The best way how Jumma Namaz is offered in Assamese

 জুমাৰ নামাজ (Jumma Namaz)

নামাজ পঢ়ো আহক।

আচ্ছালামুআলাইকুম। জুমাৰ নামাজ কিয় পঢ়া হয় আপুনি জানেনে? জুমাৰ নামাজ হৈছে ফৰজে আয়ন। জুমাৰ দিনা অৰ্থাৎ শুক্ৰবাৰৰ দিনা জোহৰৰ নামাজ পঢ়িব নালাগে, ইয়াৰ পৰিবৰ্তে আল্লাহুতাআলাই জুমাৰ নামাজ নিৰ্ধাৰন কৰি দিছে। আল্লাহুতাআলাই কৈছে যে – হে মুমিন সকল, যেতিয়া জুমাৰ দিনা নামাজলৈ আহ্বান কৰা হয় তেতিয়া তোমালোকে সংসাৰৰ সকলো কাম-কাজ এৰি আল্লাহৰ স্মৰণাৰ্থে দৌৰা দৌৰিকৈ আহা। জুমা বাৰ বুলিলেই মনটো কিবা এটা বেলেগ ভাল লাগি যায় নহয়নে? (Jumma Namaz)

জুমাৰ নামাজৰ ৱাক্ত কেতিয়াৰ পৰা আৰম্ভ হয়?

 শুক্ৰবাৰৰ নামাজ টোকে জুমাৰ নামাজ বুলি জনা যায়। জোহৰৰ সময় আৰম্ভ হোৱাৰ লগে লগে জুমা নামাজ পঢ়া হয়। পাৰ্থক্যটো very simple মাত্ৰ শুক্ৰবাৰে জোহৰৰ নামাজৰ সলনি জুমাৰ নামাজ পঢ়া হয়। জুমাৰ নামাজ ১২:৩০ পৰা আৰম্ভ হয় ।

আপুনি জানেনে জুমাৰ মুঠ কেই ৰাকাত নামাজ ?

জুমাৰ মুঠ ১৮ ৰাকাত নামাজ

1.   তাহিয়্যাতুল অজু ২ ৰাকাত (ঐচ্ছিক)

2.   দোখলুল মছজিদ ২ ৰাকাত (ঐচ্ছিক)

3.   কাবলোল জুমা ৪ ৰাকাত(জৰুৰী)

4.   ফৰজ ২ ৰাকাত(বাধ্যতামূলক)

5.   বা’দল জুমা ৪ ৰাকাত (জৰুৰী)

6.   ছুন্নাতুল ওৱাক্ত ২ ৰাকাত (ঐচ্ছিক)

7.   নফল ২ ৰাকাত (ঐচ্ছিক)

জুমাৰ তাহিয়্যাতুল অজুৰ ২ ৰাকাতৰ নিয়ত: নাৱাইতুৱান উচাল্লিয়া লিল্লাহি তা’আলা ৰাকআতাই চালাতিল তাহিয়্যাতুল অজু ছূন্নাতু ৰাছুলিল্লাহি তা’আলা মুতাৱাজ্জিহান ইলা জিহাতিল কা’বাতিচ শ্বাৰিফাতি আল্লাহুআকবাৰ

জমাৰ দোখলুল মছজিদ ২ ৰাকাতৰ নিয়ত : নাৱাইতুৱান উচাল্লিয়া লিল্লাহি তা’আলা ৰাকআতাই চালাতিল দোখলুল মছজিদ ছূন্নাতু ৰাছুলিল্লাহি তা’আলা মুতাৱাজ্জিহান ইলা জিহাতিল কা’বাতিচ শ্বাৰিফাতি আল্লাহুআকবাৰ

জুমাৰ কাবলোল জুমা ৪ ৰাকাতৰ নিয়ত: নাবাইতুৱান উচাল্লিয়া লিল্লাহি তা’আলা আৰবাআ ৰাকআতি চালাতিল কাবলোল জুমা ছূন্নাতু ৰাছুলিল্লাহি তাআলা মুতাৱাজ্জিহান ইলা জিহাতিল কা’বাতিচ শ্বাৰিফাতি আল্লাহুআকবাৰ।

