Interior of the Earth | Assamese Medium | Chapter 3

পৃথিৱীৰ অন্তৰভাগ Interior of the earth

Class 11 | Geography | Questions and Answers | AHSEC

৩০ টা শব্দৰ ভিতৰত তলৰ প্ৰশ্ন বোৰৰ উত্তৰ দিয়া Interior of the earth

. বডি ঢৌ বোৰ কি ? Interior of the earth

ভূমিকম্পৰ  কেন্দ্ৰত উৎপত্তি হোৱা ঢৌ বোৰক বডি ঢৌ বা  প্ৰাথমিক ঢৌ বোলা হয় এনে ঢৌ বোৰ কেন্দ্ৰৰ পৰা সকলো দিশত গতি কৰে বডি ঢৌ বোৰ দুই ধৰনৰ p তৰংগ বা অনুদৈৰ্ঘিক তৰংগ আৰু S তৰংগ বা অনুপ্ৰস্হিক তৰংগ P  তৰংগ বোৰ অতি বেগী আৰু প্ৰথমে পৃথিৱী পৃষ্ঠ ঢুকি পায় P তৰংগ যিকোনো পদাৰ্থৰ মাজেৰে গতি কৰিব পাৰে S তৰংগ বোৰ পৃথিৱীপৃষ্ঠ পাওঁতে কিছু সময় লয়। Interior of the earth

. পৃথিৱীৰ অন্তৰভাগ বিষয়ে সন্ধান দিয়া প্ৰত্যক্ষ উৎস বোৰৰ নাম লিখা ?

পৃথিৱীৰ অন্তৰভাগ বিষয়ে জানিবলৈ লে পৃথিৱীৰ গভীৰতালৈ যোৱাৰ প্ৰয়োজন আছে প্ৰত্যক্ষ উৎস বোৰৰ ভিতৰত পৃষ্ঠ শিলা, খনিৰ পৰা পোৱা শিলা ইত্যাদি আনহাতে বৈজ্ঞানিক সকলে  বিভিন্ন হাতত আঁচনি লৈছে , যেনেসাগৰ বিন্ধ্যাকৰণ আঁচনি” , “একত্ৰিত সাগৰ বিন্ধ্যাকৰণ আঁচনিইত্যাদি এনেধৰনৰ ফুটাকৰনৰ পৰা সংগ্ৰহ কৰা পদাৰ্থ বোৰ পৰীক্ষা নিৰীক্ষা কৰি পৃথিৱীৰ অন্তৰভাগ বিষয়ে জানিব পৰা গৈছে

. আন্ধাৰ মণ্ডল কাক বোলে ?

ভূমিকম্পৰ ঢৌবোৰ দূৰদূৰণিত থকা ছিছমʼগ্ৰাফ যন্ত্ৰ বোৰত লিখা যায় এই যন্ত্ৰ বোৰ সকলো ঠাইতে পাতল পাতল কৈ সংস্হাপিত কৰা আছে কিন্তু দেখা গৈছে যে পৃথিৱীৰ কিছুমান অঞ্চলত ভূমিকম্পৰ ঢৌ বোৰ ছিছমʼগ্ৰাফত ধৰা নপৰে এনেকুৱা অঞ্চল বোৰক আন্ধাৰ মণ্ডল বোলা হয়

. ভূকম্পন কাৰ্য বোৰক বাদ দি পৃথিৱীৰ অন্তৰভাগ বিষয়ে খবৰ পাব পৰা পৰোক্ষ উৎসবোৰৰ বিষয়ে চমুকৈ আলোচনা কৰা

ভূকম্পন কাৰ্যক বাদ দি পৃথিৱীৰ অন্তৰভাগ বিষয়ে খবৰ কৰিব পৰা উৎস বোৰ

. খনন কাৰ্য – খনন কাৰ্যৰ যোগেদিও পৰোক্ষ ভাবে আমি গভীৰৰ পদাৰ্থ বোৰৰ ঘনত্ব, গঠন ইত্যাদি জৰিয়তে অন্তৰভাগ বিষয়ে জানিব পাৰো

. উল্কাপিণ্ডপৃথিৱীত পৰা ‌উল্কাপিণ্ড বোৰৰ পৰাও আমি কম-বেছি পৰিমানে পৃথিৱীৰ অন্তৰভাগ বিষয়ে জানিব পাৰো যদিও উল্কাপিণ্ড বোৰ পৃথিৱীৰ অন্তৰ্ভাগৰ পৰা নাহে , তথাপি উল্কাপিণ্ডত পোৱা পদাৰ্থ বোৰৰ গঠন  আৰু পৃথিৱীৰ পদাৰ্থ বোৰৰ গঠনৰ সৈতে একে

