Class 11 | Geography | Chapter 7 | AHSEC
ভূ- আকৃতি আৰু ইয়াৰ বিকাশ Landforms and their Evolution
১. বহু পচন্দৰ প্ৰশ্নবোৰ । Landforms and their Evolution
ক. ভূ-গঠনৰ কোনটো পৰ্যায়ত নিম্নমুখী খনন কাৰ্য অধিক ? Landforms and their Evolution
ক. তৰুণ অৱস্হা
খ. প্ৰৌঢ় অৱস্থাৰ আগভাগত
গ. প্ৰৌঢ় অৱস্থাৰ শেষ ভাগত
ঘ. বৃদ্ধ অৱস্থাত
২.বেদিকা বা ষ্টেপ থকা ঢালৰ সৈতে গভীৰ উপত্যকাক কোৱা হয় –
ক. U- আকৃতিৰ উপত্যকা
খ. অন্ধ উপত্যকা
গ. খাত
ঘ. কন্দৰ
৩. ভৌতিক বিচূৰ্ণীভৱন প্ৰক্ৰিয়াতকৈ ৰাসায়নিক বিচূৰ্ণীভৱন প্ৰক্ৰিয়া তলৰ কোনটো অঞ্চলত অধিক ?
ক. আৰ্দ্ৰ অঞ্চলত।
খ. মৰু অঞ্চল
গ.চূনশিল অঞ্চল
ঘ. তুষাৰ আবৃত অঞ্চল
৪. তলৰ কোনটো বাক্যই ‘লেপি (Lapies’ সংজ্ঞাটো অতি ভালকৈ বুজাব পাৰিছে )?
ক. সৰুৰ পৰা মধ্যমীয়া জোখৰ অগভীৰ নিম্নভাগ
খ. এটা ভূ- অবয়ব যাৰ মুখখন ওপৰৰ ফালে কম বেছি পৰিমানে বৃত্তাকাৰ আৰু তলৰ ফালে চুপি আকৃতিৰ
গ. উপৰিভাগৰ পৰা পানী জিপ-জিপকৈ সৰকি যোৱাৰ ফলত সৃষ্টি হোৱা ভূ- অবয়ব
ঘ. তীক্ষ্ণ পিনকোন (জোঙা ভূ-অবয়ব) , গাত, আৰু শৈলশিৰা থকা অসমান ভূ- পৃষ্ঠ
৫. গভীৰ, দীঘল আৰু বহল গাত বা মুৰৰ ফালে আৰু দুই কাষে থকা বৰ থিয় উচ্চ বেৰযুক্ত দ্ৰোণীক কোৱা হয় ?
ক. চাৰ্ক
খ.পাৰ্শ্ব গ্ৰাব
গ. হিমবাহৰ উপত্যকা
ঘ. এস্কাৰ
২/ ৩০ টা শব্দৰ ভিতৰত তলৰ বোৰৰ উত্তৰ লিখা |
ক. শিলাময় ঠাইত হোৱা ভিতৰমুখী ভাঁজ আৰু পলসুৱা সমভূমিত হোৱা ভাঁজে কি সূচায় ?
শিলাময় ঠাইত হোৱা ভিতৰমুখী ভাঁজ আৰু পলসুৱা সমভূমিত হোৱা ভাঁজে সেই নিৰ্দিষ্ট অঞ্চল টোৰ ভূমিৰ ঢাল আৰু শিলাস্তৰৰৰ কঠিনতা বুজায় ।
নদীয়ে যেতিয়া উৎস স্থলীৰ পৰা পৰ্বতৰ ঢাল অনুযায়ী বৈ আহে তেতিয়া ইয়াৰ গতিবেগ অতি বেছি হয়, আৰু শিলাস্তৰ কঠিন বাবে নদীয়ে অৱতল খনন কাৰ্য আৰম্ভ কৰে যাৰ বাবে ভিতৰমুখী ভাঁজৰ সৃষ্টি হয় ।
আনহাতে , সমভূমিত প্ৰৱেশ কৰাৰ লগে লগে নদীৰ ঢাল কমি আহে আৰু নদী বৈ অহা অঞ্চল টো শিলাস্তৰ ত কৈ কোমল হয় যাৰ বাবে নদীয়ে পাৰ্শ্ব খননৰ দ্বাৰা ভাঁজৰ সৃষ্টি কৰে ।
খ. অন্তৰ্নিহীত উপত্যকা বা উভালাচৰ ক্ৰমবিকাশ সম্পৰ্কে বাখ্যা কৰা |
