Know Questions and Answers – Expansion of British Power in India

অষ্টম শ্ৰেণী Expansion of British Power in India

সমাজ বিজ্ঞান

পাঠ – ১৩

ভাৰতবৰ্ষত বৃটিছ শাসনৰ প্ৰতিষ্ঠা, সম্প্ৰসাৰণ আৰু দৃঢ়ীকৰণ

১/ উত্তৰ দিয়া

ক) বৃটিছ আৰু ফৰাছীৰ মাজত কিহৰ বাবে প্ৰতিদ্বন্দিতা হৈছিল ?

উ: বৃটিছ আৰু ফৰাছী সকলৰ মাজত আধিপত্য বিস্তাৰৰ বাবে প্ৰতিদ্বন্দিতা হৈছিল ।

খ) প্ৰথম আৰু দ্বিতীয় কৰ্ণাটক যুদ্ধৰ সময়ত ফৰাচী সকলৰ গৱৰ্ণৰ কোন আছিল?

উ: যোচেফ ফ্ৰান্সিচ ডুপ্লে

গ) চিৰাজ‌উদ্দৌলাৰ প্ৰধান সেনাপতি কোন আছিল ?

উ:  চিৰাজ‌উদৌল্লাৰ প্ৰধান সেনাপতি আছিল মিৰজাফৰ ।

ঘ) বংগৰ প্ৰথম গৱৰ্ণৰ জেনেৰেল কোন আছিল ?

উ: বংগৰ প্ৰথম গৱৰ্ণৰ জেনেৰেল আছিল লৰ্ড কৰ্ণৱালিছ।

ঙ) কোনে স্বত্ববিলোপ নীতি উদ্ভাৱন কৰিছিল ?

উ: ১৮৩৪ খ্ৰীষ্টাব্দত কোম্পানীৰ বোৰ্ড অৱ ডাইৰেক্টৰ সকলে স্বত্ববিলোপ নীতি উদ্ভাৱন কৰিছিল।

