Unit 1| Second Semester Deled MIL notes
1. লিখন কৌশল বিকাশত শব্দ লিখনৰ গুৰুত্ব সম্পৰ্কে লিখা | Deled MIL notes
উত্তৰ:শিশু এটাৰ ক্ষেত্ৰত শিশুটোৰ বিদ্যায়তনিক দিশৰ সৰ্বাংগীন বিকাশ সাধন হবলৈ হ’লে কথন কৌশল,শ্ৰৱন কৌশল,পঠন কৌশল,লিখন কৌশল এই আটাইবোৰ সমানে বিকাশ ঘটিব লাগিব । শিশুটোৱে কেবল পঢ়িব বা ক’ব জানিলেই নহব, নিজৰ মনৰ ভাৱ, আহৰণ কৰা জ্ঞান খিনি লিখনৰ জৰিয়তে শুদ্ধ আৰু সাৱলীল ৰূপত উপস্থাপন কৰিব পাৰিব লাগিব। Deled MIL notes
মাতৃভাষাৰে কথা ক’বলৈ ল’ৰা ছোৱালীয়ে সহজে শিকে কিন্ত বহু পৰিশ্ৰমৰ ফলতহে লিখিবলৈ শিকে। লিখনিবোৰ হৈছে শব্দৰ সমষ্টি। সেয়েহে শব্দ লিখন বা লিখন শিক্ষাক বতৰ্মানৰ শিশুৰ শিক্ষাৰ এটা গুৰুত্বপূৰ্ণ অংগ হিচাপে ধৰা হৈছে আৰু ইয়াৰ অনুশীলন জোৰ দিয়া হৈছে। এই ক্ষেত্ৰত মেডাম মন্টেছৰীয়ে কৈছে য়ে,” শিশুক পোনতে লিখিবলৈ শিকাব লাগে কিয়নো , লিখন পঠনতকৈ সৰল ‘ আকৌ,জাতিৰ পিতা মহাত্মা গান্ধীয়ে কৈছে যে —‘ ভাল আখৰ শিক্ষাৰ প্ৰধান অংগ’। গতিকে এই দুগৰাকী মহানব্যক্তিৰ মন্তব্যৰ পৰা আমি অনুমান কৰিব পাৰিছো য়ে– শিক্ষাৰ ক্ষেত্ৰত শব্দ লিখনৰ গুৰুত্ব কিমান তাৎপৰ্য্যপূৰ্ণ।
ইতিমধ্যে আমি জ্ঞাত যে লিখনিবোৰ হৈছে কিছুমান শব্দৰ সমষ্টি। এটা বাক্য হ’বলৈ হ’লে কেইবাটাও অৰ্থপূৰ্ণ শব্দৰ সংযোগ হ’ব লাগিব। গতিকে শিশুক লিখিবলৈ শিকোৱাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু প্ৰথম পৰ্যায়টোৱে হৈছে ‘শব্দ লিখন’।শিশু এটাৰ শব্দৰ ভাণ্ডাৰ যিমানেই বহল হ’ব সিমানে সাৱলীল আৰু শুদ্ধ লিখনিৰ প্ৰকাশ ঘটিব। অৰ্থপূৰ্ণ লিখনিৰ বিকাশ ঘটাব নোৱাৰে। গতিকে শিশুৰ লিখনি শুদ্ধ, সাৱলীল আৰু অৰ্থপূৰ্ণ হবলৈ হ’লে প্ৰথমে শুদ্ধকৈ শব্দ লিখব পৰা হ’ব লাগিব।
শিশু এটাৰ শব্দ লিখন কৌশল বিকাশাই তোলাৰ বাবে তলত উল্লেখিত ব্যৱস্থা সমূহ ল’ব পৰা য়ায় –
1. চিত্ৰৰ জৰিয়তে শব্দৰ উপস্থাপন : শিশুৱে যিহেতু ৰঙীন চিত্ৰৰ প্ৰতি সহজে আকৰ্ষিত হয়, সেয়েহে বিভিন্ন ফল, ফুল, চৰাই, জীৱ-জন্তু আদিৰ ফটো দেখুৱাই সেয়টো কি ফুল বা কি ফল আদি আখৰেৰে লিখিবলৈ দিব লাগে।
2. শব্দৰ অন্তক্ষৰী (last letter first): শিশু সকলক কিছুমান গোটত ভাগ কৰি লৈ প্ৰথম এজনক এটা শব্দ লিখিবলৈ ক’ব লাগে , আকৌ দ্বিতীয় জনক প্ৰথম জনে লিখা শব্দটোৰ শেষৰ আখৰটোৰে আৰম্ভ হোৱা এটা শব্দ লিখিবলৈ ক’ব পাৰি । যেনে – মাছ – ছাতি – তৰা – ৰাম ………
