The authentic rituals for deceased person in Islam in Assamese

মুছলমান মানুহৰ মৃত্যুৰ পিছত আপুনি পালন কৰিব লগীয়া নীতি-নিয়ম । (rituals for deceased person)

 
 

আচ্ছালামুআলাইকুম।আজি মই আপোনাক জনাম আমাৰ অন্তিম বিদায়ৰ কিছু নীতি-নিয়ম। মৃত্যু চিৰন্তন সত্য, আমি সকলোৱে এদিন খালী হাতে আল্লাৰ ওচৰলৈ যাব লাগিব, গতিকে দুনিয়াত থকা দিনকেইটা আল্লাৰ কাম কৰক, সৎ পথত থাকক, অন্তৰ পবিত্ৰ ৰাখক। এতিয়া আহকচোন জানো মৃত্যুৰ পিছত আমাৰ কৰনীয়বোৰ কি কি? Funeral or post death rituals in Islam in assamese – Muslim traditions for the dying and deceased. (rituals for deceased person)

প্ৰথম কৰ্তব্য হ’ল, মৃত্যুৰ আগমুহুৰ্তত ব্যক্তি গৰাকীক কলিমা পঢ়ুৱাব লাগে, আৰু যদি নিজে সমৰ্থ নহয় তেন্তে আনে পঢ়াই দিব লাগে। তৌবাহ, আস্তাগফিৰ ( আল্লাৰ ওচৰত কাবৌ-মিনতি কৰি ক্ষমা খোজা ) কৰি লোৱা দৰকাৰ। চিৰ বিদায় ক্ষনটো অতি গুৰুত্বপূৰ্ণ আৰু বিপজ্জনক | গতিকে এই ক্ষেত্ৰত সাৱধানতা অবলম্বন কৰা উচিত, অন্যথা চয়তানে শুদ্ধ পথৰ পৰা বিভ্রা্ন্ত কৰিব পাৰে। মুমুৰ্ষ অৰ্থাৎ মৃত্যুৰ ক্ষন গনি থকা  ব্যক্তিৰ ওচৰত বহি ছুৰা ইয়াচিন পঢ়া উচিত কাৰণ এই চুৰা টো চয়তানী শক্তিক দুৰ্বল কৰি পেলায়। (rituals for deceased person)

মৃত্যুৰ ঠিক পিছৰ কৰণীয় –

উত্তৰ পিনে মুৰ দি শুৱাব, মুখখন কিবলামুখী অৰ্থাৎ পশ্চিম মুৱা কৰি দিব, চকু দুটা জপাই দিব, মুখখন বন্ধ কৰি দিব লাগে আৰু যদি বন্ধ নহয় থুতুৰিৰে কাপোৰ মেৰোৱাই মুৰৰ তালুত বা্ন্ধিব, তুলাৰে নাক-কাণৰ বিন্ধা বন্ধ কৰি দিব,  পৰিষ্কাৰ কাপোৰেৰে মৃতদেহ ঢাকি দিব, আগৰবাতি আদিৰে কোঠালীটো সুগন্ধিত কৰি ৰাখিব আৰু নাপাক ব্যক্তি ওচৰলৈ নাযাব।

 

তাৰ পিছত মৃতকক গোচল (গা ধুওৱা) কৰাবৰ বাবে নিব লাগে।

মুৰ্দাক গা ধুওৱাৰ নিয়ম

মুৰ্দাক গোছল কৰোৱা পদ্বতি আৰু কাফন পিন্ধোৱা নিয়ম |

মৃত পুৰুষৰ গোছল মৃতকৰ পুৰুষ আত্মীয় বা অন্য জনা মানুহেও দিব পাৰে। আৰু পুৰুষৰ অনুপস্থিতিত পুৰুষ মৃতকৰ গোছল তেওঁৰ স্ত্ৰী য়ে কৰাব পাৰে।

মহিলা মৃতকৰ ক্ষেত্ৰত মহিলাই গোছল কৰাব, কিবা কাৰণত মহিলাৰ অনুপস্থিতিত কোনো নিকটাত্মীয় (আপোন মানুহ) পুৰুষ নাইবা তেওঁৰ গিৰিয়েকে তায়াম্মুম (পানীৰ সলনি পবিত্ৰ ন|ইবা মাটি জাতীয় বস্তুৰ দ্বাৰা শৰীৰ পবিত্ৰ কৰা কাৰ্য) কৰাই দিব পাৰে কিন্তু গোছল কৰাই দিয়া জায়েজ নাই।