জুমাৰ ফৰজ ২ ৰাকাতৰ নিয়ত: নাৱাইতুৱান উছকিতা আন জিম্মাতি ফাৰজুজ্ জোহৰি বিআদায়ে ৰাকআতাই চালাতিল জুমআতি ফাৰজুল্লাহি তা’আলা ই্ক্তাদায়তু বিহাজাল ইমাম মুতাৱাজ্জিহান ইলা জিহাতিল কা’বাতিচ শ্বাৰিফাতি আল্লাহুআকবাৰ

জুমাৰ বা’দাল জুমা ৪ ৰাকাতৰ নিয়ত: নাবাইতুৱান উচাল্লিয়া লিল্লাহি তা’আলা আৰবাআ ৰাকআতি চালাতিল বা’দাল জুমা ছূন্নাতু ৰাছুলিল্লাহি তাআলা মুতাৱাজ্জিহান ইলা জিহাতিল কা’বাতিচ শ্বাৰিফাতি

জুমাৰ ছুন্নাতুল ৱাক্ত ২ ৰাকাতৰ নিয়ত: নাৱাইতুৱান উচাল্লিয়া লিল্লাহি তা’আলা ৰাকআতাই চালাতিল ৱাক্তি ছূন্নাতু ৰাছুলিল্লাহি তা’আলা মুতাৱাজ্জিহান ইলা জিহাতিল কা’বাতিচ শ্বাৰিফাতি আল্লাহুআকবাৰ|

জুমাৰ নফল ২ ৰাকাতৰ নিয়ত : নাৱাইতুৱান উচাল্লিয়া লিল্লাহি তা’আলা ৰাকআতাই চালাতিন নাফলি মুতাৱাজ্জিহান ইলা জিহাতিল কা’বাতিচ শ্বাৰিফাতি আল্লাহুআকবাৰ।

আপুনি জানেনে ২ ৰাকাতীয়া আৰু ৪ ৰাকাতীয়া নামাজ পঢ়াৰ তৰীকা বেলেগ বেলেগযদি নাজানে মই তলত ধুনীয়াকে লিখি দিছো এবাৰ পঢ়িলে হ’ল।

 

২ ৰাকাতীয়া নামাজৰ তৰীকা

·        প্রথমে নামাজৰ পাটি(জাইনামাজ) বা নিৰ্দিষ্ট ঠাইত কিবলা মুখী (পশ্চিমৰ ফালে মুখ কৰি)হৈ থিয় হব লাগে। জাইনামাজত থিয় হওতে পোন হৈ থিয় হব লাগে আৰু মুৰ টো সামান্য হলাই ৰাখিব লাগে এইটো চুন্নত। তাৰ পিছত জাইনামাজৰ দোৱা টো পঢ়িব লাগে (জাইনামাজৰ দোৱা: ইন্নী ওৱাজাহতু ওৱাজহিয়া লিল্লাজী ফাটাৰাছ ছামাৱাতি ওৱাল আৰদা হানিফা্ঁও ওৱামা আনা মিনাল মুচৰিকীন।

·        তাৰ পিছত নামাজৰ নিয়ত(চুন্নত,ফৰজ যি পঢ়া হয়) মনতে কৰি লব লাগে।

·        তহৰীমা বান্ধিব লাগে,আল্লাহুআকবাৰ কৈ কাণ পৰ্যন্ত হাত দাঙি নাভিৰ ওপৰত তহৰীমা বান্ধিব লাগে তহৰীমা বান্ধোতে বা্ঁও হাতৰ ওপৰত সোহাত ৰাখিব লাগে। কিন্তূ মহিলাৰ ক্ষেত্ৰত এই নিয়ম টো সামান্য বেলেগ, মহিলা সকলে কান্ধলৈ হাত দাঙিব লাগে আৰু বুকুৰ ওপৰত তহৰীমা বান্ধিব লাগে আৰু বা্ঁও হাতৰ তলুৱা বুকুৰ ওপৰত ৰাখিতক সোঁহাতৰ তলুৱা বা্ঁও হাতৰ ওপৰত ৰাখিব লাগে।

·        এতিয়া ছানা (ছোবহানাকা আল্লাহুমা ওৱা বিহামদিকা ওৱা তাবাৰা কাছমুকা ওৱা তাআলা জাদ্দুকা ওৱা লা ইলাহা গায়ৰুকা।) পঢ়িব।

