খতমে খাজিগান (Khotome Khajigaan)
আচ্ছালামুআলাইকুম, সকলোৰে ভালনে বাৰু? আজি মই আপোনাৰ বাবে খুবেই প্ৰয়োজনীয় দোৱা এটি লৈ আহিছো। যিটো দোৱাই আপোনাৰ দিল খুচ্ কৰি দিব।অকনমান ধৈৰ্য ধৰক চোন, বিতং ভাবে জনাই আছো। প্ৰথমে মই কবলৈ বিচাৰিছো যে এই পৃথিৱী খন মায়া-মোহেৰে আবৃত আৰু আপুনি মই সকলোৱে মায়াৰ জালত বন্দী। আমি জানো যে এদিন এই পৃথিৱীৰ পৰা খালী হাতে উভতিম নেদেখা জনৰ ওচৰলৈ,তথাপিও কিন্তু আমাৰ প্ৰয়োজন অসীম। গতানুগতিক জীৱন টোত আমাক বহুত কিবা-কিবিৰ প্ৰয়োজন হয়,আৰু আমি এই বহুত কিবা-কিবি বোৰ পাবলৈ নিশ্চয় আল্লাহৰ ওচৰত দোৱা কৰো নহয় জানো? মইয়ো কৰো প্ৰতিদিনেই…। (Khotome Khajigaan)
এতিয়া মুল কথালৈ উভতি আহো, মই সেইদিনাখন ধৰ্মীয় কিতাপ এখন পঢ়ি থাকোতে এটি খুব সুন্দৰ দোৱা এটি পালো, ভবিলো আপোনালোকৰ লগতো চেয়াৰ কৰো কাৰণ এইটো এটা স্পেচিয়েল দোৱা, যিটো দোৱা পাক-পবিত্ৰ হৈ শুদ্ধ অন্তৰেৰে পঢ়িলে আল্লাহুতাআলাই আপোনাৰ মনৰ আশা পূৰণ কৰিব। আপুনি কিন্তু এই দোৱা টো কেৱল সৎ উদ্দেশ্যত হে ব্যৱহাৰ কৰিব পাৰিব।এই দোৱা টো “খতমে খাজিগান”নামেৰে জনা যায়।
আহক চোন সময় নষ্ট নকৰি খতমে খাজিগান পঢ়াৰ তৰীকা জানি লঁও।
প্ৰথমে অজু কৰি পাক-পবিত্ৰ হৈ লব।তাৰ পিছত …….
1.ছুৰা ফাতিহা-৩বাৰ
2.ছুৰা আলম নাচৰাহ-৮৯বাৰ
3.ছুৰা ইখলাছ – ১০০০বাৰ
4.আকৌ ছুৰা ফাতিহা-৭বাৰ
5.দৰুদ চৰিফ -১০০বাৰ পঢ়ি নিম্নোক্ত তজবীহ সমূহ ১০০ বাৰকৈ পঢ়িব:
·“ইয়া কাজ্বিয়াল হাজাত”(হে প্ৰয়োজন পূৰণকাৰী)-১০০ বাৰ
·“ইয়া কাফিয়াল মুহিম্মাত”(অৰ্থ-হে জটিল কার্য সম্পাদনকাৰী)- ১০০ বাৰ
·“ইয়া দাফিয়াল বালিয়্যাত”(হে বালা মুচিবৎ দূৰকাৰী) – ১০০বাৰ
·“ইয়া মুজিবুদ্দাৱাত”(হে প্ৰাৰ্থনা কবুলকাৰী) -১০০বাৰ
·“ইয়া ৰাফিয়াদ্দাৰাজাত”(হে মৰ্যদা উন্নতকাৰী)- ১০০বাৰ
·“ইয়া চাফিউল আমৰাজ”(হে ৰোগ নিৰাময়কাৰী)-১০০বাৰ
·“ইন্না লিল্লাহি ওৱা ইন্না ইলাইহি ৰাজিউন”(নিশ্চয় সকলো আল্লাহৰে আৰু তেঁওৰ পিনেই সকলোৱে প্ৰত্যাৱৰ্তন কৰিব লাগিব)-১০০ বাৰ
ইয়াতে মই আলম নাচৰাহ ছুৰা টো উল্লেখ কৰিছো আপোনাৰ সুবিধাৰ্থে:
“বিছমিল্লাহিৰ ৰহমানিৰ ৰহীম”
“আলাম নাচৰাহলাকা চাদৰাকা,ওৱা ওৱা দ্ব’না আনকা ৱিজৰাক।আললাযী আনকাদ্বা জাহৰাক ,ওৱা ৰাফা’না লাকা জিকৰাক ফাইন্নামা আ’ল য়ু’ছৰি ইউছৰা ইন্নামাআ’ল য়ু’ছৰি ইউছৰা ফা ইজ ফাৰগতা ফানচাব, ওৱা ইলা ৰাব্বিকা ফাৰগাব”
(এই দোৱাটো অৰ্থাৎ যিমান খিনি দোৱা ওপৰত উল্লেখ কৰিলো গোটেই খিনি আপোনালোকে এদিনৰ ভিতৰতে (within 24 hours)পঢ়ি শেষ কৰিব লাগিব)
সকলো বিপদ-আপদৰ পৰা ৰক্ষা ,ব্যৱসায়ত উন্নতি,কাৰোবাৰ দুৰাৰোগ্য ব্যাধি, মনোবাঞ্চা পূৰণ আদিৰ কাৰনে “খতমে খাজিগান” বৰ ফলদায়ক দোৱা। এইখিনিতে আপোনাক কথা এটা কৈ থও,সদায় নেদেখা জনৰ ওপৰত বিশ্বাস ৰাখক,আৰু “Be positive” নিজৰ চাৰিও ফালে সদায় পজিটিভ এনাৰ্জী ক্ৰিয়েট কৰক,মনৰ পৰা বেয়া বা নিগেটিভ ভাৱ বোৰ ঘুৰি নহা ঠাইলৈ উৰাই পঠাওক,আৰু নামাজ পঢ়ক যেনেকৈ আপোনাৰ সুবিধা হয়,কাৰণ আমি ৫ ৱা্ক্ত নামাজ পঢ়াৰ সময় নাপাও যিহেতু দিনটো স্কুল-কলেজ ,অফিচ,বা ব্যৱসায়-বাণিজ্য ইত্যাদি বিভিন্ন কামত আমি ব্যস্ত হব লগা (Khotome Khajigaan)
হয়,গতিকে যিখিনি সময় পোৱা যায় আল্লাৰ কাম কৰক হাঁহি-স্ফুৰ্তিত থাকক,দেখিব যে জীৱনৰ প্ৰটিতো মুহুৰ্ত আপোনাৰ বাবে সজীৱ হৈ পৰিব। আজিলৈ ইয়াতে সমাপ্ত কৰিছো আকৌ সোনকালেই আপোনাৰ ভাল লগা বিষয় এটি লৈ আহি আছো।