Know what Islam says about women in Assamese

 

 

Islam and Women in Assamese 

“তুমি টো জানাই আমাৰ শহুৰ-শাহু আৰু মোৰ husband কিমান conservative. মই স্কুলত কাম কৰোতে বোৰ্খা পিন্ধি যাবলৈ অমা্ন্তি হোৱা কাৰণে, মোক স্কুলত কাম কৰাই বন্ধ কৰি দিলে,আৰু আমাৰ মাজনীক টো এইবাৰ বিয়াই দিব, লৰাই চাব আহিছেও । মোৰ husband ৰ মতে এনেও ছোৱালী মানুহ ঘৰতে থাকিব লাগিব, ইমান পঢ়ি কি লাভ”……….. 😆😉😒 (Islam and women)

 

ইচলামত মহিলাৰ স্থান (Islam and women)

আচ্ছালামুৱালাইকুম, আজি মই আপোনাৰ লগত এটি খুবেই interesting story share কৰিম, and it is based on a true story. lets start..

আমাৰ ঘৰৰ পৰা দুঘৰ এৰি মোৰ লগৰ জনীৰ ঘৰ। ছোৱালী জনী পঢ়াই-শুনাই আৰু দেখাতো বহুত ভাল , সিহতৰ aunty য়েও ওচৰৰ স্কুল এখনত চাকৰি কৰিছিল কিন্তু এদিন uncle লগত কিবা কথাত কাজিয়া লাগি চাকৰি টো এৰিলে। মই প্রায়ে সিঁহতৰ ঘৰত গৈ থাকো বাবে aunty য়ে মোৰ লগত প্ৰায় কথা বোৰ share কৰে।যোৱাকালি মই সিঁহতৰ ঘৰত মোৰ লগৰ জনীয়ে এইবাৰ ক’ত MA ত Admission ল’ব তাকে সুধিবলৈ গলো, কিন্তু aunty য়ে মোক যিটো Answer দিলে মই আচৰিতে হৈ গলো। Aunty য়ে কলে যে-“তুমি টো জানাই আমাৰ শহুৰ-শাহু আৰু মোৰ husband কিমান conservative. মই স্কুলত কাম কৰোতে বোৰ্খা পিন্ধি যাবলৈ অমা্ন্তি হোৱা কাৰণে, মোক স্কুলত কাম কৰাই বন্ধ কৰি দিলে,আৰু আমাৰ মাজনীক টো এইবাৰ বিয়াই দিব, লৰাই চাব আহিছেও । মোৰ husband ৰ মতে এনেও ছোৱালী মানুহ ঘৰতে থাকিব লাগিব, ইমান পঢ়ি কি লাভ”

কথা খিনি শুনি মোৰ বহুত খং উঠিল। তাৰ পিছত মই সিঁহতৰ নানীক (আইতা) মাতি আনিলো , যিহেতু মই সঁচা টোক সঁচা বুলি স্বীকৃতি দিব ভয় নকৰো , গতিকে মই নানী ,aunty আৰু মোৰ লগৰ জনীক একেলগে মোৰ ওচৰত বহুৱাই লৈ কলো, “চাঁওক নানী আপোনাৰ বোৱাৰীয়ে কেতিয়াও বোৰ্খা পিন্ধি class কৰিব নোৱাৰে, যিহেতু সেইখন কোনো Islamic school নহয়, আৰু দ্বিতীয় কথাটো হ’ল বোৰ্খা পিন্ধি গ’লে Aunty ৰ বহু ক্ষেত্ৰত adjustment problem হ’ব যিহেতু aunty ৰ স্কুলত অন্য ধৰ্মৰো teachers আৰু student আছে, গতিকে সেইখিনি ক্ষেত্ৰত কিছু এৰা ধৰা কৰিবই লাগিব| আৰু ইচলামত কোৱা হৈছে যে আমি যি দেশত থাকো সেই দেশৰ সংবিধান আৰু নিয়ম –কানুন মানি চলাটো চুন্নত। গতিকে আপুনি আপোনাৰ লৰাক বুজাব, আৰু aunty কো মাৰ্জিত পোছাক পৰিধান কৰি স্কুলত আকৌ যাবলৈ দিব, ইচলামে কেতিয়াও কোৱা নাই যে নাৰী চাৰি বেৰৰ মাজত থাকক। আপুনি যদি প্রকৃত মুছলমান তেতিয়াহলে প্রকৃত ইচলাম follow কৰক।

