Laylatul Qadr in Assamese
লাইলাতুল ক্বদৰ।
আচ্ছালামুআলাইকুম। আশাকৰোঁ আল্লাহুতাআলাই সকলোকে কুশলে ৰাখিছে। এইয়া ৰমজান মাহ, চাওঁতে– চাওঁতে পবিত্ৰ ৰমজান মাহে বিদায় লবৰে হ’ল। আপুনি বাৰু জানেনে, ৰমজান মাহৰ শেষৰ ১০টা দিন আটাইতকৈ শ্ৰেষ্ঠ । এই শেষৰ ১০ টা দিনৰ কোনোবা এটা দিনত আমাৰ পবিত্ৰ গ্ৰন্থ কোৰান মজিদ নাজিল হৈছিল হীৰা পৰ্বতৰ গুহাত, আৰু এই ৰাতি টো লাইলাতুল ক্বদৰ বা শ্ববে ক্বদৰ বুলি জনা যায়। লাইলাতুল ক্বদৰ বা শ্ববে ক্বদৰৰ ৰাতি এহেজাৰ ৰাতিত কৈও শ্ৰেষ্ঠ। লাইলাতুল ক্বদৰৰ ৰাতি টোক the night of power or the night of destiny বুলি জনা যায়। আল্লাহৰ নবীয়ে বৰ্ণনা কৰিছে যে- ৰমজান মাহৰ শেষৰ ১০ টা দিনৰ কোনোবা এটা অযুগ্ম দিনত(তাৰিখত) ক্বদৰৰ নামাজ পঢ়িব লাগে।
আয়েশা (ৰাঃ) য়ে বৰ্ণনা কৰিছে যে-
আয়েশা (ৰাঃ) য়ে বৰ্ণনা কৰিছে যে-
“ৰমজানৰ শেষৰ দহ দিনৰ আৰম্ভণিৰ লগে লগে হজৰত মহম্মদ (ছঃ)য়ে কঁকালত টঙালি বান্ধিছিল গোটেই ৰাতি আল্লাহৰ এবাদত কৰিবৰ বাবে আৰু তেওঁৰ পৰিয়ালটোকো গোটেই নিশা সাৰে থাকি আল্লাহৰ এবাদত কৰিবলৈ উৎসাহিত কৰিছিল।
![]() |
Laylatul Qadr Assamese |
আহকচোন, আজি আমি জানো এই পবিত্ৰ নিশাটোৰ বাবে আমাৰ কৰনীয় কি..?
- শ্ববে ক্বদৰৰ ৰাতিটো আটাইতকৈ পবিত্ৰ নিশা । পবিত্ৰ ৰমজান মাহৰ শেষৰ ১০ টা দিনত এই ছুৰা টো আমল কৰক-
“আল্লাহুম্মাা ইন্নাকা আফুʼউন তুʼহিব্বুল আল আফুওৱা ফাʼফু আন্নি”।
2. কোৰান শ্বৰিফ সদায় পঢ়ক |
3. যিমান পাৰে জিকিৰ কৰক আৰু দোৱা কৰক |
4. তাহাজ্জুদ নামাজ পঢ়ক |
3. যিমান পাৰে জিকিৰ কৰক আৰু দোৱা কৰক |
4. তাহাজ্জুদ নামাজ পঢ়ক |
5. আপোনাৰ সামৰ্থ্য অনুযায়ী দান-চাদকা কৰক।
Hmm আৰু এটা গুৰুত্বপূৰ্ণ কথা হʼল আচলতে মোৰ নিচিনা, বা মোৰ বয়সৰ বেছিভাগ নহ’লেও কমভাগ বন্ধু-বান্ধৱীৰ নিশ্চয় খেলি-মেলি লাগে , যেনে কেনেকৈ নামাজ আদায় কৰিম, কি তজবীহ কৰিম, নিয়ত টো কি, এনেকুৱা ধৰনৰ নানান টা প্ৰশ্ন উদয় হয়, যেনেদৰে মোৰো হয়। আৰু কিতাপত পঢ়ি থকাৰো ধৈৰ্য নাথাকে, মোবাইল টো যিহেতু হাততেই থাকে গতিকে ইয়াতে মনত উদয় হোৱা খোকোজা কিছু দূৰ কৰিব পাৰি। মইয়ো একেবাৰে বিজ্ঞ নহয়, তথাপি জনা খিনি share কৰিছো। আপোনালোকে জানা খিনিও আমাৰ লগত share কৰক ।
