Best Medicinal Plants of Assam (in Assamese)

অসমৰ বনৌষধি

আমি অসমীয়া, অসমৰ কলা-সংস্কৃতি আমাৰ হাড়ে-হিমজুৱে বিৰাজমান অসমক লৈ বিভিন্ন সময়ত বিভিন্ন জন গৱেষক, সাহিত্যিক, লেখকে বহু মূল্যৱান মন্তব্য আগবঢ়াই থৈ গৈছে সঁচাকৈয়ে অসমৰ অসমীয়াৰ মনবোৰ যেনেকৈ বৰ ৰসাল, বৰ অতিথিপৰায়ণ আৰু উদাৰ ঠিক তেনেকৈ, অসম খনো প্ৰাকৃতিক ভাৱে বৰ ৰসাল , বৰ বিশাল (Medicinal Plants)

আমি বহুতেই অসমৰ মূল্যবান বনৌষধি বোৰৰ বিষয়ে  অজ্ঞাত বিশেষকৈ আজিৰ প্ৰজন্ম‌ই বনৌষধি বুলিলেই নাক কোচাই, কিন্তু এই বোৰৰ দ্বাৰা আমি এটা সুস্হ শৰীৰৰ অধিকাৰী পাৰো , সেয়েহে মই ভাবো আমাৰ প্ৰজন্ম‌ই অসমৰ বনৌষধি বোৰৰ ওপৰত গুৰুত্ব দিয়া উচিত আৰু প্ৰত্যেকেই ঘৰত সংৰক্ষন কৰা উচিত

আমি ৰঙালী বিহুৰ আগদিনা , অৰ্থাৎ গৰু বিহুৰ দিনা ১০১ বিধ শাক-পাচলি খোৱাৰ পৰম্পৰা আছে আৰু এইয়া বৈজ্ঞানিক ভাবেও ভিত্তি যুক্ত কিন্তু আজিকালি এইবোৰ আমাৰ মাজৰ পৰা হেৰাই যাব ধৰিছে, আমাৰ অতি আধুনিকতা, অমনোযোগিতা আৰু এলেহুৱা মনোবৃত্তিৰ বাবে এনে সম্পদ বোৰ নাইকিয়া ব ধৰিছে

আঁহকচোন আজি আমি আমাৰ ওচৰে পাজৰে থকা সহজতে উপলব্ধ শাক-পাচলিৰ বিষয়ে জানো

. কলমৌ শাক আমি বহুতেই জানো কলমৌ শাক দেখিবলৈ কেনেকুৱা পথাৰৰ দʼ ঠাইত পানীত হয়, অথবা বিলতো পোৱা যায় মই কলমৌ শাক খায় খুব ভাল পাওঁ কলমৌ শাকে হাড় আৰু দাঁতৰ গঠন মজবুত কৰে আৰু প্ৰসূতিৰ স্তন দুগ্ধ বৃদ্ধি কৰে

.কাচকলকাচকল সকলোৱে চিনি পায়েই নিশ্চয় কাচকলৰ বৰা বনাই খাবলৈও বৰ সোৱাদ আজিকালি প্ৰায় মানুহৰে ডায়েবেটিচ , কাচকল এইসকল ৰোগীৰ বাবে বৰ উপকাৰী গ্ৰহণী, ডায়েৰিয়া আদি বেমাৰতো উপকাৰী আৰু হিমগ্লʼবিন গঠনত সহায় কৰে (Medicinal Plants)

. কোমোৰা- গাৱৰ প্ৰায় মানুহৰে ঘৰত আছে বোকা কোমোৰা তিলেৰে খাবলৈও বৰ সোৱাদ কোমোৰা আমাৰ শৰীৰৰ বাবে বৰ উপকাৰী মৃগী বেমাৰৰ বাবে সুপথ্য আৰু স্নায়ু সবল কৰাৰ লগতে স্মৃতি শক্তি বঢ়ায়

. খুতুৰা শাক- খুতুৰা শাক একেবাৰে সহজলভ্য, বজাৰতো প্ৰায়েই কিনিবলৈ পোৱা যায় খুতুৰা শাকে হিমগ্লʼবিন বঢ়ায় , হজম শক্তি বঢ়ায়, কফ, পিত্ত ৰোগ আৰু বাত বিষৰ বাবে উপকাৰী ইয়াত যথেষ্ট পৰিমাণে কেলচিয়াম থাকে সেয়ে হাড় আৰু দাঁত মজবুত কৰাত সহায় কৰে

. জিলমিল শাক- এই শাকে শৌচ স্বাভাৱিক কৰে , শৰীৰত তেজ বৃদ্ধি কৰে , কৃমিনাশক আৰু গ্ৰহণী আৰু বাত বিষতো উপকাৰী