. আন আন পৰোক্ষ উৎস বোৰ মধ্যাকৰ্ষণ বল আৰু  চুম্বকীয় পথাৰ যাৰ জৰিয়তে পদাৰ্থৰ বিতৰনৰ সম্পৰ্কে জানিব পৰা যায় |

১৫০ টা শব্দৰ ভিতৰত তলৰ প্ৰশ্ন বোৰৰ উত্তৰ দিয়া

. যিবোৰ শিলাস্তৰৰ মাধ্যমেৰে ভূমিকম্পৰ ঢৌ বোৰে গতি কৰে তাত ঢৌ বোৰৰ গতিৰ প্ৰভাব বোৰ কি আলোচনা কৰা

প্ৰধানকৈ ভূমিকম্পৰ ঢৌ বোৰৰ গতি দুই ধৰনৰ প্ৰাথমিক বা বডি ঢৌ আৰু পৃষ্ঠ ঢৌ ভূমিকম্পৰ এই ঢৌৰ গতিৰ ফলত শিলাস্তৰত কম্পনৰ সৃষ্টি হয় ঢৌ বোৰে গতি কৰাৰ ফলত শিলাস্তৰত যথেষ্ট চাপৰ সৃষ্টি হয় যাৰ ফলত পদাৰ্থ বোৰ বঢ়া-টুটা কৰিব লগা হয় আৰু ঘনত্বৰ সালসলনি ঘটে , ভূমিকম্পৰ ঢৌৱে শিলাস্তৰত জোকাৰনিৰ সৃষ্টি কৰি ভাজ, চ্যুতি ইত্যাদিৰ সৃষ্টি কৰে

. অন্তৰ্গত গঠন মানে কি বুজা ? বিভিন্ন প্ৰকৃতিৰ অন্তৰ্গঠিত শিলৰ বিষয়ে আলোচনা কৰা

আগ্নেয়গিৰি উদ্গীৰণ ফলত ওলাই অহা লাভা বোৰ শীতল হোৱাৰ পিছত আগ্নেয়শিলত পৰিণত হয় কেতিয়াবা লাভা বোৰ পৃথিৱীৰ খোলাটোৰ  অন্তৰভাগতে ঠাণ্ডা হৈ বিভিন্ন আকৃতি ধাৰণ কৰে এনেদৰে খোলাটোৰ ভিতৰতে গঠন‌ হোৱা প্ৰক্ৰিয়া টোক অন্তৰ্গঠন বোলা হয়

বিভিন্ন প্ৰকাৰৰ অন্তৰ্গঠিত শিলা বোৰ হল

. বেথোলিথ কেতিয়াবা মেগমা বোৰ পৃথিৱীৰ বাহিৰলৈ ওলাই নাহে আৰু ভিতৰতে শীতল হৈ ডোম আকৃতিৰ গঠন কৰে ইয়াকে বেথোলিথ বোলে

. ডাইক লাভাবোৰ যেতিয়া পৃথিৱীৰ খোলাৰ স্তৰবোৰত থকা উলম্বিক ফাট বোৰৰ মাজেদি সোমাই আহি টান হৈ পৰে আৰু বেৰৰ নিচিনাকৈ থিয় হৈ থাকে , এনেধৰনৰ গঠনক ডাইক বোলে

.লেকোলিথএনেধৰনৰ শিল বোৰ শিলাস্তৰ ভেদ কৰি ওপৰলৈ আহি পৃথিৱী পৃষ্ঠৰ কিছু গভীৰতাত শীতল হৈ গঠন হয় আৰু এডাল নলীৰে মেগমা গহ্বৰৰ সৈতে সংযোজিত হৈ থাকে এইবোৰৰ আকৃতি আগ্নেয় ডোমৰ নিচিনা

ইয়াৰ ওপৰিও লোপোলিথ, ফেকোলিথ আৰু শ্বিল ইত্যাদি বিভিন্ন আকৃতিৰ অন্তৰ্গঠিত শিলা পোৱা যায়

অতিৰিক্ত পাঠভিত্তিক  প্ৰশ্নোত্তৰ

. পৃথিৱীৰ খোলাটোৰ গঠন সম্পৰ্কে বৰ্ণনা কৰা |

পৃথিৱীৰ উপৰিভাগৰ ডাঠ অংশ টোক পৃথিৱীৰ খোলা বুলি কোৱা হয় ইয়াৰ ঘনত্ব মহাদেশ আৰু মহাসাগৰত বেলেগ বেলেগ হয় মহাসাগৰীয় খোলা গড়ে কি.মি ডাঠ আনহাতে মহাদেশীয় খোলা গড়ে ৩০ কি.মি ডাঠ পাৰ্বত্য অঞ্চলত মহাদেশীয় খোলা আৰু বেছিভাগ হয় Interior of the earth

