Know the Questions and Answers of Population Composition

উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষ
Book name- মানৱ ভূগোলৰ মৌলিক তত্ব
তৃতীয় অধ্যায় – জনসংখ্যাৰ গঠন Population Composition

নিম্নলিখিত চাৰিটা বিকল্পৰ পৰা শুদ্ধ উত্তৰ টো বাছি উলিওৱা Population Composition

1. নিম্নলিখিত কোনটোৰ দ্বাৰা সংযুক্ত আৰব গণৰাজ্যৰ লিংগ অনুপাত নিম্নগামী হৈছে ? Population Composition

ক. নিৰ্বাচিত কৰ্মী পুৰুষ জনসংখ্যাৰ প্ৰব্ৰজনৰ দ্বাৰা (Population Composition)

খ. পুৰুষৰ উচ্চ জন্মহাৰৰ দ্বাৰা

গ. মহিলাৰ নিম্ন জন্ম হাৰৰ দ্বাৰা

ঘ. উচ্চ হাৰত মহিলাৰ বহিঃপ্ৰব্ৰজনৰ দ্বাৰা

2. নিম্নলিখিত কোনটো ৰাশিয়ে জনসংখ্যাৰ কৰ্মী বয়সী দলক চিত্ৰিত কৰিছ

ক. ১৫ ৰ পৰা ৬৫ বছৰ

খ. ১৫ ৰ পৰা ৬৪ বছৰ

গ. ১৫ ৰ পৰা ৬৬ বছৰ

ঘ. ১৫ ৰ পৰা ৫৯ বছৰ 👈

3. নিম্নলিখিত কোনখন দেশত , পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি লিংগ অনুপাত আছে

ক. লাটভিয়া 👈

খ. সংযুক্ত আৰব গণৰাজ্য

গ. জাপান

ঘ. ফ্ৰান্স

30 টা মান শব্দৰ ভিতৰত নিম্নলিখিত প্ৰশ্ন বোৰৰ উত্তৰ দিয়া I

জনসংখ্যাৰ উপাদান বুলিলে কি বুজা ? Population Composition

জনসংখ্যাৰ উপাদান বোৰ হ’ল বয়স, লিংগ, জাতি , বৃত্তি ইত্যাদি । জনসংখ্যাৰ এই উপাদান বোৰে অঞ্চল একোটাৰ জনসাংখ্যিক চিত্ৰ খন সুন্দৰ কৈ বৰ্ণনা কৰে । Population Composition

  • বয়স গঠনৰ তাৎপৰ্য কত ?

জনসমষ্টি এটাত বিভিন্ন বয়সৰ মানুহে বসবাস কৰে । বয়স সংৰচনা বা বয়স গঠনৰ অধ্যয়নৰ জৰিয়তে আমি সেই অঞ্চলটোৰ কিমান কৰ্মঠ (কাম কৰিব পৰা ) জনসংখ্যা আছে জানিব পাৰো, বা কোনবোৰ অঞ্চলত বযস্ক জনসংখ্যাৰ পৰিমান বেছি সেইয়া গম পাব পাৰো । আৰু ইয়াৰ জৰিয়তে অঞ্চল একোটাৰ জন্মৰ হাৰ, আয় ব্যয়ৰ পৰিমান, উন্নয়নৰ গতিধাৰৰ  উমান পোৱা যায় ।

  • লিংগ অনুপাতৰ জোখ কেনেদৰে ল’ব পাৰি?

মহিলা আৰু পুৰুষৰ সংখ্যাৰ মাজত থকা অনুপাতে লিংগ অনুপাত বোলা হয় । এক নিউ সূত্ৰ প্ৰয়োগৰ জৰিয়তে লিংগ অনুপাতৰ জোখ লোৱা হয় । ভাৰত বৰ্ষৰ ক্ষেত্ৰত নিম্নলিখিত সূত্ৰ টো ব্যৱহাৰৰ জৰিয়তে লিংগ অনুপাতৰ জোখ লোৱা হয়। …….

লিংগ অনুপাত এক অতি প্ৰয়োজনীয় তথ্য । এই তথ্য‌ই এখন দেশৰ মহিলাৰ মৰ্য্যদা নিৰূপন কৰে ।

150 টা শব্দৰ ভিতৰত নিম্নলিখিত প্ৰশ্নসমূহৰ উত্তৰ দিয়া

1. জনসংখ্যাৰ গ্ৰাম্য নগৰীয়া উপাদানৰ বৰ্ণনা কৰা ।

বাসস্থানৰ ওপৰত ভিত্তি কৰি জনসংখ্যাক গ্ৰাম্য আৰু নগৰীয়া এই দুটা ভাগত ভগোৱা হৈছে ।