আৰু এনেদৰে অনুক্ৰম আগবঢ়াই নিব লাগে।
ইয়াৰ জৰিয়তে শিশুহঁতে আনন্দও পাব আৰু শিকিবও।
3. ছন্দ মিলোৱা/ একে উচ্চাৰণ মুক্ত অৰ্থ পূৰ্ণ শব্দৰ লিখন (Rhyming word): শিশুক এটা শব্দ কৈ তাৰ লগত একেই শুনা শব্দবোৰ লিখিবলৈ ক’ব পাৰি যেনে– ভাত = হাট, মাটি = ছাতি , মেকুৰী = কেকুঁৰি , হাতি = পাটী, ভাল = কাল ইত্যাদি।
4. মুক্ত লিখন: শিশু সকলক তেওঁলোকৰ ভাল লগা বিষয়বস্তু ( পখিলা , নদী , প্ৰিয় খোৱা বস্তু, ভাললগা ঘটনা ) ইত্যাদিৰ ওপৰত নিজৰ মনৰ ভাব লিখিবলৈ ক’ব লাগে।
5. কাহিনী সম্পূৰ্ণ কৰা: শিশু সকলক আমোদ জনক সৰু সৰু কাহিনীৰ আৰম্ভণি খিনি কৈ পিছৰছোৱা বনাই লিখিব ক’ব লাগে। Deled MIL notes
এনেধৰণৰ বিভিন্ন উপায়েৰে শিশুৰ শব্দ লিখনৰ কৌশল বিকশাই তুলিব পাৰি। লিখা ব্যৱস্থাৰ মাধ্যমত হে মানুহৰ চিন্তা – ধাৰাই সম্পূৰ্ণতা পায় আৰু স্থায়ী ৰূপ লাভ কৰে, আৰু এই লিখন কৌশলৰ প্ৰাথমিক পৰ্যায়টোৱে হৈছে শব্দ লিখন ব্যবস্থা । যি শিশুৰ শব্দৰ ভাণ্ডাৰ বহল, শুদ্ধকৈ শব্দ লিখিব পাৰে তেনে শিশুৰহে লিখন কৌশল সম্পূৰ্ণতা পায়।
গতিকে ওপৰত আলোচনাৰ পৰা গম পোৱা গ’ল যে লিখন কৌশল বিকাশত শব্দ লিখনৰ যথেষ্ট গুৰুত্ব আছে।
2. শ্ৰৱন আৰু কথন কৌশলৰ বিকাশ কেনেদৰে কৰিবা বুজাই লিখা
উত্তৰ: শুনা আৰু কোৱা দুয়োটাই সমান্তৰাল কাৰ্য ।এটাৰ ব্যাঘাত জন্মালে আনটোৱে সম্পূৰ্ণতা নাপায়।কেতিয়া আমি কোনো কথা কৈ থাকো,তেতিয়া শুনাও হয়।কিন্ত কেতিয়াবা আকৌ অকল শুনা হে য়ায়। যেনে T.V বা ৰেডিঅ শুনা, গান শুনা আদি।শুনা আৰু বুজি পোৱাৰ মাজতো এটা নিবিড় সম্পৰ্ক আছে। শুনা কথা খিনি বুজি পালেহে কথোপকথন সম্ভৱ হ’ব।কথা শুনি বুজি নোপোৱাকৈ আমি কথোপকথন কৰিব নোৱাৰো,কোনো সংলাপ আগবঢ়াব নোৱাৰো।উদাহৰণ স্বৰূপে টেলিফোন বা ম’বাইলত কথা পাতোতে আমি সি পক্ষই কোৱা কথাখিনি বুজি পালেহে উওৰ দিব পাৰো বা কথোপকথন আগবঢ়াব পাৰো। Deled MIL notes
শ্ৰেণীকোঠাত শ্ৰৱন আৰু কথন কৌশলৰ বিকাশ কৰিবলৈ নিম্নোক্ত ব্যবস্থা সমূহ অনুশীলন কৰিব পৰা য়ায়–
1. অনাতাঁৰ আৰু দূৰদৰ্শনৰ বিভিন্ন কাৰ্যসূচী শিশুসকলক শুনিবলৈ দিব লাগে আৰু এনে অনুষ্ঠান সমূহ শুনাৰ পিছত তেওঁলোকৰ মনৰ ভাৱ ব্যক্ত কৰিবলৈ ক’ব লাগে।
