How to overcome neighbour’s jealously | Assamese version

ওচৰ চুবুৰীয়াৰ হিংসাৰ পৰা কেনেকৈ হাত সাৰিব ?

“Jealous” ,  হিংসা এটা common word. মই, আপুনি, আমি সকলোৱে এই শব্দ টোৰ সৈতে মুখামুখি হৈ থাকো । হিংসা, লোভ, মোহ, খং ইত্যাদি বোৰ  আমাৰ তেজতে আছে। হয়তো কাৰোবাৰ কম , কাৰোবাৰ বেছি । (neighbour’s jealousy)

মইয়ো কেতিয়াবা jealous হ‌ঁও, যেতিয়া কোনোবাই মোতকৈ ভাল results কৰে, একে লগে পঢ়া কোনোবাই চাকৰি পোৱা শুনিলে, কোনোবা মোতকৈ ধুনীয়া দেখিলে …। হাঃহাঃ হাঃ । আৰু আপুনিও নিশ্চয় নজনাকৈয়ে হ‌ওক বা জানিবুজি হ‌ওক কেতিয়াবা আপোনাৰ প্ৰতিদ্বন্দী ৰ প্ৰতি হিংসুক হৈ পৰে নহয় জানো ?? মোৰো কিন্তু হিংসা ভাৱ জাগ্ৰত নোহোৱা নহয় ।

বাৰু আপোনাৰ মোৰ কথা বাদ দিলোঁ । এতিয়া আহো আমাৰ ওচৰ চুবুৰীয়াৰ কথালৈ । আপোনাৰো ওচৰত নিশ্চয় হিংসুক প্ৰতিবেশী আছে নহয়নে ? আপুনি যদি ব্যৱসায়, চাকৰি আদিত উন্নতি লাভ কৰে, প্ৰতিবেশী কিছুমানৰ পোৰা পোৰা গোন্ধ ওলাই্ । নতুনকৈ যদি ব্যৱসায় এটা আৰম্ভ কৰিছে তাতো indirectly বাধা দিয়াৰ ষড়যন্ত্ৰ ৰচে । যেনে “ধেই তাৰ দুই নম্বৰী বস্তু, quality একদম বেয়া নিকিনিব তাৰ দোকানৰ বস্তু” । (neighbour’s jealousy)

আপুনি যদি বছৰ পিছত বছৰ সাঁচতীয়া ধন খিনিৰে এখন মন পছন্দৰ গাড়ী, বা এটা ধুনীয়া ঘৰ সাজিব লৈছে তাতেও কিছুমান প্ৰতিবেশীৰ পোৰা পোৰা গোন্ধ ওলাই । আপোনাৰ ওপৰত এনেকুৱা বদনাম জাপি দিব যেনে “ধেই তাৰ প‌ইচা পাতি নাই একো , দুই নম্বৰী কৰি অলপ প‌ইচা আৰ্জি ফতা লেবেল দিয়ে”  আনকি আপোনাৰ সন্তান টোৱে তেওঁলোকৰ সন্তানত কৈ ভাল ৰিজাল্ট কৰিলেও তেওঁলোকৰ আপত্তি । Not only neighbour ,  একেটি পৰিয়ালৰ ভিতৰতো এনে হিংসাৰ মনোভাৱ জাগ্ৰত হয় । যেনে, পেহী, খুৰা, খুৰী, বৰদেউতা ইত্যাদি । যেনে ধৰা তোমাৰ ওচৰৰ ছোৱালী এজনী আৰু তুমি একেলগে মেট্ৰিক দিলা  । আৰু তোমাৰ percent ওচৰৰ ছোৱালীজনীত কৈ বেছি আহিল , আৰু তেতিয়া তোমাক নকল কৰি percent বেছি পোৱা বুলি বদনাম দিলে । এনেকুৱা ধৰনৰ বদনামৰ  নিশ্চয় আমি বহুতেই মুখামুখি হৈছো নহয়নে ?? (neighbour’s jealousy)

