How to offer Namaz in Assamese

নামাজৰ বিষয়ে জানো আহক (Namaz in Assamese)

 

নামাজ হৈছে দ্বীনৰ স্তম্ভ । আল্লাহ আৰু তেওঁৰ প্রিয় ৰচুলে ইচলাম ধৰ্মত আল্লাহৰ এবাদত কৰিবলৈ উপদেশ দিয়া পদ্ধতি টোৱে হৈছে নামাজ। নামাজেই হৈছে সকলোতকৈ শ্রেষ্ঠ এবাদত। আল্লাহুতাআলাই কোৰাণত “আক্কিমুচ্ছালাত আক্কিমুচ্ছালাত” অৰ্থাৎ “নামাজ পঢ়া, নামাজ পঢ়া বুলি বহুবাৰ উল্লেখ কৰিছে। দিনটোত পা্ঁচ বাৰ অজ্জু কৰা আৰু নামাজ পঢ়া টো স্বাস্হ্য সন্মত, বৈজ্ঞানিক সকলেও ইয়াক প্ৰমান কৰি দেখুৱাইছে। (Namaz in Assamese)
 
ইচলাম ধৰ্মত প্রতিটো পুৱাৰ আৰম্ভনি আল্লাহুতাআলাক স্মৰন কৰি (ফজৰ নামাজ) আৰম্ভ হয়, আৰু প্রতিটো নিশাৰ অন্ত আল্লাহুতাআলাক স্মৰণ কৰিয়ে কৰা হয়। আল্লাহৰ নিৰ্দেশ অনুযায়ী আমি প্রতি দিনে পা্ঁচ ৱাক্ত নামাজ পঢ়িব লাগে। ইয়াত নামাজৰ বিষয়ে বিতং আলোচনা এটি আগবঢ়াইছো।
 
নামাজৰ আগত প্রথমে অজু কৰি লব লাগে । (Namaz in Assamese)
 
অজুৰ নিয়ত : নাৱায়তুআন্ আতাৱাজ্জাআ লিৰাফ-ইল হাদাছি ৱা ইছতি বাহাতিচ্চালাৱাতি তাকাৰৰুবান ইলাল্লাহে তাআলা ।
 
ফজৰ নামাজ : ফজৰ নামাজৰ সময় হল সম্পূর্ণ বা স্পষ্ট সূর্যৰ পোহৰ (সূৰ্য উদয়) পৰাৰ আগলৈকে । ফজৰৰ নামাজ প্রথমে দুই ৰাকাত চুন্নত তাৰ পিছত দুই ৰাকাত ফৰজ মুঠতে চাৰি ৰাকাত নামাজ পঢ়িব লাগে। (Namaz in Assamese)
 
ফজৰ চুন্নত দুই ৰাকাত নামাজৰ নিয়ত : নাৱাইতুৱান উচাল্লিয়া লিল্লাহি তাআলা ৰাকআতাই চালাতিল ফাজৰি ছুন্নাতু ৰাছুলিল্লাহি তাআলা মুতাৱাজ্জিহান ইলা জিহাতিল কাবাতিচ শ্বাৰিফাতি আল্লাহুআকবাৰ।
 
ফজৰৰ ফৰজ দুই ৰকাতৰ নিয়ত: নাৱাইতুৱান উচল্লিয়া লিল্লাহি তাআলা ৰাকঅতাই চালাতিল ফাজৰি ফাৰজুল্লাহি তাআলা মুতাৱাজ্জিহান ইলা জিহাতিল কাবাতিচ শ্বাৰিফাতি আল্লাহুআকবাৰ।।
Concrete Dome Buildings during Golden Hour
 
ফজৰ নামাজ পঢ়াৰ নিয়ম : (Namaz in Assamese)
 
·প্রথমে নামাজৰ পাটি(জাইনামাজ) বা নিৰ্দিষ্ট ঠাইত কিবলা মুখী (পশ্চিমৰ ফালে মুখ কৰি)হৈ থিয় হব লাগে। জাইনামাজত থিয় হওতে পোন হৈ থিয় হব লাগে আৰু মুৰ টো সামান্য হলাই ৰাখিব লাগে এইটো চুন্নত। তাৰ পিছত জাইনামাজৰ দোৱা টো পঢ়িব লাগে (জাইনামাজৰ দোৱা: ইন্নী ওৱাজাহতু ওৱাজহিয়া লিল্লাজী ফাটাৰাছ ছামাৱাতি ওৱাল আৰদা হানিফা্ঁও ওৱামা আনা মিনাল মুচৰিকীন। (Namaz in Assamese)
 