আৰু মই aunty ক কলো যে- “aunty আপুনি স্কুলত গলে হিজাব  আৰু মাৰ্জিত পোছাক পৰিধান কৰিব পাৰে  এনেও গৰমৰ দিনকেইটাত sunburn হোৱাৰ ভয়ত প্রায়ে আমি হাত দীঘল কটন কাপোৰ পিন্ধো আৰু মুৰৰ চুলি খিনিও কাপোৰেৰে ঢাকি লঁও যাতে চুলি খিনি ধূলি-বালি পৰি নষ্ট নহয় আৰু নাফাটে । গতিকে হিজাব খন পৰিধান কৰিলে ভালহে , আপোনাৰ দুয়োটা দিশতে লাভ। আৰু aunty, লীনাক(মোৰ লগৰ জনী)ইমান তৎক্ষনাত বিয়া দিব নালাগে , তাইৰ এতিয়া only 22 years, গতিকে তাই পঢ়িব ইচ্ছা কৰিছে পঢ়ক। এনেও ছোৱালী মানুহৰ উপযুক্ত বিয়াৰ বয়স 25 ।

এতিয়া সিহতে কি সিদ্ধা্ন্ত লয় সেইয়া সিঁহতৰ কথা | তাৰ পিছত মই ঘৰলৈ আহিলো আৰু ভাবিলো যে সচাঁকৈয়ে ইচলামে মহিলাক এনেকুৱা কঠোৰ নিৰ্দেশনা ৰে আবদ্ধ কৰি ৰাখিছেনে..? ইচলামত মহিলাৰ স্থান কি..? তাৰ পিছত মই অলপ অধ্যয়ন কৰি যিখিনি গম পালো সেইয়া আপোনাৰ লগত share কৰিছো, আৰু আশা কৰিছো এইখিনি পঢ়ি আপোনাৰো দৃষ্টি-ভংগী সলনি হ’ব ।

সাধাৰণতে আমি মুছলিম মহিলা সকল বহু ক্ষেত্ৰত পিছ পৰি থাকো আৰু তাৰ কাৰণ হ’ল কিছুমান conservative অৰ্থাৎ ৰক্ষনশীল মনোভাৱ আৰু ঠেক চিন্তা কিছুমান । আমাৰ মুছলিম family বোৰত চলি অহা কিছুমান কথা-বতৰা যেনে ধৰক ছোৱালী হ’লে ইমান পঢ়ুৱাই লাভ নাই সোনকালে বিয়া দিব লাগে, অথবা ছোৱালী বা বোৱাৰী হলে একেবাৰে পৰ্দাত থাকিব লাগে ঘৰৰ  বাহিৰত বেছি ওলাব নালাগে, যিটো ঘটনা মই ইতিমধ্যে আপোনাক জনাইছো। তাৰ ওপৰিও কিছুমান পুৰুষে মহিলাক  বহুত dominate কৰি ৰাখিব বিছাৰে বিশেষকৈ মুছলিম সমাজত| আৰু কিছুমানে সৰু-সাধাৰণ কথা কিছুমানতে তিৰোতা গৰাকীক তালাক দি দিয়ে আৰু মাৰ-ধৰ ও কৰে,  যিবোৰ ইচলামিক নীতি-আদৰ্শৰ ভিতৰতে নপৰে। এনেয়ে মুচলমান বুলি certificate খন লগালেই নহ’ব, এজন প্রকৃত মুছলমান হ’ব লাগিব।

আমাৰ প্ৰিয় নবী হজৰত মহম্মদে কৈছিল আল্লাৰ আটাইতকৈ মৰমৰ সৃষ্টি হৈছে নাৰী জাতি। আল্লাই কোৰাণত কৈছে যে মই স্ত্ৰী জাতিক অতি মোহনীয় আৰু অপৰুপ ৰুপ লাবণ্যৰে গঢ় দিছো, যি পুৰুষে স্ত্ৰীক অৱহেলা কৰি অত্যাচাৰ কৰিব সেই পুৰুষৰ স্থান নৰকত। গতিকে আপুনিয়ে ভাবক ইচলামত মহিলাৰ স্থান কিমান উচ্চ