মৃত ব্যক্তিক গা ধুওৱাৰ নিয়ম : (rituals for deceased person)

1.   পানীত বগৰীৰ পাত দি কুহুমীয়া গৰম কৰিব।

2.   মুৰ্দাক গোছল কৰা ঠাই দোখৰ কাপোৰ বা বেৰ দি পৰ্দা কৰি লব আৰু সৈই পৰ্দাৰ ভিতৰত তক্তা, খাটিয়া বা বাহঁৰ চাং পাতি দিব

3.   তাৰ পিছত ২/৩ জনে মুৰ্দাক দাঙি আনি সেই তক্তা, খাট বা চাঙত থব

4.   মৃতকৰ গাত থকা কাপোৰ খুলি লব আৰু নাক-কাণৰ ফুটা কাপোৰেৰে বন্ধ কৰি দিব যাতে ভিতৰত পানী নোসোমায়

5.   তাৰ পিছত মুৰ্দাৰ তল পেট টো মালিচ কৰিব আৰু পেটত এখন হাতেৰে হেচি ধৰি আন খন হাতেৰে গলধনত ধৰি ২/৩ বাৰ দাঙি দিব যাতে পেটৰ পৰা ওলাব লগীয়া মল বা পায়খানা থাকিলে ওলাই আহে। তাৰ পিছত ভিজা কাপোৰেৰে পায়খানাৰ দৰ্জা পৰিষ্কাৰ কৰি দিব

6.   তাৰ পিছত মুৰ্দাক অজু কৰাই দিব, অজু কৰাৰ সময়ত প্ৰথমে হাত দুখনৰ কব্জা পৰ্যন্ত ধুব, তাৰ পিছত মুখমণ্ডল ধুব,আৰু এই সময়ত আঙুলিত কাপোৰ মেৰোৱাই দাঁত,নাক আৰু কাণৰ বিন্ধা পৰিষ্কাৰ কৰি দিব ,তাৰ পিছত মূৰ টো মোছেহ কৰি দিব আৰু ভৰি দুখন সৰু গাঠি পৰ্যন্ত ধুই দিব।

7.   তাৰ পিছত মুৰ্দাৰ সমস্ত শৰীৰত এবাৰ পানী ঢালিব,গাত ময়লা থাকিলে চাবোন আদিৰে পৰিষ্কাৰ কৰিব, তাৰ পিছত বাঁও পিনে কাতি কৰি সোফালে পানী ঢালিব আৰু সোঁ ফালে কাতি কৰি বাঁও ফালে পানী ঢালিব। পানী সৰ্বশৰীৰত ৩/৫/৭ বাৰ ঢালিব পাৰে। শেষৰ বাৰ কৰ্পূৰ মিহলোৱা পানী ঢলা টো ভাল।

8.   দাড়ি,মুৰ,চুলি,কপাল,নাক,হাতৰ তলুৱা,ভৰিৰ পতা আদিত সুগন্ধি দ্রব্য বা কৰ্পূৰ লগাব পাৰে।