·        ইয়াৰ পিছত তাউজ অৰ্থাৎ আউজুবিল্লাহি মিনাচ চায়তানিৰ ৰাজীম আৰু তছমীয়া অৰ্থাৎ বিচমিল্লাহিৰ ৰাহমানিৰ ৰাহীম।পঢ়িব।

·        তাৰ পিছত ছুৰা ফাতিহা অৰ্থাৎ আলহামদুৰ ছুৰা পঢ়িব লাগে আৰু তাৰ লগত যিকোনো এটা চুৰা বা দীঘল আয়াত এটা আৰু চুটি হলে ৩ টা আয়াত পঢ়িব লাগে।

·        তাৰ পিছত আল্লাহুআকবাৰ কৈ ৰুকু কৰক আৰু ৰুকুৰ তছবীহ (ছোবহানা ৰাব্বিয়াল আজীম)পাঠ কৰক। তাৰ পিছত তছমী (ছামিয়াল্লাহু লিমান হামিদাহ) আৰু তহমিদ(ৰব্বানা লাকাল হামদ) কৈ ক্ষন্তেক থিয় হৈ কাওমা কৰক।

·        এতিয়া তকবীৰ কৈ ছিজদা লৈ যাওক আৰু ছিজদাৰ তজবীহ(ছোবহানা ৰব্বিয়াল আলা)পাঠ কৰি পুনৰ তকবীৰ কৈ উঠি ক্ষন্তেক বহি জালাছা (আল্লাহুম্মাগ ফিৰলী ওৱাৰ হামনি ওৱাৰ ঝুকনী ওৱাহদিনী।) কৰি দ্বিতীয় ছিজদা লৈ যাব লাগে আৰু ছিজদাৰ তছবীহ পাঠ কৰি তকবীৰ কৈ দ্বিতীয় ৰাকাতৰ বাবে থিয় হওক।

·        দ্বিতীয় ৰাকাত নামাজত নিয়ত নালাগে, তহৰীমা বান্ধিব লাগে,ছানা পঢ়িব নালাগে ,ছুৰা ফাতিহা আৰু তাৰ লগত যিকোনো এটা চুৰা পাঠ কৰিব লাগে,আগৰ নিচিনাকৈ ৰুকু আৰু ছিজদা কৰক আৰু শেষত ছিজদাৰ তজবীহ পাঠ কৰি তকবীৰ কৈ সমাপ্তি বৈঠক কৰক।

শেষ বৈঠকত তছহুদ ,দৰুদ, আৰু দোৱা মাছুৰা পঢ়ি চালাম ফিৰাই নামাজ সমাপ্ত কৰিব।তাৰ পিছত দুই হাত তুলি মুনাজাত কৰিব।

৪ ৰাকাতীয়া নামাজৰ পদ্ধতি

·        প্ৰথমতে আগতে উল্লেখ কৰা ধৰণে জাইনামাজৰ দোৱা টৌ পঢ়ক,তাৰ পিছত যি নামাজ পঢ়ে সেই নামাজৰ নিয়ত কৰক, তহৰীমা বান্ধি ছানা পঢ়ক, তাৰ পিছত আউজুবিল্লাহ আৰু বিচমিল্লাহ পঢ়ি চুৰা ফাতিহা পঢ়ক। চুৰা ফাতিহাৰ লগত অন্য চুৰা মিলাই পঢ়ক ,আৰু আগতে উল্লেখ কৰা নিয়ম অনুযায়ী ৰুকু, চিজদাহ কৰক।দ্বিতীয় ৰাকাত নামাজৰ ক্ষেত্ৰত নিয়ত আৰু ছানা পঢ়িব নালাগে, ছুৰা ফাতিহাৰ লগত অন্য ছূৰা মিলাই পঢ়ক।

·        তৃতীয় আৰু চতুৰ্থ ৰকাতৰ ক্ষেত্ৰত “আউজুবিল্লাহ” পঢ়িব নালাগে, অকল “বিচমিল্লাহ” পঢ়িলে হল,। যদি ফৰজ নামাজ হয়, অকল ছূৰা ফাতিহা পঢ়ক, আৰু যদি ছূন্নত নামাজ হয় তেতিয়া হলে ছূৰা ফাতিহাৰ লগত অন্য ছূৰা মিলাই পঢ়িব লাগে।

