Know the Deled Internship Proforma in Assamese

D.el.ed internship সম্পৰ্কীয় তথ্য ।
কেনেদৰে internship report টো আকৰ্ষণীয় কৈ লিখিব । D.el.ed internship ৰিপ’ৰ্ট লিখাৰ TIPS.

যিসকল শিক্ষাৰ্থীয়ে Diploma in Elementary Education বা ডি.এল.এড কৰি আছা , তোমালোকে নিশ্চয় দুবছৰীয়া যাত্ৰা টোত School internship কৰিব লগীয়া হৈছে আৰু Internship report এটা submit কৰিব লগীয়া হৈছে । Deled Internship Proforma

এতিয়া আহো মুল কথালৈ । Internship report টো কেনেকৈ বনাব লাগে, Observation report, student profile, case study, green school ideas, writing reflective diary এই বোৰে কেনেদৰে লিখিব , কেনেদৰে তথ্য বোৰ table কৰিব, বা কেনেদৰে শুদ্ধ proforma develop কৰিব এই ক্ষেত্ৰত নিশ্চয় বহু সমস্যা সন্মুখীন হোৱা নহয়নে । এতিয়া ম‌ই এই লিখনি টোত ধুনীয়াকৈ গোটেই খিনি তথ্য বুজাই দিছো । আশাকৰোঁ তোমালোক উপকৃত হবা ।

1. প্ৰথমে আছে observation report

ইয়াতে আছে 10 নম্বৰ । Observation report টোত আমি শিকন শিক্ষন প্ৰক্ৰিয়া টো observe বা নিৰীক্ষণ কৰিব লাগে । Lower primary school ৰ ক্ষেত্ৰত “ক শ্ৰেণী” টোকো এই নিৰীক্ষণ ৰ অন্তৰ্ভুক্ত কৰিব লাগে আৰু নিৰীক্ষণ কৰা তথ্য সমূহ এখন proper proforma ত লিখিব লাগে । Observation report টো প্ৰতিদিনে তিনিটাকৈ শ্ৰেণীত কৰিব লাগিব আৰু চাৰিদিন কৰিব লাগিব অৰ্থাৎ internship পঠোৱা প্ৰথম চাৰিদিন সেই school খনলৈ গৈ তেওঁলোকৰ শিকন- শিক্ষণ প্ৰক্ৰিয়াটো observe কৰিব লাগিব ।

এতিয়া তলত observation report টো বনাব লাগিব | PDF টো তোমালোকে order দি ল’ব পাৰা ।

2. Student profile development

School Internship report ৰ দ্বিতীয় টো কাৰ্য student profile development . ইয়াতে আমি পশ্নমালা বা questionnaire এখন তৈয়াৰ কৰিব লাগিব আৰু শিক্ষাৰ্থী- শিক্ষক উভয়ৰে পৰা তথ্য সংগ্ৰহ কৰিব লাগিব । এইক্ষেত্ৰত পশ্নমালাত অন্তৰ্ভুক্ত কৰিব লগীয়া প্ৰশ্ন বোৰ শিশু কেন্দ্ৰিক হ’ব লাগিব । ইয়াৰ বাবে Format টোৰ PDF টো তোমালোকে order দি ল’ব পাৰা | ইয়াতে 5 marks আছে | Deled Internship Proforma

3. Interaction and Dialogue with students (analysis report)

ইয়াতে তোমালোক শিক্ষাৰ্থী গৰাকীৰ লগত কথা পাতিব লাগিব । তেওঁলোকৰ জীৱনক প্ৰতিনিধিত্ব কৰা কিছুমান কথা পাতিব লাগিব যেনে- তুমি ডাঙৰ হৈ কি হবা ? তোমাৰ কি কৰি ভাল লাগে ইত্যাদি । আৰু এই গোটেই process টোত শিক্ষাৰ্থী গৰাকীয়ে তোমাক কেনেদৰে response দিছে , ভালদৰে co- operate কৰিছেনে আদিৰ বিষয়ৰ ওপৰত গুৰুত্ব দিব লাগিব আৰু এই কথা খিনি বিশ্লেষণ কৰিব লাগিব । ইয়াৰ বাবে প্ৰথমে এখন proforma বনাব লাগিব আৰু সামৰণি হিচাপে বিশ্লেষণ এটা আগবঢ়াব লাগিব । এই কাৰ্য টো কৰোতে বেলেগ বেলেগ social আৰু economical তথা বেলেগ বেলেগ শ্ৰেণীৰ কমেও 5 জন শিক্ষাৰ্থী ল’ব লাগিব । ইয়াতে total marks 10 আছে । ইয়াৰ বাবে proforma আছে | PDF টো তোমালোকে order দি ল’ব পাৰা । Deled Internship Proforma