পৃথিৱীৰ খোলাটোক আমি প্ৰধানকৈ দুটা ভাগত ভগাব পাৰো এই ভাগ দুটা ল –

. মেন্টল স্তৰপৃথিৱীৰ খোলাটোৰ তলৰ স্তৰ টোৱে মেন্টল স্তৰ এই স্তৰ টো মʼহো ৰেখাৰ পৰা ২৯০০ কি.মি পৰ্য্যন্ত তললৈ আছে মেন্টল স্তৰৰ ওপৰৰ অংশক এছথেনোচস্ফেয়াৰ বোলে এই অঞ্চল টো অতি দুৰ্বল ,আৰু এই  স্তৰ টো ৪০০ কি.মি ডাঠ আৰু ইয়াতে মেগমা বোৰ জমা হৈ থাকে পৃথিৱীৰ খোলা আৰু মেন্টলৰ উপৰি ভাগক লগলগাই একেলগে লিথোস্ফিয়েৰ বোলা হয় এই অঞ্চল টো ১০২০০ কি.মি ডাঠ

খ. পৃথিৱীৰ কেন্দ্ৰকেন্দ্ৰৰ বাহিৰৰ অংশ টো জুলীয়া অৱস্হাত আৰু ভিতৰৰ অংশ টো গোটা অৱস্হাত আছে মেন্টল আৰু কেন্দ্ৰৰ সীমাৰেখা নিৰ্দিষ্ট কৰা হৈছে ভূ-পৃষ্ঠৰ পৰা ২৯০০ কি.মি গভীৰতাত পৃথিৱীৰ কেন্দ্ৰ টো অতি গধুৰ পদাৰ্থৰে গঠিত , বিশেষকৈ নিকেল আৰু লো যাৰ বাবে ইয়াক নিফে নামেৰেও জনা যায়

ইয়াৰ চিত্ৰ এটি তলত দাঙি ধৰা

earth’s interior

. ভূমিকম্পৰ প্ৰকাৰ বোৰ বৰ্ণনা কৰা

ভূমিকম্প বোৰক সাধৰনতে তিনি প্ৰকাৰত ভগাব পাৰি –

. ভূ-তাত্বিকসাধাৰণতে ভূমিকম্প বোৰ ভূ-তাত্বিক কাৰণত হয় চ্যুতিতলত শিলাস্তৰ পিচলি গৈ এনে ভূমিকম্পৰ সৃষ্টি হয়

. জ্বালামুখী ভূমিকম্পআন এক ধৰনৰ ভূমিকম্পক জ্বালামুখী ভূমিকম্প বোলে এনে ভূমিকম্প অকল আগ্নেয়গিৰি থকা অঞ্চলতহে আবদ্ধ থাকে

. ভূ-স্থলন ভূমিকম্প খনিৰ কাম চলি থকা অঞ্চলত কেতিয়াবা কেতিয়াবা ওপৰৰ মাটি খহি পৰি সৰু জোকাৰণিৰ সৃষ্টি কৰে এনে ভূমিকম্পক ভূ -স্থলন ভূমিকম্প বোলে

. ভূমিকম্পৰ প্ৰাবল্য জোখা যন্ত্ৰ টোৰ নাম লিখা ?

ৰিখটাৰ মাপনী আৰু মাৰকালি মাপনীৰ সহায়ত ভূমিকম্পৰ প্ৰাবল্য জোখা হয়

১০. তলত দিয়া ভূমিকম্পৰ তৰংগ বোৰৰ ভিতৰত কোনটো অধিক বিধ্বংসী

ক. P তৰংগ                 

. S তৰংগ                 

গ. পৃষ্ঠ তৰংগ    

. এটাও নহয়

১১. তলত দিয়া বোৰৰ কোনটোৱে পৃথিৱীৰ অন্তৰভাগৰ বিষয়ে প্ৰত্যক্ষ খবৰ দিয়ে

. ভূমিকম্পৰ তৰংগ বোৰ         . মাধ্যাকৰ্ষণ

. আগ্নেয়গিৰি                          . পৃথিৱীৰ চুম্বকত্ব

১২কি ধৰনৰ আগ্নেয়গিৰী উদগীৰণৰ ফলত দাক্ষিণাত্য ট্ৰেপ গঠন হৈছে ?

. শ্বিল্ড                   . কম্পজিত

. বানপানী              . কালডেৰা 

১৩. তলৰ কোনটোৱে লিথোস্ফিয়েৰৰ বিষয়ে বৰ্ণনা দিয়ে

. উচ্চ আৰু নিম্ন মেন্টল           . খোলা আৰু উচ্চ মেন্টল

. খোলা আৰু কেন্দ্ৰ ভাগ            . মেন্টল আৰু কেন্দ্ৰ ভাগ

Leave a comment