. টেঙেচি টেঙা ছাল নিমজ কৰে স্নায়ু সবল কৰে আৰু স্মৃতিশক্তি বঢ়ায়

. অমিতা- অমিতা, নিশ্চয় জানে সকলোৱেই প্ৰত্যেকৰে ঘৰত এডালকৈ ‌অমিতাৰ গছ থকাটো জৰুৰী অমিতাই হজম শক্তি বঢ়াই, পিত্ত নাশক, পকা অমিতা খাবলৈও সোৱাদ আৰু দৃষ্টি শক্তি বঢ়ায় অমিতাৰ খাৰ বৰ উপকাৰী পকা  অমিতা  , বেচন আৰু দৈ  মিহলাই ফেচপেক বনাই লগালেও ভাল ফল পোৱা যায়

১০. মানিমুনিমানিমুনি পাত বোৰ গোলাকৃতি আৰু দেখিবলৈও বৰ ধুনীয়া মানিমুনি পাত ভাজি খাবলৈ ও বৰ সোৱাদ আৰু ইয়াৰ ৰস পেটৰ বেমাৰৰ বাবে ভাল মানিমুনি পাত ফোঁহা আদিতো ব্যৱহাৰ কৰা হয় উচ্চ ৰক্তচাপ ,পেটৰ ঘা, পেটচলা আদিৰ বাবে উপকাৰী স্নায়ু সবল কৰে , স্মৃতি শক্তি বঢ়ায়, কৰ্কট ৰোগৰ বাবেও সুপথ্য

১১. ঢেকীয়া- ঢেকীয়া ভাজি চাগে আপোনালোকৰ বহুতৰে  প্ৰিয় নহয়নে..? মই খুব ভাল পাওঁ ঢেকীয়াই খাদ্য নলী পৰিষ্কাৰ কৰে , তেজ বৃদ্ধি কৰে আৰু নিম্ন ৰক্তচাপৰ ৰোগীৰ বাবে বৰ উপকাৰী

১২. তিয়হ- তিয়হে শৰীৰ শীতল কৰি ৰাখে, চকুৰ উজ্জ্বলতা বাঢ়ে আৰু ছালৰ বাবেও উপকাৰী

১৩.দোৰোন শাক- দোৰোন শাক ভাজি খায় খুব ভাল লাগে ইয়াৰ বহুতো ঔষধি গুণ আছে দোৰোন শাকে হজম শক্তি বঢ়ায়, দন্তক্ষয়, ফেৰেনজাইটিছ, চাইনাচাইটিছৰ বাবেও বৰ উপকাৰী মোৰো চাইনাচাইটিছ আছে, মই নিজেই দোৰোন পাতৰ ৰস ব্যৱহাৰ কৰি ভালেখিনি সুফল পাইছো আপোনালোকৰো যদি কাৰোবাৰ আছে চাইনাচাইটিছ তেতিয়া লে ইয়াৰ ৰস একেবাৰে সামান্য পৰিমানে নাকত দ্ৰপ আকাৰে দিব পাৰে, সাৱধান কিন্তু, বেছিকৈ দিলে ফৰফৰাই ধৰিব মাহেকীয়া পেট বিষতো দোৰোন শাক উপকাৰী দোৰোন শাকৰ ফুল কৃমি নাশক দোৰোন শাক খৰ-খজুৱতিতো উপকাৰী, আৰু ঘা শুকুৱাতো সহায়ক

১৪. পাতে গজা- পাতে গজা বা দুপৰ টেঙা, মই ভাবো সকলোৰে ঘৰত থকা উচিত, কাৰণ গল্ড ব্লাডাৰ ষ্টোনৰ বাবে উপকাৰী যিহেতু আজিকালি প্ৰায় মানুহৰে পাথৰ হয় , গতিকে মাজে-সময়ে পাতে গজাৰ ৰস অথবা চাটনি বনাই খোৱাৰ অভ্যাস কৰক পস্ৰাব নলী আৰু পস্ৰাব থলীৰ পাথৰ বাহিৰ কৰে পেচাব গাঁথি মাৰি ধৰা , অথবা টোপ-টোপ কৈ পৰিলে ইয়াৰ ৰস খালে সুফল পোৱা যায় যকৃতৰ বা লিভালৰ বাবেও উপকাৰী

১৫. পূৰৈশাক- আমাৰ ফালে পূইশাক বুলি জনাজাত পূৰৈ শাকে দৃষ্টি শক্তি বঢ়ায়, শৌচ স্বাভাৱিক কৰে, স্মৃতিশক্তি বঢ়ায় আৰু শক্তিদায়ক