মুৰ্দাৰ মুৰ ফনিয়াব নালাগে। চুলি, নখ কাটিব নালাগে।

গোচলৰ পিছত কাফন পিন্ধাব লাগে।

কাফন পিন্ধোৱাৰ নিয়ম পুৰুষৰ বাবে

পুৰুষৰ কাপোৰৰ ৩ খণ্ড আৰু সেইকেইটা হল চাদৰ,ইজাৰ, আৰু চোলা বা কুৰ্টা।পুৰুষৰ প্ৰথমে চাদৰ, তাৰ ওপৰত ইজাৰ আৰু তাৰ ওপৰত কুৰ্টা বা চোলা পাৰিব লাগে। চাদৰ ইজাৰত কৈ কিছু দীঘল হব লাগে আৰু কুৰ্টাৰ দৈৰ্ঘ্য আঠুৰ তললৈ যোৱা হব লাগে। কুৰ্টা পাৰোতে তলৰ অংশ পাৰি মূৰ সোমোৱা ফুটাৰ পৰা ওপৰৰ অংশ মূৰ শিতানত কোঁচাই থব।তাৰ পিছত কাফনৰ ওপৰত মুৰ্দা ৰাখি কুৰ্টাৰ ফুটাৰে মুৰ টো সুমুৱাই কোঁচাই থোৱা ওপৰৰ অংশ তলৰ ফালে টানি আনি ঢাকি দিব আৰু মুৰ্দাক ঢাকি অন্য কাপোৰ খন টানি অন্য কাপোৰখন টানি উলিয়াই নিব। ইয়াৰ পিছত ইজাৰ খন মুৰ্দাৰ সোঁহাতৰ পিনৰ পৰা উঠাই মুৰৰ পৰা ভৰিলৈকে ঢাকিব আৰু বাঁও হাতৰ পিনৰ পৰা উঠাই দুয়োটা ফাল একলগ কৰি দিব। এইদৰে চাদৰ খনো উঠাব আৰু দুয়োটা মুৰ কাপোৰৰ পাট্টিৰে বান্ধিব।কবৰত ৰখাৰ সময়ত এই বান্ধ খুলি দিব।

মহিলাৰ কাফন পিন্ধোৱা নিয়ম

মহিলাৰ বাবে কাফনৰ কাপোৰ ৫ খন –চাদৰ, ইজাৰ,কুৰ্টা বা চোলা, চিনাবন্ধ আৰু শিৰবন্ধ। মহিলাৰ ক্ষেত্ৰটো প্ৰথমে চাদৰ, তাৰ ওপৰত ইজাৰ আৰু তাৰ ওপৰত কুৰ্টা পাৰিব আৰু ওপৰৰ অংশ মহৰম শিতানত কোঁচাই থব। তাৰ পিছত কুৰ্টাৰ ফুটাৰে মহৰম টো সুমুৱাই দি কুৰ্টাৰ ওপৰৰ অংশ বুকুৰ ওপৰেৰে তলৰ পিনে টানি আনি আঠুৰ তললৈ ঢাকি দিব।তাৰ পিছত মুৰৰ তলত শিৰন্ধ পাৰি দিব আৰু মুৰৰ চুলি দুভাগ কৰি দুয়ো কান্ধৰ ওপৰেদি আনি বুকুৰ ওপৰত ৰাখিব তাৰ পিছত শিৰবন্ধ খনৰ দুয়োফাল উঠাই চুলিখিনি ঢাকি দিব।তাৰ পিছত চিনাবন্ধখন ওপৰৰ পৰা পাৰি দি ঢাকি দিব আৰু কুৰ্টাৰ দুয়োপিনে খুহি দিব। তাৰ পিছত ইজাৰ খন সোঁপিনৰ পৰা উঠাই জাপিব। তাৰ পিছত চাদৰ খনো অনুৰুপ ভাবে উঠাই জাপিব আৰু দুয়ো মহৰম কাপোৰৰ ফিটা বা পট্টিৰে বান্ধি দিব। মহিলাৰ কাফন আবৃত মৃতদেহ পৰ্দাৰে ঢাকি দিয়া মুস্তাহাব।

 

মৃত শিশুক কেনেকৈ কাফন পিন্ধাব …?

যদিহে শিশু এটি ভুমিস্থ হোৱাৰ পিছত মৃত্যু হয়, তেতিয়াহলে সন্তান টো পুৰুষ, মহিলা যি হয় সেই অনুযায়ী কাফন পিন্ধাব লাগিব আৰু জানাজাও পঢ়িব লাগিব।

যদিহে কোনো  শিশু গৰ্ভতে মৃত হয়, বা কোনো অংগ আধাতকৈ কম বাহিৰ হোৱাৰ পিছত মৰি ভুমিস্থ হয়, তাক মৃতজন্মা বুলি ধৰা হয় আৰু তেনে শিশুৰ ক্ষেত্ৰত তাৰ নাম ৰাখিব লাগিব আৰু কাফনৰ পৰিবৰ্তে এখন বগা কাপোৰেৰে মেৰুৱাই দাফন কৰিব লাগিব, জানাজাৰ প্ৰয়োজন নাই। ইচ্ছা কৰিলে পঢ়িবও পাৰে।

 

