ভাল নম্বৰ পাবলৈ শিক্ষকক তেল মৰাতো জৰুৰী নেকি ?
কথাটো তিতা হ’লেও সত্য । আমাৰ মাজত বহুতো এনেকুৱা শিক্ষাৰ্থী আছে যি সকলে শিক্ষকক তেল মাৰি practical আৰু internal নম্বৰ বেছি লয় । আৰু কিছুমান এনেকুৱা শিক্ষকও আছে তেল মৰা শিক্ষাৰ্থী খিনিক হে বেছি গুৰুত্ব দিয়ে । বাকী বোৰ হাজাৰ শুদ্ধকৈ, ভালকৈ লিখিলেও ১/২ নম্বৰ হ’লেও কম পায় । এই ১/২ নম্বৰ বেছি পোৱা টো কিন্তু সাধাৰন কথা নহয় । ১/২ নম্বৰৰ difference অতে তুমি ৰৈ যাবা, সত্যত থাকিও টপাৰ হোৱাৰ আশাত চেঁচা পানী পৰিব পাৰে, বা PhD চিট এটা পোৱাৰ পৰা বঞ্চিত হব পাৰা । (Flattery culture)
মই কিন্তু সকলো শিক্ষক আৰু সকলো শিক্ষাৰ্থীকে এই শ্ৰেণীত অন্তৰ্ভুক্ত কৰা নাই । বিশেষ এটা শ্ৰেণী হে ইয়াৰ অন্তৰ্ভুক্ত ।
তোমালোকে বাৰু এটা কথা লক্ষ্য কৰিচানে ? কিছুমান এনেকুৱা ও শিক্ষক আছে যিসকলে নিজৰ জাতিৰ বা নিজৰ চিনাকি শিক্ষাৰ্থী গৰাকীক ৩/৪ নম্বৰ হ’লেও বেছি দিয়ে । শ্ৰেণী কোঠাতো অলপ হ’লেও গুৰুত্ব বেছি দিছে । মই কিন্তু এনে পৰিস্থিতিৰ ভুক্তভোগী । (Flattery culture)
তোমাক মই কেইটামান উদাহৰণ দিছোঁ, তুমি ভাবি চাবাচোন সত্যতা আছেনে নাই । মোক comment কৰি জনাবা ।
কিছুমান এনেকুৱা শিক্ষাৰ্থী আছে যি সকলে anytime Sir, Ma’am বুলি পিছতে লাগি থাকে, শিক্ষকে যদি কেতিয়াবা ভূলো কয় কোনো প্ৰতিবাদ নকৰে । (মই কিন্তু এইটো কব বিচৰা নাই শিক্ষকক অসন্মান কৰিব লাগে, বা তেখেতসকলৰ কথা শুনিব নালাগে ) ummm, ধৰিলোৱা তুমি Post Graduation কৰি থকা এগৰাকী শিক্ষাৰ্থী। Classroom অত professor এ কিবা এটা সুধিলে, উত্তৰটো তুমিও ভালকৈ জানা, কিন্তু তোমাক ক’বলৈ মানে তোমাৰ মুখৰ পৰা কথা ওলাওতে অলপ সময় লাগে। আৰু তুমি অলপ দেৰিকৈ উত্তৰ টো শুদ্বকৈ দিলা । তোমাৰ লগৰ দুজন মানে আকৌ উত্তৰ টো শুদ্ধ কৈও নাজানে কিন্তু professor অক impress কৰিবলৈ এনেয়ে টেপ-টেপাই থাকে । কিছুমান ক্ষেত্ৰত দেখা যায় internal marks ক্লাছৰুমত টেপ টেপাই থকা কেইজনে বেছি পায় । (Flattery culture)
দ্বিতীয়তে , তুমি তোমাৰ department অৰ গোটেই কেইজন professor অ’ক ভালদৰে জানা, যথেষ্ট respect ও কৰা । কিন্তু তুমি প্ৰতিটো কথা I mean তোমাৰ simple doubts বোৰ ফোন বা মেচেজ কৰি সুধি নথকা কিন্তু Google scholar বা YouTube অত clear কৰি লোৱা । কিন্তু তোমাক কেইজনমান professor এ চিনিয়ে নাপাব, practical, internal marks ও কম পাবা । কিছুমান ক্ষেত্ৰত দেখা যায় যে qualities নাথাকিলেও impress কৰা কেইজনে হে বেছি নম্বৰ পায় ।
ইয়াৰ উপৰিও ma’am you are looking so beautiful today. Sir you looking so handsome today. Ma’am/sir my concept is clear after attending your class – এনেধৰনৰ চেনী বোৰ আছেই । আৰু কিছুমান এনেকুৱা কথা লগোৱা চেনী আছে , মেম / ছাৰ আপোনাৰ কথা অমুকৈ ইমান বেয়াকৈ কৈছে , তাই বহুত বেয়া, এনেধৰনৰ চাতুকাৰ বোৰো আছেই । PhD ক্ষেত্ৰতো guide অ’ক তেল মাৰিব লাগে, PhD কৰি থকা সকলে নিশ্চয় ইয়াৰ ভুক্তভোগী । তোমাৰ ভুল নাথাকিলেও যদি guide এ rude behave কৰে , তুমি কি কৰিবা..? ধৰি লোৱা আজি guide গৰাকীয়ে তোমাক মাতিছে, কিন্তু তোমাৰ হঠাৎ কিবা এটা বিশেষ অসুবিধা হ’ল যাৰ বাবে তুমি যাব নোৱাৰিলা আৰু তোমাৰ সমস্যাটো সন্মান সহকাৰে guide গৰাকীক জনালা। কিন্তু next তুমি লগ কৰিবলৈ যাওঁতে তোমাক কোনো গুৰুত্ব নিদি ঘন্টাৰ পিছত ঘন্টা wait কৰাই থৈ দিলে তোমাৰ কেনে reaction হব ..?