গ্ৰাম্য জনসংখ্যাৰ জীৱন ধাৰণ আৰু সামাজিক অৱস্হা নগৰীয়া জনসংখ্যাত কৈ বেলেগ । গ্ৰাম্য অঞ্চলৰ প্ৰায় ভাগ মানুহে খেতি-বাতিৰ তথা প্ৰাথমিক আৰু দ্বিতীয়ক বৃত্তিৰ লগত জড়িত। গ্ৰাম্য জনসংখ্যাৰ সাক্ষৰতাৰ হাৰো নিম্নমানৰ আৰু জন্ম-মৃত্যুৰ হাৰ নগৰ অঞ্চলত কৈ কিছু বেছি । গ্ৰাম্য অঞ্চলৰ জনসংখ্যাৰ মাজত জাতি ভেদৰ প্ৰথাও দেখিবলৈ পোৱা যায় ।

আনহাতে নগৰ অঞ্চলৰ জনসংখ্যাৰ মাজত জাত-পাতৰ ভেদাভেদ অতি কম, মানুহ বোৰৰ সাক্ষৰতাৰ হাৰ বেছি । নগৰ অঞ্চলৰ মানুহ বোৰ প্ৰাথমিক বৃত্তিত কৈ দ্বিতীয়ক, তৃতীয়টো, চতুৰ্থক আদি বৃত্তিৰ লগত বেছিকৈ জড়িত । নগৰ অঞ্চলত মৃত্যুৰ হাৰ কিছু কম কাৰণ নগৰত উন্নত চিকিৎসা সেৱাৰ ব্যৱস্থা আছে ।

গতিকে দেখা গ’ল যে জনসংখ্যাৰ গ্ৰাম্য আৰু নগৰীয়া উপাদানৰ বোৰ যদিও একেই কিন্তু সিহতৰ মাজত এক ভিন্নতা আছে ।

2. পৃথিৱীৰ বিভিন্ন অঞ্চল সমূহত দেখিবলৈ পোৱা লিংগ-বয়সৰ ভাৰসাম্যহীনতাৰ কাৰক সমূহ আৰু বৃত্তি গঠনৰ বিষয়ে বৰ্ণনা কৰা |

পৃথিৱীৰ সকলো বোৰ দেশতে বয়স – লিংগ অনুপাত একে নহয় । ইয়াৰ বহুতো কাৰণ আছে যেনে – ধৰ্মীয় বিশ্বাস, কণ্যা শিশুৰ ভ্ৰূণ হত্যা , মহিলাৰ বিৰুদ্ধে ঘৰুৱা অপৰাধ ইত্যাদি । বয়স- লিংগ অনুপাতৰ  ভাৰসাম্যহীনতাৰ কাৰক সমূহ তলত উল্লেখ কৰা হ’ল –

  1. যিবোৰ দেশত নাৰীৰ স্বাধীনতা নাই, কণ্যা শিশুৰ ভ্ৰূণ হত্যাৰ পৰিমান বেছি ।
  2. মহিলাৰ আৰ্থ সামাজিক স্থিতি, মহিলাৰ সুৰক্ষাৰ অভাৱ, সমাজৰ উন্নয়ন মুলক ব্যৱস্থাৰ অভাৱ ।
  3. ধৰ্মীয় বিশ্বাস, কু-সংস্কাৰ, নিৰক্ষৰতা আদি ঋনাত্মক চিন্তাৰ প্ৰভাৱ ।

উন্নত আৰু উন্নয়নশীল দেশ ভেদে জনসংখ্যাৰ বৃত্তি মুলক গাঠনিও ভিন্ন। উন্নয়নশীল দেশ সমূহত মহিলাৰ তুলনাত পুৰুষ কৰ্মী অধিক , মহিলা সকল প্ৰায়ে ঘৰুৱা কাম-কাজৰ লগত জড়িত । আনহাতে, উন্নত দেশবোৰৰ সাক্ষৰতাৰ হাৰো অধিক আৰু পুৰুষ-মহিলা উভয়ে উপাৰ্জনৰ লগত জড়িত , কাৰণ তেনে দেশ বোৰত মহিলা সকলেও সকলো সা-সুবিধা লাভ কৰিবলৈ সক্ষম হয় ।

আনহাতে , জন্ম-মৃত্যুৰ হাৰৰ ভিন্নতাৰ অনুপাতে বয়সীয়া আৰু কৰ্মঠ জনসংখ্যাৰ অনুপাতো দেশ ভেদে বেলেগ হোৱা দেখা যায় । Population Composition

পাঠভিত্তিক অতিৰিক্ত প্ৰশ্নোত্তৰ

1. বয়স লিংগ পিৰামিড কি ?