·তাৰ পিছত নামাজৰ নিয়ত(চুন্নত,ফৰজ যি পঢ়া হয়) মনতে কৰি লব লাগে।
·তহৰীমা বান্ধিব লাগে,আল্লাহুআকবাৰ কৈ কাণ পৰ্যন্ত হাত দাঙি নাভিৰ ওপৰত তহৰীমা বান্ধিব লাগে তহৰীমা বান্ধোতে বা্ঁও হাতৰ ওপৰত সোহাত ৰাখিব লাগে। কিন্তূ মহিলাৰ ক্ষেত্ৰত এই নিয়ম টো সামান্য বেলেগ, মহিলা সকলে কান্ধলৈ হাত দাঙিব লাগে আৰু বুকুৰ ওপৰত তহৰীমা বান্ধিব লাগে আৰু বা্ঁও হাতৰ তলুৱা বুকুৰ ওপৰত ৰাখিতক সোঁহাতৰ তলুৱা বা্ঁও হাতৰ ওপৰত ৰাখিব লাগে। (Namaz in Assamese)
 
·এতিয়া ছানা (ছোবহানাকা আল্লাহুমা ওৱা বিহামদিকা ওৱা তাবাৰা কাছমুকা ওৱা তাআলা জাদ্দুকা ওৱা লা ইলাহা গায়ৰুকা।) পঢ়িব। ইয়াৰ পিছত তাউজ অৰ্থাৎ আউজুবিল্লাহি মিনাচ চায়তানিৰ ৰাজীম আৰু তছমীয়া অৰ্থাৎ বিচমিল্লাহিৰ ৰাহমানিৰ ৰাহীম।পঢ়িব।
·তাৰ পিছত ছুৰা ফাতিহা অৰ্থাৎ আলহামদুৰ ছুৰা পঢ়িব লাগে আৰু তাৰ লগত যিকোনো এটা চুৰা বা দীঘল আয়াত এটা আৰু চুটি হলে ৩ টা আয়াত পঢ়িব লাগে। তাৰ পিছত আল্লাহুআকবাৰ কৈ ৰুকু কৰক আৰু ৰুকুৰ তছবীহ (ছোবহানা ৰাব্বিয়াল আজীম) পাঠ কৰক। তাৰ পিছত তছমী (ছামিয়াল্লাহু লিমান হামিদাহ) আৰু তহমিদ(ৰব্বানালাকাল হামদ) কৈ ক্ষন্তেক থিয় হৈ কাওমা কৰক।
·এতিয়া তকবীৰ কৈ ছিজদা লৈ যাওক আৰু ছিজদাৰ তজবীহ(ছোবহানা ৰব্বিয়াল আলা)পাঠ কৰি পুনৰ তকবীৰ কৈ উঠি ক্ষন্তেক বহি জালাছা (আল্লাহুম্মাগ ফিৰলী ওৱাৰ হামনি ওৱাৰ ঝুকনী ওৱাহদিনী।) কৰি দ্বিতীয় ছিজদা লৈ যাব লাগে আৰু ছিজদাৰ তছবীহ পাঠ কৰি তকবীৰ কৈ দ্বিতীয় ৰাকাতৰ বাবে থিয় হওক।
 
·দ্বিতীয় ৰাকাত নামাজত নিয়ত নালাগে, তহৰীমা বান্ধিব লাগে,ছানা পঢ়িব নালাগে ,ছুৰা ফাতিহা আৰু তাৰ লগত যিকোনো এটা চুৰা পাঠ কৰিব লাগে,আগৰ নিচিনাকৈ ৰুকু আৰু ছিজদা কৰক আৰু শেষত ছিজদাৰ তজবীহ পাঠ কৰি তকবীৰ কৈ সমাপ্তি বৈঠক কৰক।
·শেষ বৈঠকত তছহুদ ,দৰুদ, আৰু দোৱা মাছুৰা পঢ়ি চালাম ফিৰাই নামাজ সমাপ্ত কৰিব।তাৰ পিছত দুই হাত তুলি মুনাজাত কৰিব। মুনাজাতৰ দোৱা : ৰব্বানা আতিনা ফিদ্দুনীয়া হাছানাও ওৱা ফীল আখিৰাতি হাছানাতাও ওৱাক্কীনাআযাবান্নাৰ।
 
