মহাদেশ আৰু মহাসাগৰবোৰৰ বিতৰণ Distribution of Oceans and Continents
Class 11 | Geography | Chapter 4 | Questions and Answers | Assamese | AHSEC
১/ বহুপছন্দৰ প্ৰশ্নাৱলী Distribution of Oceans and Continents
ক. তলৰ কেইজনৰ কোনে প্ৰথমে কৈছিল যে ইউৰোপ, আফ্ৰিকা আৰু আমেৰিকা লগলাগি আছিল । Distribution of Oceans and Continents
আলফ্ৰেড ওৱেগনাৰ Distribution of Oceans and Continents
এন্টানিও পেলিগ্ৰিনি
আব্ৰাহাম অৰটিলিয়াচ
এডমণ্ড হেছ
খ. মেৰুৰ পৰা আঁতৰি অহা শক্তি জড়িত হৈ থাকে –
পৃথিৱীৰ পৰিভ্ৰমণ গতি
মাধ্যাকৰ্ষণ বল
পৃথিৱীৰ আৱৰ্তনিক গতি
জোৱাৰ বল
গ. তলৰ কোনখন গৌণ বা ক্ষুদ্ৰ ফলক নহয় ।
নাজকা
আৰাবীয়
ফিলিপাইন
এন্টাৰ্কটিকা
ঘ. সাগৰীয় তল বহলিকৰণ তত্ত্বটো আলোচনা কৰোতে , তলত উল্লেখ কৰা কোনটো কথা বিবেচনা কৰা হোৱা নাই ।
মধ্যসাগৰীয় শৈলশিৰাত থকা আগ্নেয় উদগীৰণৰ কাৰ্যসমূহ
সাগৰৰ তলত পোৱা শিলবোৰত থকা সাধাৰণ আৰু ওলোটা চুম্বকীয় পথাৰ
বেলেগ বেলেগ মহাদেশত থকা জীৱাশ্মৰ বিতৰণ
সাগৰীয় তলৰ পৰা সংগ্ৰহ কৰা শিলৰ বয়স
ঙ. তলত দিয়াবোৰৰ কোনটো ভাৰতীয় ফলকৰ উত্তৰ ফালৰ হিমালয় পৰ্বতৰ লানিয়ে লানিয়ে আছে ।
সাগৰীয় মহাদেশীয় ফলকৰ মিলন
অপসাৰিত সীমা
সলনি বা ৰূপান্তৰিত সীমা
মহাদেশীয় মহাদেশীয় ফলকৰ মিলন
2/ 30 টা শব্দৰ ভিতৰত তলত দিয়া বোৰৰ উত্তৰ লিখা
ক. মহাদেশবোৰৰ গতিৰ কাৰণে ওৱেগনাৰে উল্লেখ কৰা বল বোৰ কি কি আছিল ?
১৯১২ চনত প্ৰথম বাৰৰ বাবে আলফ্ৰেড ওৱেগনাৰে মহাদেশ বোৰৰ গতি সম্পৰ্কে এটি মতবাদ আগবঢ়াইছিল । মহাদেশ বোৰৰ এই গতিৰ অন্তৰালত কিছুমান বল বা শক্তি জড়িত হৈ আছে বুলি তেওঁ প্ৰকাশ কৰিছিল। মহাদেশ বোৰৰ গতিৰ কাৰণে তেওঁ উল্লেখ কৰা বল বোৰ দুই ধৰনৰ আছিল , এইবোৰ হ’ল–
মেৰুৰ পৰা আঁতৰি অহা বল (pole-fleeing force) , বা আবৰ্তনিক বল , আৰু আনবিধ হ’ল
জোৱাৰ বল বা জোৱাৰ শক্তি (tidal force)
খ. মেন্টল স্তৰত পৰিচলন সোঁতবোৰ কেনেদৰে উৎপত্তি হয় আৰু চলি থাকে ?