কোৰানত আৰু কোৱা হৈছে যে যেতিয়ালৈকে কোনো স্ত্ৰী অন্তঃসত্ত্বা তেতিয়ালৈ সংসাৰৰ সকলো ভৰণ-পোষণৰ ভাৰ তেওঁৰ স্বামীৰ

আকৌ কোৰাণত কোৱা হৈছে যে সন্তান প্রসৱৰ পিছতো সন্তান সাবালক নোহোৱা পৰ্যন্ত বা উপাৰ্জন কৰাৰ বয়স নোহোৱালৈকে সংসাৰৰ সকলো ভৰণ-পোষণৰ দায়িত্ব স্বামীৰ। এইয়া কোৰাণৰ হুকুম আৰু যি সকল পুৰুষে কোৰানক অৱজ্ঞা কৰি স্ত্ৰীক তালাক দিয়ে অথবা স্ত্ৰীক অত্যাচাৰ কৰে সেই পুৰুষৰ স্থান নৰকত। কিন্তু অত্যন্ত দুখৰ বিষয় এই যে বহুতো মোল্লাবাদীয়ে ভূল বাখ্যা কিছুমান দি সমাজ খনক বিপথে পৰিচালিত কৰিছে। গতিকে নিজে কিছু অধ্যয়ন কৰক আৰু এনেকুৱা চিন্তাৰ পৰা নিজকে আতৰত ৰাখক।

কোৰানত আকৌ কোৱা হৈছে যে তিৰোতাই বা ছোৱালীয়ে পৈতৃক সম্পত্তিৰ এটা ভাগ সমানে পাব, যিবোৰ নিয়ম এতিয়া আইনত পৰিণত কৰিছে।

কোৰানত কোৱা হৈছে যে “যেতিয়া তুমি সহধৰ্মিনীক পৰিত্যাগ কৰিবা,তেতিয়া তেঁও লগত অনা সকলো অলংকাৰ, আচবাব পাতি, টকা-পইচা আদি ঘুৰাই দিব লাগিব।

আকৌ আমি যদি উভতি চাঁও মৰু প্রান্তৰ উহদ যুদ্ধত হজৰত মহম্মদক যেতিয়া শত্ৰু পক্ষই তৰোৱালেৰে মুৰত আঘাত কৰি তেওঁক ধাৰাশায়ী কৰিছিল তেতিয়া তেওঁৰ স্ত্ৰী আয়েশা আৰু জীয়েক ফাতিমাই হাতত ধনুকাৰ লৈ শত্ৰু পক্ষক আক্ৰমন কৰিছিল গতিকে ইয়াৰ পৰা প্ৰমানিত হয় যে ইচলামে কেতিয়াও নাৰীক চাৰি বেৰৰ মাজত আবদ্ধ হৈ থাকিব কোৱা নাই।

আমি নিশ্চয় ইহুদী বুঢ়ী এজনী আৰু নবীৰ কাহিনী টো জানো। এগৰাকী ইহুদী বুঢ়ী  মহম্মদৰ ঘৰৰ ওচৰত বাস কৰিছিল। বুঢ়ী গৰাকীয়ে মহম্মদক ঘৃণা কৰিছিল আৰু সদায়েই মহম্মদ অহা-যোৱা কৰা ৰাস্তাত মানুহৰ বিষ্ঠা আৰু জেং -জাৱৰ পেলাই মহম্মদক বৰ কষ্ট দিছিল। মহম্মদে কিন্তু বুঢ়ীক এই কামৰ বাবে এদিনো প্রতিবাদ কৰা নাছিল। এদিন মহম্মদে দেখিলে যে তেওঁ অহা-যোৱা কৰা ৰাস্তাত আগৰ দৰে জেং-জাৱৰ নাই। মহম্মদৰ মনত প্রশ্নৰ উদয় হ’ল আৰু বুঢ়ীৰ খবৰ লবলৈ ঘৰলৈ গল,গৈ দেখিলে যে বুঢ়ীৰ টান নৰিয়া । তেতিয়া বুঢ়ীৰ মনত বৰ অনুশোচনা হল আৰু মহম্মদৰ ওচৰত ক্ষমা খুজিলে আৰু ইচলাম ধৰ্ম গ্রহন কৰিলে। এই ঘটনাটোৰ পৰা এটা কথা স্পষ্ট হ’ল যে ইচলামে কেতিয়াও নাৰীক অপমান কৰিব শিকোৱা নাই । আপুনি যদি  নিজকে আমাৰ প্ৰিয় নবী হজৰত মহম্মদৰ উম্মত বুলি ভাবে তেতিয়াহলে তেঁওৰ আদব-কায়দাক follow কৰক।