২/ শুদ্ধ উত্তৰ বাচি উলিওৱা –

ক) পণ্ডিচেৰী বৃটিছ সকলৰ বাণিজ্য কুঠি আছিল ✅

খ) ফৰাচী সকলে চালাবৎ জঙক হায়দৰাবাদৰ  নিজাম পাতিছিল।✅

গ) চিৰাজ‌উদৌল্লা আলিবৰ্দি খাঁৰ ডাঙৰ জীয়েকৰ পুত্ৰ আছিল।❌

ঘ) পলাশী নামৰ ঠাই খন ভাগিৰথী নদীৰ পাৰত

অৱস্থিত আছিল।✅

‌ঙ) ৰেগুলেটিং এক্টে বংগৰ গৱৰ্ণৰ গৰাকীক গৱৰ্ণৰ জেনেৰেল পদলৈ উন্নীত কৰে ।✅

চ) লৰ্ড ৱেলচলিয়ে স্বত্ব বিলোপ নীতি প্ৰৱৰ্তন কৰিছিল❌

৩/ ক্ৰমানুসাৰে সজোৱা

চিৰাজ‌উদৌল্লা , মিৰজাফৰ, আলিবৰ্দি খাঁ, মীৰকাছিম ।

উ: আলিবৰ্দি খাঁ, চিৰাজ‌উ‌দৌল্লা, মিৰজাফৰ, মীৰকাছিম ।

৪/ চমু টোকা লিখা

ক) প্ৰথম কৰ্ণাটক যুদ্ধ

উ: ফৰাচী আৰু বৃটিছ সকলৰ মাজত আধিপত্য বিস্তাৰৰ বাবে তুমুল প্ৰতিদ্বন্দিতা হৈছিল ।

১৭৪০ খ্ৰীষ্টাব্দৰ উত্তৰাধিকাৰী যুদ্ধত বৃটিছ আৰু ফৰাছী সকলে পৰস্পৰ বিৰোধী পক্ষত যোগ দিছিল , আনহাতে সুযোগ সন্ধানী বৃটিছে ১৭৪৫ চনত ভাৰতবৰ্ষৰ দক্ষিণ পূব উপকূলৰ ফৰাচী জাহাজ অৱৰুদ্ধ কৰি পণ্ডিচেৰী লৈ ভাবুকিৰ সৃষ্টি কৰিছিল আৰু সেই সময়ৰ গৱৰ্ণৰ ডুপ্লেই ইয়াৰ প্ৰত্যুত্তৰ হিচাপে বৃটিছৰ অধীনত থকা মাদ্ৰাজ দখলত কৰিছিল । শেষত বৃটিছ সকলে নিৰুপায় হৈ কৰ্ণাটকৰ নবাবৰ সহায় বিচাৰিলে কিন্তু, নবাবে পঠোৱা প্ৰকাণ্ড সৈন্য বাহিনী ও ফৰাচীৰ হাতত পৰাজয় বৰণ কৰিছিল । ইউৰোপৰ এই দুই জাতিৰ মাজত হোৱা সন্ধিৰ লগে লগে ভাৰততো বৃটিছ আৰু ফৰাচী সকলৰ মাজত সন্ধি হয় । এই সন্ধি মৰ্মে ফৰাচী সকলে দখলত কৰা ঠাই বোৰ পুনৰ বৃটিছক ঘুৰাই দিয়ে । ইয়াকে প্ৰথম কৰ্ণাটকৰ যুদ্ধ বোলা হয় । Expansion of British Power in India

খ) ডুপ্লে

ডুপ্লেৰ সম্পূৰ্ণ নাম টো হ’ল যোচেফ ফ্ৰান্সিচ ডুপ্লে । তেওঁ প্ৰথম কৰ্ণাটক যুদ্ধৰ সময়ত পণ্ডিচেৰীৰ গৱৰ্ণৰ আছিল। এই সময়ত তেওঁ কৌশলেৰে বৃটিছৰ অধীনৰ পৰা  মাদ্ৰাজ দখল কৰিছিল । এও এজন চতুৰ , দুৰদৰ্শী আৰু তীক্ষ্ণ বুদ্ধি সম্পন্ন লোক আছিল ।

গ) পলাশী যুদ্ধ

পলাশী যুদ্ধ নবাব চিৰাজ‌উদ্দৌলা আৰু ইংৰাজ সকলৰ মাজত হৈছিল । ১৭৫৭ খ্ৰীষ্টাব্দত পলাশীৰ নামৰ ঠাইত এই যুদ্ধ খন হৈছিল বাবে ইয়াক পলাশী যুদ্ধ বোলা হয়। এই যুদ্ধ খনত চিৰাজ‌উদৌল্লাৰ প্ৰধান সেনাপতি মিৰজাফৰে বিশ্বাসঘাটকতা কৰাৰ বাবে নবাব চিৰাজ‌উদৌল্লাই পৰাজয় বৰণ কৰিব লগা হৈছিল । এই যুদ্ধ খনত জয়ী হৈয়ে ইংৰাজ সকলে বংগৰ লগতে ভাৰতবৰ্ষৰ আভ্যন্তৰীণ ৰাজনীতিত প্ৰভূত্ব বিস্তাৰ কৰিবলৈ সুবিধা পাইছিল আৰু ফৰাচী শক্তি ক্ৰমান্বয়ে লোপ পাই আহিছিল । পলাশী যুদ্ধৰ পৰাই মধ্যযুগীয় ভাৰতৰ সমাপ্তি ঘটিছিল আৰু ভাৰতত আধুনিক যুগৰ সূচনা হৈছিল ।

