Know the Questions and Answers of Human Development

মানৱ বিকাশ Human Development

Questions and Answers | Class 12 | AHSEC | Chapter 4

  1. নিম্নলিখিত চাৰিটা বিকল্পৰ পৰা শুদ্ধ উত্তৰ টো বাছি উলিওৱা Human Development

ক. নিম্নলিখিত কোনটোৱে বিকাশৰ আটাইতকৈ ভাল বৰ্ণনা দিয়ে

a.বৰ্দ্ধিত আকাৰ

b.অবিৰত আকাৰ

c.গুণগত ধনাত্মক পৰিৱৰ্ত্তন 👈

d.গুণগত সাধাৰণ পৰিৱৰ্ত্তন

  • নিম্নলিখিত বিদ্বান সকলৰ মাজত কোনজনে মানৱ বিকাশৰ ধাৰনাৰ পৰিচিতি দিছিল

a.প্ৰফেছৰ অমৰ্ত্য সেন

b.এলেন চি চেম্পল

c.ডঃ মহবুব্-উল্-হক্👈

d.ৰাটজেল

  • নিম্নলিখিত দেশ  সমূহৰ মাজত কোনখন দেশ উচ্চ মানৱ বিকাশ যুক্ত হয়

a.নৰৱে👈

b.জাপান

c.আৰ্জেন্টিনা

d.ইজিপ্ত

30 টা মান শব্দৰে নিম্নলিখিত প্ৰশ্ন বোৰৰ উত্তৰ দিয়া

ক. মানৱ বিকাশৰ তিনিটা মৌলিক অঞ্চল কি কি ?

মানৱ বিকাশৰ তিনিটা মৌলিক অঞ্চল হৈছে

শিক্ষা- শিক্ষাই মানুহক সভ্যতাৰ পোহৰ দেখুৱাই, শিক্ষিত সমাজ এখনতহে সুস্থ মানৱ সম্পদ গঢ়ি উঠে ।

স্বাস্থ্য- একোজন সুস্থ সবল ব্যক্তিয়ে হে এক সুন্দৰ জীৱন যাপন কৰাত সফল হয় । Human Development

সম্পদ- দেশ এখনত থকা সম্পদ সমূহে মানৱ বিকাশৰ গতিধাৰা নিৰ্ধাৰন কৰে । সম্পদ সমুহ সমানে সকলোৱে উপভোগ কৰিব পাৰিলেহে অসমতা , দৰিদ্ৰতা দুৰ হয় ।

খ. মানৱ বিকাশৰ চাৰিটা মুখ্য উপাংশৰ নাম লিখা ?

মানৱ বিকাশৰ চাৰিটা মুখ্য উপাদান হ’ল

সাম্য বা সমতা – এখন দেশত উপলব্ধ সকলো সা-সুবিধা, সম্পদ ৰাজি সকলোৱে সমানে উপভোগ কৰিব পৰা অৱস্থা টোৱে হৈছে সাম্য বা সমতা

স্হায়িত্ব- উপলব্ধ সা সুবিধা সমুহৰ ধাৰাবাহিকতা কে স্বায়িত্ব বোলা হয় । যাতে উপভোগ্য সা সুবিধা সমূহৰ বহনক্ষম উন্নয়ন সম্ভৱ হয়

উৎপাদন – সমাজৰ প্ৰতি গৰাকী ব্যক্তিয়ে নিজ নিজ বৌদ্ধিক আৰু মানসিক দক্ষতাৰ সফল প্ৰয়োগৰ জৰিয়তে উৎপাদনমুলক কাম কাজত অংশ গ্ৰহনৰ বিনিময়ত সৃষ্টি হোৱা মুঠ সম্পদ ৰাজিয়ে হৈছে উৎপাদন ।

অধিকাৰ অথবা ক্ষমতা – ক্ষমতা বুলিলে সাধাৰণ অৰ্থত এক সুস্থ জীৱন যাপনৰ অধিকাৰ তথা ক্ষমতাক বুজায় । য’ত মানুহে বিনা সংকোচে নিজৰ যোগ্যতা অনুযায়ী বিকল্প পথ বাচি লব পাৰে, আৰু এক সুন্দৰ উন্নত জীৱন উপভোগ কৰিব পাৰে ।

গ. মানৱ বিকাশৰ সূচকৰ আধাৰত দেশ বোৰ কেনেদৰে বৰ্গীকৰণ কৰা হয়

মানৱ সম্পদ উন্নয়নৰ সূচাংক অনুসৰি দেশ সমূহে অৰ্জন কৰা সাফল্যৰ ওপৰত ভিত্তি কৰি মুলতঃ তিনিটা শ্ৰেণীত ভগোৱা হৈছে

এই শ্ৰেণী সমূহ তলৰ তালিকাত উল্লেখ কৰা হ’ল

……

1.উচ্চ পৰ্যায়ৰ ৰাষ্ট্ৰ- মানৱ সম্পদ উন্নয়নৰ সূচাংক 0.8 অথবা ইয়াতকৈ অধিক অৱস্হানত থকা ৰাষ্ট্ৰ সমূহক এইটো শ্ৰেণীত ধৰা হয় । যেনে – নৰৱে