ইয়াৰ উপৰিও আপোনাৰ ছোৱালী জনী যদি আপোনালোকতকৈ ধনী মানুহ এঘৰলৈ বা  ভাল চাকৰি কৰা ল’ৰা  বা ধনী ব্যৱসায়ী এজনলৈ বিয়া দিব ওলাইছে , নাইবা আপোনাৰ লৰালৈ এগৰাকী independent ছোৱালী বিয়া কৰিব বিচাৰিছে তাতেও কিছুমান প্ৰতিবেশীৰ আৰু পৰিয়ালৰ মানুহৰ টিকা জ্বলে হিংসাতে ।

এনেকুৱা কিছুমান বদনাম দিব যেনে – ছোৱালী বিয়া দিয়াৰ  ক্ষেত্ৰত দৰা পক্ষৰ আগত “ ছোৱালীজনীৰ স্বভাৱ বেয়া, দন্দুৰী, ছোৱালী জনী আপোনালোকৰ ল’ৰাৰ লগত নিমিলেই নহয়, বয়সবহুত বেছি , ইচ ৰাম কি যে পছন্দ আপোনালোকৰ , ছোৱালী জেনীৰ মাক বেয়া, মাকৰ স্বভাৱ বেয়া, মাকজনী খুউব মুখ চোকা ইত্যাদি ।

আকো লৰালৈ ছোৱালী বিয়া কৰাই অনাৰ ক্ষেত্ৰত ক‌ইনা পক্ষৰ আগত “ আপোনালোকে ও যে কত ছোৱালী বিয়া দিয়ে , ল’ৰা টোৰ ঘৰখন বদমাছ, ল’ৰা টোৱে মদ খাই , কাজিয়া কৰি ফুৰে , ডাঙৰ নামানে , আগতে এজনী মাইকী ৰ লগত লেটি পেটি, স্বভাব বেয়া , আপোনালোকৰ জাত পাতৰ নহয় টকা হে চিনি পায় আপোনালোকে” ইত্যাদি।

এনেদৰে হিংসুক লোকে পদে পদে আপোনাক তলত নমোৱাৰ দুৰ্বাৰ চেষ্টা কৰিব । আপুনি কিন্তু আপোনাৰ কাণ্ডজ্ঞান বিসৰ্জন কোনোপধ্যেই নিদিব । নিজৰ যুক্তি আৰু বিবেক বুদ্ধি ৰে প্ৰতিটো কথা বিবেচনা কৰক ।

এটা কথা ক‌ওকচোন বাৰু , আপুনি jealous বা আনৰ বেয়া নজৰৰ পৰা হাত সাৰিবলৈ black magic, তাবিজ, মাদুলি জৰা-ফুকা এইবোৰৰ আশ্ৰয় লয় নেকি ..? যদি লয় , তেন্তে এইয়া কিন্তু সমস্যাৰ সমাধান নহয় ।

হিংসুক লোকৰ পৰা  হাত সৰাৰ কেইটামান উপায় (neighbour’s jealousy)

১. হিংসুক প্ৰতিবেশীৰ মুখামুখি সকলোৱে হৈছে নিশ্চয় । তেনেলোকৰ লগত খুব বেছি মিতিৰালি নকৰিব ।

২. আপোনাৰ future plan , বা Income source আদিৰ বিষয়ে একান্ত আপোন জনৰ বাহিৰে কাকো নজনাব |

৩. তেনে প্ৰতিবেশীয়ে হাই-কাজিয়াৰ বাবে উচতালেও , তেনে পৰিস্থিতি সৃষ্টি কৰাৰ পৰা নিজক বাধা দিব, বা আতৰাই ৰাখিব।

৪. হিংসুক প্ৰতিবেশী বা পৰিয়ালৰ হিংসাকুৰীয়া সদস্য সকলে কিবা খোৱা বস্তু দিলেও দেখাত ল’ব কিন্তু নেদেখাকৈ পেলাই দিব , পৰাপক্ষত নিজে নাখাব বা ব্যৱহাৰ নকৰিব ।

৫. বিপদত আপুনি তেনে মানুহক সহায় কৰক, কিন্তু নিজে কেতিয়াও তেনে মানুহৰ পৰা সহায় নিবিচাৰিব ।