গোচল কৰোৱাৰ পিছত আৰু কাফন পিন্ধোৱাৰ পিছত জানাজা কৰা হয়।

জানাজা নামাজৰ পদ্বতি

জানাজা নামাজ ‘ফৰজে কিফায়া’। কোনোবা দুই এজনে লগ লাগিও সমাজৰ হৈ এই নামাজ আদায় কৰিব পাৰে কিন্তু সমাজৰ কোনো ব্যক্তিয়ে যদি জানাজা নমাজ নপঢ়ে তেনেহলে গোটেই সমাজ ইয়াৰ বাবে দায়ী হব। জানাজাৰ নামাজত জামাত হোৱাটো চৰ্ত নহয়।অকলেও জানাজা নামাজ পঢ়িব পাৰে। জানাজা নামাজৰ দুটা ফৰজ

·       চাৰিবাৰ তকবীৰ দিয়া ,চাৰি তকবীৰত চাৰি ৰাকাত

·       থিয় হৈ জানাজা নামাজ পঢ়া, বিনা কাৰনত আউজি বা হেলান দি পঢ়িলে নামাজ জায়েজ নহব

জানাজাৰ ছুন্নত তিনিতা

a)  ছানা পঢ়া

b)দৰুদ পঢ়া

c)  মৃতকৰ হকে দোৱা মাছুৰা পঢ়া

 

 

জানাজা নামাজ পঢ়োতে নিয়ত কৰি “আল্লাহুআকবাৰ” বুলি কৈ তহৰীমা বান্ধিব লাগে, ইয়াৰ পিছত ছানা পঢ়ি “আল্লাহুআকবাৰ” কব লাগে আৰু ইয়াৰ পিছত দৰুদ পঢ়ি “আল্লাহুআকবাৰ” কব লাগে । অৱশেষত আখেৰি দোৱা মাছুৰা পঢ়ি আল্লাহুআকবাৰ কৈ ছালাম ফিৰাব লাগে।

জানাজা নামাজৰ নিয়ত: নাৱাইতুৱান উৱাদ্দিয়া আৰবাআ তাকবীৰাতি ছালাতিল জানাজাতি ফাৰজুল কিফায়াতি আচ্ ছানাউ লিল্লাহি তাআলা ওৱাচ্ চালাতু আলান্নাবীয়ি ওৱাদ্দুআউ লিহাজাল মাইয়্যিতি ইক্তাদায়তু বিহাজাল ইমাম মুতাৱাজ্জিহান ইলা জিহাতিল কাবাতিশ্বাৰিফাতি আল্লাহুআকবাৰ।

মৃতক যদি তিৰোতা হয় তেনেহলে লিহাজাল মাইয্যিতি নকৈ লিহাজিল মাইয়্যিতি কব।

এনেদৰে নিয়ত কৰাৰ পিছত প্রথমে তকবীৰ কৈ তহৰীমা বান্ধিব আৰু ইমাম আৰু মুক্তাদীয়ে ছানা পঢ়িব।

জানাজাৰ চানা

ছোবহানাকা আল্লাহুম্মা ওৱা বিহামদিকা ওৱা তাবাৰা কাছমুকা ওৱা তাআলা জাদ্দুকা ওৱা জাল্লা ছানাউকা ওৱা লা ইলাহা গায়ৰুকা । আল্লাহুআকবাৰ।

জানাজাৰ দৰুদ

আল্লাহুম্মা ছাল্লি আলা মুহাম্মাদিও আলা আলে মুহাম্মাদিন কামা ছাল্লয়িতা ওৱা ছাল্লামতা ৱা বাৰাকতা ৱা ৰাহিমতা ওৱা তাৰহামতা আলা ইব্রাহীমা ওৱা আ’লা আলে ইব্রাহীমা ইন্নাকা হামিদুম মাজিদ। আল্লাহুআকবৰ।

জানাজাৰ দোৱা মাছুৰা

আল্লাহুম্মাগ ফিৰলি হাইয়্যিনা ওৱা মাইয়্যিতিনা ওৱা শ্বাহিদিনা ওৱা গায়িবিনা ওৱা ছাগীৰিনা ওৱা কাৰীবিনা ওৱা জাকাৰিনা ওৱা উনছানা। আল্লাহু্ম্মা মান আহয়্যায়তাহু মিন্না ফা –আহয়েহী আলাল ইছলাম ওৱা মান তাওৱাফ ফায়তাহু মিন্না ফা তাৱাফফাহু আলাল ঈমান । আল্লাহু আকাবাৰ।

 

শিশু মৃতকৰ বাবে দোৱা মাছুৰা (rituals for deceased person)

