Class 11 | Chapter 2 | AHSEC | Assamese medium
বাস্তব বিদ্যা সম্পৰ্কীয় ধাৰণা
১/ ইক’লজি বা বাস্তব্য বিদ্যাৰ সংজ্ঞা নিৰ্ণয় কৰা । Ecological Concepts
উঃবাস্তব্য বিদ্যা হৈছে উদ্ভিদ,জীৱ-জন্তু আৰু সিহঁতৰ পৰিৱেশৰ আন্তঃসম্পৰ্ক আৰু পৰস্পৰ নিৰ্ভৰশীলতাৰ বিষয়ে কৰা অধ্যয়ণ ।
২/পৰিস্থিতিতন্ত্ৰ বুলিলে তুমি কি বুজা ?
উঃ পৰিস্থিতিতন্ত্ৰ হৈছে পৰস্পৰৰ আৰু জড় উপাদানসমূহৰ মাজত জৈৱিক, ৰাসায়নিক আৰু ভৌতিক আন্তঃক্ৰিয়াৰ গতিশীল কর্মজালৰ সৈতে জড়িত বিভিন্ন জীৱৰ সম্প্ৰদায়। এই ধৰণৰ আন্তঃক্রিয়াই ব্যৱস্থাটোক বৰ্তাই ৰাখে আৰু পৰিবৰ্তনশীল অৱস্থালৈ সঁহাৰি জনোৱাত অনুমোদন কৰে। এইদৰে পৰিস্থিতিতন্ত্ৰই জৈৱিক উপাদানসমূহ, জড় উপাদান আৰু সিহঁতৰ আন্তঃক্ৰিয়াক সামৰি লয়।
৩/ পৰিস্থিতিতন্ত্ৰৰ শ্ৰেণীবিভাগ কৰা ।
উঃ পৰিস্থিতিতন্ত্ৰৰ শ্ৰেণীবিভাগ হ’ল : পৰিস্থিতিতন্ত্ৰ ঘাইকৈ দুই ধৰণৰ –
(ক)প্রাকৃতিক পৰিস্থিতিতন্ত্র
(খ)কৃত্রিম অথবা মানুহৰ দ্বাৰা সৃষ্ট পৰিস্থিতিতন্ত্র
(ক)প্রাকৃতিক পৰিস্থিতিতন্ত্র- ২ধৰণৰ সেইবোৰ হ’ল-
(১)ভূস্থলীয় পৰিস্থিতিতন্ত্রঃ উদাহৰণ – বনাঞ্চল পৰিস্থিতিতন্ত্র, তৃণভূমি পৰিস্থিতিতন্ত্র, মৰুভূমি পৰিস্থিতিতন্ত্র।
(২)জলজ পৰিস্থিতিতন্ত্রঃ এই পৰিস্থিতিতন্ত্র নির্মল জল পৰিস্থিতিতন্ত্ৰ আৰু সাগৰীয় পৰিস্থিতিতন্ত্ৰ হ’ব পাৰে। নির্মল জল পৰিস্থিতিতন্ত্র প্রবাহমান অথবা আবদ্ধ জলৰো হ’ব পাৰে।
(খ)কৃত্রিম অথবামানুহৰ দ্বাৰা সৃষ্ট পৰিস্থিতিতন্ত্রঃ এইবোৰ পৰিস্থিতিতন্ত্র কৃত্রিমভাবে মানুহৰ দ্বাৰা সৃষ্টি কৰা হয়। উদাহৰণস্বৰূপে – শস্য ভূমি পৰিস্থিতিতন্ত্র, পুখুৰীৰ মীন পালন ব্যৱস্থা আদি।
৪/প্রৱহমান আৰু স্থিৰ জলৰাশিৰ পৰিস্থিতিতন্ত্র কি ? উদাহৰণ দিয়া।
উঃ (ক) প্রৱহমান পৰিস্থিতিতন্ত্রঃ যি পৰিস্থিতিতন্ত্ৰত পানী প্ৰৱহমান বা বৈ যায় তেনে জলজ পৰিস্থিতিতন্ত্রকে প্ৰৱহমান বা মুক্ত প্ৰৱাহৰ পৰিস্থিতিতন্ত্ৰ বোলে। উদাহৰণ: নদী, নিজৰা।
(খ) স্থিৰ জলৰাশিৰ পৰিস্থিতিতন্ত্ৰঃ যি পৰিস্থিতিতন্ত্ৰত পানী আৱদ্ধ বা স্থিৰ হৈ থাকে তেনে জলজ পৰিস্থিতিতন্ত্রকে আৱদ্ধজল বা স্থিৰ জলাশয় পৰিস্থিতিতন্ত্ৰ বোলে। উদাহৰণ- পুখুৰী, হ্রদ।
৫/ উৎপাদক,উপভোক্তা আৰু পচনকাৰক কাক কয়?