৬. তেনে মানুহৰ লগত মিলা মিচা কৰিয়ে চলিব কিন্তু নিজৰ গোপন অধ্যায় কোনোপধ্যেই নুখুলিব । আৰু তেনে লোকৰ মিঠা মাতত ভোল নাযাব ।

৭.আপোনাক ঠাট্টা-মস্কৰা কৰিলে, বা ইতিকিং কৰি খং উঠাব চেষ্টা কৰিলেও কিবা এটা উত্তৰ দিয়াৰ আগত হাজাৰ বাৰ ভাবিব, কাৰণ ইয়িৰ জৰিয়তে তেনেলোকে আপোনাৰ অপকাৰ কৰাৰ বৃহৎ পৰিকল্পনা ৰচিব পাৰে । গতিকে পৰাপক্ষত এনে কথা বোৰৰ উত্তৰ নিদি ignore কৰিব শিকক। Ignoring is the best way to answer them.

৮. সদায় সাৱধানে চলক, নিজৰ পঞ্চইন্দ্ৰিয়ক জাগ্ৰত কৰক। তেনে লোকৰ উচতনি মুলক কথাত নিজৰ হিতাহিত জ্ঞান হেৰুৱাই তেওঁলোকৰ স্বাৰ্থ সিদ্ধি হ’বলৈ নিদিব ।

৯. ভগৱানৰ ওপৰত বিশ্বাস ৰাখক ।

১০. Black magic , তাবিজ, মাদুলি, পাথৰৰ আ‌ঙঠি আদি পৰিধান কৰাতকৈ নিতৌ ভগৱানক প্ৰাৰ্থনা কৰাৰ অভ্যাস গঢ়ি তোলক । আৰু এটা positive mindset গঢ়ি তোলক ।

১১.আপুনি কেৱল নিজৰ কামৰ ওপৰত focus কৰক।  নিজে জানিবুজি কেতিয়াও কাৰো অপকাৰ নকৰিব , আপোনাৰ মনত সৃষ্টি হোৱা হিংসাৰ energy খিনিক positive energy লৈ convert কৰক । দেখিব সকলো ঠিক হৈ গৈছে ।

১২. হিংসুক লোকে দুৰ্বাৰ চেষ্টা কৰিব আপোনাক তলত নমাবলৈ , এই ক্ষেত্ৰত নিজৰ সৎ বুদ্ধি ৰ উচিত ব্যৱহাৰ কৰক, কিয়নো নিজৰ বুদ্ধি শিলৰ খুঁটি ।

সকলো প্ৰতিবেশী বা সকলো পৰিয়াল কিন্তু এনে নহয় ।

Jealous হোৱাতো স্বাভাৱিক , মানুহৰ ধৰ্ম । কিন্তু ইমানো jealous হ’ব নালাগে যাৰ বশবৰ্তী হৈ আপুনি আইন বিৰোধী কামত লিপ্ত হ’ব, অথবা প্ৰতিদ্বন্দী ৰ অপকাৰ কৰি হ’লেও আপুনি প্ৰতিদ্বন্দীতকৈ ওপৰত যোৱাৰ চেষ্টা কৰিব । This is worng. হিংসুক হ‌ওক, আৰু হিংসাৰ ফলত আপোনাৰ মনত সৃষ্টি হোৱা energy খিনিক আপোনাৰ নিজৰ ওপৰত focus কৰিবলৈ ব্যৱহাৰ কৰক । নিজৰ মাজত growth তথা development আনক । আনক অপকাৰ কৰাৰ স্বাৰ্থত এই energy খিনিক ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকক , দেখিব উন্নতি সকলোৰে হ’ব। আপোনাৰো, মোৰো আৰু ওচৰ চুবুৰীয়াৰো আৰু আপোনাৰ গাঁও খনৰ বা সমাজ খনৰো উন্নতি হ’ব ।

https://www.tutorialspoint.com/why-are-humans-jealous-of-their-neighbor-s-success

Leave a comment