How to improve your exam performance?

পৰীক্ষাত এটাত  ভাল ফলাফল কেনেকৈ দেখুৱাব পাৰি ?

পৰীক্ষা বুলিলে সকলোৰে এটা excitement থাকে নহয়নে? পৰীক্ষাত ভাল এটা ফলাফল (good exam performance) দেখুৱালৈ সকলোৰে এটা হেঁপাহ থাকে । বিশেষকৈ HSLC আৰু  HS ৰ ফলাফলক লৈ ওচৰ চুবুৰীয়াৰ পৰা আৰম্ভ কৰি অঙহী ব‌ঙহী , পিতৃ মাতৃ , শিক্ষক শিক্ষয়িত্ৰী সকলোৰে মনত এক উগুল থুগুল ভাৱ নহয়নে বাৰু ? ইয়াৰ পিছত আকৌ বহুতেই বিভিন্ন দিশলৈ ধাৱমান হয় যেনে কিছুমানে NEET Coaching কৰিব, কিছুমানে B.A, B.Sc কৰিব , কিছুমানে poly technique, কিছুমানে আকৌ JEE কৰিব , গতিকে এনেদৰে বিভিন্ন দিশত সকলোৱে গতি কৰে । আৰু এই আটাইবোৰৰ অন্তৰালত লুকাই থাকে এটা ভাল আৰু উন্নত মানদণ্ডৰ ফলাফলৰ হেঁপাহ । (exam performance)

My experience

গতিকে , আহাচোন এই ক্ষেত্ৰত  মই মোৰ একান্ত ব্যক্তিগত অভিজ্ঞতা খিনি তোমালোকৰ লগত আলোচনা কৰো ।

প্ৰথম কথাটো হ’ল যিকোনো পৰীক্ষাত ভাল এটা ফলাফল (good exam performance) পাবলৈ হ’লে সদায় hard work ৰ পৰিবৰ্তে smart work কৰিব লাগিব। Smart work বুলিলে তুমি এখন plan বনাব লাগিব ।

যে তুমি কোনটো বিষয় কেতিয়া পঢ়ি শেষ কৰিবা ?

কোনটো বিষয়ৰ কোনকেইটা topic তোমাৰ আয়ত্ব কৰাত টান লাগিছে?

কোনকেইটা বিষয় তোমাৰ বাবে সহজ ?

আৰু পৰীক্ষাৰ বাবে কোনকেইটা unit তুমি 100% ভালদৰে চাবা?

আৰু whole syllabus কেতিয়া revise কৰিবা ?

ইয়াৰ পিছত এইখিনি plan বনাই লোৱাৰ পিছত তুমি এখন daily routine বনোৱা আৰু তুমি এই routine খন daily follow কৰি যাব‌ই লাগিব ।

Study time

Next, কোনোটো সময়ত পঢ়িলে তোমাৰ বেছি মনত থাকা বুলি ভাবা identify কৰা । কিছুমানে ৰাতি দেৰিলৈকে পঢ়ি থাকিব পাৰে, আৰু মনতো থাকে এনেকুৱা লোকে ৰাতিপুৱা সোনকালে শুই উঠিলে দিনটো টোপনিৰ অনুভৱ হৈ থাকে, ইয়াৰ উদাহৰণ হলো ম‌ই নিজেই । মই ৰাতিপুৱা তকৈ ৰাতি বেছি দেৰিলৈকে পঢ়িব পাৰো আৰু মনতো থাকে । গতিকে যিসকলে ৰাতি বেছি ভালকৈ মনোযোগ দি পঢ়িব পাৰে তেওঁলোকে ৰাতি পঢ়া টো উচিত আৰু যিসকলে ৰাতিপুৱা পঢ়িলে বেছি মনোযোগ দিব পাৰে তেওঁলোকে ৰাতিপুৱা পঢ়া উচিত , আৰু এই সময় খিনিত তোমালোকৰ যিটো বিষয় টান লাগে , বা যিবোৰ topic আয়ত্ব কৰাত টান পোৱা সেইবোৰ চোৱা উচিত ।