উঃ (ক) উৎপাদকঃসৌৰ শক্তিৰ সহায়ত যিবোৰ উদ্ভিদ তথা প্ৰাণীয়ে অজৈৱিক বস্তু আত্মীকৰণ কৰি প্ৰাকৃতিক খাদ্য প্রস্তুত কৰিব পাৰে সেই শ্ৰেণীৰ জীৱক উৎপাদক শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হৈছে।
(খ) উপভোক্তাঃযিবোৰ উদ্ভিদ বা প্ৰাণীয়ে নিজৰ আহাৰ নিজে প্রস্তুত কৰিব নোৱাৰে উৎপাদক শ্ৰেণীৰ ওপৰত আহাৰৰ বাবে নিৰ্ভৰ কৰে সেই শ্ৰেণীৰ জীৱৰ সমষ্টিক উপভোক্তা বোলা হয় । Ecological Concepts
(গ) পচনকাৰকঃবিয়োজকবোৰ ক্ষুদ্র অণুজীৱ। বিশেষকৈ বেক্টেৰিয়া আৰু ভেঁকুৰ জাতীয় জীৱ। এই শ্ৰেণীৰ জীৱই উৎপাদক আৰু উপভোক্তা শ্ৰেণীৰ মৃতদেহসমূহ পচন ঘটায় এইবোৰক পচনকাৰক বোলা হয়।
৬/পৰিস্থিতিতন্ত্ৰৰ গাঁথনি আৰু ক্ৰিয়া সম্পৰ্কে চমুকৈ লিখা ।
উঃ জৈৱিক আৰু অজৈৱিক উপাদানসমূহৰ সংৰচন আৰু সগঠনেই পৰিস্থিতিতন্ত্ৰৰ গাঁথনি নিৰ্মাণ কৰে।
পৰিস্থিতিতন্ত্ৰৰ গাঁথনিসমূহ তলত উল্লেখ কৰা হ’লঃ
(ক)অজৈবিক উপাংশঃ তিনি ধৰণৰ ।
(১)অজৈব দ্ৰব্য যেনে পানী কাৰ্বন-ডাই-অক্সাইড, অক্সিজেন আৰু ইয়াৰ বিভিন্ন যৌগসমূহ নাইট্রেট, কার্বনেট ইত্যাদি।
(২) জৈব যৌগঃ যেনে-প্র’টিন, কার্বহাইড্রেট, স্নেহ। জলবায়বিক উপাংশ যেনে বতাহ, বৰষুণ, বায়ুমণ্ডলৰ আৰ্দ্ৰতা, উত্তাপ, পোহৰ ইত্যাদি।
(খ) জৈৱিক উপাংশঃ
(১) উৎপাদক সেউজীয়া উদ্ভিদ।
(২) উপভোক্তা
পৰিস্থিতিতন্ত্ৰৰ ক্রিয়াঃ প্রাকৃতিক অৱস্থাসমূহৰ মাজত এক প্ৰণালীবদ্ধ উপায়েৰে পৰিস্থিতিতন্ত্ৰই ইয়াৰ সকলো ক্রিয়া কর্ম সম্পাদন কৰে।এই ব্যৱস্থাই সূৰ্য্যৰ পৰা শক্তি সংগ্ৰহ কৰি বিভিন্ন পৰ্যায়ত বিভিন্ন উপাদানসমূহলৈ প্ৰেৰণ কৰে। পৰিস্থিতিতন্ত্ৰৰ ক্রিয়াক কেৱল সামগ্রিকভাবেহে বিবেচনা কৰিব পাৰি। কাৰণ পৰিস্থিতিতন্ত্ৰৰ প্ৰতিটো অংশৰ ইটোৰ সিটোৰ সৈতে ক্রিয়াগত প্রভাব আছে। Ecological Concepts
৭/খাদ্য শৃংখল আৰু খাদ্য জাল কি?
