Know Questions and Answers of Environmental Pollution

Class 11 | AHSEC | Environmental Pollution

পৰিৱেশ প্ৰদূষণ Environmental Pollution

১/পৰিৱেশ প্ৰদূষণ মানে কি বুজা?বিভিন্ন প্ৰকাৰৰ প্ৰদূষণৰ বিষয়ে লিখা।

উঃমানুহৰ কাৰ্যকলাপৰ বাবে আমাৰ পৰিৱেশত যি অবাঞ্ছিত পৰিৱৰ্তন ঘটে তাক সাধাৰণতে পৰিৱেশ প্ৰদূষণ বুলি কোৱা হয়। প্ৰদূষণ হৈছে বতাহ, পানী আৰু মাটিৰ ভৌতিক ৰাসায়নিক আৰ জৈৱিক গুণাগুণৰ অবাঞ্ছিত পৰিৱৰ্তন-যি মানুহ,জীৱ-জন্তু,অন্যান্য জীৱ আৰু সম্পত্তিৰ ক্ষতি সাধন কৰে।

বিভিন্ন প্ৰকাৰৰ প্ৰদূষণৰ নাম হ’ল-

(ক)বায়ু প্ৰদূষণ                                       

(খ)জল প্ৰদূষণ                                       

(গ)ভূমি প্ৰদূষণ                       

প্ৰদূষক অনুসৰি প্ৰদূষণ তলত দিয়া ধৰণৰ  হ’ব পাৰে-

(ক)তাপ প্ৰদূষণ                                    

(খ)শব্দ প্ৰদূষণ                                          

(গ)তেজষ্ক্ৰিয় প্ৰদূষণ                      

(ঘ)গোটা আৰ্বজনাৰ প্ৰদূষণ     

(ঙ)তৈল প্ৰদূষণ                   

(চ)ঔদ্যোগিক প্ৰদূষণ                             

(ছ)সাগৰীয় প্ৰদূষণ

২/বায়ু প্ৰদূষণ কি?বায়ু প্ৰদূষণৰ উৎসসমূহ চিনাক্ত কৰা।

উঃযি পৰিমাণ আৰু যি সময়ৰ বাবে বায়ুত এটা বা একাধিক পৰিমাণৰ অনিষ্টকাৰী দ্ৰব্যৰ উপস্থিতিয়ে স্বাস্থ্য আৰু জনকল্যাণৰ বাবে ক্ষতিকৰ বা ক্ষতি কৰিব পাৰে আৰু আন জীৱ-জন্তু বা গছ-গছনিৰো ক্ষতি কৰে তাকো বায়ু প্ৰদূষণ বুলি কোৱা হয়।  বায়ু প্ৰদূষণৰ উৎসসমূহ হ’ল-

A)প্ৰাকৃতিক উৎস-                

(ক)আগ্নেয়গিৰিৰ উদগীৰণ                 (খ)বনজুই                                            (গ)জৈৱিক আৰু অজৈৱিক দ্ৰব্যৰ স্বাভাৱিক আৰু গেলি-পচি যোৱা কাৰ্য                                                            (ঘ)ধূলি                                                     (ঙ)ফুলৰ ৰেণু                                  (চ)ভেঁকুৰৰ স্প’ৰ                       (ছ)তেজষ্ক্ৰিয় পদাৰ্থ       

B)মানুহে সৃষ্টি কৰা উৎসসমূহ-       

(ক)বনাঞ্চল ধ্বংস                               (খ)যান-বাহনৰ পৰা ধোঁৱা নিৰ্গমন

৩/মানৱ শৰীৰত বায়ু প্ৰদূষণৰ প্ৰভাৱৰ বিষয়ে উল্লেখ কৰা।

উঃক)কাৰ্বন মন’অক্সাইডে তেজৰ ৰক্ত কণিকাত থকা হিমগ্ল’বিনৰ লগত লগ লাগি কাৰ্বক্সিহিমগ্ল’বিন সৃষ্টি কৰে।ফলত তেজত অক্সিজেন পৰিবহণ ক্ষমতা কমি যায়।দীৰ্ঘ সময় ধৰি কাৰ্বন মন’ক্সাইড সেৱন কৰিলে মানু্হৰ ভাগৰ লগা,মূৰ্ছা যোৱা, আনকি মৃত্যু হোৱাও দেখা যায়।

(খ) বায়ু প্ৰদূষণৰ ফলত ছালফাৰ-ডাই-অক্সাইড উৎপন্ন হয় ছালফাৰৰ অক্সাইড বোৰে আমাৰ শ্বাস-প্ৰশ্বাসৰ নলীবোৰৰ কোষবোৰ আক্ৰান্ত কৰি ডিঙিৰসুৰসুৰণি,শ্বাসকষ্ট,এজমা,ব্ৰংকাইছ আদি ৰোগৰ সৃষ্টি কৰে।