·ফজৰৰ শেষৰ তজবীহ: হুৱাল হাইয্যুল কাইয়্যুমো।
 
 
জোহৰৰ নামাজ : দুপৰীয়া বেলি অলপ হালি যোৱাৰ পিছৰ পৰা গাৰ আচলী চা দুগুণ হোৱালৈ ৱাক্ত থাকে | জোহৰৰ মুঠ ১২ ৰাকাত নামাজ ইয়াৰে ছুন্নতে মুৱাক্কাদা ৪ ৰাকাত (জৰুৰী) ফৰজ ৪ৰাকাত(বাধ্যতা মুলক) ছুন্নতে মুৱাক্কাদা ২ ৰাকাত (জৰুৰী) নফল দুই ৰাকাত (ঐচ্ছিক)।
 
জোহৰ নামাজৰ নিয়ত সমূহ : (Namaz in Assamese)
 
জোহৰৰ ছূন্নত ৪ ৰাকাতৰ নিয়ত : নাৱাইতুৱান উচাল্লিয়া লিল্লাহি তাআলা আৰবাআ ৰাকআতি চালাতিজ জোহৰি ছুন্নাতু ৰাছুলিল্লাহি তাআলা মুতাৱাজ্জিহান ইলা জিহাতিল কাবাতিচ শ্বাৰিফাতি আল্লাহুআকবাৰ।
ফৰজ ৪ ৰাকাতৰ নিয়ত:নাৱাইতুৱান উচাল্লিয়া লিল্লাহি তাআলা আৰবাআ ৰাকআতি চালাতিজ জোহৰি ফাৰজুল্লাহি তাআলা মুতাৱাজ্জিহান ইলা জিহাতিল কাবাতিচ শ্বাৰিফাতি আল্লাহুআকবাৰ।
জোহৰৰ ছুন্নত দুই ৰাকাতৰ নিয়ত : নাৱাইতুৱান উচল্লিয়া লিল্লাহি তাআলা ৰাকঅতাই চালাতিজলে জোহৰি ছুন্নাতু ৰাছুলিল্লাহি তাআলা মুতাৱাজ্জিহান ইলা জিহাতিল কাবাতিচ শ্বাৰিফাতি আল্লাহুআকবাৰ।
নফল দুই ৰাকাতৰ নিয়ত : নাৱাইতুৱান উচল্লিয়া লিল্লাহি তাআলা ৰাকঅতাই চালাতিন নাফলি মুতাৱাজ্জিহান ইলা জিহাতিল কাবাতিচ শ্বাৰিফাতি আল্লাহুআকবাৰ।(Namaz in Assamese)
 
জোহৰ নামাজ পঢ়াৰ নিয়ম : যিহেতু জোহৰ নামাজৰ ৪ ৰাকাত ছূন্নত আৰু ৪ ৰাকাত ফৰজ,এই ক্ষেত্ৰত নিয়ম টো সামান্য বেলেগ। চাৰি ৰাকাতিয়া ফৰজ নামাজৰ ক্ষেত্ৰত প্রথম ২ ৰাকাতত চুৰা ফাতিহাৰ লগত অন্য এটা চুৰা মিলাব লাগে ,আৰু শেষৰ দুই ৰাকাতত অকল ছুৰা ফাতিহা পঢ়িলে হল। আকৌ ৪ ৰাকাতিয়া ছুন্নত নামাজৰ ক্ষেএত প্রত্যেক ৰাকাততে চুৰা ফাতিহাৰ লগত অন্য এটা চুৰা মিলাই পঢ়িব লাগে। ছুন্নতে মুৱাক্কাদা আৰু নফল দুই ৰাকাতৰ বাবে ফজৰ নামাজৰ ক্ষেত্রত উল্লেখ কৰা ধৰনে পঢ়িলে হল মাত্র নিয়ত টো বেলেগ হব,নিয়ম খিনি সম্পূৰ্ণ একেই।
 