2.মধ্যমীয়া পৰ্যায়ৰ ৰাষ্ট্ৰ- মানৱ সম্পদ উন্নয়নৰ সূচাংক 0.5-0.8 অৱস্হানত থকা ৰাষ্ট্ৰ সমূহক এই স্থানত ধৰা হয় । এই বৰ্গৰ ৰাষ্ট্ৰ সমূহৰ ভিতৰত কিছুমান দেশত ঔপনিৱেশিক কবলত আছিল আৰু এই ৰাষ্ট্ৰ সমূহৰ সৰহ সংখ্যকেই দ্বিতীয় বিশ্বযুদ্ধৰ পিছত উত্থান ঘটা । যেনে – ভাৰত Human Development

3.নিম্ন সূচাংকৰ দেশ – 0.5 বা তাতকৈ কম সূচাংক পোৱা ৰাষ্ট্ৰ সমূহ এই শ্ৰেণীৰ অন্তৰ্ভূক্ত । এই দেশ সমূহৰ বেছিভাগ দেশেই ক্ষুদ্ৰ দেশ । এনেবোৰ দেশত অসামৰিক যুদ্ধ- বিগ্ৰহ, দূৰ্ভিক্ষ , ৰাজনৈতিক অস্থিৰতা ইত্যাদি প্ৰায়েই থাকে । যেনে – পাকিস্তান

150 টা মান শব্দ ব্যৱহাৰ কৰি তলৰ প্ৰশ্ন বোৰৰ উত্তৰ দিয়া

ক. মানৱ বিকাশৰ সংজ্ঞা টোৰ দ্বাৰা কি বুজি পাইছা ? Human Development

মানৱ বিকাশ সম্পৰ্কে ডঃ মেহবুব উল হকৰ বৰ্ণনা মতে, “মানৱ বিকাশ এনে এক বিকাশ যিয়ে মানুহে পছন্দ কৰা কাৰ্যৰ পৰিসৰ বঢ়াই তোলাৰ লগতে , তেওঁলোকৰ জীৱন ধাৰণৰ মানদণ্ড‌ও উন্নত কৰে”

গতিকে এই সংজ্ঞা টোৰ পৰা বুজিব পাৰি যে , মানৱ সম্পদৰ বিকাশ হ’বলৈ হ’লে মানুহৰ আটাইবোৰ দিশেই উন্নত হ’ব লাগিব। এই ক্ষেত্ৰত শিক্ষা, স্বাস্থ্য, অৰ্থনৈতিক সমতা আৰু স্বাধীনতা, উন্নত মানদণ্ডৰ জীৱন ধাৰণৰ বিকাশ ঘটা এই আটাইবোৰ দিশকে সামৰি লয় ।

মানৱ সম্পদৰ বিকাশ মানে হ’ল এক উদ্দেশ্যে প্ৰণোদিত জীৱনৰ অধিকাৰী হোৱা য’ত মানুহ স্বাস্থ্যবান হোৱাৰ লগতে প্ৰতিভা বিকশিত কৰিব পৰাকৈ সামৰ্থবান হয় আৰু সামাজিক জীৱন ধাৰাৰ অংশ গ্ৰহণ কৰিব পৰা হোৱাৰ লগতে লক্ষ্যত উপনীত হ’ব পৰাকৈ মুক্ত মনৰ অধিকাৰী হয় ।

অতিৰিক্ত পাঠ ভিত্তিক প্ৰশ্নোত্তৰ

  1. মানৱ বিকাশৰ ধাৰণা টো কোনে কেতিয়া দাঙি ধৰিছিল ?

     পাকিস্তানৰ অৰ্থনীতিবিদ ডঃ মেহবুব-উল-হকে 1990 চনত মানৱ বিকাশৰ ধাৰণাটো আৱিষ্কাৰ কৰিছিল ।

  • মানৱ বিকাশৰ সূত্ৰটো নতুন কৈ কোনে সংশোধশ কৰিছিল ?

    মানৱ বিকাশৰ সূত্ৰটো ডঃ অমৰ্ত্য সেনে এই নতুনকৈ সংশোধন কৰিছিল ।

  • বৃদ্ধি আৰু বিকাশৰ মাজত পাৰ্থক্য লিখা ?

বৃদ্ধি আৰু বিকাশৰ মাজত পাৰ্থক্য তলত উল্লেখ কৰা হ’ল

  1. বৃদ্ধি হৈছে পৰিমান বাচক আৰু মূল্য নিৰপেক্ষ

কিন্তু, বিকাশ হৈছে গুণগত পৰিৱৰ্তন ।

  • বৃদ্ধি ধনাত্মক বা ঋনাত্মক হ’ব পাৰে কিন্তু, বিকাশ সদায় ইতিবাচক হয় ।
    • বৃদ্ধি হ’লে বিকাশ সাধন নহব‌ও পাৰে , কিন্তু বিকাশ হ’লে বৃদ্ধি সাধন হোৱাটো স্বাভাৱিক ।
  • HDI ৰ সম্পূৰ্ণ অৰ্থ টো কি ?

    HDI ৰ সম্পূৰ্ণ অৰ্থ টো হ’ল – Human Development Index.

  • মানৱ উন্নয়নৰ তিনিটা প্ৰাথমিক ক্ষেত্ৰ কি কি ?

    মানৱ উন্নয়নৰ তিনিটা প্ৰাথমিক ক্ষেত্ৰ হৈছে – শিক্ষা, স্বাস্থ্য আৰু সম্পদ ।

  • মানৱ বিকাশ সূচকত ভাৰতৰ স্থান কিমান ?

মানৱ বিকাশ সূচকত ভাৰতৰ স্থান হ’ল -127

Leave a comment