(গ)নাইট্ৰজেন অক্সাইড আন এবিধ বায়ু প্ৰদূষণৰ ফলত উৎপন্ন হোৱা গেছ নাইট্ৰজেন অক্সাইডবোৰে হাওঁফাওঁৰ বেৰত থকা কোষবোৰ আক্ৰান্ত কৰি এজমা,নিউমোনিয়া ব্ৰংকাইটিছ জাতীয় ৰোগৰ সৃষ্টি কৰে।

(গ)উশাহৰ লগত সীহ মানুহৰ দেহৰ ভিতৰত সোমালে ই লাহে লাহে মানুহজনক মৃত্যুৰ মুখলৈ ঠেলি দিয়ে। কাৰণ সীহে তেজত থকা হিমগ্ল’বিন গঠনত বাধা প্ৰদান কৰে। Environmental Pollution

(ঘ)বিভিন্ন উৎসৰপৰা সৃষ্টি হোৱা এলডিহাইডবোৰে পাকস্থলী আৰু শ্বাসনলীৰ ৰোগ সৃষ্টি কৰে।

 (ঙ)উদ্যোগবোৰত সৃষ্টি হোৱা বিভিন্ন ধৰণৰ হাইড্ৰ’কাৰ্বনবোৰৰ অসম্পূৰ্ণ জাৰণৰ ফলত সৃষ্টি হোৱা বেঞ্জ’পাইৰিন জাতীয় পদাৰ্থই হাওঁফাওঁৰ কৰ্কটৰোগ সৃষ্টি কৰে। (চ)বায়ুমণ্ডলৰ ষ্টেট’স্ফিয়াৰত থকা অ’জন গেছে সূৰ্য্যৰ পৰা আহা অতি বেঙুনীয়া ৰশ্মি পৃথিৱীলৈ আহিব নিদিয়ে।এই গেছে মানুহৰ মিউকাছ আৱৰণৰ ক্ষতি সাধন কৰে। আনহাতে,cfc হেলন আদি গেছৰ প্ৰভাৱত অ’জন স্তৰটোৰ ক্ষতিসাধন হৈ আছে।অ’জনৰ ক্ষতিসাধনে মেলান’মাছ নামৰ ছালৰ কেঞ্চাৰ ৰোগ বঢ়ায়।

(ছ)বায়ুত তেজষ্ক্ৰিয় পদাৰ্থৰ উপস্থিতিৰ ফলত কৰ্কট ৰোগৰ উপৰিও জন্মৰ সময়ত ল’ৰা-ছোৱালীৰ দৈহিক বিকৃতি পৰিলক্ষিত হয়।ইয়াৰ উপৰিও কয়লাৰ খনিত কাম কৰা কৰ্মীবোৰৰ ক’লা হাওঁফাওঁ ৰোগ আৰু এচবেষ্টছ উদ্যোগত কাম কৰা কৰ্মীবোৰৰ এছবেষ্ট’ছিছ নামৰ ৰোগ হয়।                                                                                  আৰু বায়ু প্ৰদূষনৰ ফলত মানুহৰ বিভিন্ন শ্বাস প্ৰশ্বাসজনিত ৰোগ ও হ’ব পাৰে।

৪/জল প্ৰদূষণ কি?মানৱ শৰীৰত জল প্ৰদূষণৰ প্ৰভাৱসমূহ কি কি?

উঃপানীত অবাঞ্ছিত অতিৰিক্ত দ্ৰব্য মিহলি হৈ মানুহ,জীৱ-জন্তু আৰু জলজ প্ৰাণীৰ বাবে ক্ষতিকৰ হৈ পৰাকে জল প্ৰদূষণ বুলি কোৱা হয়।

   মানৱ শৰীৰত জল প্ৰদূষণৰ প্ৰভাৱসমূহ হ’ল-          ক)টাইফইড-ছেলমনেলা টাইফি                (খ) কলেৰা-ভিব্ৰিঅ’কলেৰা     (গ)ডিচেন্ট্ৰি-ছিজেলা                       (ঘ)ডায়েৰিয়া- ক্ৰিপ্টছপৰিডিয়াম  (ঙ)জিয়াৰডিয়াছিছ-জিয়াৰডিয়া লেম্বলিয়া                                         (চ)ডায়েৰিয়া-ই-কলি                 (ছ)গেষ্ট্ৰ’এণ্টাৰাইটিছ-বিভিন্ন ভাইৰাছ    (জ)পলিঅ’-পলিঅ’

৫/ভূমি প্ৰদূষণ কি?ইয়াক কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি?