অন্তৰ্নিহীত উপত্যকা বা উভালাচ হৈছে একপ্ৰকাৰৰ ক্ষয়কাৰ্য জনিত স্থলাকৃতি । এনেধৰনৰ স্থলাকৃতি সাধাৰনতে চূনশিল অঞ্চলত বিকশিত হয় ।
চূনশিল জাতীয় পদাৰ্থৰে গঠিত অঞ্চলত গলন ক্ৰিয়াৰ ফলত দ্ৰবন গৰ্ত, নিপাত গৰ্ত, ঘোল ৰন্ধ্ৰ ইত্যাদি অৱয়বৰ সৃষ্টি হয়।
কেতিয়াবা ভূ-পৃষ্ঠৰ প্ৰবাহমান পানী নিপাত নাইবা দ্ৰবন গৰ্তৰে সোমাই ভূমিগত জল হিচাপে কিছুদূৰ প্ৰবাহিত হৈ পুনৰ কোনো খোলা গুহাদ্বাৰেৰে ওপৰলৈ ওলাই আহে । এনে কাৰ্যৰ ফলত যেতিয়া ঘোল ৰন্ধ্ৰ বা দোলাইনৰ ওপৰৰ মূধচ খহি পৰি নাইবা পদাৰ্থৰ স্থলনৰ দ্বাৰা পৰস্পৰে মিলিত হয় তেতিয়া তুলনামূলকভাৱে দীঘল আৰু ঠেক গাতৰ সৃষ্টি হয় , যাক উভালাচ বা অন্তৰ্নিহিত উপত্যকা বোলা হয় । Landforms and their Evolution
গ. চূনশিল অঞ্চলত পানীৰ ভূমিতল গতি, পৃষ্ঠগতিত কৈ অধিক পৰিমানে হয় কিয় ?
চূনশিল অঞ্চলত পানীৰ ভূমিতল গতি, পৃষ্ঠগতিত কৈ অধিক হোৱাৰ কাৰণ বোৰ হ’ল –
১. চূনশিল অঞ্চলত গলন প্ৰক্ৰিয়া বেছি
২. ভূমিৰ ঢাল বেছি
৩. ভূমিগত জলক গলন প্ৰক্ৰিয়াই সহায় কৰে ।
ঘ. হিমবাহৰ উপত্যকা বোৰত বহুতো দীঘল ভাবে গঠিত হোৱা অৱক্ষেপিত গঠন দেখা যায়। সিঁহতৰ অৱস্থানিক নামবোৰ লিখা
হিমবাহ উপত্যকা বোৰত গঠিত বিভিন্ন প্ৰকাৰৰ অৱক্ষেপিত গঠন বোৰৰ নাম আৰু অৱস্থান তলত উল্লেখ কৰা হ’ল –
১. গ্ৰাৱ – হিমগ্ৰাৱ বোৰ হৈছে গোলাশ্ম মৃত্তিকাৰ অৱক্ষেপ জনিত স্থলাকৃতি । গ্ৰাৱ সাধাৰণতে তিনি প্ৰকাৰৰ –
পাৰ্শ্ব গ্ৰাৱ – পাৰ্শ্ব গ্ৰাৱ বোৰ হিমবাহ উপত্যকাত সমান্তৰাল ভাবে জমা হয় ।
মধ্য গ্ৰাৱ – ভূমি গ্ৰাৱ আৰু মধ্য গ্ৰাৱৰ উপস্থিতি প্ৰায় একেই ।
ভূমি গ্ৰাৱ বা প্ৰান্ত গ্ৰাৱ – হিমবাহৰ অন্তিম ভাগত এই ধৰনৰ অৱক্ষেপন জমা হয় ।
২. এস্কাৰ– উপত্যকাৰ দুয়োটা পাৰত হিমবাহৰ সৈতে অহা গেদ বোৰ জমা হৈ মথাউৰিৰ দৰে দীঘলীয়া আকৃতি গঠন কৰে , ইয়াকে এস্কাৰ বোলে ।
৩. ড্ৰামলিন বা হিমবাহ টিলা – এইবোৰ মিহি, হাঁহকণীৰ আকৃতিৰ শৈলশিৰা প্ৰকৃতিৰ ভূ-অৱয়ব । এইবোৰ হিমবাহ এটাৰ বৰফৰ গতিৰ দিশত অৱস্থান কৰে ।
ঙ. মৰুভূমি অঞ্চলত বতাহে কেনেকৈ তাৰ কাৰ্য সম্পাদন কৰে? খনন কাৰ্যৰ দ্বাৰা সৃষ্টি কৰা মৰুভূমি অঞ্চলৰ ভূ-অবয়ব বোৰৰ কাৰণে বতাহেই একমাত্ৰ দায়ী কাৰক নেকি ?
