Question and Answers of Nature and Scope, Manob Bhugol

প্ৰকৃতি আৰু পৰিসৰ

মানৱ ভূগোল – (গোট -১) প্ৰথম অধ্যায়

Class 12 | Human Geography | First Chapter | Assamese Medium | Manob Bhugol

1. পাৰিপাৰ্শ্বিক নিৰ্নয় বাদ মতবাদ টো বৰ্ণনা কৰা । (Manob Bhugol)

পাৰিপাৰ্শ্বিক নিৰ্নয় বাদ মতবাদ টোৰ ধাৰণা ফ্ৰেডৰিক ৰাটজেল নামৰ ব্যক্তি গৰাকীয়ে আগবঢ়াইছিল ।(Manob Bhugol)

এই মতবাদ মতে, প্ৰাকৃতিক পৰিৱেশৰ দ্বাৰা পৃথিৱীৰ সমস্ত জীৱজগত নিয়ন্ত্ৰিত হৈ আহিছে । পৃথিৱীৰ বিভিন্ন অঞ্চলৰ মানুহৰ ক্ৰিয়াকলাপৰ মাজত দেখিবলৈ পোৱা পাৰ্থক্যৰ মূলতে হ’ল প্ৰাকৃতিক পৰিৱেশৰ আঞ্চলিক ৰেহ ৰূপৰ প্ৰভাৱ । এই চিন্তা চৰ্চাৰ ধাৰনাটোকে পাৰিপাৰ্শ্বিক মতবাদ বুলি অভিহিত কৰা হৈছে । (Manob Bhugol)

এই মতবাদ মতে, পৃথিৱীৰ উন্নতিৰ মূলতে হ’ল প্ৰকৃতি বা পৰিবেশ , পৰিবেশে পৃথিৱীৰ সমস্ত জীৱজগতত প্ৰভাৱ পেলায় আৰু জীৱকুলৰ বাবেও প্ৰাকৃতিক পৰিৱেশ এক এৰাব নোৱাৰা অংশ । এই ক্ষেত্ৰত গ্ৰীক দাৰ্শনিক তথা ৰাজনীতিবিদ এৰিষ্ট’টলে কৈছিল যে “এখন দেশৰ নাগৰিক সকলৰ উন্নতিৰ মূলতে হ’ল দেশ খনৰ সুন্দৰ পাৰিপাৰ্শ্বিক অৱস্থা”। (Manob Bhugol)

এই মতবাদ টোক সমৰ্থন কৰা অন্য কেইজন মান বিখ্যাত ব্যক্তি হল – মেকিণ্ডাৰ, ডেভিচ, হান্টিংটন আদি ।

2. সম্ভাবনাবাদ মতবাদ টো বৰ্ণনা কৰা।

সম্ভাবনা বাদ মতবাদৰ ধাৰণাটো আগবঢ়াইছিল ভাইডিয়েল দ্যা লা ব্লাচি নামৰ ব্যক্তি গৰাকীয়ে ।

এই মতবাদ মতে , মানুহ যথেষ্ট জ্ঞান আৰু কৌশলৰ অধিকাৰী হোৱা হেতুকে মানুহৰ কৰ্ম কাণ্ড‌ই প্ৰাকৃতিক পৰিৱেশৰ ওপৰত প্ৰভাৱ পেলাব পাৰে । মানুহে নিজৰ সুবিধা অনুযায়ী প্ৰাকৃতিক পৰিবেশক সজাই ল’ব পাৰে , আৰু মানুহ কেতিয়াও প্ৰকৃতিৰ অধীন নহয় । ইচ্ছা অনুযায়ী মানুহে বিভিন্ন কৌশলৰ জৰিয়তে প্ৰাকৃতিক পৰিৱেশৰ ওপৰত  আধিপত্য বিস্তাৰ কৰিব পাৰে ।

এই মতবাদ টো সমৰ্থন কৰা আন কেইজনমান ব্যক্তি হ’ল – জিনব্ৰুনচ, এলিচি ৰেকলাচ, ইমানুৱেল, দ্যা মাৰ্টিন আদি ।

3. নব্য নিৰ্নয় বাদ মতবাদ টো বৰ্ণনা কৰা।

এই মতবাদ টো উপস্থাপন কৰিছিল ব্ৰিটিছ ভূগোলবিদ গ্ৰীফট টেইলৰে ।

মানুহ আৰু পৰিৱেশৰ মাজৰ সম্পৰ্ক অধ্যয়নৰ তৃতীয় টো দৃষ্টিভংগী কে নব্য নিৰ্নয়বাদ বুলি আখ্যা দিয়া হৈছে ।

টেইলৰৰ মতে, এখন ৰাষ্ট্ৰ অথবা অঞ্চল একোটাৰ পৰিক্ৰমা টো প্ৰধান ভাবে প্ৰাকৃতিক দৃশ্যপটৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে । আনহাতে প্ৰকৃতি সৃষ্ট উন্নয়নৰ সম্ভাৱনা ক মানুহে গতি প্ৰদান কৰে বা এক স্হৱিৰ অৱস্থাত ধৰি ৰাখে।

টেইলৰৰ মতে , প্ৰাকৃতিক সম্পূৰ্ণৰূপে মানুহৰ হস্তক্ষেপৰ পৰা আতৰাই ৰাখিলে উন্নয়ন সম্ভৱ নহয় ।

4.সময়ৰ সোঁতত মানৱ ভূগোলৰ ওপৰত এটি টোকা লিখা ?