উঃমাটিত ঘৰুৱা আৰু ঔদ্যোগিক বৰ্জিত পদাৰ্থকে ধৰি বিভিন্ন ধৰণৰ জমা কৰা আৱৰ্জনা,কৃষিভূমিত ব্যৱহাৰ কৰা কীটনাশক দ্ৰব্য আদিৰ বাবে মাটি প্ৰদূষিত হয়। বিভিন্ন ধৰণৰ বিষাক্ত দ্ৰব্য মিহলি হোৱাৰ ফলত মাটিৰ উৰ্বৰতা হ্ৰাস পায় ফলত মাটি প্ৰদূষিত হয়। ইয়াকে ভূমি প্ৰদূষণ বুলি কোৱা হয়।

ভূমি প্ৰদূষণ নিয়ন্ত্ৰৰ ব্যৱস্থা কেইটামান হ’লঃ

(ক)উদ্যোগৰ বৰ্জিত পদাৰ্থসমূহক মাটিত এৰি দিয়াৰ পূৰ্বে সেইসমূহক ভালদৰে পৰিশোধন কৰিব লাগে।

(খ)গোটা আৱৰ্জনাসমূহক উৎসতে জৈৱবিয়োজনীয় আৰু জৈৱঅবিয়োজনীয় হিচাপে ভাগ কৰি ফলপ্ৰসূ বৈজ্ঞানিক পদ্ধতিৰে সেইসমূহৰ বিয়োজন ঘটাব লাগে।

(গ)ৰাসায়নিক সাৰৰ পৰিৱৰ্তে জৈৱ সাৰৰ প্ৰয়োগত উদগনি যোগোৱা উচিত।

(ঘ)ৰাসায়নিক কীটনাশক দ্ৰব্যৰ ব্যৱহাৰ নিয়ন্ত্ৰণ কৰা উচিত।

(ঙ)মাটিত থকা বিষাক্ত ৰাসায়নিক পদাৰ্থসমূহ দূৰ কৰিবৰ বাবে জৈৱ পৰিচৰ্যা পদ্ধতি অৱলম্বন কৰিব পৰা যায়।

(চ)ভূমি প্ৰদূষিত কৰাত যিসকল জড়িত সেইসমূহৰ বাবে শাস্তিমূলক ব্যৱস্থা ল’ব লাগে।          (ছ)মানুহৰ মাজত সজাগতা সৃষ্টি কৰা উচিত।

৬/গোটা আৰ্ৱজনা কি?সেইবোৰক কিদৰে ভাগ কৰা হয়? উদাহৰণ দিয়া।

উঃঘৰুৱা,ব্যৱসায়িক,প্ৰতিষ্ঠানিক,কৃষি, খনন আৰু ঔদ্যোগিক কাম-কাজৰ ফলত গোটা আৱৰ্জনা সৃষ্টি হয়। এইসমূহক ব্যৱহাৰৰ অনুপযোগী আৰু অনাৱশ্যকীয় বুলি পেলাই দিয়া হয়। এই আৱৰ্জনাকে গোটা আৱৰ্জনা বোলে।

৭/গোটা আৱৰ্জনাৰ পৰিৱেশগত প্ৰভাৱ সম্পৰ্কে আলোচনা কৰা।

উঃগোটা আৱৰ্জনাৰ ফলত পৰিৱেশত বিভিন্ন সমস্যাৰ সৃষ্টি হয়।সেইবোৰ হ’লঃ

(ক)জাবৰ পেলোৱা ঠাইখিনি দূষিত হৈ পৰে,যি ঠাইত বেমাৰৰ বীজাণু কঢ়িওৱা এন্দুৰ-নিগনি আৰু মাখিয়ে বংশবৃদ্ধি কৰে।

(খ)অণুজীৱৰ জৰিয়তে গোটা আৱৰ্জনাৰ পচন হোৱা বাবে চাৰিওফালৰ ঠাইখিনিত মিথেন গেছ নিৰ্গত হয়।

(গ)গোটা জাবৰৰ পৰা ওলোৱা বা তাৰ মাজেৰে বৈ অহা গেলা পানীখিনি ভূ-গৰ্ভৰ পানীত মিহলি হয়।আৱৰ্জনাৰ দ’মৰ পৰা বৈ অহা লেতেৰা পানীত বিভিন্ন ধৰণৰ ৰাসায়নিক দ্ৰব্য মিহলি হৈ থাকে আৰু এইসমূহ ভূগৰ্ভৰ পানী প্ৰদূষিত কৰে।

(ঘ)জাবৰ পেলোৱা ঠাইখিনিৰ মাটিৰ ওপৰভাগত পকী নোহোৱা বাবে বা আন কোনো আৱৰণী নথকা বাবে লেতেৰা পানী মাটিৰ তললৈ প্ৰৱেশ কৰি সমস্যা বৃদ্ধি কৰে।