১৯৩০ চনত আৰথাৰ হোম নামৰ পণ্ডিত জনে মেন্টল স্তৰত কাৰ্যকৰী হৈ থকা পৰিচলন সোঁতৰ সম্ভাবনা সম্পৰ্কে ব্যক্ত কৰিছিল। তেওঁৰ মতে – ৰেডিঅ’ এক্টিভ পদাৰ্থ বোৰৰ বাবে মেন্টল অংশত এই সোঁতৰ সৃষ্টি হয়, আৰু মেন্টল অংশত এই পদাৰ্থ বোৰে উত্তাপৰ সৃষ্টি কৰে । মেন্টল অংশত এই সোঁতৰ অবিৰাম ক্ৰিয়াৰ ফলতে মহাদেশ বোৰৰ ফাট মেলা আৰম্ভ হৈছিল বুলি অনুমান কৰা হৈছে। Distribution of Oceans and Continents
গ. ফলক বোৰৰ সলনি সীমা আৰু আগমন বা অপসাৰিত সীমাৰ মাজত প্ৰধান পাৰ্থক্য বোৰ কি কি ?
ফলক বোৰৰ সীমা প্ৰধান কৈ তিনি প্ৰকাৰৰ আৰু ইহঁতৰ মাজৰ পাৰ্থক্য বোৰ হ’ল
সলনি সীমা বা ৰূপান্তৰিত সীমা – এনেবোৰ ঠাইত পৃথিৱীৰ খোলাটোৰ নতুনকৈ গঠন হৈ নাথাকে বা ধ্বংসপ্ৰাপ্ত ও হৈ নাথাকে , এনে ক্ষেত্ৰত ফলক বোৰ সমান্তৰাল ভাৱে পিছলি আগবাঢ়ি গৈ থাকে।
আগমন সীমা– আগমন সীমাৰ ক্ষেত্ৰত এখন ফলক আৰু আন এখন ফলকৰ মাজত মুখা-মুখি , ঠেকা-খুণ্ডা লাগি ধ্বংসপ্ৰাপ্ত হয় ।
অপসাৰিত সীমা – আকৌ অপসাৰিত সীমাৰ ক্ষেত্ৰত ফলক বোৰে আঁতৰি দিয়ে আৰু এনে ঠাইত নতুন খোলাৰ উৎপত্তি হয় । অপসাৰিত সীমাৰ উৎকৃষ্ট উদাহৰণ হ’ল – মধ্য আটলান্টিক শৈলশিৰা।
ঘ. দক্ষিণাত্য ট্ৰেপ সৃষ্টি হোৱাৰ সময়ত ভাৰতীয় ভূ-খণ্ডৰ অৱস্থান কেনেকুৱা আছিল ?
দাক্ষিণাত্য ট্ৰেপ সৃষ্টি হোৱা সময়ত , আজিৰ পৰা প্ৰায় ১৪০ নিযুত বছৰ আগতে ৫০ ডিগ্ৰী দক্ষিণ অক্ষাংশত উপমহাদেশ খনে দক্ষিণ ফালে অৱস্থান কৰিছিল । ভাৰতীয় ফলক আৰু ইউৰেছিয়া ফলকক টেথিছ সাগৰে পৃথক কৰি ৰাখিছিল আৰু তিব্বত খণ্ডটো ভাৰতীয় ভূ-খণ্ডৰ একেবাৰে ওচৰত আছিল। Distribution of Oceans and Continents
৩/ ১৫০ টা শব্দৰ ভিতৰত তলৰ প্ৰশ্ন বোৰৰ উত্তৰ দিয়া ।
ক. মহাদেশীয় বিস্থাপন তত্বৰ সমৰ্থনত উল্লেখ কৰা প্ৰমানবোৰ কি?