·        শেষ বৈঠকত তছহুদ, দৰুদ আৰু দোৱা মাছুৰা পঢ়ি চালাম ফিৰাই নামাজ সমাপ্ত কৰক, তাৰ পিছত দুই হাত তুলি মুনাজাত কৰিব।

জুমাৰ শেষৰ তজবীহ    

ছোবহানাল্লাহি ওৱা বিহামদিহী ছোবহানাল্লাহিল আজীম।

জুমাৰ নামাজৰ এটি বিশেষত্ব হল খুত্ববা পঢ়া। খুত্ববা ইমাম গৰাকীয়ে পাঠ কৰে। মই যিহেতু এজনী ছোৱালী মানুহ হয় গতিকে মচজিদত কেনেকৈ খুত্ববা পাঠ কৰে গোটেই খিনি ভালকৈ নাজানিম ,মই যিমানখিনি জানো আপোনাক বুজাই দিব চেষ্টা কৰিছো।

আচলতে শুক্ৰবাৰৰ নামাজ বা সাপ্তাহিক মিলন আল্লাহতাআলাৰ এটা খাচ নিয়ত।আমি যদি ধৰ্মীয় দৃষ্টি কোনৰ পৰা ভালদৰে জুকিয়াই  চাঁও তেন্তে দেখিবলৈ পাম যে ইছলামৰ এনেবোৰ নীতি-আদৰ্শই এখন সুস্থ সমাজৰ বাৰ্তা বহন কৰে । যেনে ধৰক শুক্ৰবাৰৰ দিনাখন সকলোৱে একগোট হৈ নামাজ পঢ়ে , ধনী দুখীয়া নিৰ্বিশেষে সকলোৰে বাবে সমান অধিকাৰ আছে একেলগে এটা শাৰীত থিয় নামাজ পঢ়াৰ , ইয়াত কোনেও কাকো বাধা দিব নোৱাৰে আৰু এনেকুৱা নিয়ম বোৰে আমাৰ মাজত ভাতৃত্ব বান্ধোন জগাই তোলে ,আৰু বহুতো ইচলামিক তৰীকা আছে যিবোৰ খুবেই ধুনীয়া। সেই বিষয়ে বাৰু পিছত এদিন ভালদৰে আলোচনা কৰিম। So, in my point of view Islam is the best religion of the world and Alhamdulillah, I am proud to be a Muslim. হমম, এটা কথা হঠাত মনত পৰি গল, কথাটো হল শুক্ৰবাৰ দিনটো যিহেতু বন্ধ নাথাকে, গতিকে সকলোৱে নিশ্চয় অফিচ-কাচাৰী , ব্যৱসায় বানিজ্য ইত্যাদি কামত ব্যস্ত থাকিব লগা হয় আৰু শুক্ৰবাৰৰ দিনা নামাজ পঢ়িবলৈ যাওতে দৌৰা-দৌৰিৰ কাৰণে  হঠাত টুপী টো পাহৰি যোৱা যায়,  ইয়াৰ বাবে চিন্তাৰ কোনো কাৰণ নাই ,এখন বগা চাফা ৰুমাল লগত ৰাখিব যিখন টুপী সলনি আপুনি ব্যৱহাৰ কৰিব পাৰিব, আৰু প্ৰায়ে আজিকালি মচজিদত টুপী থাকেই গতিকে চিন্তাৰ কোনো কাৰণ নাই। আৰু এটা কথা কিছুমানে অকল ২ ৰাকাত নামাজ পঢ়ি গুচি আহে, আচলতে তেনেকুৱা কৰাটো উচিত নহয় at least ১০ ৰাকাত পঢ়িব লাগে ,কিবা বিষেশ জৰুৰী কামত অকল ফৰজ ২ ৰাকাত পঢ়া টো বেলেগ কথা। যিমান খিনি আপুনি পাৰে আল্লাহৰ কাম কৰক আৰু দোৱাৰ সময়ত আমাকো নিশ্চয় মনত পেলাব। আমিন। (Jumma Namaz)

Leave a comment