ৰাতি আৰু ৰাতিপুৱা পঢ়াক লৈ বহুতেই বহুত কয় but I want to suggest you from my experience that, তুমি নিজে যিটো সময়ত পঢ়ি আটাইতকৈ comfort পোৱা সেইটো সময়তে পঢ়া উচিত । এইক্ষেত্ৰত আনৰ কথা শুনি লাভ নাই । (exam performance)

Entering the Exam hall

ইয়াৰ পিছত , আহো পৰীক্ষাত অৱতীৰ্ণ হোৱালৈ । যেতিয়া আমি exam Hall ত বহো কিছুমানে বহুত nervous feel কৰে , কিছুমানৰ ভয় লাগে কিন্তু এনেকুৱা feelings বোৰ নানিবা , পৰীক্ষাক লৈ ভয় কৰিব লগা একোৱেই নাই , পৰীক্ষা মানে হ’ল তুমি আয়ত্ব কৰা বস্তখিনি এক ধৰাবন্ধা (3 hours/45 minutes/ 30 minutes or it can be 2 hours)  সময়ৰ ভিতৰত show কৰিব লাগে , সেইয়া হয়তো লিখিত পৰীক্ষা হ’ব পাৰে বা computer based exam বা OMR sheet অত দিয়া exam ও হ’ব পাৰে , গতিকে nervous নহবা বা ভয় ভাবটো নানিবা। Take it easy , এনেকৈ ভাবিবা যে মোৰ আয়ত্বত গোটেই খিনি আছে, মই ভালদৰে পৰীক্ষা দিব পাৰিম, and Jo hoga dekha jayega এই পৰীক্ষাটোৱে মোৰ জীৱনৰ শেষ destination নহয়, জীৱনত সুযোগ অনেক আছে ল’ব জানিলে হ’ল  ।

ইয়াৰ পিছত যেতিয়া পৰীক্ষাত প্ৰশ্ন কাকত খন চাবা কেতিয়াও হতাশ নহবা, তুমি চাই যোৱা বোৰ হয়তো 50% বা এটাও common নাহিব পাৰে , তথাপিও ভাবিবা যে “ম‌ই পাৰিম”। আৰু সেইকাৰণে পঢ়োতে সদায় common questions চোৱাতকৈ concept clear কৰি পঢ়িবা ।

Your Answer sheet

ইয়াৰ পিছত আহো, উত্তৰ বহী খনত কেনেদৰে লিখিবা ।

প্ৰথমতে , বহী খন সুন্দৰ কৈ চাৰিও ফালে মাৰ্জিন টানিব লগা ঠাই খিনি ভাজ দি লবা , তাৰ পিছত যদি সময় মিলাব পাৰা মাৰ্জিন কেইডাল টানিবা যদি সময়ৰ অভাৱ হয় তেতিয়া হলে ভাজ দি থলেও হ’ব ।

তিৰ পিছত তোমাৰ ৰোল নং , subject , study centre যি যি লিখাটো প্ৰয়োজন লিখি লবা

ইয়াৰ পিছত questions paper খন চাই নোৱৰা বা common নাহা question বোৰত মুৰ ঘমাই লাভ নাই, প্ৰথম পেজ টোত তুমি জানা উত্তৰ খিনি সুন্দৰ আৰু পৰিপাটিকৈ লিখিবা , প্ৰথম page টো কেতিয়াও লেতেৰা নকৰিবা আৰু কাটা কাটি কৰাতো যিমান পাৰা কমাবা । কাৰণ প্ৰথম তিনিটা মান page ৰ লিখনি সুন্দৰ হ’লে automatic পৰীক্ষকৰ impression draw হয় , mind it .

Next, তুমি যেতিয়া জানা প্ৰশ্ন খিনিৰ উত্তৰ কৰি যাবা তেতিয়া নজনাখিনিও automatic তুমি answer কৰিব পাৰি যাবা । It’s a magic.