2. কথা বাৰ্তা অথবা ঘোষণা সমূহ ছাত্ৰ-ছাত্ৰীক শুনিবলৈ দিব লাগে।
3. ছাত্ৰ-ছাত্ৰী সমূহক দলীয় আলোচনা,তৰ্ক প্ৰতিযোগিতা আদি কাৰ্যসূচীত অংশগ্ৰহণ কৰাব লাগে।
4. মুখা-মুখি অথবা দূৰভাষিক কথোপকথনত অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰিব লাগে।
5. দোকান,বেংক, হাট-বজাৰ, চিকিৎসালয় আদি অনুষ্ঠান সমূহত দৈনিক কাৰ্য্য-প্ৰণালীত শিশু সকলক কথা বাৰ্তাৰ আদান প্ৰদান কৰিবলৈ শিকাব লাগে।
6. শ্ৰেণী কোঠাত ছবিৰ জৰিয়তে কাহিনী বা সাধুৰ
উপস্থাপন কৰি শিশুহঁতক বৰ্ণনা কৰিবলৈ দিব লাগে।
7. শিক্ষকে প্ৰতিটো সপ্তাহতে কোনোবা দুটা বা তিনিটা দিনত শ্ৰুতলিপি দিয়াৰ ব্যৱস্থা কৰিব লাগে।
8. শ্ৰেণীকোঠাত শিশু সকলক সাধু বা গল্প নাটকীয় ভংগীমাৰে পাঠ কৰি শুনাব লাগে যাতে শিশুৱে আমনি নাপায় আৰু মনোযোগেৰে শুনে।
9. শ্ৰৱন আৰু কথন কৌশলৰ বিকাশৰ বাবে শ্ৰেণীকোঠাত শিশুসকলক যিকোনো সৰু সৰু বিষয়ৰ সপক্ষে বা বিপক্ষে ক’বলৈ দিব লাগে।
10. শ্ৰেণীকোঠাৰ শিশুসকলক বিভিন্ন চৰিত্ৰত অভিনয় কৰি বা ভাও লৈ বিষয়বস্তুৰ আত্ম উপলব্ধি কৰিবলৈ দিব লাগে, এনে কৰিলে শিক্ষাৰ্থীয়ে আত্মজ্ঞান লাভ কৰাৰ উপৰিও কথন আৰু শ্ৰৱন কৌশলৰো বিকাশ হ’ব।
11. শিশু সকলক বিভিন্ন ভাষা ভিত্তিক খেল যেনে- শব্দ-শৃংখল, কুইজ, অনাক্ষৰী আদিত অংশ গ্ৰহণ কৰিবলৈ সুযোগ দিব লাগে।
12. শ্ৰেণী কোঠাত আকস্মিক বক্তৃতা, কবিতা আবৃত্তি,নাটকীয় সংলাপ ,গীত -মাত আদি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰিব লাগে যাতে শ্ৰৱন আৰু কথন কৌশলৰ সমানে বিকাশ হয়।
ওপৰৰ উল্লেখিত এনেধৰণৰ বিভিন্ন কৌশল অৱলম্বন কৰি শিশুৰ শ্ৰৱন আৰু কথন কৌশলৰ বিকাশ সাধন কৰিব পাৰি।এগৰাকী ভাল শ্ৰোতা হ’লেহে এগৰাকী ভাল বক্তা হ’ব পাৰি। ইয়াৰ উপৰিও শ্ৰৱন আৰু কথন কৌশলৰ উন্নতি হলেহে লিখন আৰু পঠন কৌশলৰো বিকাশ হয়।এই আটাইবোৰ কৌশলৰ সম বিকাশ হলেহে শিশুৱে আৰ্জিত জ্ঞান শুদ্ধ আৰু সাৰ্থকতাৰে উপস্থাপন কৰিব পাৰিব। গতিকে শিশুৰ আনুষ্ঠানিক শিক্ষাৰ মানদণ্ড শ্ৰৱন আৰু কথন কৌশলৰ ওপৰত বাৰুকৈয়ে নিৰ্ভৰ কৰে।
3. শিশুৰ শিক্ষাৰ ক্ষেত্ৰত মাতৃভাষাৰ গুৰুত্ব সম্পৰ্কে লিখা
