মানৱ বন্দনা Manav Vandana
১. চন্দ্ৰকুমাৰ আগৰৱালাৰ জন্ম কেতিয়া হৈছিল? Manav Vandana
ৰোমান্টিক যুগৰ শ্ৰেষ্ঠ কবি চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ জন্ম হৈছিল ১৮৬৭ চনত | Manav Vandana
২.চন্দ্ৰকুমাৰ আগৰৱালা দেৱে ৰচনা কৰা দুখন কবিতা পুথিৰ নাম লিখা ?
প্ৰতিমা আৰু বীণ ব’ৰাগী
৩.চন্দ্ৰকুমাৰ আগৰৱালা দেৱে সম্পাদনা কৰা আলোচনী খনৰ নাম কি?
জোনাকী
৪.চন্দ্ৰকুমাৰ আগৰৱালা দেৱে সম্পাদনা কৰা কাকত খনৰ নাম কি?
সাদিনীয়া অসমীয়া।
৫.’ মানুহেই পৰাৎপৰ’ বোলা কথাষাৰৰ অৰ্থ কি?
মানুহেই পৰাৎপৰ কথাষাৰৰ অৰ্থ হ’ল – মানুহেই শ্ৰেষ্ঠত কৈয়ো শ্ৰেষ্ঠ জীৱ।
৬. মানুহক ‘মায়াপী জীৱ’ বোলাৰ অৰ্থ কি?
মায়াপী শব্দ টোৰ অৰ্থ হ’ল মায়া মোহ অৰ্থাৎ মায়াপী জীৱ মানে হ’ল – মায়া মোহ উপজোৱা জীৱ। আমি মানু্হ , আমাৰ ঘৰ-সংসাৰ বা ওচৰ চুবুৰীয়াৰ লগত এক মৰমৰ আবেগৰ বান্ধোন আছে। সংসাৰৰ মায়া মোহৰ জালত আমি প্ৰত্যেকেই আৱদ্ধ , সেইকাৰণে মানুহক ‘মায়াপী জীৱ’ বোলাৰ হয়।
৭. পাদ্য অৰ্ঘ্য লৈ মানুহক পূজা কৰাৰ অৰ্থ কি ?
মানৱ ধৰ্মই হৈছে প্ৰকৃত ধৰ্ম । মানুহেই দেৱ, মানুহেই সেৱ, মানুহ বিনে নাই কেৱল, বুলি কবি চন্দ্ৰকুমাৰ আগৰৱালা দেৱে ‘মানৱ বন্দনা’ কবিতাটিত উল্লেখ কৰিছে । মানৱ ধৰ্মই হৈছে প্ৰকৃত ধৰ্ম, মানুহৰ মাজতে ভগৱান লুকাই আছে । সেয়েহে কবিয়ে পাদ্য অৰ্ঘ্য লৈ মানুহক পূজা কৰিব দিছে।
৮. মানৱ বন্দনা কবিতাটিৰ সাৰাংশ তোমাৰ নিজৰ কথাৰে বিৱৰি লিখা ?Manav Vandana
ৰোমান্টিক যুগৰ কবি চন্দ্ৰকুমাৰ আগৰৱালা দেৱে ৰচনা কৰা ‘মানৱ বন্দনা’ শীৰ্ষক কবিতাটিৰ জৰিয়তে উদাৰ মানৱতাবাদী ভাৱ-ধাৰাৰ প্ৰকাশ পাইছে। এই পৃথিৱীলৈ যুগ- যুগ ধৰি মানুহৰ সোত বৈছে। অগনন মানুহ আহিছে আৰু কোনোবা অচিন ঠাইলৈ উভতি গৈছে। কবিয়ে কৈছে যে মানুহ মায়াপী জীৱ , অৰ্থাৎ আমি প্ৰত্যেকেই মৰম – চেনেহৰ এনাজৰী যে বান্ধ খাই থাকো । মানুহে ইজনে সিজনক কৰা আদৰ যত্ন আৰু মানৱ সেৱাৰ জৰিয়তে আমি মৰততো স্বৰ্গৰ সুখ লাভ কৰিব পাৰো । মানৱ ধৰ্মই হৈছৈ প্ৰকৃত ধৰ্ম , মানুহৰ মাজতে ভগৱান লুকাই আছে। সেয়ে কবিয়ে পাদ্য অৰ্ঘ্য লৈ মানুহক পূজা কৰিবলৈ কৈছে । মানুহৰ শ্ৰেষ্ঠত্ব প্ৰকাশ কৰাটোৱেই হৈছে কবিতাটোৰ ঘাই উদ্দেশ্য । Manav Vandana
৯.’ এই যে পৃথিৱী স্বৰ্গতো অধিক
মানুহৰ নিজাপী ঘৰ’ – কথাষাৰৰ অৰ্থ বুজাই লিখা ?
