Easy skin care tips for girls in Assamese

আপোনাৰ ছালখন ধুনীয়া কৰি ৰখাৰ সহজ উপায় skin care tips

মই নাভাবো যে আপোনাৰ ছালৰ ৰং কলা হ’লে আপোনাক বেয়া দেখিব, কাৰণ মাগুৰ বৰণীয়া ছোৱালী হে দেখিবলৈ আটাইতকৈ ধুনীয়া । তথাপিও কেতিয়াবা আত্মীয় স্বজন, বন্ধু-বান্ধবী সকলে ছালৰ ৰং ক লৈ দিয়া negative comments বোৰ যেনে – “এ ত‌ই বহুত কলা হৈ গৈছ”, “এই কাপোৰ সাজ তোক ভাল নালাগিব, তোৰ ৰং টো ছালৰ অলপ কলা যে” ইত্যাদি বোৰ । skin care tips

ইয়াৰ উপৰিও আকৌ কিছুমান কথা যেনে – “এহ্ ল’ৰা টোৱে ছোৱালী জনীক কলা বাবে পছন্দ নকৰিলে”, আয়ৈ দেহি ঢকঢকীয়া বগা ল’ৰা টোৰ লগত ছোৱালী জনীক অলপো মিলা নাই” এনেবোৰ comments ৰ লগত নিশ্চয় আমি চিনাকি নহয়নে?

বাৰু এনেধৰনৰ কথা বোৰ চিগাৰেটৰ ধোঁৱাৰ নিচিনাকৈ উৰুৱাই দিয়ক । যিহেতু এনে কথাবোৰৰ কোনো ফায়দা নাই ।

নিজৰ ছাল খন আৰু নিজক ধুনীয়া কৰি ৰখাৰ প্ৰথম আৰু প্ৰধান উপায় টো হ’ল – নিজকে ভাল পাবলৈ শিকা আৰু আনন্দ মনে থকা আৰু negativity(as I mentioned above) বোৰৰ পৰা নিজকে আঁতৰাই ৰখা ।

দ্বিতীয়তে, ভগবানে যাক যেনেকৈ স্ৰজিলে ধুনীয়া দেখি তেনেকৈয়ে সৃজন কৰিছে । যেনে মোক ফেচা নাকেৰে(চেপেটা নাক) cute লাগে বাবে মোক ভগৱানে নাকটো চেপেটা কৰি দিছে , and I accept it happily . So, আপুনিও এগৰাকী সুন্দৰ চেহেৰাৰ ব্যক্তি বুলি নিজকে ভাবক ।

তৃতীয়তে, যতে ততে যি তি advertise বোৰ দেখি যাৰে তাৰে কথা শুনি যি তি whitening cream নলগাব। বহুতেই ছালৰ ৰং বগা কৰিবলৈ “skin shine” , “Betnovate -C”, “Clobetamil -G” এনেধৰনৰ steroid cream ব্যৱহাৰ কৰে । এনে cream বোৰে আপোনাৰ ছালৰ ৰং বগা কৰিব সঁচা , কিন্তু ঘহিব এৰিলে আকৌ আগৰ অৱস্থা লৈ যাব, ইয়াৰ উপৰিও ৰদত থাকিলে আপোনাৰ ছাল খন বেছি বেয়া হোৱাৰ সম্ভাৱনা বাঢ়িব, কিছুমানৰ আকৌ এনে cream ব্যৱহাৰ কৰাৰ ফলত মুখত নোম গজিবলৈ আৰম্ভ কৰে, অধিক oily হৈ যায় ছাল খন, ৰঙা দাগ পৰে ইত্যাদি । গতিকে এনে steroid cream বোৰৰ ব্যৱহাৰ আজিয়েই এৰক ।

আপোনাৰ ছাল ভালে ৰখাৰ কিছুমান ঘৰুৱা দিহা তথা সহজ উপায়

আপোনাৰ ছালৰ ৰং বগাই হ‌ওক বা কলাই হ‌ওক , সঠিক যত্ন ললে আপুনি এগৰাকী সুন্দৰ চেহেৰাৰ ব্যক্তি হ’ব পাৰিব ।