উঃ খাদ্য শৃংখলঃ যিকোনো পৰিস্থিতিতন্ত্রত কোনো জীৱই আহাৰ গ্ৰহণ কৰা আৰু অইন জীৱৰ দ্বাৰা ভক্ষণপ্রাপ্ত হোৱা অনুক্রমিক শৃংখলকেই খাদ্য শৃংখল বুলি কোৱা হয়।
খাদ্য শৃংখলৰ সাধাৰণ উদাহৰণসমূহ এনে ধৰণৰঃ
(ক)ঘাঁহ – পশু – বাঘ
(খ)ঘাঁহ – ফৰিং – পক্ষী -শেনচৰাই
(গ)উদ্ভিদ প্লাৱক – পানীৰ কীট বা পোক – ক্ষুদ্র মাছ – টুনা মাছ
প্রাকৃতিক পৰিস্থিতিতন্ত্ৰত দুই প্ৰকাৰৰ খাদ্য শৃংখল দেখা পোৱা যায়। এক প্ৰকাৰৰ খাদ্য শৃংখল আৰম্ভ হয় সেউজ উদ্ভিদৰ পৰা। এই খাদ্য শৃংখলক লৈ গঠিত হয় প্রথম পৌষ্টিক স্তৰ। তৃণভোজীবিলাকক লৈ গঠিত হয় দ্বিতীয় পৌষ্টিক স্তৰ আৰু মাংসভোজী প্রাণীক লৈ গঠিত হয় তৃতীয় পৌষ্টিক স্তৰ।
খাদ্য জালঃ কিছু সংখ্যক খাদ্য শৃংখল ইটোৰ সিটোৰ সৈতে সংযোগৰ ফলত ঠিক মকৰাৰ জালৰ দৰে খাদ্যজালৰ সৃষ্টি কৰে। কেইবাটাও সংযুক্ত খাদ্য শৃংখলক লৈ গঠিত এই অন্তবৰ্দ্ধনযুক্ত ৰূপকে খাদ্য জাল বুলি কোৱা হয়। গতিকে খাদ্য জাল হৈছে খাদ্য শৃংখলৰ এনে এক কর্মজাল যত বিভিন্ন ধৰণৰ জীৱ বিভিন্ন ধৰণৰ পৌষ্টিক স্তৰত সংযুক্ত।
৮/পৌষ্টিক স্তৰ কি?
উঃপৌষ্ঠিক স্তৰঃ যিকোনো পৰিস্থিতিতন্ত্ৰত প্ৰতিটো জীৱক একোটাকৈ আহাৰপৰ্য বা স্তৰ হিচাপে গণ্য কৰিব পাৰি। ইয়াকেই পৌষ্টিক স্তৰ বুলি কোৱা হয়। এই উৎসৰ পৰা শক্তি আহৰণ কৰা জীৱন্ত জীবসমূহ একেটা পৌষ্টিক স্তৰৰ বুলি ধৰা হয়। এইদৰে সেউজ উদ্ভিদ প্রথম পৌষ্ঠিক স্তৰত অন্তৰ্ভুক্ত হ’ব। তৃণভোজী প্ৰাণীবোৰ দ্বিতীয় পৌষ্টিক অন্তৰ্ভূক্ত হ’ব। মাংসভোজী প্ৰাণীবোৰ অন্তৰ্ভুক্ত হ’ব তৃতীয় পৌষ্টিক স্তৰত।
৯/ পৰিৱেশীয় পিৰামিড বুলিলে তুমি কি বুজা?বিভিন্ন প্ৰকাৰৰ পৰিবেশীয় পিৰামিডৰ নাম উল্লেখ কৰা।
উঃ যেতিয়া কোনো এটা পৰিস্থিতিতন্ত্রৰ উৎপাদকৰ পৰা আৰম্ভ কৰি একাদিক্রমে বিভিন্ন পৌষ্টিক স্তৰৰ গঠন আৰু কামৰ লেখ চিত্ৰত প্ৰকাশ কৰা হয়। তেতিয়া এই ত্ৰিভূজ আকাৰৰ লেখচিত্ৰবোৰকে পৰিৱেশীয় পিৰামিড বুলি কোৱা হয় ।
ইহঁতক তিনিটা ভাগত ভগাব পাৰি-
(ক)সাংখ্যিক পিৰামিড
(খ)জৈৱ ভৰ
(গ)শক্তিৰ পিৰামিড।
১০/খাদ্য শৃংখল আৰু খাদ্য জালৰ ঘাই ঘাই বৈশিষ্ঠবোৰ উল্লেখ কৰা।
উঃ খাদ্যশৃংখল আৰু খাদ্যজাল তন্ত্রই মুখ্য ভূমিকা লয় কিয়নো শক্তিৰ প্ৰবাহ আৰু খনিজ লৱণৰ চক্ৰাকাৰ চলন ইহঁতৰ দ্বাৰাই সংগঠিত হয়। খাদ্যশৃংখলে ভিন ভিন জীৱৰ জনসংখ্যাও নিয়ন্ত্রণ আৰু পৰিচালনা কৰে, ফলত দুয়োটায়ে এটা সাম্য অৱস্থাত থাকে।খাদ্যশৃংখলে দেখুওৱা ধর্মটো হ’ল কেতবোৰ ৰাসায়নিক পদাৰ্থৰ জৈৱিক পৰিবৰ্তন। বহুতো কীটনাশক গধুৰ ধাতু আৰু অন্য ৰাসায়নিক পদার্থ আছে যিবোৰ জৈৱিক অৱনমিত নহয়। তেনেবোৰ ৰাসায়নিক পদার্থক অণুজীবয়ে ভাঙিব নোৱাৰে আৰু সেইবোৰ এটা পৌষ্টিক স্তৰৰ পৰা আন এটালৈ প্রবাহিত হৈ থাকে । Ecological Concepts