চাৰিৰাকাতিয়া ফৰজ আৰু ছু্নত নামাজ পঢ়াৰ তৰীকা :
·প্ৰথমতে আগতে উল্লেখ কৰা ধৰণে জাইনামাজৰ দোৱা টৌ পঢ়ক,তাৰ পিছত যি নামাজ পঢ়ে সেই নামাজৰ নিয়ত কৰক, তহৰীমা বান্ধি ছানা পঢ়ক, তাৰ পিছত আউজুবিল্লাহ আৰু বিচমিল্লাহ পঢ়ি চুৰা ফাতিহা পঢ়ক। চুৰা ফাতিহাৰ লগত অন্য চুৰা মিলাই পঢ়ক ,আৰু আগতে উল্লেখ কৰা নিয়ম অনুযায়ী ৰুকু, চিজদাহ কৰক।দ্বিতীয় ৰাকাত নামাজৰ ক্ষেত্ৰত নিয়ত আৰু ছানা পঢ়িব নালাগে, ছুৰা ফাতিহাৰ লগত অন্য ছূৰা মিলাই পঢ়ক। 
·তৃতীয় আৰু চতুৰ্থ ৰকাতৰ ক্ষেত্ৰত “আউজুবিল্লাহ” পঢ়িব নালাগে, অকল “বিচমিল্লাহ” পঢ়িলে হল,। যদি ফৰজ নামাজ হয়, অকল ছূৰা ফাতিহা পঢ়ক, আৰু যদি ছূন্নত নামাজ হয় তেতিয়া হলে ছূৰা ফাতিহাৰ লগত অন্য ছূৰা মিলাই পঢ়িব লাগে।
·শেষ বৈঠকত তছহুদ, দৰুদ আৰু দোৱা মাছুৰা পঢ়ি চালাম ফিৰাই নামাজ সমাপ্ত কৰক, তাৰ পিছত দুই হাত তুলি মুনাজাত কৰিব।
 
·জোহৰ নামাজৰ শেষৰ তজবীহ : হুৱাল আলিউল আজীম।
 
আচৰৰ নামাজ : আচৰৰ মুঠ ৮ ৰাকাত নামাজ। চুন্নত ৪ ৰাকাত আৰু ফৰজ ৪ ৰাকাত । জোহৰৰ ৱাক্ত শেষ হৈ যোৱাৰ পিছৰ পৰা সূৰ্যাস্ত আগলৈকে থাকে আচৰৰ ৱাক্ত থাকে।
আচৰৰ ছূন্নত ৪ ৰাকাতৰ নিয়ত : নাৱাইতুৱান উচাল্লিয়া লিল্লাহি তাআলা আৰবাআ ৰাকআতি চালাতিল আচৰি ছুন্নাতু ৰাছুলিল্লাহি তাআলা মুতাৱাজ্জিহান ইলা জিহাতিল কাবাতিচ শ্বাৰিফাতি আল্লাহুআকবাৰ।
আচৰৰ ফৰজ ৪ ৰাকাতৰ নিয়ত : : নাৱাইতুৱান উচাল্লিয়া লিল্লাহি তাআলা আৰবাআ ৰাকআতি চালাতিল আচৰি ফাৰজুল্লাহিতাআলা মুতাৱাজ্জিহান ইলা জিহাতিল কাবাতিচ শ্বাৰিফাতি আল্লাহুআকবাৰ।
নামাজ পঢ়াৰ নিয়ম টো সকলো নামাজৰ ক্ষেত্ৰত একেই, ।আচৰৰ নামাজ যিহেতু ৪ৰাকাত ফৰজ আৰু ৪ ৰাকাত ছূ্ন্নত এই ক্ষেত্ৰত জোহৰৰ নামাজত উল্লেখ কৰা ৪ৰাকাতীয়া নামাজৰ তৰীকা অনুসৰি পঢ়িলে হল।
আচৰৰ শেষৰ তজবীহ : হুৱাৰ ৰহমানুৰ ৰাহীম।
 
 
children praying in the mosque
 
মগৰিবৰ নামাজ : মগৰিবৰ নামাজ ফৰজ ৩ ৰাকাত(বাধ্যতা মুলক),ছুন্নত ২ ৰাকাত (জৰুৰী), নফল ২ ৰাকাত (ঐচ্ছিক), মুঠ ৭ ৰাকাত নামাজ। মগৰিবৰ ৱাক্ত সূৰ্যাস্ত পিছৰ পৰা পশ্চিম আকাশত লাল ৰঙ নোহোৱা হোৱালৈকে সময় থাকে।
 
মগৰিব নামাজৰ নিয়ত (Namaz in Assamese)
 