ঘ) ৰেগুলেটিং এক্ট

ৰেগুলেটিং এক্ট আছিল ভাৰতত ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন নিয়ন্ত্ৰণ তথা সুদৃঢ় কৰাৰ বাবে বৃটিছ সংসদে প্ৰণয়ন আৰু বলবৎ কৰা এখন আইন । এই আইনৰ দ্বাৰা বংগদেশৰ গবৰ্ণৰৰ পদটো গৱৰ্ণৰ জেনেৰেল লৈ উন্নীত কৰা হৈছিল । এই এক্ট খনৰ যথেষ্ট সাংবিধানিক গুৰুত্ব আছে । এই আইন মতে ইষ্ট ইণ্ডিয়া কোম্পানীৰ ৰাজনৈতিক কাৰ্যক ভাৰতত স্বীকৃতি দিয়া হৈছিল । ৰেগুলেটিং এক্টৰ জৰিয়তে ভাৰতত ইংৰাজ চৰকাৰৰ স্থায়ী শাসনৰ পাতনি মেলা হৈছিল ।

ঙ) পিটৰ ভাৰত শাসন আইন

উ: ৰেগুলেটিং এক্টত থকা কিছুমান আসোৱাহ দুৰ কৰিবলৈ ১৭৮৪ খ্ৰীষ্টাব্দত আগষ্ট মাহত পিটৰ ভাৰত শাসন আইন বলবৎ কৰা হৈছিল । এই আইন খন ইংলেণ্ডৰ প্ৰধান মন্ত্ৰী উইলিয়াম পিটৰ নামেৰে নামকৰণ কৰা হৈছিল। এই আইন অনুসৰি ভাৰতত ছয়জনীয়া সদস্য ৰে এখন নিয়ন্ত্ৰক মণ্ডলী গঠন কৰা হয় আৰু ইয়াৰ সদস্য সকলে ভাৰতত কোম্পানীৰ কাম কাজ তদাৰক কৰিব । এই আইনৰ দ্বাৰা বংগদেশৰ গৱৰ্ণৰ জেনেৰেল পদবী টোক অধিক শক্তিশালী কৰি তোলা হৈছিল । ভাৰত বৰ্ষত কেন্দ্ৰীয় ভাবে শাসন চলোৱাৰ মূল আঁচনি পিটৰ ভাৰত শাসন আইনে সূচনা কৰিছিল । Expansion of British Power in India

চ) চিৰস্থায়ী বন্দবস্ত

উ: বৃটিছে ব্যৱসায় কৰাৰ চলেৰে ভাৰতবৰ্ষৰ শাসনত ভালকৈয়ে খোপনি পুতি বহিছিল । প্ৰথমতে কোম্পানীৰ চৰকাৰে ভাৰতীয় অৰ্থনীতি সংশোধনৰ নামত ৰাজহ ব্যৱস্থা কোম্পানীৰ দখললৈ নিছিল । সেই সময়ৰ গৱৰ্ণৰ জেনেৰেল লৰ্ড কৰ্ণৱালিছে ‘চিৰস্থায়ী বন্দবস্ত’ ব্যৱস্থা কৰিছিল । এই ব্যৱস্থা অনুযায়ী কৃষিভূমি সমুহ ভাগ কৰি একোজন জমিদাৰৰ তত্বাৱধানত দিয়া হৈছিল আৰু জমিদাৰ সকলে এটা নিৰ্ধাৰিত ৰাজহ ইষ্ট ইণ্ডিয়া কোম্পানীক বাৰ্ষিক খাজানা হিচাপে দিব লাগিছিল । খাজানা দিব নোৱাৰিলে জমিদাৰী চৰকাৰৰ হাতলৈ গৈছিল ।