১৬. ব্ৰাক্ষ্মীশাক- সকলোৱে জ্ঞাত যে ব্ৰাহ্মী শাকে স্মৰণ শক্তি বঢ়ায় আমাৰ ঘৰতো ব্ৰাহ্মী শাক আছে মায়ে ভাইটি আৰু মোক সৰুতে ইয়াৰ ৰস খুব খুৱাইছিল, সোৱাদ টো একেবাৰে তিতা, সৰুতে ইমান ভালপোৱা নাছিলো, কিন্তু এতিয়া উপকাৰিতা বোৰ জানো বাবে নিজেই খাও ব্ৰাহ্মী ডায়েবেটিচ ৰোগীৰ বাবে উপকাৰী, স্নায়ু সবল কৰে, নিদ্ৰাহীনতা দূৰ কৰে , মগজু শীতল কৰি ৰাখে আৰু মৃগী বেমাৰৰ বাবেও উপকাৰী

১৭. ভেদাইলতা- ভেদাইলতা বুলিলে মনলৈ আহে পাদৰ নিচিনা গোন্ধ গোন্ধতো বেয়া কিন্তু উপকাৰিতা আছে, মানে ৰূপে কি কৰে গুনেহে সংসাৰ তৰেনিচিনা কথা পেটৰ বেমাৰত ভাল, শক্তি বঢ়ায়, গাৰ বিষ, বাত বিষ , ৰক্তহীনতা দূৰ কৰে , লিভাৰেৰ বাবে উপকাৰী, ভগ্নস্হান জোৰা লগায় ভেদাইলতাৰ ৰসেৰে মাছৰ জোল বনাই খাবলৈও বৰ সুস্বাদু

১৮. মুছন্দৰী- মুছন্দৰী আমাৰ ঘৰতো আছে চাটনি বনাই খায় খুব ভাল লাগে আমাৰ মায়ে ধুনীয়াকৈ বনায় মুছন্দৰীয়ে শ্বাস-প্ৰশ্বাসৰ সমস্যা দূৰ কৰে নিউমোনিয়া , শাওগ্ৰহণী আদিৰ বাবে উপকাৰী

১৯. মানকচু- মানকচু বটি চাটনি বনাই খাবলৈও বৰ সুস্বাদু পিছলৈ বাৰু ৰেচিপি বোৰো আপোনালোকৰ লগত চেয়াৰ কৰিম এতিয়া গুণ বোৰ জানি ল‌ঁওক আৰু ঘৰতে সংৰক্ষণ কৰক মানকচু লিভাৰৰ বাবে মহৌষধ, পেটত পানী জমা হোৱা ৰোগীৰ বাবে উপকাৰী, টাইফয়েড, নিউমোনিয়া ৰোগীৰ বাবে উপকাৰী তেজ পৰিষ্কাৰ কৰে , তেজ বৃদ্ধি কৰে

২০. মহানিমৰ পাত- মহানিমৰ মহা গুণ বোৰ সকলোৱে পৰিচিত মহানিমে বায়ু প্ৰদূষণ ৰোধ কৰিব পৰা গুণ আছে চৰ্ম ৰোগ যেনে খজুৱতি , খৰ আদিৰ বাবে উপকাৰী, ডায়েবেটিচৰ বাবেও উপকাৰী, কৃমি নাশকআৰু ঘা শুকোৱাত সহায় কৰে, চালৰ ৰোগ প্ৰতিৰোধ কৰে , আৰু তেজ পৰিষ্কাৰ কৰে মই ভাবো আমাৰ প্ৰত্যেকৰে ঘৰত মহানিমৰ গছ এজোপা কৈ থকা উচিত

২১. শেৱালী ফুল- শেৱালী ফুল ভাজি খায় বৰ ভাল লাগে, অকনমান তিতা-কেঁহা নিচিনা সোৱাদযুক্ত কৃমি, মেলেৰিয়া ৰোগ, গাৰ বিষৰ বাবে সুপথ্য, তেজ পৰিষ্কাৰ কৰে আমাৰ ঘৰতো এজোপা শেৱালী আছে বৰ ধুনীয়া লাগে ৰাতিপুৱা যেতিয়া বগা শেৱালী বোৰ দূবৰিৰ ওপৰত নিয়ৰত তিতি থাকে , ভাবক চোন এবাৰ দৃশ্য টো

২২. নৰসিংহ চকুৰ বেমাৰত উপকাৰী, কুকুৰীকণা ৰোগ নিৰাময় কৰিব পাৰে , ডায়েবেটিচ ৰোগীৰ বাবেও উপকাৰী, প্ৰজনন শক্তি বৃদ্ধি কৰে, ৰক্তহীনতা দূৰ কৰে নৰসিংহ পাত দাইলত দিও খাব পাৰি, আৰু চাটনি আৰু বেচনেদি বৰা বনাই খাইয়ো খুব ভাল লাগে আমাৰ ঘৰতো আছে এজোপা নৰসিংহ