ফৰজ ৩ ৰাকাতৰ নিয়ত : নাৱাইতুৱান উচাল্লিয়া লিল্লাহি তাআলা ছালাছা ৰাকআতি চালাতিল মাগৰিবি ফাৰজুল্লাহিতাআলা মুতাৱাজ্জিহান ইলা জিহাতিল কাবাতিচ শ্বাৰিফাতি আল্লাহুআকবাৰ।
ছুন্নত ২ ৰাকাতৰ নিয়ত : নাৱাইতুৱান উচাল্লিয়া লিল্লাহি তাআলাৰাকআতাই চালাতিল মাগৰিবি ছু্নাতু ৰাছুলিললাহি তাআলা মুতাৱাজ্জিহান ইলা জিহাতিল কাবাতিচ শ্বাৰিফাতি আল্লাহুআকবাৰ।
নফল ২ ৰাকাতৰ নিয়ত : নাৱাইতুৱান উচাল্লিয়া লিল্লাহি তাআলাৰাকআতাই চালাতিন নাফলি মুতাৱাজ্জিহান ইলা জিহাতিল কাবাতিচ শ্বাৰিফাতি আল্লাহুআকবাৰ।(Namaz in Assamese)
 
মগৰিব নামাজ পঢ়াৰ নিয়ম :
·প্রথমে নিয়ত কৰক, দ্বিতিয়তে তহৰীমা বান্ধক আৰু ছানা পঢ়ক, তাৰপিছত আউজুবিল্লাহি মিনাচ চায়তানিৰ ৰাজীম পঢ়ক, ইয়াৰ পিছত বিচমিল্লাহিৰ ৰাহমানিৰ ৰাহীম পঢ়ক। শেষত ছুৰা ফাতিহা লগত অন্য এটা চুৰা মিলাই পঢ়ক আৰু আগত উল্লেখ কৰা ধৰনে ৰুকু চিজদা কৰক।
·দ্বিতীয় ৰাকাতত নিয়ত পঢ়িব নালাগে,ছানা পঢ়িব নালাগে আৰু তাউজ পঢ়িব নালাগে বাকী নিয়ম খিনি একেই থাকিব।
·দুই ৰাকাত নামাজ পঢ়া হোৱা পিছত প্রথম বৈঠকত তছহুদ বা আত্তাহিয়াতু পঢ়ি তৃতীয় ৰাকাতৰ ববে আল্লাহুআকবাৰ কৈ থিয় হও্ঁক ।
·তৃতীয় ৰাকাতত নিয়ত নালাগে, ছানা পঢ়িব নালাগে , তাউজ পঢ়িব নালাগে ,তছমীয়া পঢ়ক , অকল ছূৰা ফাতিহা পঢ়ক অন্য চুৰা মিলাব নালাগে,ৰুকু চিজদাহ আগৰ নিয়ম অনুযায়ী কৰিলে হল।
·বাকী ছুন্নত ২ ৰাকাত আৰু নফল দুই ৰাকাত আগতে উল্লেখ কৰা ধৰণে ২ ৰাকাতীয়া নামাজৰ নিয়ম অনুসৰি পঢ়িলে হল।
·শেষ বৈঠকত তছহুদ, দৰুদ আৰু দোৱা মাছুৰা পঢ়ি চালাম ফিৰাই নামাজ সমাপ্ত কৰক আৰু শেষত মুনাজাত কৰক।
 
·মগৰিব নামাজৰ তছবীহ : হুৱাল গাফুৰুৰ ৰাহীম।
 
ইছাৰ নামাজ : ইছাৰ মুঠ ১৭ ৰাকাত নামাজ ,ইয়াৰে ৪ ৰাকাত ছূন্নত(ঐচ্ছিক), ফৰজ ৪ ৰাকাত (বাধ্যতা মুলক), ছূন্নতে মুৱাক্কাদা ২ ৰাকাত (জৰুৰী), নফল ২ ৰাকাত (ঐচ্ছিক), ৱিতিৰ (ৱাজিব) ৩ ৰাকাত (অপৰিহাৰ্য), হালকি নফল ২ ৰাকাত ঐচ্ছিক। মগৰিবৰ ৱাক্ত শেষ হোৱাৰ পৰা চুবেহ চাদিক পৰ্যন্ত ইছাৰ নামাজৰ ৱাক্ত থাকে।
 
Ramadan, Masjid, Islamic, Shikh, Pray
 
ইছাৰ নামাজৰ নিয়ত সমূহ (Namaz in Assamese)
 