মহাদেশীয় বিস্থাপন তত্বৰ সমৰ্থনত আগবঢ়োৱা প্ৰমান বোৰ হ’ল –
খাপ খোৱা ধৰণ (Jig-Saw-Fit) – মহাদেশ বোৰক যদি একেলগ কৰি এখন মানচিত্ৰ বনোৱা হয়, তেতিয়া দেখা যাব যে, মহাদেশ বোৰ ইখনৰ লগত আনখন খাপ খাই পৰিব। আটলান্টিক মহাসাগৰ দুয়োপাৰৰ উপকূল ৰেখাৰ পৰা এই কথা সহজে অনুমান কৰিব পাৰি ।
মহাসাগৰৰ দুয়োপাৰৰ শিলৰ বয়স – বৰ্তমান সময়ত ৰেডিঅমেট্ৰিক পদ্ধতি অৱলম্বন কৰি জানিব পৰা গৈছে যে মহাসাগৰৰ দুয়োপাৰৰ শিলৰ বয়স একে। দক্ষিণ আমেৰিকাৰ ব্ৰাজিলৰ শিলৰ বয়স ২০০ নিযুত বছৰ পুৰণি আকৌ আফ্ৰিকাৰ পশ্চিম উপকূলৰ শিলৰ বয়সো একে ।
টিলিটি – টিলিটি হৈছে বৰফৰ নদীৰ অৱক্ষেপনৰ ফলত সৃষ্টি হোৱা একপ্ৰকাৰৰ গেদীয় শিলা । ভাৰতত থকা একেধৰনৰ গেদীয় শিলৰ নমুনা দক্ষিণ গোলাৰ্দ্ধৰ ৬ খন ভূ-খণ্ডত দেখিবলৈ পোৱা যায় ।একে ধৰনৰ গেদীয় শিলা পোৱা আন ঠাই বোৰ হ’ল আফ্ৰিকা, ফকলেণ্ড, মালাগছি দ্বীপ, এন্টাৰ্কটিকা আৰু অষ্ট্ৰেলিয়া । ইয়াৰ পৰা প্ৰমান হয় যে এই ঠাই বোৰৰ ভূ-তাত্বিক বুৰঞ্জী একে।
প্লেচাৰ অৱক্ষেপন – ঘানা উপকূলত থকা সোনৰ উপস্থিতি পোৱা প্লেচাৰ অৱক্ষেপনে এই কথা প্ৰমান কৰে যে এটা সময়ত আফ্ৰিকা আৰু দক্ষিণ আমেৰিকা একেলগ হৈ আছিল। কাৰণ ঘানা উপকূলৰ বাদে আন কতো সোনৰ উৎস পোৱা নাযায় আনহাতে , সোণ বহনকাৰী ভেইন বোৰ ব্ৰাজিলত হে আছে ।
জীৱাশ্মৰ বিতৰণ – একে ধৰণৰ জীৱাশ্মৰ বিতৰণ মহাসাগৰৰ দুয়োটা পাৰত দেখা যায় । লেমুৰ নামৰ প্ৰাণীবিধৰ জীৱাশ্ম ভাৰত, মালাগছি আৰু আফ্ৰিকা তিনিও ঠাইতে পোৱা গৈছে। আকৌ, মেচোচৌৰাচ নামৰ প্ৰাণী বিধৰ জীৱাশ্ম দক্ষিণ আফ্ৰিকাৰ কেপ প্ৰভিন্স আৰু ব্ৰাজিলৰ ইৰাভা গঠনৰ মাজত পোৱা গৈছে। কিন্তু এতিয়া দুয়োটা অঞ্চলৰ মাজৰ দূৰত্ব ৪৮০০ কি.মি আৰু মাজত আটলান্টিক মহাসাগৰ।
ওপৰত উল্লেখিত প্ৰমাণ বোৰৰ পৰা এইয়া প্ৰমাণিত হয় যে মহাদেশ বোৰ এটা সময়ত একলগ হৈ আছিল।
খ. মহাদেশীয় বিস্থাপন তত্বৰ পিছত পোৱা প্ৰধান আৱিষ্কাৰবোৰ কি কি আছিল যিবোৰে বৈজ্ঞানিক সকলক মহাদেশ আৰু মহাসাগৰত বোৰৰ বিতৰণ সম্পৰ্কে অধিক অধ্যয়ণৰ যোগেদি নতুন কথা জানিবলৈ নতুন আগ্ৰহৰ জন্ম দিছিল ।
মহাদেশীয় বিস্থাপন তত্বৰ বাবে সংগ্ৰহ কৰা প্ৰায় বোৰ প্ৰমাণে মহাদেশৰ পৰা লোৱা হৈছিল যেনে – টিলিটি অৱক্ষেপন, উদ্ভিদৰ বিতৰণ আদি । কিন্তু , দ্বিতীয় মহাযুদ্ধৰ পিছৰ কালছোৱাত হোৱা বহুতো নতুন আৱিষ্কাৰে নতুন কথা জানিবলৈ নতুন আগ্ৰহৰ জন্ম দিছিল , ইয়াৰ ভিতৰত প্ৰধান আৱিষ্কাৰ বোৰ হ’ল