ৰোমান্টিক যুগৰ কবি চন্দ্ৰকুমাৰ আগৰৱালা দেৱে অতি সূন্দৰ ভাৱে ‘মানৱবন্দনা’ শীৰ্ষক কবিতাটিত মানৱ সেৱা তথা মানুহৰ উদাৰতাৰ কথা সুন্দৰ ভাবে বৰ্ণনা কৰিছে। তেওঁ কৈছে যে মানুহে সদায় পৰস্পৰে পৰস্পৰৰ ভাল চিন্তা কৰা উচিত। আমাৰ এই মানৱী জীৱন মানুহৰ হকে উচৰ্গা কৰিব লাগে। আমি স্বৰ্গীয় সুখ কল্পনাৰ পৰা খনত বিচাৰি ফুৰো আৰু ভগবানো কেৱল মন্দিৰ বা মছজিদত থাকে বুলিহে ভাবো । কিন্তু, মানুহৰ মাজতে ভগৱান আছে আৰু মানৱ সেৱাতে স্বৰ্গীয় সুখ বিচাৰি পোৱা যায় । সেয়েহে কবিয়ে কৈছে যে ‘এই যে পৃথিৱী স্বৰ্গতো অধিক ‘মানুহৰ নিজাপী ঘৰ’।
১০. তাৎপৰ্য ব্যাখ্যা কৰা- Manav Vandana
ক. মানৱী জনম দিয়া উটুৱাই
মানৱী কৰম সোঁতে ,
মানুহৰ মৰম। বুজিবা মানুহে
ধৰম যে মৰততে ।
ওপৰত উল্লেখিত কাব্যাংশ আমাৰ পাঠ্যপুথি ‘অসমীয়া সাহিত্য চয়নিকা (নতুন) প্ৰথম ভাগ’ ৰ “মানৱ বন্দনা” শীৰ্ষক কবিততাটিৰ পৰা উদ্ধৃত কৰা হৈছে । উক্ত কবিতাটি ৰোমান্টিক যুগৰ কবি চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ দ্বাৰা ৰচিত।
এই কবিতা ফাকিৰ জৰিয়তে আগৰৱালা দেৱে মানুহৰ আন্তৰিকতা আৰু মানৱ ধৰ্মৰ কথা ক’বলৈ বিচাৰিছে ।
মানুহেই হৈছে শ্ৰেষ্ঠ জীৱ । আৰু মানৱ ধৰ্মই হৈছে প্ৰকৃত ধৰ্ম । যুগে-যুগে মানুহ আহিছে আৰু গৈছে, তাৰ কোনো চিন চাব নাই, কিন্তু যিসকল মানুহে মানৱ সমাজৰ ভালৰ বাবে কাম কৰি গৈছে তেওঁলোকেই হৈছে প্ৰকৃত সুখী মানুহ। কবিয়ে কৈছে যে আমাৰ এই মানৱী জন্ম সমাজৰ ভাল কামত উচৰ্গা কৰিব লাগে , মানুহৰ আন্তৰিকতা আৰু মৰমতে স্বৰ্গীয় সুখ আছে । আমাৰ ধৰ্ম মৃত্যুৰ পিছত নহয় , জীয়াই থাকোঁতে কৰা সৎ কামেই হৈছে মানৱ ধৰম। ইয়াকে কবিয়ে উক্ত কবিতাফাকি জৰিয়তে সুন্দৰ কৈ দাঙি ধৰিছে।
খ. মানুহেই দেৱ মানুহেই সেৱ
মানুহ বিনে নাই কেৱ,
কৰা কৰা পূজা। পাদ্য অৰ্ঘ্য লৈ
জয় জয় জয় মানৱ দেৱ ।
ওপৰত উল্লেখিত কাব্যাংশ আমাৰ পাঠ্যপুথি ‘অসমীয়া সাহিত্য চয়নিকা (নতুন) প্ৰথম ভাগ’ ৰ “মানৱ বন্দনা” শীৰ্ষক কবিততাটিৰ পৰা উদ্ধৃত কৰা হৈছে । উক্ত কবিতাটি ৰোমান্টিক যুগৰ কবি চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ দ্বাৰা ৰচিত।
উক্ত কবিতাফাকিৰ জৰিয়তে আগৰৱালা দেৱে মানুহৰ মাজতেই যে ভগৱান বিলীন হৈ আছে তাকে বুজাবলৈ চেষ্টা কৰিছে।
মানুহেই হৈছে দেৱতা অৰ্থাৎ ঈশ্বৰ আৰু মানৱ সেৱাই হৈছে প্ৰকৃত ধৰ্ম। কথিত আছে যে বিভিন্ন সময়ত ভগৱানে মানৱ অৱতাৰ লৈয়ে মানুহৰ মাজত থাকিয়ে অপায় অমংগল তথা দুখ দূৰ।দশা নাশ কৰি পৃথিৱী খনক বিপদমুক্ত কৰিছিল। সেয়ে কবিয়ে কৈছে যে মানুহে সকলো , মানুহ বিনে নাই কেৱ । মানৱ সেৱা আৰু সৎ কৰ্ম কৰিলেই ভগৱানৰ আশীশ লাভ কৰিব পাৰি আৰু স্বৰ্গীয় সুখ পাব পাৰি , আৰু সেইকাৰণে কবিয়ে উল্লেখ কৰিছে যে পাদ্য অৰ্ঘ্য লৈ মানুহক পূজা কৰা আৰু শেষত কৈছে ‘জয় জয় জয় মানৱ দেৱ’। Manav Vandana
মানুহ= মানৱ , মনু
সংগ = লগৰীয়া, বন্ধু
পৃথিৱী= মৰত, মৰ্ত্য, ধৰিত্ৰী
সোঁত= ঢৌ, লহৰ
স্বৰ্গ = পৰা
দেৱ= দেৱতা , ঈশ্বৰ ।