বাৰু এইবাৰ আহো junior college বোৰলৈ । কিছুমান ক্ষেত্ৰত এনেকুৱা হৈ যায় যে notes সম্পূৰ্ণ দি দিব শিক্ষক সকলে। কেৱল মুখস্থ কৰা আৰু পৰীক্ষাত নম্বৰ লোৱা । আকৌ কেতিয়াবা topper কেইজনক মানে roll no 1 to 10 মানলৈ extra class, মনে মনে extra notes, extra home visit এইবোৰ আছেই । কিন্তু ইয়াৰ দ্বাৰা বাকীবোৰৰ মানসিক ক্ষতি হয় । কোনোবাই হয়তো পঢ়াত অলপ দুৰ্বল কিন্তু বাকী ক্ষেত্ৰত হয়তো তেওঁৰ talent topper অত কৈও বেছি । (Flattery culture)
টিউচন লোৱাৰ ক্ষেত্ৰতো তেল মাৰা দেখা যায়, কিছুমান শিক্ষকে চৰকাৰী দৰমহা কেইটাও ল’ব আৰু টিউচনো কৰিব, ক্লাছত কিন্তু সিমান ভালকৈ নুবুজায় । টিউচন ক্লাছতহে ভালকৈ বুজাব, আকৌ তেওঁৰ তাত টিউচন লোৱা শিক্ষাৰ্থী কেইজনহে বেছি নম্বৰ পাব । এনেধৰনৰ শিক্ষক সকলে মুখত হে সন্মান পায়, কাৰো অন্তৰৰ পৰা কিন্তু শ্ৰদ্ধা নাপায় ।
স্কুলত ঘটা সৰু ঘটনা এটাৰ উদাহৰণ মই দিব বিচাৰিছো যিটো ঘটনাৰ মই ভুক্তভোগী । আগদিনা গধুলি শিক্ষক এজনে শিক্ষাৰ্থী জনক ঘৰত টিউচন কৰিলে । পিছদিনা ক্লাছত সেই একে কথা খিনিৰ তেওঁ ক্লাছ টেষ্ট ললে, তেতিয়া বাকী বোৰৰ ক্লাছ টেষ্ট টো বেয়া হ’ল, আৰু টিউচন লোৱাটোৱে আটাইতকৈ highest mark পালে, যদিও তেওঁৰ মুৰত ইমান মাল নাছিল । এইখিনিতে আমাৰ শিক্ষক মহোদয়ে বাকী বোৰৰ মুৰত এটা ভয় সুমাই দিলে যে তেওঁৰ তাত টিউচন ললেহে ভাল নম্বৰ পাব । এইয়া হৈছে কিছুমান তথাকথিত শিক্ষকৰ নমুনা (সকলো শিক্ষক কিন্তু এনে নহয়, তেখেত সকলৰ প্ৰতি মোৰ অত্যন্ত শ্ৰদ্ধা আৰু সন্মান আছে ) ।
গতিকে এনেধৰনৰ মানসিকতা বোৰ আতৰিলেহে আমাৰ শিক্ষা ব্যৱস্থা কিছু নিকা হ’ব । নিজৰ যোগ্যতাৰ ভিত্তিত সকলোৱে আগবাঢ়ক ।
https://www.tjtoday.org/19589/opinion/gifts-for-teachers-a-kind-gesture-or-just-flattery/