বয়স লিংগ পিৰামিড হৈছে এক প্ৰকাৰৰ ৰঞ্জক চিত্ৰ, যাৰ জৰিয়তে জনসংখ্যাৰ বয়স আৰু লিংগানুপাতিক সংৰচনা উপস্হাপন কৰা হয় । একোটা বয়স-লিংগ পিৰামিডৰ জৰিয়তে একোটা জনসমষ্টিৰ ভালেমান জৈৱিক আৰু আৰ্থ সাংস্কৃতিক চৰিত্ৰ বিচাৰি পোৱা যায়।

পিৰামিড এটাৰ বাওঁফালে পুৰুষ আৰু সোফালে নাৰী জনসংখ্যা বয়সৰ উৰ্ধক্ৰমত শতাংশ স্কেলত প্ৰকাশ কৰা হয় ।

তলত এটা বয়স-লিংগ পিৰামিডৰ চিত্ৰ উপস্থাপন কৰা হ’ল

2.বাৰ্ধক্য যুক্ত জনসংখ্যা কি ?

কোনো এখন দেশৰ ৬০ বছৰৰ ওপৰত থকা এক বিশাল জনসংখ্যাক বাৰ্ধক্য যুক্ত জনসংখ্যাক সূচায় , যিয়ে স্বাস্থ্য সম্বন্ধীয় ক্ষেত্ৰত অধিক  খা-খৰচৰ কৰিব লগা হয় ।

3. বৃত্তিগত গঠন কি ?

বৃত্তিগত গঠন হৈছে কোনো এটা অঞ্চলৰ কৰ্মঠ জনসংখ্যাই (১৫-৫৯ বছৰ বয়সৰ লোক) বিভিন্ন প্ৰাথমিক , দ্বিতীয়ক, ততৃতীয়ক, চতুৰ্থক আদি বৃত্তিৰ লগত জড়িত হৈ থকা গাঠনি ।

এই চাৰিওটা বিভাগৰ বৃত্তিৰ লগত জড়িত হৈ থকা কৰ্মী জনসংখ্যাৰ অনুপাতৰ দ্বাৰা এখন ৰাষ্ট্ৰৰ অৰ্থনৈতিক উন্নয়নৰ স্তৰক ভালদৰে নিৰীক্ষণ কৰিব পাৰি ।

4.পৃথিৱীৰ আটাইতকৈ ঘন জনবসতি অঞ্চল কেইটাৰ নাম লিখা ?

পৃথিৱীৰ আটাইতকৈ ঘন জনবসতিপূৰ্ণ অঞ্চল কেইটা হ’ল

আমেৰিকা যুক্তৰাষ্ট্ৰৰ উত্তৰ-পূব অঞ্চল

ইউৰোপৰ উত্তৰ পশ্চিম অঞ্চল

দক্ষিণ , দক্ষিণ দক্ষিণ-পূব আৰু পূব এছিয়া

5. জনসংখ্যাৰ বৃদ্ধি উন্নত দেশৰ তুলনাত উন্নয়নশীল দেশত অধিক হোৱাৰ কাৰণ কি ? Population Composition

উন্নত দেশৰ তুলনাত উন্নয়নশীল দেশসমূহত জনসংখ্যাৰ বৃদ্ধিৰ হাৰ বেছি কাৰণ –

উন্নয়নশীল দেশসমূহত সাক্ষৰতাৰ হাৰ নিম্নমানৰ

পৰিয়াল পৰিকল্পনাৰ বিষয়ে জ্ঞাত নহয়

উন্নত মানৰ স্বাস্থ্য সেৱাৰ অভাৱ

জনসংখ্যা বৃদ্ধিৰ ভয়াবহতা সম্পৰ্কে সজাগ নহয় ।

6. জনসাংখ্যিক চক্ৰ বুলিলে কি বুজা ?

জনসাংখ্যিক অৱস্হান্তৰ সূত্ৰৰ মতে , যেতিয়াই সমাজ এখনেই গ্ৰাম্য, কৃষিক্ষেত্ৰ সম্বন্ধীয় আৰু অশিক্ষিত অৱস্থাৰ পৰা নগৰীয়া, ঔদ্যোগিক আৰু শিক্ষিত সমাজলৈ উন্নীত হয় তেতিয়াই জনসংখ্যাৰ পৰিবৰ্তন সাধন হয় ।

অৰ্থাৎ উচ্চ জন্ম আৰু মৃত্যুৰ হাৰৰ পৰা নিম্ন জন্ম আৰু মৃত্যুৰ হাৰলৈ পৰিৱৰ্তন হয় আৰু জনসংখ্যা পৰিবৰ্তনৰ এই স্তৰ সমূহক একেলগ কৰি জনসাংখ্যিক চক্ৰ বোলা হয় । কাৰণ জনসংখ্যাৰ পৰিৱৰ্তনৰ এই ধাৰা স্থৱিৰ নহয় প্ৰবাহমান । Population Composition

https://www.studyrankers.com/2017/09/chapter-3-population-composition-class12th-ncert-solutions.html

Leave a comment