এই ক্ষেত্ৰত যিটো analysis report হ’ব তাত highlight কৰিব লগীয়া point কেইটা হৈছে – শিক্ষাৰ্থী গৰাকীয়ে ভালদৰে সহযোগ কৰিছেনে? আচাৰ ব্যৱহাৰ কেনেকুৱা , প্ৰশ্নবোৰ সোধোতে অন্যমনস্ক হৈ আছে নেকি? কথা ক‌ঁওতে খোকোজা লাগে নেকি? আদি |

4. Reading skill observation (analysis report) – Total marks 10

Reading skill observation কৰোতে মাতৃ ভাষা আৰু ইংৰাজী ভাষাৰ reading skill টো চাব লাগিব । শ্ৰেণী কোঠাত শিক্ষাৰ্থীক পঢ়িবলৈ দিব, আৰু তোমালোকে নিম্নলিখিত points বোৰ observe কৰিবা আৰু তাৰ ওপৰত এটা analysis report লিখিবা । PDF টো তোমালোকে order দি ল’ব পাৰা ।

5. Case study of learner ( Total marks 10 )

ইয়াতে তোমালোকে বেলেগ বেলেগ socio economic background ৰ 4 গৰাকী শিক্ষাৰ্থী নিৰ্বাচন কৰিব লাগিব । একে class হ’ব লাগিব বুলি কোনো কথা নাই। Case study ৰ ক্ষেত্ৰত শিক্ষাৰ্থী গৰাকীৰ ঘৰুৱা পৰিৱেশ, সামাজিক পৰিৱেশ, শিক্ষাৰ্থী গৰাকী সম্বন্ধীয় কিছুমান তথ্য যেনে – বয়স, নাম, পৰিয়ালৰ সদস্য সংখ্যা, শিক্ষাৰ্থী গৰাকীৰ আচৰণ (বিদ্যালয়ত কেনে, ঘৰত কেনে) , বিদ্যালয়ত নিয়মীয়া হয় নে , পঢ়া শুনাত বেছি আগ্ৰহী নে খেলা ধূলাত , ঘৰত পাবলগীয়া গুৰুত্ব দিয়ে নে ? পিতৃ মাতৃৰ কৰ্তব্য পালন কৰে নে , পৰিয়ালৰ সদস্য শিক্ষাৰ্থী গৰাকীৰ জীৱনত কিবা কু প্ৰভাব পেলাইছে নেকি ইত্যাদি কথা বোৰ highlight কৰি ধুনীয়াকৈ analysis কৰিবা আৰু student অৰ passport photo একপি paste কৰি দিবা |

6. Green school idea (Total marks 5)

ইয়াতে তোমালোকে green school মানে কি ? কোনবোৰ দৃষ্টিকোণৰ পৰা বিদ্যালয় এখনক “সেউজ বিদ্যালয়” ৰূপে আখ্যা দিব পাৰি ? “সেউজ বিদ্যালয়” হ’বলৈ হ’লে infrastructure কেনে হোৱা উচিত এইবোৰৰ বিষয়ে কিছু বাখ্যা কৰিব লাগিব আৰু তুমি যিখন বিদ্যালয়ত internship কৰি আছা সেই বিদ্যালয় খনৰ পৰিৱেশ বা infrastructure টো green school ideaৰ লগত সম্পূৰ্ণ খাপ খাইছেনে , যদি নাই তেনেহলে বিদ্যালয় খনত কি কি ideas include কৰি এখন “সেউজ বিদ্যালয়” ৰূপে গঢ়ি তুলিব পৰা যাব তাৰ ওপৰত নিজাকৈ মতামত দিবা ।
ইয়াৰ লগত সংগতি ৰাখি বৃক্ষ ৰোপন, পেলনীয়া কাৰ্টনেৰে ডাষ্টবিন সজা ইত্যাদি activity শিক্ষাৰ্থী সকলক লগত লৈ কৰিব পাৰা । Deled Internship Proforma