আকৌ কোৰাণত কৈছে যে “হে মানব জাতি আল্লাহৰ প্ৰতি নিজৰ কৰ্তব্য পালন কৰা, যিয়ে তোমাক এক আত্মাৰ পৰা সৃষ্টি কৰিছে আৰু তাৰ পৰাই তোমাৰ সংগীক সৃষ্টি কৰিছে”। (কোৰান ৪:১) ইয়াৰ পৰা এইটো স্পষ্ট হৈছে যে নাৰীৰ সৃষ্টি পুৰুষৰ বাবে, কাৰণ আল্লাই প্ৰথমে আদম আঃ আৰু তাৰ পিছত হাৱা বিবিক সৃষ্টি কৰিছিল। গতিকে নাৰীক ভোগৰ দৃষ্টি নহয়, সন্মানৰ দৃষ্টিৰে চাঁওক।

According to Quran “আদামৰ প্রথম ভুলৰ বাবে হাৱা বিবিকে অকলে দোষাৰোপ কৰা হোৱা নাই।দুয়োজনে ইশ্বৰৰ প্রতি অবাধ্য হৈ যুটীয়া ভাবে ভুল কৰিছিল আৰু দুয়োকে ক্ষমা কৰি দিয়া হৈছিল”।(Quran 2:36 7:20-24) ইয়াৰ পৰা এইটো স্পষ্ট হৈছে যে ভূলৰ বাবে অকল নাৰী দায়ী নহয় ,পুৰুষ জনো সমানে দায়ী।

আকৌ কোৰাণত উল্লেখ আছে যে “যেতিয়া মহিলা শিশুক জিন্দা অৱস্থাত কবৰ দিয়া হয় , তেতিয়া প্রশ্ন কৰা হয় যে তেওঁ কি ভুল কৰিছিল”(Quran 81:8-9) ইয়াৰ পৰা এইটো স্পষ্ট হয় যে ইচলামে কেতিয়াও কন্যা সন্তানৰ ভ্ৰূণ হত্যাৰ বাবে অনুমতি দিয়া নাই।

যেতিয়া তেওঁ মহিলা শিশু এটা জন্ম হোৱাৰ খবৰ পাই, তেতিয়া তেওঁৰ মুখমণ্ডল কলা পৰি যায় আৰু লাজ আৰু দুখে আবৰি ধৰে আৰু নিজকে লুকুৱাই ৰাখাৰ চেষ্টা কৰে সমাজৰ পৰা ,আৰু মহিলা শিশুটোক অৱমাননা কৰে আৰু কেতিয়াবা জিন্দাই পুতি থয় । অহ্ কিমান যে কু-চিন্তাৰ ব্যক্তি সেইসকল। (Quran 16:58-59) ইয়াৰ পৰা এইটো স্পষ্ট হৈছে যে ইচলামে কেতিয়াও মহিলাক নিম্ন দৃষ্টি ভংগীৰে চোৱা নাই আৰু মহিলাকো সমান অধিকাৰ প্রদান কৰিছে ।

গতিকে আপুনিও কিছু অধ্যয়ন কৰক আৰু জানক প্রকৃত ইচলাম কি..? , ইচলামত মহিলাৰ স্থান কি..? আৰু চেষ্টা কৰক আমাৰ প্রিয় নবীৰ তৰিকাত চলিবলৈ। আৰু মোৰ দৃষ্টি ভংগী মতে মুছলমান মহিলা সকলে চাৰিবেৰত আবদ্ধ নাথাকি যাৰ যি যোগ্যতা সেই অনুযায়ী নিজকে প্রকাশ কৰ|ব লাগে আৰু মাৰ্জিত পোছাক পৰিধান কৰিব লাগে আৰু শালীনতা বজাই ৰখা উচিত।

আপোনালোকে মোৰ লিখনি টো পঢ়ি কেনে পালে জনাব আৰু কিবা প্ৰশ্ন থাকিলে কমেন্টত জনাব। (Islam and women)

 

 

Leave a comment