উত্তৰ: সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই কৈছিল যে,” মাতৃভাষাই হৈছে স্বদেশ আৰু স্বজাতিৰ উন্নতিৰ মংগল মন্দিৰৰ সিংহদুৱাৰ ।” আকৌ জাতিৰ পিতা মহাত্মা গান্ধীৰ ভাষাত, “কেঁচুৱাৰ শাৰীৰিক বিকাশৰ কাৰণে মাতৃৰ গাখীৰ যিমান প্ৰয়োজন মানুহৰ বিকাশৰ বাবে মাতৃভাষা সিমানেই প্ৰয়োজন “
ব্যক্তিৰ বৌদ্ধিক বিকাশত মাতৃভাষাৰ এক নিজস্ব স্হান আছে, এই কথাটো কোনো কাৰণতে নুই কৰিব নোৱাৰি। শিশু এটাৰ প্ৰজ্ঞাত্মক বিকাশত ভাষাৰ ভূমিকা অপৰিসীম, মাতৃভাষাৰ সহায়ত শিশুৱে নিজৰ মানসিক আৰু বৌদ্ধিক বিকাশক সুন্দৰ ভাৱে আগবঢ়াই লৈ যাব পাৰে।সেইবাবে শিশু সকলৰ বিকাশৰ বাবে মাতৃভাষাৰ শিক্ষণত গুৰুত্ব দিয়াটো বাঞ্ছনীয়।
বিদ্যালয়ৰ পাঠ্যক্ৰমত মাতৃভাষাৰ গুৰুত্বৰ ক্ষেত্ৰত ১৯৬৪-৬৬ চনৰ কোঠাৰী আয়োগে তলত উল্লেখিত যুক্তিবোৰ আগবঢ়াইছিল —
1. সৰ্বসাধৰণ লোকক আঞ্চলিক অথবা মাতৃভাষাই উচ্চ শিক্ষাৰ প্ৰতি আকৃষ্ট কৰি তোলে।
2. শিক্ষাত মাতৃভাষাৰ প্ৰয়োগে দেশৰ বিভিন্ন অঞ্চলৰ লোকৰ মাজত সংহতিসূচক ভাৱধাৰা আনি দিয়ে।
3.মাতৃভাষা অধ্যয়নেৰ ব্যক্তিক বৈজ্ঞানিক আৰু কাৰিকৰী বিষয়ৰ জ্ঞান সহজে লাভ কৰাত সহায় কৰে।
4. মাতৃভাষাৰ বাবে ব্যক্তিয়ে তেওঁলোকৰ নিজস্ব ভাষা শৈলীৰ মাজেদি জটিল বিষয়বস্তুৰ জ্ঞান বহল ভাবে লাভ কৰিবলৈ সক্ষম হ’ব পাৰিব।
ওপৰৰ আলোচনা বোৰৰ পৰা এইয়া প্ৰতিফলিত হ’ল যে- শিশুৰ মানসিক বিকাশত মাতৃভাষাৰ গুৰুত্ব অপৰিসীমা। মাতৃভাষাত শিশুসকলে আনন্দ মনে আৰু সহজে শিকিব পাৰে। শিশু সকলক মাতৃভাষাৰ মাধ্যমেৰে সময়ৰ উপযোগী শিক্ষা দিবলৈ সহজ হয়,যিটো আন ভাষাৰ দ্বাৰা সহজ নহয়। এই ক্ষেত্ৰত কমলাকান্ত ভট্টাচাৰ্য্যদেৱৰ মন্তব্য উল্লেখনীয়।তেখেতৰ মতে, ” মানুহৰ জ্ঞান শিকোৱাৰ আৰু বুজোৱাৰ আদি হৈছে মাতৃভাষা, মাতৃভাষাৰে যেনেকৈ সুনাম আৰু সোনকালে ল’ৰা ছোৱালীক শিক্ষা দিব পাৰি আন কোনো ভাষাৰে নোৱাৰি ।” Deled MIL notes
মাতৃভাষা সকলো বিষয়ৰে ধৰণীস্বৰূপ ভাষা।সাহিত্যৰ ৰসস্বাদনত মাতৃভাষা যিমান সহায়ক হয়,বিদেশী ভাষা সিমান সহায়ক নহয়। শিক্ষাৰ বাহন হ’ল মাতৃভাষা আৰু মাতৃভাষাৰ লগত মানুহৰ এটা স্বাভাৱিক সম্পৰ্ক আছে,কিন্তু বিদেশী ভাষাৰ লগত সেই সম্পৰ্ক নাই ।মাতৃভাষাৰ প্ৰয়োজনীয়তা আৰু উপযোগিতা আমি সকলোৱে মানি ল’বই লাগিব।
4. সাহিত্যৰ বিষয়ে চমু টোকা লিখা ?