মানুহ আৰু পৰিৱেশৰ সম্পৰ্ক অনুধাৱনকেন্দ্ৰিক শৈক্ষিক বিষয় হিচাপে সময়ৰ সোতত ভূগোল বিজ্ঞান বিষয় টোৰ ভালেখিনি পৰিবৰ্তন হৈ আহিছে ।

মানুহ আৰু পৰিৱেশৰ আন্তঃসম্পৰ্কৰ সমান্তৰাল ভাবে বিভিন্ন অঞ্চলত গঢ়ি উঠা মানৱ পৰিচালিত ক্ৰিয়াকলাপৰ কালানুক্ৰমিক ৰেহ ৰূপৰ আধাৰত আমি ভূগোল অধ্যয়নৰ পৰিক্ৰমা টোক ৬ টা স্তৰত বিভক্ত কৰিব পাৰো

ক. ঔপনিৱেশিক যুগৰ আৰম্ভণি – এই সময়ছোৱাত সাম্ৰাজ্য বাদ আৰু বেহা বেপাৰৰ আগ্ৰহে নতুন অঞ্চল বোৰ আবিষ্কাৰত সহায় কৰিছিল । এইসময়ত অন্বেষণ আৰু বৰ্ণনা আছিল ভূগোল অধ্যয়নৰ প্ৰধান পদ্ধতি

খ. উপনিবেশিক সাংস্কৃতিক বিস্তাৰ – এই সময়ছোৱাত আঞ্চলিক বিশ্লেষণৰ জৰিয়তে অধ্যয়ন কৰা হৈছিল

গ. আন্ত মহাসমৰ কাল – এই সময়ছোৱাত অঞ্চলভেদে পৃথকীকৰণ জৰিয়তে অধ্যয়নৰ পাতনি মেলা হৈছিল

ঘ. ১৯৫০-১৯৭০ – এই সময়ছোৱাক পৰিমান বৈপ্লবিক সময় বুলি কোৱা হয় । এই সময়ত মানচিত্ৰ অংকনৰ পদ্ধতি বোৰ চিনাক্ত কৰন আৰু উপযুক্ত কাৰ্যত এইবোৰৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিয়া হৈছিল।

ঙ.১৯৭০-১৯৮৯- এই সময়ছোৱাত মানৱতাবাদ আৰু আচৰনবাদী ভাৱধাৰাৰ উন্মেষ ঘটিছিল।

চ. ১৯৯০ পৰা আজিলৈকে – উত্তৰ আধুনিকতাবাদৰ পিছৰ সময়ৰ ভূগোল, ভূগোল অধ্যয়নৰ ক্ষেত্ৰত  বিভিন্ন উন্নত মানৰ সজুলিৰ ব্যৱহাৰ , নতুন চিন্তাধাৰাৰ উন্মেষ ঘটে । (Manob Bhugol)

5. মানৱ ভূগোল বুলিলে কি বুজা ?  ইয়াৰ প্ৰৰিসৰ বাখ্যা কৰা ।

ভূগোল বিজ্ঞানক প্ৰধানতঃ দুটি ভাগত বিভক্ত কৰা হৈছে

সেইয়া হৈছে – প্ৰাকৃতিক ভূগোল আৰু মানৱ ভূগোল ।

মানৱ ভূগোলত মানুহৰ কাম কাজ, অৰ্হতা, ধ্যান ধাৰণাৰ লগতে প্ৰাকৃতিক পৰিৱেশৰ লগত মানুহৰ আন্তঃসম্পৰ্ক আৰু সকলো ধৰনৰ মানৱীয় ক্ৰিয়াকলাপৰ ক্ষেত্ৰিয় আৰু কালানুক্ৰমিক লক্ষন সমূহ অধ্যয়ন কৰা হয় ।

মানৱ ভূগোলে পৰিৱেশৰ পটভূমিত গঢ় লৈ উঠা বিভিন্ন কাৰ্যকালাপৰ অঞ্চলভেদে অধ্যয়ন কৰে আৰু এই বিভিন্নতা ৰ কাৰণ সম্পৰ্কেও যুক্তি বিচাৰে ।

মানৱ ভূগোলৰ ক্ষেত্ৰখন বৰ বিশাল । মানৱ ভূগোলে জনসংখ্যা ভূগোল, জনবসতি ভূগোল, পৌৰ ভূগোল, অৰ্থনৈতিক ভূগোল, ৰাজনৈতিক ভূগোল, সমাজ ভূগোল এই আটাইবোৰ বিষয় সামৰি লয় ।

6. মানৱ ভূগোলৰ  উপক্ষেত্ৰৰ নাম লিখা

মানৱ ভূগোলৰ উপক্ষেত্ৰ বোৰ হ’ল –

কৃষি ভূগোল, উদ্যোগ ভূগোল, সাংস্কৃতিক ভূগোল, চিকিৎসা ভূগোল, প্ৰতিৰক্ষা ভূগোল, প্ৰশাসন ভূগোল ইত্যাদি

7. মানৱ ভূগোল কেনেদৰে আন সমাজ বিজ্ঞানৰ লগত জড়িত ?