১/ যথেষ্ট পৰিমানে পানী খাওক , যিয়ে আপোনাৰ ছাল খন hydrate কৰি ৰখাত সহায় কৰিব

২/ নিৰ্দিষ্ট কিছুমান ফল মূল আৰু শাক পাচলি প্ৰতিদিনেই অলপ হ’লেও খাদ্যত অন্তৰ্ভুক্ত কৰক যেনে – খেজুৰ, কমলা, কল, কলা জামু,আ‌ঙুৰ,  তিয়হ , গাজৰ, বীট, লাই, লাওৰ আগ, পালেং শাক, গজালি ওলোৱা মগু মাহ, ইত্যাদি

৩/ বেছি oily food ৰ পৰা আঁতৰি থাকক আৰু দৈনিক ৰাতিপুৱা ৫ বজাত বিচনাৰ পৰা উঠি yoga/ exerciseকৰাৰ অভ্যাস কৰক ।

৪/ সদায় আপোনাৰ ছাল খন মাচাছ কৰক । মাছাজ কৰোতে আপুনি coconut oil, olive oil, sunflower oil এইবোৰ ব্যৱহাৰ কৰিব পাৰে , যিটো আপোনাৰ বাবে affordable হয় ।

৫/ আপোনাৰ ছালৰ লগত খাপ খোৱা ভাল brand অৰ moisturizer, vitamin C face serum, body lotion , face wash, body wash বা চাবোন ব্যৱহাৰ কৰক ।

৬/ সময় সুবিধা মিলাই সপ্তাহ টোত  দুই তিনিদিন ঘৰুৱা ভাবে প্ৰস্তুত কৰা face pack কিছুমান লগাওক । ইয়াতে ম‌ই ব্যৱহাৰ কৰা face pack দুটামান আপোনালোকলৈও আগবঢ়াইছো ।

মৌ এচামুচ আৰু নেমু ৰস সৰু চামুচেৰে আধা চামুচ মিহলাই ল‌ওক এই মিশ্ৰণ টোৰে আপোনাৰ ছাল খন কিছুসময় মাছাজ কৰিব পাৰে আৰু তাৰ পিছত দুই দিয়ক ।

দৈ, হালধি আৰু বেচন মিহলাই পেষ্ট বনাই আপোনাৰ ছালৰ লগাওক আৰু ১০-১৫ মিনিট পিছত দুই দিয়ক

নাৰিকল তেল আৰু ভিটামিন ই কেপচুল মিক্স কৰি আপোনাৰ ছাল খন মাছাজ কৰিব পাৰে, এই মাছাজ টো ঠাণ্ডাৰ দিনত হে বেছি উপকাৰী

গাখীৰৰ খৰেৰেও আপোনাৰ ছাল খন সপ্তাহ টোত এদিন হ’লেও মাছাজ কৰক

আলু ৰস ও , তিয়হৰ ৰস এইবোৰো আপোনাৰ ছালত মাজে সময়ে লগাব , ইয়ে দাগ গুছোৱাত সহায় কৰে ।

হালধি , aloe vera gel , গোলাপ জল ৰ পেষ্ট এটা বনাই ও মাজে মাজে লগাৱ পাৰে

মুলটানী মিট্টী ,গোলাপজল চন্দনৰ গুৰি অলপ মিক্স কৰি পেষ্ট বনাই লগাব পাৰে, গৰমৰ দিনত যথেষ্ট উপকাৰী ।

এলʼভেৰা জেল ব্যৱহাৰ কৰিও আপোনাৰ স্কিন খন মাচাজ কৰিব পাৰে। ইয়ে ৰʼদে পোৰা দাগ নাইকিয়া কৰে, ছালৰ ৰং উজ্বল কৰে ।