উওৰ: ‘সাহিত্য’ শব্দটো সংস্কৃত ভাষাৰ ‘ সহিত ‘ পৰা উৎপত্তি হৈছে। সাহিত্যৰ বিশালতা আৰু গভীৰতালৈ লক্ষ্য কৰিলে সাহিত্য নো কি একে ভাষাৰে কৈ দিব পৰা নাযায়। সাহিত্য বুলিলে কবিতা,নাটক ,গল্প, উপন্যাস আদিৰ কথা মনলৈ আহে। সাধাৰণ ভাৱে কবলৈ গ’লে ভাষাৰ মাধ্যমৰে মনৰ সুকুমাৰ ভাবৰাশি গদ্য বা পদ্যত প্ৰকাশ কৰি মানুহক আনন্দ প্ৰকাশ কৰিব পৰা ৰচনাই হেছে সাহিত্য।
সাহিত্য সমালোচক মহেন্দ্ৰ বৰাই তেওঁৰ গ্ৰন্থ সাহিত্য উপক্ৰমণিকাত কৈছে যে–‘লেখিলেই সাহিত্য নহয়,ঠিক যিদৰে আঁকিলেই ছবি নহয়, গুনগুনালেই গান নহয় অথবা কঁকালটো ভাঙিলে নাচ নহয়। অথচ আজিলৈকে কোনেও সলসলীয়াকৈ ক’ব পৰা নাই কেনেধৰণৰ লেখাক সাহিত্য বুলি কয়। আমাৰ সংস্কৃত আলংকাৰিক সকলে নানা কথাৰ অৱতাৰণ কৰি ‘সাহিত্য’ শব্দটোৰ সংজ্ঞা বান্ধিবলৈ চেষ্টা কৰিছে,কিন্ত ভাল এটা সংজ্ঞা নিৰূপন কৰিব পৰা নাই।সাহিত্য শব্দটোৰ ইংৰাজী প্ৰতি শব্দ ‘লিটাৰেচাৰ ‘ৰ যিবোৰ
সংজ্ঞা পোৱা যায়, সিবিলাকো হয় অতিব্যপ্তি নহয় অব্যাপ্তিৰ দোষে পাইছে।
মহেন্দ্ৰ বৰাৰ মতে সাহিত্যৰ উপাদান চাৰিটা—
1. বৌদ্ধিক
2. অনুভূতিক
3. কল্পনালৌকিক
4. শিল্পবৃদ্ধি সংক্ৰান্ত
মহেন্দ্ৰ বৰাৰ মতে সাহিত্যৰ কৰ্মক তিনি ভাগত ভগাব পৰা যায়—
1. অন্তৰ্মুখী সাহিত্য: আপোন মনৰ উপলব্ধিক জগতৰ চোতালত উদঙাই ধৰিব পৰাতেই ইয়াৰ সাৰ্থকতা । যেনে – লিৰিক বা গীতি কবিতা, ইলিজি শোক কবিতা ৰম্য ৰচনা আদি।
2. বহিমূৰ্খী সাহিত্য: য’ত সাহিত্যকে জগতক আনি আপোন মনৰ কন্দৰত থূপাই থ’বলৈ চেষ্টা কৰে।যেনে – বেলাড বা মালিতা ,চনেট,নাটক, উপন্যাস দৰ্শন,ইতিহাস, জীৱনী প্ৰভূতি।
3. বৰ্ণনা মূলক সাহিত্য : যিবোৰৰ প্ৰধান উপকৰণ হ’ল নৈসৰ্গিক আৰু বস্তু জগতৰ বৰ্ণনা ।ঘাইকৈ
ভ্ৰমণ কাহিনী আৰু বৰ্ণনা মূলক ৰচনা সমূহ ইয়াৰ ভিতৰুৱা
সাহিত্যৰ এই শ্ৰেণী বিভাজনৰ উপৰিও আন এটি বিভাজনো আছে সেইয়া হৈছে- গদ্য সাহিত্য আৰু পদ্য সাহিত্য।
সাহিত্য সমাজ তথা জাতিৰ দাপোন স্বৰূপ। সমাজৰ ৰিতী- নিতী, চিন্তা- ভাৱনা প্ৰকৃতিৰ পৰম্পৰা আদি সকলো দিশ সাহিত্যৰ মাজেদি প্ৰতিফলিত হয়।সাহিত্যই মানুহক পৰোক্ষ আৰু প্ৰত্যক্ষ ভাৱে জীৱনৰ শিক্ষা প্ৰদান কৰে যদিও সাহিত্যৰ মূখ্য উদ্দেশ্য হৈছে বিমল আনন্দ প্ৰদান কৰা। Deled MIL notes