সাগৰীয় তলৰ মানচিত্ৰ নিৰ্মান । ইয়াৰ জৰিয়তে জানিব পৰা গৈছে যে মহাসাগৰৰ তলিবোৰ সমতল ক্ষেত্ৰ নহয় , বৰং মহাসাগৰৰ তলিত বহুতো ডুবি থকা পৰ্বত আৰু অতি গভীৰ কিছুমান গাত থকাৰ প্ৰমাণ পোৱা গৈছে ।
সাগৰীয় তল বিস্তাৰিত হোৱাৰ ধাৰণা – মহাদেশীয় বিস্থাপন তত্বৰ পিছত সাগৰীয় তল বিস্তাৰিত হোৱা ধাৰণাৰ জন্ম হৈছিল আৰু ইয়াৰ জৰিয়তে ফলক বিবৰ্তন তত্ব নামৰ এটা নতুন ধাৰণাৰ সূত্ৰপাত ঘটিছিল ।
গ. মহাদেশীয় বিস্থাপন তত্ব আৰু ফলক বিবৰ্তন তত্বৰ মাজত থকা মুল পাৰ্থক্য বোৰ বিচাৰি উলিওৱা ।
মহাদেশীয় বিস্থাপন তত্ব আৰু ফলক বিবৰ্তন তত্বৰ মাজত থকা মুল পাৰ্থক্য বোৰ হ’ল –
১. মহাদেশীয় বিস্থাপন তত্ব ফলক বিবৰ্তন তত্বতকৈ পুৰণি । আনহাতে , ফলক বিবৰ্তনৰ ধাৰনা নতুন ১৯৬৯ চনত এই ধাৰনাৰ জন্ম হয় ।
২. মহাদেশীয় বিস্থাপন তত্বই অকল মহাদেশ বোৰৰ গতিৰ বিষয়ে হে বৰ্ণনা কৰিছিল , আনহাতে ফলক বিবৰ্তন তত্বই মহাদেশ আৰু মহাসাগৰীয় খোলা সম্পৰ্কে বিতং ভাবে অধ্যয়ন কৰাৰ উপৰিও মহাদেশ আৰু মহাসাগৰৰ বিতৰণ সম্পৰ্কে ও আলোচনা কৰে । Distribution of Oceans and Continents
অতিৰিক্ত পাঠভিত্তিক প্ৰশ্নোত্তৰ
১. মহাদেশীয় বিস্থাপন তত্বৰ কোন চনত ঘোষণা কৰা হৈছিল?
১৯১২ চনত আলফ্ৰেড ওৱেগনাৰ নামৰ জাৰ্মান বতৰ বিজ্ঞানীজনে মহাদেশীয় বিস্থাপন তত্বৰ জন্ম দিছিল ।
২. পেংগিয়া আৰু পান্থালাছা কি ?
ওৱেগনাৰৰ মতে আৰম্ভণিতে বৰ্তমানৰ সকলো মহাদেশ বোৰ লগ লাগি এখন প্ৰকাণ্ড মহাদেশ আছিল যাক পেংগিয়া বোলা হৈছিল ।
আকৌ , এই বৃহৎ মহাদেশ খনক আগুৰি এখন বৃহৎ মহাসাগৰ আছিল যাক পান্থালাছা নামেৰে জনা গৈছিল ।
৩. লৰেচিয়া আৰু গণ্ডোৱানা লেণ্ড কি ?
পেংগিয়াৰ ভাঙোন আৰম্ভ হোৱাৰ পিছত উত্তৰ আৰু দক্ষিণ এই দুটা ভাগত বিভক্ত হৈছিল । উত্তৰৰ অংশ টোক লৰেচিয়া নামেৰে জনা গৈছিল আৰু দক্ষিণৰ অংশ টোক গণ্ডোৱানা লেণ্ড নামেৰে জনা যায় ।
৪. ফলক বিবৰ্তন তত্বৰ কেতিয়া ঘোষনা কৰা হৈছিল ?
১৯৬৯ চনত, মেকেঞ্জী, পাৰ্কৰ, মৰগান আদি পণ্ডিতে লগ লাগি ফলক বিবৰ্তন তত্বৰ জন্ম দিছিল ।
৫. কোনখন ফলকৰ গতিৰ হাৰ আটাইতকৈ বেছি ?
পূব প্ৰশান্ত উত্থানৰ , যাৰ গতিৰ হাৰ বছৰি ১৫ ছেঃমিঃ অতকৈ অধিক ।
৬. সাগৰীয় তল বহলি যোৱা মতবাদ টো কোনে আগবঢ়াইছিল ?
১৯৬১ চনত হেছ(Hess) নামৰ বিজ্ঞানী জনে । Distribution of Oceans and Continents