৫/ বংগৰ ঘৰুৱা বিবাদেই বৃটিছৰ বংগ দখলৰ প্ৰধান কাৰণ – কথাষাৰৰ যথাৰ্থতা নিৰ্নয় কৰা

উ: বংগৰ ঘৰুৱা বিবাদেই বৃটিছৰ বংগ দখলৰ প্ৰধান কাৰণ । কিয়নো –

আগৰে পৰাই বংগদেশৰ ওপৰত বৃটিছৰ চকু আছিল । বংগ দেশৰ সাৰুৱা কৃষি ভূমি, সাগৰীয় পথেৰে যাত্ৰাৰ সুবিধা ইত্যাদি বিভিন্ন কাৰণত বৃটিছে বংগৰ ওপৰত আধিপত্য বিস্তাৰৰ চেষ্টা চলাই আছিল । দাক্ষিণাত্যত কৰ্ণাটক যুদ্ধ চলি থকাৰ সময়ত বংগৰ ৰাজনৈতিক পৰিস্থিতি ও দুৰ্বল হৈ পৰিছিল । ইফালে ১৭৫৬ খ্ৰীষ্টাব্দত বংগৰ নবাব আলিবৰ্দি খাঁৰ মৃত্যু হোৱাৰ পাছত তেঁওৰ কোনো পুত্ৰ সন্তান নথকাত নবাবী পদক লৈ বিবাদৰ সূত্ৰপাত হয় আৰু এই বিবাদৰ সুযোগ লৈ বৃটিছ সকলে নানা কৌশল কৰি বংগ দখল কৰিছিল।

অতিৰিক্ত পাঠ ভিত্তিক প্ৰশ্নোত্তৰ

১. আলিবৰ্দি খাঁৰ মৃত্যুৰ পিছত বংগৰ নবাব কোন হৈছিল

উ: চিৰাজ‌উদৌল্লা

২. হায়দৰাবাদৰ মুজাফৰ জং আৰু কৰ্ণাটকৰ চান্দ চাহিবক ফৰাচী সকলে কিয় সমৰ্থন কৰিছিল ?

উ: হায়দৰাবাদৰ মুজাফৰ জং আৰু কৰ্ণাটকৰ চান্দ চাহিবক ফৰাচী সকলে সমৰ্থন কৰাৰ কাৰণ টো হ’ল – ফৰাচী সকলে দুয়োগৰাকী কৰে সহায় কৰি দুয়োখন ৰাজ্যৰ আভ্যন্তৰীণ ঘটনাত হস্তক্ষেপ কৰিব বিচাৰিছিল ।

৩. কোনে কৰ্ণাটক অভিযান চলাইছিল ?

উ: ৰবাৰ্ট ক্লাইবে ।

৪. চন্দন নগৰ কাৰণ অধিকৃত ঠাই আছিল ?

চন্দন নগৰ ফৰাচী সকলৰ অধিকৃত ঠাই আছিল ।

৫. ৱান্দিৱাচৰ যুদ্ধত বৃটিছ আৰু ফৰাচী সৈন্য বাহিনীৰ সেনাপতি কোন কোন আছিল ?

ৱান্দিৱাচৰ যুদ্ধত বৃটিছ সেনাপতি আছিল – ছাৰ আয়াৰ কুট আৰু  ফৰাচী সেনাপতি আছিল লালি আৰু বুচী ।

৬.বংগৰ নবাবী পদৰ দাবীদাৰ কোন কোন আছিল ?

উ: আলিবৰ্দি খাঁৰ ডাঙৰ জীয়েক ঘাচিতি বেগম, মাজু জীয়েকৰ পুত্ৰ ছৌকৎজঙ ।

৭.পলাশী যুদ্ধ কোন চনত হৈছিল?

উ: ১৭৫৭ চনত

৮. মিৰজাফৰ কোন আছিল ?

উ: চিৰাজ‌উদৌল্লাৰ প্ৰধান সেনাপতি মিৰজাফৰ আছিল ।

৯. চন্দন নগৰ কোনে দখল কৰিছিল ?

উ: ৰবাৰ্ট ক্লাইবে ।

১০. কৰদ মৈত্ৰী নীতি কোনে প্ৰচলন কৰিছিল ?

উ: ৱেলচলিয়ে কৰদ মৈত্ৰী নীতি প্ৰচলন কৰিছিল ।

Leave a comment