মানৱ ভূগোলে মানুহ আৰু প্ৰকৃতিৰ আন্তঃসম্পৰ্ক অধ্যয়ণ কৰিবলৈ যাওঁতে আন সমাজ বিজ্ঞানৰ বিষয় বোৰৰ লগত জড়িত হৈ পৰে ।  কিয়নো মানুহ প্ৰকৃতিৰ মাজত বাস কৰাৰ উপৰিও সামাজিক জীৱ, সমাজৰ লগত মানুহৰ এক ওতঃপ্ৰোত সম্পৰ্ক আছে । সেয়েহে মানৱ ভূগোল অধ্যয়নৰ কৰিবলৈ যাওঁতে অন্য সমাজ বিজ্ঞানৰ বিষয় যেনে, ঐতিহাসিক ভূগোল, ৰাজনৈতিক ভূগোল, অৰ্থনৈতিক ভূগোল ইত্যাদি অধ্যয়ন কৰিব লগা হয় ।

8. মানৱৰ প্ৰকৃত্যায়ন বাখ্যা কৰা ।

মানৱৰ প্ৰকৃত্যায়ন মানে হ’ল সম্পূৰ্ণ ৰূপে প্ৰাকৃতিক পৰিৱেশক আঁকোৱালি লৈ প্ৰকৃতিৰ মাজত বসবাস কৰা য’ত কোনো কৃত্ৰিমতা নাই ।

উদাহৰণস্বৰূপে – আন্দামান নিকোবৰৰ আদিবাসী সকলে প্ৰকৃতিৰ পৰা পোৱা উপকৰণেৰে ঘৰ সাজে, প্ৰকৃতিৰ পৰা প্ৰত্যক্ষভাৱে খাদ্য আহৰণ কৰে, আৰু তেওঁলোকে আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ নকৰে । আনকি পিন্ধনত টো গছৰ ছাল বাকলি হে পিন্ধে ,অলৈ তলৈ গ’লে খোজ কাঢ়ি যায়, সিহতে কোনো গাড়ী মটৰৰ ব্যৱহাৰ নকৰে ।

গতিকে ইয়াকে আমি মানৱৰ প্ৰকৃত্যায়ন বুলিব পাৰো । (Manob Bhugol)

9. মানৱ ভূগোলৰ সংজ্ঞা দিয়া

ৰাটজেলৰ মতে – “ভূ-পৃষ্ঠ আৰু মানৱ সমাজৰ মাজত থকা সম্পৰ্কৰ সাংশ্লেষিক অধ্যয়নেই হ’ল মানৱ ভূগোল”।

MCQ (Manob Bhugol)

1. নিম্নলিখিত উক্তি সমূহৰ কোনোটোৱে ভূগোলক বৰ্ণনা নকৰে

ক. এক সন্মিলিত শিক্ষনীয় বিষয়

খ. মানুহ আৰু পৰিৱেশৰ মাজৰ আন্তঃসম্পৰ্ক অধ্যয়ণ

গ. দ্বৈত ভাৱধাৰাত পৰাভূত

ঘ. প্ৰযুক্তিবিদ্যাৰ উন্নয়নৰ বাবে বৰ্তমান সময়ত প্ৰাসংগিকতা নাই 👈

2. নিম্নলিখিত কোনটো ভৌগলিক তথ্যৰ উৎস নহয় ?

ক. পৰিভ্ৰমণ কালীৰ টোকা

খ. পুৰণি মানচিত্ৰ

গ. চন্দ্ৰ পৰা লোৱা শৈল পদাৰ্থৰ নমুনা 👈

ঘ. পৌৰাণিক মহাকাব্য

3. নিম্নলিখিত কোনটো মানুহে আৰু পৰিৱেশৰ মাজত থকা আন্তঃপ্ৰক্ৰিয়াৰ বাবে বহু প্ৰয়োজনীয় কাৰক

ক. মানুহৰ বুদ্ধি

খ. মানৱ চেতনা👈

গ. প্ৰযুক্তি

ঘ. মানুহৰ ভাতৃত্ববোধ

4. নিম্নলিখিত কোনটো মানৱ ভূগোলৰ বিচাৰ পদ্ধতি নহয়?

ক. আঞ্চলিক বৈষম্য

খ. স্থানিক সংগঠন

গ. পৰিমাপন বিপ্লব 👈

ঘ. অন্বেষণ আৰু বৰ্ণনা

https://www.shaalaa.com/textbook-solutions/c/balbharati-solutions-geography-12th-standard-hsc-maharashtra-state-board-chapter-8-geography-nature-and-scope_3283

Leave a comment