ছাল খন ভালে ৰাখিবলৈ কোনবোৰ moisturizer, body lotion sunscreen ব্যৱহাৰ কৰিব

ঘৰুৱা যত্নৰ উপৰিও আমি প্ৰত্যেকেই কিছুমান lotion , moisturizer, sunscreen ,scrub , face pack, face serum ব্যৱহাৰ কৰো নহয়নে ..? সকলোৰে ছালৰ গঠন অনুযায়ী ব্যৱহাৰ কৰা skin product বোৰো ভিন্ন ।

 মই ব্যৱহাৰ কৰি সুফল পোৱা কিছুমান product আপোনালোকলৈও আগবঢ়াইছো আশা কৰো আপোনালোক উপকৃত হ’ব । এইক্ষেত্ৰত মোৰ ছালৰ গঠন টো আপোনালোকক জনাব বিচাৰিছোঁ । মোৰ ছালৰ বৰণ মিঠা বৰণীয়া, আৰু Normal skin মানে ঠাণ্ডাৰ দিনত শুকান যেন অনুভৱ হয় আৰু গৰমৰ দিনত oily. গতিকে তলত ম‌ই এখন লিষ্ট আপোনালোকলৈ আগবঢ়াইছো , যি কেইটা product ম‌ই ব্যৱহাৰ কৰি সুফল পাইছো । skin care tips

  1. কেইটামান ভাল facewash , যি কেইটা সকলো skin types অৰ বাবে উপকাৰী

   clean&clear foaming face wash

Lotus white glow skin whitening foaming  face wash

Himalaya purifying neem  face wash

Himalaya natural glow  kesar face wash

  • কেইটা মান face scrub

Lotus fresh  apricot  scrub

Nivea skin refining scrub

Himalaya tan removal orange face scrub

  • কেইটামান ভাল face serum

L’oreal Paris  revitalift  hyaluronic acid serum

Garnier bright complete vitamin C serum

Dr.alies professional vitamin C face serum

Minimalist 10% vitamin C serum

  • ছালৰ বাবে ভাল কেইটামান moisturizer

Nivea  soft light moisturizer

Joy skin fruit moisturizing skin cream

Silk’nStay aloe vera cream

Lotus white glow cream

  • আপোনাৰ ছালখনৰ বাবে ভাল কেইটামান sunscreen

Lotus safe sun breezy berry sun block cream

Minimalist multi vitamin face sunscreen

Lakme sun expert ultra matte gel sunscreen

Aroma magic cucumber sunscreen lotion

  • আপোনাৰ ছালৰ বাবে ভাল কেইটামান body lotion and body oil

Nivea sun protect and moisturizer SPF50 body lotion

VLCC almond and honey body lotion

Joy honey and almond nourishing body oil with vitamin E

jac olivol body oil

Himalaya cocoa butter intensive body lotion

  • Body wash / soap

Pears pure and gentle body wash

Nivea water Lily and oil  shower gel

Pears soft and fresh body wash

Dove gentle exfoliating body wash

Fiama gel bar (soap)

Santoor sandal& almond milk soap

Lux international soap

ইয়াতে মাত্ৰ ম‌ই ব্যৱহাৰ কৰি সুফল পোৱা skin product খিনিহে আপোনালোকলৈ আগবঢ়াইছো। মোৰ ছালৰ গঠনৰ লগত আপোনাৰ ছালৰ গঠন যদি মিলে তেন্তে আপুনিও ব্যৱহাৰ কৰি চাব পাৰে , আৰু এনেও ব্যৱহাৰ কৰি চাব পাৰে হয়তো আপোনাৰ ছালৰ লগত খাপ খাব‌ও  পাৰে । skin care tips

আৰু এটা গুৰুত্বপূৰ্ণ কথা আপোনালোকক ক‌ই থ‌ও যে – অধিক দামী বস্তু মানেই কিন্তু বহুত ভাল product নহ’বও পাৰে । হয়তো কেতিয়াবা 1000 টকীয়া skin product অত কৈ 500-166 range অৰ product ও আপোনিৰ ছালৰ বাবে বেছি ফলপ্ৰসূ হ’ব পাৰে

আজিলৈ bye. নিজক ভাল পাবলৈ শিকক, আৰু ধুনীয়া হৈ থাকক ।

Leave a comment