উষ্ণ মৰুভূমি অঞ্চলত বতাহ এবিধ প্ৰবল কাৰক, যিয়ে বিভিন্ন আকৃতিৰ ভূ-অৱয়ব গঠন কৰে । শুকান আৰু মুকলি হোৱা কাৰণে মৰুভূমি অঞ্চল সূৰ্যৰ দ্বাৰা অতি সোনকালে উত্তপ্ত হৈ উঠে যাৰ ফলত সেই অঞ্চলৰ বায়ু খিনি উপৰলৈ উঠি যায় আৰু এক প্ৰকাৰৰ নিম্নচাপ অঞ্চলৰ সৃষ্টি হয় । আৰু ইয়াৰ ফলত , বতাহে
১. পাকঘূৰণি,
২. উৰ্দ্ধ সোঁত, নিম্ন সোঁত,
৩.অপঘৰ্ষণ,
৪.অবনমন
৫.জোৰে খুন্দা মৰাৰ আদি কাৰ্যৰ জৰিয়তে বিভিন্ন কাৰ্য সম্পাদন কৰে ।
মৰুভূমি অঞ্চলত ভূ-অৱয়ব বোৰৰ কাৰণে বতাহে প্ৰধানকৈ দায়ী, কিন্তু কম বেছি পৰিমানে বৰষুণ ও ইয়াৰ বাবে দায়ী । Landforms and their Evolution
৩/ ১৫০ টা শব্দৰ ভিতৰত উত্তৰ বোৰ দিয়া
ক. আৰ্দ্ৰ জলবায়ু আৰু শুকান জলবায়ু অঞ্চলত পৃথিৱীৰ উপৰিভাগক বিভিন্ন আকৃতি প্ৰদান কৰাত বোৱতী পানীয়ে হ’ল আটাইতকৈ প্ৰভাৱশালী ভূ-আকৃতিক কাৰক । বাখ্যা কৰা ।
আৰ্দ্ৰ আৰু শুকান জলবায়ু অঞ্চলত পৃথিৱীৰ উপৰি ভাগক বোৱতী পানীয়ে বিভিন্ন প্ৰকাৰৰ ভূ-আকৃতি গঠন কৰাত সহায় কৰে । বৰষুণ বেছি হোৱা অঞ্চল বোৰত বোৱতী পানীৰ জৰিয়তে ভূ-পৃষ্ঠৰ অৱনমন সম্পাদন হয় । নদীৰ বোৱতী পানীয়ে খনন আৰু অৱক্ষেপনৰ জৰিয়তে V-আকৃতিৰ উপত্যকা , কন্দৰ, গিৰিখাত,বাজনাৰূপ পলস, ব-দ্বীপ, মনাডন’ক, সমপ্ৰায় ভূমি আদি ভূ- অৱয়বৰ সৃষ্টি কৰে । বৰষুণৰ বোৱতী পানীৰ জৰিয়তে ঠেক লোৰ, দীঘল আৰু বহল অৱনালিকা আদিৰ সৃষ্টি হয় ।
উদাহৰণস্বৰূপে , অসম আৰু ৰাজস্থানৰ জলবায়ু ভিন্ন(আৰ্দ্ৰ আৰু শুকান) আৰু ইয়াৰ ভূ-আকৃতি অধ্যয়ন কৰিলে গম পোৱা যাব যে বোৱতী পানীয়ে এই অঞ্চল বোৰৰ ভূ-আকৃতি গঠনত মুখ্য ভূমিকা লৈছে, যিহেতু এনে অঞ্চলত হিমবাহ,বতাহ আদিৰ কাৰ্য তেনেই নগন্য ।
খ. আৰ্দ্ৰ আৰু শুকান জলবায়ু অঞ্চলত চূনশিলৰ কাৰ্যকাৰিতা কিয় বেলেগ বেলেগ হয় ? চূনশিল অঞ্চলত প্ৰধান আৰু প্ৰায় একমাত্ৰ ভূ-আকৃতিক প্ৰক্ৰিয়া কি আৰু ইয়াৰ ফলাফল বোৰ কি ?