(ঙ)আৱৰ্জনা জমা কৰা ঠাইখনৰ ওচৰত বসবাস কৰা লোকসকলৰ স্বাস্থ্যৰ ক্ষতি হোৱাটো অৱধাৰিত ইয়াক এৰাই চলিব নোৱাৰে।

(চ)ট্ৰেক্টৰ বা ট্ৰাকত মুকলিকৈ আৱৰ্জনা কঢ়িয়াই নিয়াটো অস্বাস্থ্যকৰ আৰু ই চহৰৰ নান্দনিক সৌন্দৰ্যও নষ্ট কৰে।

৮/গোটা আৱৰ্জনাৰ পৰিচালনাৰ বাবে দুটা পদ্ধতি উল্লেখ কৰা।

উঃ ক)গোটা আবৰ্জনাৰ ফলপ্ৰসূ পৰিবৰ্জন, 

খ)গোটা আৱৰ্জনা পুনৰ ব্যৱহাৰৰ বাবে এটা প্ৰযুক্তি গ্ৰহণ কৰা।                                    

৯/শব্দ প্ৰদূষণ মানে কি? মানৱ শৰীৰত হ’ব পৰা ইয়াৰ দুটা প্ৰভাৱ উল্লেখ কৰা।

উঃমানুহৰ বা জীব-জন্তুৰ জীৱনৰ কাৰ্যকলাপৰ ওপৰত বিভিন্ন ক্ষতিকাৰক প্ৰভাৱ পেলোৱা শব্দ প্ৰদূষণ হৈছে অণুৰ সংঘৰ্ষত সৃষ্টি হোৱা এক কম্পন বা তৰঙ্গ, যি কোনো মাধ্যমৰ দ্বাৰা আহি কাণত অনুভূত হয়।

শব্দ প্ৰদূষণৰ দ্বাৰা মানৱ শৰীৰত হ’ব পৰা দুটা প্ৰভাৱ হ’ল-

(ক)শব্দ প্ৰদূষণে শ্ৰৱণ শক্তি ক্ৰমাৎ হ্ৰাস কৰি আনে আৰু মূৰকত মানুহ কলা বা একো নুশুনা হৈ পৰে।

(খ)বাৰ্তালাপত অসুবিধা,বিৰক্তি ভাব ওপজা,মানসিক উদ্বেগ,মানসিক চাপ অনুভৱ কৰা,খিংখিঙীয়া স্বভাৱ আৰু উগ্ৰ আচৰণ কৰা আদি শব্দ প্ৰদূষণৰ প্ৰভাৱৰ ফলত মানৱ শৰীৰত দেখা দিয়ে।

১০/খোৱা পানীৰ উৎস পৰিষ্কাৰ আৰু নিৰাপদ কৰি ৰাখিবলৈ কি কি ব্যৱস্থা গ্ৰহণ কৰিব পাৰি?

উঃখোৱা পানীৰ উৎস পৰিষ্কাৰ আৰু নিৰাপদ কৰি ৰাখিবলৈ গ্ৰহণ কৰিবলগীয়া ব্যৱস্থা সমূহ হ’ল-

(ক)স্থানঃশৌচাগাৰ,বৰ্জিত পদাৰ্থৰ নলা,আৱৰ্জনা আদিৰ পৰা পানীৰ উৎস অতি কমেও ১০মিটাৰৰ পৰা ১৫মিটাৰৰ আঁতৰৰ উচ্চ ঠাইত থকা উচিত।

(খ)মঞ্চঃটিউবৱেল আৰু পকী কুঁৱাৰ চাৰিওফালে প্ৰায় ১মিটাৰ ওখকৈ এখন পকী মঞ্চ বা আধাৰ সাজি দিব লাগে আৰু এই ঠাইত পানী যাতে জমা নহয় তাৰ বাবে নলা সাজিব লাগে।

(গ)নলাঃলেতেৰা পানী যাতে জমা নহয় তাৰ বাবে পানীৰ উৎসৰ ওচৰৰ নলাৰ ব্যৱস্থা বিজ্ঞানসন্মত হোৱা উচিত।এই ঠাইত পেলনীয়া পানী জমা হ’বলৈ দিব নালাগে।

(ঘ)আৱৰণঃকোনো বাহিৰা দ্রব্য বা বয়-বস্তু যাতে প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে পকী কুঁৱাৰ মুখখন ঢাকনিৰে বন্ধ কৰি ৰাখিব লাগে। Environmental Pollution

(ঙ)লাইনিংঃবাহিৰৰ লেতেৰা পানী আৰু চাৰিওফালে জমা হোৱা পানী যাতে পকী কুঁৱাত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে কুঁৱাৰ চাৰিওফালে ছয় মিটাৰমান চিমেণ্ট আৰু শিলেৰে তলখন পকী কৰি দিব লাগে।

Leave a comment