২৩.পদিনা ৰুচিহীনতা দূৰ কৰে, হিমগ্লʼবিন বঢ়ায়, লিভাৰেৰ বাবে ভাল, অনিয়মিত মাহেকীয়া সমস্যা দূৰ কৰে, দেহৰ পৰা দূষিত পদাৰ্থ বাহিৰ কৰাত সহায় কৰে আৰু বমিনাশক পদিনা পাতৰ ৰসে ছান-বাৰ্ণ ৰোধ কৰাত সহায় কৰে

২৪. মৰাপাটৰ আগ- মৰাপাতৰ আগ ভাজি খাই খুব ভাল লাগে প্ৰতিবছৰে আমাৰ ঘৰত মৰাপাটৰ আগ- খাবৰ বাবেই অলপ কমকৈ খেতি কৰো মধুমেহ ৰোগীৰ বাবে উপকাৰী, ছালৰ ৰোগ নিৰাময় কৰে, তেজ চাফা কৰে মৰাপাটৰ আগ শুকাই থলে তাক শোকোতা বোলে , মুধুমেহ বা ডায়েবেটিচ ৰোগৰ বাবে উপকাৰী

২৫. হেলেচি শাক- ইয়াৰ সোৱাদ টো তিতা হয় খাদ্য হজমত সহায় কৰে আৰু ৰক্তহীনতা দূৰ কৰে

২৬. সৰিয়হ শাক- সৰিয়হ শাক খাইয়ো মই খুব ভাল পাওঁ প্ৰতিবছৰে শাক খাবৰ বাবে ঘৰতে অলপকমকৈ সৰিয়হ চতিয়াব পাৰি চকুৰ বাবে উপকাৰী আৰু কুকুৰীকণা বেমাৰৰ বাবে উপকাৰী

২৭. নেমুটেঙা- নেমুৰ ৰস খুব উপকাৰী প্ৰত্যেকৰে ঘৰত হয়তো এজোপা নেমু গছ থাকেই নেমু ৰসে চৰ্বি হ্ৰাস হোৱাত সহায় কৰাৰ উপৰিও, স্কাৰ্ভি, মুখৰ ৰোগ, ডিঙিৰ ৰোগ,  পাচন ক্ৰিয়া বিজুতি, কলেৰা , পাকস্হলীৰ ঘা আদিৰ বাবে উপকাৰী ডিঙিত কফ জমা লে, বাকলি সহিতে এটা নেমু পোৰক , যেতিয়া নেমু টোৰ বাকলি খিনি ফাটিব আৰম্ভ কৰিব তেতিয়া জুইৰ পৰা উলিয়াই আনি ৰস উলিয়াই মৌৰ লগত মিহলাই খালে সুফল পোৱা যায় তনছিলৰ সমস্যাত নেমু ৰস কুহুমীয়া পানীত মৌ আৰু অকনমান নিমখৰ সৈতে মিহলাই গাৰগল কৰিব পাৰে বা খাব পাৰে , আপুনি যথেষ্ট পৰিমাণে সকাহ পাব

২৮. হালধি- হখলধিৰ উপকাৰিতা সম্বন্ধে নিশ্চয় সকলোৱে জানে ছালৰ বাবেও কেঁচা হালধিৰে পেষ্ট বৰ ভাল হালধি জীবানুনাশক বুলিও জনা যায় আৰ্থ্ৰাইটিছ ৰোগীৰ বাবে বৰ উপকাৰী এই ৰোগীয়ে নিয়মীয়াভাৱে হালধিৰ চূৰ্ণ (গুৰি) খালে সুফল পাব

গতিকে আপোনালোকে গমেই পালে আমাৰ চাৰিও ফালে সহজলভ্য বস্তুবোৰৰ ঔষধি গুণ কিমাণ আৰু বহুতো এনেকুৱা শাক-পাচলি বা গছ লতিকা আছে যাৰ গুণ বহুত আপোনালোকে জানা খিনিও আমাৰ লগত চেয়াৰ কৰক আহক আমি সকলোৱে এতিয়াৰে পৰা আমাৰ মূল্যবান বনৌষধি বোৰ সংৰক্ষন কৰো আৰু আমাৰ নিজৰ লগতে পৰিয়াল টোকো বিভিন্ন ৰোগৰ পৰা বচাই ৰাখো

বেমাৰৰ এটা হোৱাৰ পিছত প্ৰতিকাৰ কৰাতকৈ আগতীয়াকৈ প্ৰতিৰোধৰ ব্যৱস্থা কৰাই উত্তম গতিকে আপোনালোকে দৈনিক খাদ্য তালিকাত , অথবা সপ্তাহত এদিনকৈ এনবোৰ শাক-পাচলি খোৱাৰ অভ্যাস কৰক, আৰু ঘৰতো সংৰক্ষন কৰাৰ ব্যৱস্থা কৰক

ধন্যবাদ

Leave a comment