Know Questions and Answers of India – Location

Class 11 | Geography | Indian Physical Environment | Chapter 1 | AHSEC

ভাৰতবৰ্ষ : অৱস্থিতি India location

১. ভাৰতবৰ্ষক একাধিক মান সময়ৰ প্ৰয়োজন আছেনে ? যদি প্ৰয়োজন ইয়াৰ কাৰণ কি ? India location

সাধাৰনতে যি বোৰ দেশৰ পূবা- পশ্চিমা বিস্তৃতি অধিক, তেনে দেশত একাধিক মান দ্ৰাঘিমা নিৰ্নয় কৰা হয় যাতে একেখন দেশতে দুখন ঠাইৰ মাজৰ সময়ৰ পাৰ্থক্য কমি যায় । উদাহৰণস্বৰূপে আমেৰিকা যুক্তৰাষ্ট্ৰত সাতটা সময় মণ্ডল আছে ।

আৰু ভাৰতৰ ক্ষেত্ৰটো একাধিক মান সময়ৰ প্ৰয়োজন আছে, কাৰণ ভাৰতৰ পূবা-পশ্চিমা বিস্তৃতি অধিক, ভাৰতৰ পূব-পশ্চিম দ্ৰাঘিমা ৰেখাৰ অন্তৰ প্ৰায় ৩০ ডিগ্ৰী , যাৰ বাবে ভাৰতৰ পূৱ আৰু পশ্চিম প্ৰান্তত অৱস্থিত দুখন ঠাইৰ মাজৰ স্থানীয় সময়ৰ ব্যৱধান ২ ঘন্টা । গতিকে , এনেধৰনৰ সমস্যা বোৰৰ সমাধান হিচাপে ভাৰতক একাধিক মান সময়ৰ প্ৰয়োজন আছে ।

২. ভাৰত বৰ্ষৰ উপকূল ৰেখা ডাল দীঘল হোৱাৰ ফলত কি সুবিধা বা অসুবিধা হৈছে লিখা ?

উপকূল ৰেখাই দেশ এখনক যথেষ্ট সুবিধা প্ৰদান কৰে । ভাৰতৰ উপকূল ৰেখাৰ দৈৰ্ঘ্য ৬,১০০ কি.মি । ভাৰতৰ আয়তন হিচাপে উপকূল ৰেখাৰ দৈৰ্ঘ্য কিছু কম তথাপি এই উপকূল ৰেখাই ভাৰতক আন্তৰ্জাতিক ব্যৱসায় বাণিজ্যত সাগৰীয় পথৰে পৰিবহন কৰাত যথেষ্ট সহায় কৰিছে । ইয়াৰ উপৰিও উপকূলীয় অঞ্চল বোৰত সহজে শত্ৰু পক্ষ‌ই আক্ৰমণ কৰিব নোৱাৰে । এনেবোৰ কাৰণতে ভাৰতৰ উপকূল ৰেখাৰ দৈৰ্ঘ্য বেছি হোৱাৰ ফলত যথেষ্ট সুবিধা হৈছে ।

৩. অক্ষৰেখাৰ বিস্তৃতিয়ে ভাৰতবৰ্ষক কেনে কুফল দিছে লিখা ?

অক্ষৰেখাৰ বিস্তৃতিৰ ফলত ভাৰতৰ জলবায়ুৰ ক্ষেত্ৰত ভিন্নতা আহি পৰিছে । ভাৰতৰ অক্ষৰৈখিক আৰু দ্ৰাঘিমা ৰৈখিক বিস্তৃতি হ’ল ৮ডিগ্ৰী ৪মিনিট ২৮ছেকেণ্ড  ৰ পৰা ৩৭ডিগ্ৰী ১৭মিনিট ৫৩ছেকেণ্ড। ভাৰতৰ এনে বিস্তৃতিৰ ফলত ভাৰতৰ উত্তৰ অংক্ষত যেতিয়া  যথেষ্ট শীত অনুভৱ হৈ থাকে তেতিয়া ভাৰতৰ দক্ষিণ অংশত যথেষ্ট গৰম অনুভৱ হয় । অৰ্থাৎ ভাৰতত ক্ৰান্তীয় আৰু উপক্ৰান্তীয় জলবায়ু বিৰাজমান । এনে হোৱাৰ ফলত ভাৰতৰ কৃষি ব্যৱস্থা, খাদ্যভাস, পিন্ধন-উৰন আটাইবোৰ ক্ষেত্ৰতে ভিন্নতাই দেখা দিছে ।

৪. কহিমাত (নাগালেণ্ড) যেতিয়া সূৰ্যোদয় আৰু সূৰ্যাস্ত্য আগতীয়াকৈ হয় , দিল্লী আৰু কহিমাৰ ঘড়ীৰ কাটাত একে সময় হয় কেনেকৈ?

ভাৰতীয় মান সময়ৰ বাবে গোটেই দেশ খনে  এডালে মুখ্য দ্ৰাঘিমা ৰেখা চিহ্নিত কৰিছে আৰু ইয়াৰ মান হ’ল – ৮২ডিগ্ৰী ৩০ছেকেণ্ড । ভাৰতীয় মান সময় গ্ৰীন‌উইচ মানসময়তকৈ ৫ ঘন্টা ৩০ মিনিট আগবঢ়া । যিহেতু ভাৰতৰ মান সময় এডাল দ্ৰাঘিমা ৰেখাই নিৰ্ধাৰণ কৰে গতিকে কহিমাত সূৰ্যোদয় আৰু সূৰ্যাস্ত আগতীয়াকৈ হ’লেও দিল্লী আৰু কহিমাৰ ঘ‌ড়ীৰ কাটাত একে সময় হয় । India location

শুদ্ধ উত্তৰ বাছি উলিওৱা

Leave a comment