ছুন্নত চাৰি ৰাকাতৰ নিয়ত : নাৱাইতুৱান উচাল্লিয়া লিল্লাহি তাআলা আৰবাআ ৰাকআতি চালাতিল ইাছায়ি ছুন্নাতু ৰাছুলিল্লাহি তাআলা মুতাৱাজ্জিহান ইলা জিহাতিল কাবাতিচ শ্বাৰিফাতি আল্লাহুআকবাৰ।
 
ফৰজ ৪ ৰাকাতৰ নিয়ত: নাৱাইতুৱান উচাল্লিয়া লিল্লাহি তাআলা আৰবাআ ৰাকআতি চালাতিল ইাছায়িফাৰাজুলিল্লাহি তাআলা মুতাৱাজ্জিহান ইলা জিহাতিল কাবাতিচ শ্বাৰিফাতি আল্লাহুআকবাৰ।
 
ছুন্নত ২ ৰাকাতৰ নিয়ত : নাৱাইতুৱান উচাল্লিয়া লিল্লাহি তাআলা ৰাকআতাই চালাতিল ইাছায়ি ছূন্নাতু ৰাছুলিললাহিতাআলা মুতাৱাজ্জিহান ইলা জিহাতিল কাবাতিচ শ্বাৰিফাতি আল্লাহুআকবাৰ।
 
হালকি নফল দুই ৰাকাতৰ নিয়ত : নাৱাইতুৱান উচাল্লিয়া লিল্লাহি তাআলাৰাকআতাই চালাতিল হালকি নাফলিমুতাৱাজ্জিহান ইলা জিহাতিল কাবাতিচ শ্বাৰিফাতি আল্লাহুআকবাৰ।
 
Young Muslim woman praying, indoors
 
ইছাৰ ৱিতিৰ ৩ ৰাকাতৰ নিয়ত : নাৱাইতুৱান উচাল্লিয়া লিল্লাহি তাআলা ছালছা ৰাকআতি চালাতিল ৱিতিৰ ৱাজিবুল্লাহতাআলা মুতাৱাজ্জিহান ইলা জিহাতিল কাবাতিচ শ্বাৰিফাতি আল্লাহুআকবাৰ।
ইছাৰ নামাজৰ ২ ৰাকাতীয়া আৰু ৪ৰাকাতীয়া নামাজ খিনি আগৰ নামাজ বোৰত উল্লেখ কৰা ২ আৰু ৪ ৰাকাতীয়া নামাজৰ পদ্বতি অনুসৰি পঢ়িলে হল, মাত্ৰ নিয়ত সলনি হব
 
·ৱিতিৰ নমাজ পঢ়াৰ নিয়ম : প্রথমে নিয়ত মাতক,তহৰীমা বান্ধক. ছানা পঢ়ক তাৰ পিছত আউজুবিল্লাহ আৰু বিচমিল্লাহ পঢ়ক। ছুৰা ফাতিহাৰ লগত অন্য ছূৰা মিলাই পঢ়ক পঢ়ক আৰু ৰুকু ছিজদাহ কৰক
·দ্বিতীয় ৰাকাতত নিয়ত ,ছানা আৰু তাউজ নালাগে. বাকী একেথাকিব
·তৃতীয় ৰাকাতত নিয়ত ,ছানা আৰু তাউজ নালাগে.। ছুৰা ফাতিহাৰ লগত অন্য চুৰা মিলাই পঢ়িব লাগে আৰু ৰুকুলৈ নগৈ পুনৰ হাত দাঙি আগৰ দৰে তহৰীমা বান্ধি দোৱা কুনুত পঢ়ি ৰুকু কৰক।
·এতিয়া তকবীৰ কৈ ছিজদালৈ যাওক আৰু ছিজদাৰ তছবীহ পাঠ কৰি পুনৰ তকবীৰ কৈ ক্ষন্তেক বহি জালাছা কৰি তকবীৰ কৈ ২য় ছিজদা কৰি পুনৰ তকবীৰ কৈ শেষ বৈঠক কৰক।
·শেষ বৈঠকত তছহুদ, দৰুদ আৰু দোৱা মাছুৰা পঢ়ি চালাম ফিৰাই নামাজ সমাপ্ত কৰক।
 
·ইছাৰ নামাজৰ তছবীহ : হুৱাল লাটীফুল খাবীৰ।
 
(সকলোৱে নামাজ পঢ়ক, নিজৰ অন্তৰাত্মাক পবিত্ৰ ৰাখক আৰু শৰীৰ টো সুস্হ ৰাখক)
 
 
 
 
 
 

Leave a comment