যাতনা
আৰুনো কিমান সহিম মই
এই নিঠৰুৱা জীৱনৰ দুঃসহ যাতনা বোৰ ।
হে মোৰ হৃদয়ৰ দেৱতা…!
অতীত -বৰ্তমানৰ এই সীমাহীন যাতনাৰ সাগৰত ডুবি
আৰু কিমান দিন মই এনেকৈয়ে সহিম
প্ৰাণৰ নীৰৱতা ।
অকলশৰীয়া এই যাত্ৰা পথৰ লগৰীয়াবোৰে
মোৰ সমস্ত মৰমৰ নেঁওচি নিমিষতে হেৰাই গ’ল,
মোৰ জীৱনৰ পৰা।
তুমি মোক কোৱা..?
আৰু কিমান সহিম এই দুৰ্ভগীয়া জীৱনৰ বেদনা..!
সপোন জগতৰ সোনালী এটি -এটি পল
সকলো বিলীন অদূৰত
নিঠৰুৱা কৰি মোক দুৰ্ভগীয়া সংসাৰত ।
কোনেনো শুনিব মোৰ হৃদয়ৰ বিননি
হিয়া উজাৰি কমেই বা কাক দুখৰ বাতৰি ।
সেয়ে আজি দয়াময় তোমাক ভৰষা কৰি
নিজৰ হৃদয় খনকে কঠোৰ কৰি
অকনমান হাঁহি বিৰিঙিয়াবলৈ যাঁও আগবাঢ়ি।
আৰুনো সহিম কিমান কোৱা
এই দুৰ্ভগীয়া জীৱনৰ বেদনা ।
মিনুআৰা বেগম
১০–০৪–২০২০