Important note

তাৰ পিছত আহো এটা important কথালৈ , পৰীক্ষা হলত ধৰা তুমি কিবা এটা মনত পেলাব চেষ্টা কৰি আছা বা মনত পেলাই লিখি আছা হঠাতে দিলে নহয় লগৰ এজনে মাতি, আকৌ তোমাৰ মনত পৰা খিনি খেলি মেলিৰ সৃষ্টি হৈ যায় নহয়নে? এই ক্ষেত্ৰত মোৰ যথেষ্ট অভিজ্ঞতা আছে, গতিকে এনে সময়ত তেনে বন্ধু বোৰক ignore কৰাই ভাল , তোমাক মাতিলেও তুমি মাত নিদিবা, পৰীক্ষাৰ সময়ত ইমান পৰোপকাৰী হোৱাৰ প্ৰয়োজন নাই, কাৰণ তুমি নিজেই ইমান দিনে কষ্ট কৰি পঢ়িছা আৰু এক ধৰাবন্ধা সময়ৰ ভিতৰত তুমি তোমাৰ আয়ত্ব কৰা খিনি perform কৰিব গৈ আছে , গতিকে exam Hall কেৱল নিজৰ ওপৰত concentrate কৰাটো জৰুৰী বুলি ম‌ই ভাবো । (exam performance)

Exam hall ত সমনীয়াৰ সৈতে বেছি discuss নকৰাই ভাল , কাৰণ বহুতৰে ক্ষেত্ৰত এনেধৰনৰ discussion বোৰে confusion হে create কৰে , গতিকে পৰীক্ষা হলত তুমি নিজে জানা খিনি লিখাটো জৰুৰী ভুলেই হ‌ওক বা শুদ্ধ‌ই হ‌ওক । কাৰণ বহুতৰে হয়তো এনেকুৱা হয় যে তুমি নিজে ভবাটো হে শুদ্ধ আছিল কিন্তু লগৰ জনৰ কথা শুনি বেলেগটো হে লিখিলা আৰু পৰীক্ষা হলৰ পৰা ওলাই আহি তুমি এই কথাটো গম পালা, পিছত তোমাৰ সেই  3 বা 4 নম্বৰ এনেই গ’ল যাৰ বাবে তোমাৰ দিনটো দুখ লাগি থাকিল , গতিকে don’t do this write your own .

Time management

আৰু পৰীক্ষা হলত time management অত বহুতৰে সমস্যা হয়, এই ক্ষেত্ৰত  প্ৰথম কথাটো হ’ল তুমি জানা questions answer খিনি যিমান পাৰি সোনকালে লিখি শেষ কৰা |

দ্বিতীয়তে, পৰীক্ষা হলত সমনীয়াৰ লগত কমকৈ discuss কৰা , পৰীক্ষা হলত বেছি পৰোপকাৰী হৈ লাভ নাই । ভুলেই হ‌ওক শুদ্ধ‌ই হ‌ওক নিজে জানা খিনি perfect কৈ লিখা টো ভাল ।

তৃতীয়তে, লিখিত পৰীক্ষাৰ ক্ষেত্ৰত আগতীয়াকৈ speed অত লিখাৰ practice কৰাটো খুবেই প্ৰয়োজনীয় আৰু CBT, বা OMR sheet type exam ৰ ক্ষেত্ৰত reading skill ৰ খুব practice  কৰা উচিত যাতে পঢ়ি থাকোতে বেছি সময় নাযায় তাৰ ওপৰত গুৰুত্ব দিয়া উচিত আৰু সহজ বোৰ আগেয়ে কৰিব লাগে ।

Conclusion

লিখিত পৰীক্ষা বোৰৰ ক্ষেত্ৰত সাদায় উত্তৰ বহী খন পৰিপাটী, চাফচিকুন আৰু হাতৰ আখৰ যিমান পাৰি ভাল আৰু স্পষ্ট কৰা উচিত যাতে পৰীক্ষকে তোমাৰ বহীখনৰে প্ৰেমত পৰি যায়,  I mean উত্তৰ বহী খন আকৰ্ষণীয় হ’ব লাগে ।

গতিকে পৰীক্ষা সম্পৰ্কে মোৰ অভিজ্ঞতা খিনি share কৰিলো, and guys  I hope লিখনি টোৱে তোমালোকক উপকৃত কৰিব for (good exam performance)। তোমালোকৰো যদি  এই ক্ষেত্ৰত ideas আৰু experience আছে আমাৰ লগত share কৰিবা । ধন্যবাদ।

https://www.linkedin.com/pulse/tips-hacks-excel-your-exams-sangeeta-datta/

Leave a comment