Why Life is more important than marks

নম্বৰ vs জীৱন

নম্বৰ , percentage, internal marks, external marks এইবোৰেই যেন আমাৰ জীৱন । 80%, 90% earn কৰিব নোৱাৰিলোঁ , what a stressful life ! মা-দেউতাৰ গালি, অমুকৰ লৰাটোৱে ইমান percent পালে আৰু ত‌ই আমাৰ আশাত চেঁচা পানী ঢালিলি । এহ্ তোমাৰ ইমান percent কম  , আজিকালি ইমান competition তুমি কতোৱেই seat নাপাবা । Percent কম মানে তুমি পঢ়া নপঢ়া সমান । ইফালে তুমি sheeting কৰি হ‌ওক, বেলেগৰ তাতে চাই লিখি হ‌ওক, মুখস্থ মাতি হ‌ওক মাত‌্ৰ highest percent পাব লাগে ।

কিন্তু এটা কথা দেই , সকলো ভাল percent earn কৰা student কিন্তু বেয়া নহয়, সচাকৈয়ে তেওঁলোকৰ সিমানখিনি talent থাকে যাৰ বাবে তেওঁলোকে জীৱনৰ বাকী সময়ছোৱাতো থমকি নৰয় , সফল হয়।

কিন্তু এই percentage টোৱে জানো আমাৰ আটাইখিনি প্ৰতিভাৰ প্ৰতিফলন কৰে, নিশ্চয় নকৰে । আমাৰ প্ৰতিভা খিনি কেৱল percentage অতে সীমাবদ্ধ নহয় । আমি ক’ব নোৱাৰো যে ভাল percentage পোৱা সকলো শিক্ষাৰ্থীয়ে প্ৰতিভাবান ।

Kid, Child, Bullying, Pointing

মই তোমালোকক ক’ব বিচাৰো যে নম্বৰতকৈ তোমাৰ নিজৰ skill ওপৰত গুৰুত্ব দিয়া । ধৰি লোৱা তুমি 80-90% পাই H.S/H.S.L.C, U.G/P.G complete কৰিলা , কিন্তু তোমাৰ যদি ভাল communication skill, creative writing skills, computer skill, etc. নাথাকে তেন্তে তুমি তোমাৰ career অত সফল হ’ব পাৰিবা জানো..?  If you want to be successful in your life then you should have some special skills .

গতিকে, I would like to suggest all of you that, বেলেগৰ কথাত মুৰ নঘমাই নিজৰ personal skill ৰ ওপৰত গুৰুত্ব দিয়া । কম নম্বৰ পালেই তোমাৰ জীৱন ধ্বংস হৈ নাযায়, নম্বৰেই সকলো নহয় ।

যদি আমি কিছুমান বিশেষ ব্যক্তিৰ উদাহৰণ ল‌ঁও , তেতিয়া এই কথাটো গম পাম । যেনে – জুবিন গাৰ্গ, শ্বাহৰুখ খান, অমিতাভ বচ্চন, মেৰী কম, হিমা দাস, লাভলীনা বৰগোহাঁই , শচীন তেণ্ডুলকাৰ , দীপালী বৰঠাকুৰ, নীলপৱন বৰুৱা , ৰতন টাটা, বিল গেটছ, ইলন মাক্স, মাৰ্ক জুকাৰবাৰ্গ  এখেতসকলে জীৱনত কেতিয়াও নম্বৰত পিছত দৌৰা নাই, দোৰিছে কেবল skill ৰ ওপৰত । তেখেত সকলে আজি নিজৰ skill ৰ কাৰনেই পৃথিৱী বিখ্যাত হ’ব পাৰিছে ।

গতিকে, never demotivated by your percentage, surely you have some special God gifted skill. Find out your won skill and apply it , it will take you to a new destination .

https://www.youthkiawaaz.com/2021/12/students-studies-society-mental-health-marks-grades-pressure/

Leave a comment