আৰু বৰ বিশেষ দীঘলীয়া নকৰি, আহক চোন শিকো, লাইলাতুল ক্বদৰৰ নামাজ খিনি কেনেকৈ আদায় কৰিব।
![]() |
নিয়ত- নাৱাইতুৱান উচাল্লিয়া লিল্লাহি তা্ʼআলা ৰাকআতাই চালাতিল লাইলাতুল ক্বাদৰি মুতাৱাজ্জিহান ইলাজিহাতিল কাʼবাতিচ শ্বাৰিফাতি আল্লাহুআকবাৰ।
ক্বদৰৰ নামাজ ১২ ৰাকাত(তাতকৈ বেছি আপোনালোকে যিমান পঢ়ে নিজৰ ইচ্ছা)
এই নামাজৰ ৱাক্ত বা সময়- ইছাৰ নামাজ আৰু তাৰাবীৰ নামাজৰ সমাপ্তিৰ পিছৰ পৰা আৰম্ভ হয় আৰু পিছদিনা ৰাতি পুৱা সূৰ্য্য উদয়ৰ আগলৈকে থাকে।
বাকী দুইৰকাতীয়া নামাজ বোৰ যেনেকৈ পঢ়া হয়, ক্বদৰৰ নামাজ আদায় কৰা পদ্ধতি ও একেই ।মই মোৰ আগৰ লিখনি এটাত(নামাজ পঢ়ো আহক) ধুনীয়া কৈ লিখি থৈছোঁ দুই ৰাকাতীয়া নামাজ পঢ়াৰ পদ্ধতি আপুনি ধুনীয়া কৈ পঢ়ি ল’ব পাৰিব । এই নামাজতো ফাতিহাৰ লগত আয়াতুল কুৰ্চী, ছুৰা কদৰ আদি পঢ়াতো উত্তম।
ছুৰা ক্বদৰ টো মই ইয়াত লিখি দিছো-
“ইন্না আনঝালনাহু ফী লাইলাতুল ক্বাদৰি । ওৱামা আদৰাকা মা লাইলাতুল ক্বাদৰি। লাইলাতুল ক্বাদৰি খাইৰুম মিন-আলফি শ্বাহৰি । তানায যালুল মালায়িকাতু ওৱাৰৰুহু ফীহা বিইযনি ৰাব্বিহিম মিন কুল্লি আমৰিন । ছালামুন হিয়া হাত্তা মাটলায়িল ফাজৰি”।
তজবীহ – চুʼবাহানআল্লাহু ৱাল-হামদুলিল্লাহি ওৱা লা ইলাহি ইল্লাল্লাহু আল্লাহুআকবাৰ
“ইন্না আনঝালনাহু ফী লাইলাতুল ক্বাদৰি । ওৱামা আদৰাকা মা লাইলাতুল ক্বাদৰি। লাইলাতুল ক্বাদৰি খাইৰুম মিন-আলফি শ্বাহৰি । তানায যালুল মালায়িকাতু ওৱাৰৰুহু ফীহা বিইযনি ৰাব্বিহিম মিন কুল্লি আমৰিন । ছালামুন হিয়া হাত্তা মাটলায়িল ফাজৰি”।
তজবীহ – চুʼবাহানআল্লাহু ৱাল-হামদুলিল্লাহি ওৱা লা ইলাহি ইল্লাল্লাহু আল্লাহুআকবাৰ
এই পবিত্ৰ ৰাতি টোত যিমান পাৰে এবাদত কৰক, দোৱা কৰক গোটেই পৃথিৱীৰ বীভিষিকা বোৰ আঁতৰ হোৱাৰ বাবে লগতে নিজৰ পৰিয়ালৰ বাবে আৰু নিজৰ পাপ মোচনৰ বাবে । আমিন ।