জলবায়ু ভেদে ভূ-আকৃতিক কাৰ্যক্ৰম বোৰৰ প্ৰভাৱ ভিন্ন হয় । চূনশিলৰ কাৰ্যকাৰিতা আৰ্দ্ৰ অঞ্চলত যথেষ্ঠ বেছি হয় , কাৰণ পানীৰ উপস্থিতিত চূনশিল অতি সহজে গলি যায় । চূনশিল প্ৰধান অঞ্চলত বোৱতী পানী চূনশিলৰ ভিতৰলৈকে সোমাই যায় ,আৰু বিভিন্ন আকৃতিৰ ভূ অবয়ৱৰ সৃষ্টি কৰে ।
ভূমিগত জলৰ স্তৰো আৰ্দ্ৰ অঞ্চলত বেছি ওপৰলৈকে থাকে আৰু ইয়ে চূনশিল অঞ্চলত দ্ৰৱন বা গলন প্ৰক্ৰিয়াৰ জৰিয়তে বিভিন্ন ভূ অবয়ৱৰ গঠন কৰে । Landforms and their Evolution
আনহাতে শুকান জলবায়ু অঞ্চলত বৰষুণ কমকৈ হয় আৰু ভূমিগত জলৰ স্তৰো বেছি তলত থাকে , যাৰ বাবে চূনশিলৰ কাৰ্যকাৰিতা এনে অঞ্চলত কম হয় । চূনশিলত থকা কেলছিয়াম কাৰ্বনেট পানীত অতি সহজে দ্ৰৱীভূত হয় ।
চূনশিল অঞ্চলত প্ৰধান আৰু একমাত্ৰ ভূ-আকৃতিক প্ৰক্ৰিয়া হ’ল দ্ৰৱন । ইয়াৰ ফলাফল বোৰ হ’ল –
কুণ্ড, ঘোল ৰন্ধ্ৰ, লেপিজ, কন্দৰ বা গুহা ,চূনশিলৰ ভেটি(Lime stone pavement), ষ্টেলেগটাইটচ, ষ্টেলেগমাইটচ, স্তম্ভ(pillars) আদি বিভিন্ন ভূ-অবয়ৱৰ গঠন।
গ. বৰফৰ ক্ৰিয়াৰ ফলত কেনকৈ উচ্চ পাৰ্বত্য অঞ্চল নিম্ন পাহাৰ আৰু সমতললৈ ৰূপান্তৰিত হয় আলোচনা কৰা ?
বিভিন্ন ভূ-আকৃতিক প্ৰক্ৰম ৰ ভিতৰত হিমবাহৰ বা বৰফৰ কাৰ্যও অন্যতম । হিমবাহে কৰা ক্ৰিয়াৰ ফলতো বিভিন্ন আকৃতিৰ ভূ-অৱয়ব বোৰৰ গঠন হয় ।
হিমবাহ বোৰ প্ৰকাণ্ড আকৃতিৰ বৰফৰ টুকুৰা, যি বোৰে বিশাল ঠাই আগুৰি থাকে । এনে একোটা প্ৰকাণ্ড বৰফৰ টুকুৰা পাৰ্বত্য অঞ্চলৰ পৰা মাটিৰ ঢাল অনুযায়ী মাধ্যাকৰ্ষণ শক্তিৰ প্ৰভাৱত অতি মন্থৰ গতিত তললৈ নামি আহে আৰু নামি আহোতে সংনিঘৰ্ষন, কৰ্ষন, ঘৰ্ষন আৰু অপঘৰ্ষন কাৰ্যৰ দ্বাৰা ভূ-পৃস্ঠৰ যথেষ্ট ক্ষতি সাধন কৰে । এনেধৰনে বহু বছৰ ধৰি হিমবাহে একোটা পাৰ্বত্য অঞ্চলত কৰা কাৰ্যৰ জৰিয়তে লাহে- লাহে ক্ষয়ীভৱন হৈ পাৰ্বত্য অঞ্চল একোটা নিম্ন পাহাৰ আৰু সমতললৈ ৰূপান্তৰিত হয় । উল্লেখযোগ্য যে – যদিও হিমবাহৰ গতি মন্থৰ তথাপি বৰফৰ টুকুৰা বোৰৰ ওজনৰ সংনিঘৰ্ষনৰ ফলত খনন কাৰ্য অধিক তীব্ৰতৰ হয় ।
এইদৰে হিমবাহৰ কাৰ্যৰ ফলত উচ্চ পাৰ্বত্য অঞ্চল নিম্ন পাহাৰ আৰু সমতললৈ ৰূপান্তৰিত হয় । Landforms and their Evolution