে স্তৰ বোৰ থাকি যায় । গতিকে আমি গম পালো যে শিলাৰ গঠনৰ পৰাও আমি শিলাৰ মাজৰ পাৰ্থক্য বুজিব পাৰো ।

Leave a Reply

Your email address will not be published. Required fields are marked *