যদি মৃতক নাবালাক হয় (ল’ৰা) হয় তেনেহলে আখেৰি দোৱা মাছুৰাৰ সলনি এই দোৱাটো পঢ়িব।

“আল্লাহুম্মাজ আলহু লানা ফাৰতাও ৱাজ আলহু লানা আজৰাঁও ওৱা জুখৰাঁও ৱাজ আলহু লানা শ্বাফিয়াও ওবা মোশ্বাফফাআ”।

যদি মৃতক নাবালিকা (ছোৱালী) হয় তেনেহলে দোৱা মাছুৰা এনেকৈ পঢ়িব

“আল্লাহুম্মাজ আলহা লানা ফাৰতাও ৱাজ আলহা লানা আজৰাঁও ওৱা জুখৰাঁও ৱাজ আলহালানা  শ্বাফিয়াতাও মোশ্বাফাআতা”

 

মুৰ্দাক কবৰত থোৱা নিয়ম (rituals for deceased person)

·       জানাজাৰ পিছতে পলম নকৰি মুৰ্দাক কবৰলৈ লৈ যাব।

·       মুৰ্দাক কবৰস্থ কৰাৰ সময়ত মুৰ্দাৰ চাঙি বা খাটিয়া কবৰৰ পশ্চিম দিশত ৰাখিব

·       ২ বা ৩ জন মানুহে কবৰত নামিব আৰু মুৰ্দা কবৰত নমাব,মুৰ্দাৰ মহৰম উত্তৰ পিনে ৰাখিব আৰু কাফনৰ বান্ধ খুলি মুখখন ক্কিবলাৰ পিনে হলাই দিব

·       তাৰ পিছত কবৰৰ পৰা উঠাৰ আগেয়ে মুৰ্দাৰ বুকুৰ ওপৰত হাত ৰাখি এবাৰ তলত উল্লেখ কৰা দোৱা টো পঢ়িব আৰু নিজে নাজানিলে দোৱা টো আনে পঢ়াই দিব

“বিছমিল্লাহি ওৱা আলা মিল্লাতি ৰাছুলিল্লাহ”

·       তাৰ পিছত কবৰৰ ওপৰত বাহ, কাঠ জাপি দি কবৰ আবৃত কৰি তাৰ ওপৰত ঢাৰি বা গছৰ পাত পাৰি দিব আৰু হাতত তিনি টুকুৰা মাটি লৈ তছমিয়াসহ নিম্নোক্ত আয়াত তিনিটা পাঠ কৰি এটা এটা কৈ মাটিৰ টুকুৰা বোৰ কবৰৰ ওপৰত ৰাখিব- মিনহা খালাকনাকুম, ও‍ৱা ফীহা নুয়িদুকুম, ওৱা মিনহা নুখৰি জুকুম তাৰাতান উখৰা (অৰ্থ-তোমাক এই মাটিৰ পৰাই সৃষ্টি কৰা হৈছে। এতিয়া ইয়াৰ ভিতৰত প্ৰবিষ্ট কৰা হল। এদিন ইয়াৰ পৰাই পুনৰুথ্থিত কৰা হব)

·       ইয়াৰ পিছত কবৰটোৰ চাৰি কোনত চাৰিটা খুটি পুতিব, ভালদৰে মাটি জাপি দিব, কবৰৰ মাজ ভাগ কিছু ওখ কৰি দিব আৰু দুয়োকাষে, দুয়ো মহৰম কিছু হেলনীয়া কৰি দিব । ইয়াৰ পিছত কবৰৰ ওপৰত পানী ছটিয়াই দিয়া মুস্তাহাব। ইয়াৰ পিছত জিয়াৰতৰ ছালাম আৰু দোআ কৰা মুস্তাহাব |

·       কবৰ জিয়াৰতৰ ছালাম- আচ্ছালামুআলাইকুম ইয়া আহলাল কুবুৰ, ইয়াগফিৰুল্লাহা লানা ওৱালাকুম আন্তুম ছালাফানা ওৱা নাহনু বিল আছৰি। জিয়াৰাতৰ সময়ত ছুৰা আলহাক্কু মুত্তাকাচুৰ পঢ়া উত্তম বুলি কোৱা হয়। (rituals for deceased person)

আজিলৈ ইমানেই, আকৌ লগ পাম।💗💗

Leave a comment