7. Organization of art and creative Education (Total marks – 5)

ইয়াতে শিক্ষাৰ্থী সকলক লৈ কিছুমান সাংস্কৃতিক তথা creative কাৰ্য কলাপ কৰিব লাগিব যেনে – কবিতা আবৃত্তি, চিত্ৰাংকন প্ৰতিযোগিতা, নৃত্য, গীত – মাত , নাটক ইত্যাদি । এই অনুষ্ঠান বোৰ তোমালোকে group হিচাপত কৰিবা আৰু ইয়াৰে report এটা লিখিবা। কেনেকৈ কৰিলা, শিক্ষাৰ্থীৰ অংশগ্ৰহণ কেনেকুৱা, performance কেনেকুৱা , ইয়াৰ পৰা তেওঁলোকে কি শিকিলে ইত্যাদি বোৰ highlight কৰিবা ।

8. Preparation of action plan on work education (Total marks – 5)

তোমালোক D.el.ed first semester নিশ্চয় work Education ৰ বিষয়ে কিছু পঢ়িছিলা , গতিকে work Education শিক্ষাৰ্থীক কেনেদৰে সহায় কৰে , work Education কি এনেধৰনৰ point ৰে আৰম্ভনি কৰিব পাৰা ।
ইয়াতে তোমালোকে এখন action plan বনাব লাগিব । মানে work Education অন্তৰ্গত activity তিনিটা/ চাৰিটা লৈ সেই activity কেইটা কেনেদৰে implement কৰিবা সেই বিষয়ে লিখিব লাগিব । তাৰ এটা নমুনা তলত উল্লেখ কৰা হৈছে |

ইয়াতে তোমালোকে hand magazine, Wall magazine, collage, origami ইত্যাদি বোৰো অন্তৰ্ভুক্ত কৰিব পাৰিবা |

PDF টো তোমালোকে order দি ল’ব পাৰা ।

9. Yoga (Total marks – 5)

ইয়াতে তোমালোকে শিক্ষাৰ্থী সকলৰ লগত yoga কৰিব লাগিব । Morning assembly আগত এই কাৰ্যকলাপ টো কৰিব লাগিব । ডি.এল.এড first semester নিশ্চয় about yoga or types of yoga বিষয়ে পঢ়িছিলা , সেই বস্তু খিনিয়ে ইয়াতে practically কৰিব লাগিব । এই activity টো তোমালোকে গ্ৰুপ হিচাপে কৰিবা আৰু পদ্মাসন, ভুজাঙ্গসন, বজ্ৰাসন আদি শিক্ষাৰ্থী সকলক শিকাবা । এই ক্ষেত্ৰত যদি তোমালোকক sir/ma’am হতে report লিখিব দিয়ে তেন্তে কেনেকৈ কৰিলা, শিক্ষাৰ্থীৰ অংশগ্ৰহণ কেনে, কি কি yoga শিকালা এই বিষয়ে চমুকৈ লিখিলে হ’ল আৰু যদি report লিখিব নালাগে বুলি কয় তেন্তে অকল photo submit কৰিলেই হ’ব |

10. Writing reflective journal/diary (Total marks- 10)

এইটো একেবাৰে সহজ, বেলেগ একো নাই ইয়াতে তোমালোকে বিদ্যালয়লৈ গৈ কি কি কৰিলা সেই কথাখিনিকে সজাই পৰাই লিখিলে হ’ল |

11. SWOT analysis এইটো বহুতেই বুজি নাপায় ।

S= strength
W= weakness
O= opportunities
T= threats
অৰ্থাৎ তুমি য’ত school internship কৰি আছা সেই school খনৰ strength কি কি দিশত আছে? weakness কোন খিনি দিশত? opportunities কি কি আছে? threats কোনবোৰ এইখিনি উপস্থাপন কৰিব লাগিব । ইয়াৰ বাবে এখন ডাঙৰ আৰ্ট পেপাৰ লৈ 4 টা সমান জোখৰ square size box বনাই তাতে এটা ভাগত S আনটো ভাগত W আন এটা এটা ভাগত O আৰু আনটো ভাগত T বিষয়ে point point কৈ 5/6 টা মান point লিখিলে হ’ল ইয়াৰ এটা design তলত দি দিছো –

12. ECCE activity (Total marks 15)

এই activity টো “ক শ্ৰেণীৰ” শিক্ষাৰ্থী সকলৰ লগত কৰিব লাগিব minimum 5 days . ইয়াতে practical কাম কিছুমান কৰিব লাগিব যেনে – ফুল কিছুমান সংগ্ৰহ কৰি গোন্ধ থকা ফুল নথকা ফুলৰ পৃথকী কৰণ, colour matching কৰা, rhymes গোৱা ইত্যাদি । আৰু এই 5 দিনীয়া ECCE activity টো কেনেদৰে কৰিলা, কি কি activity কৰিলা, শিক্ষাৰ্থীৰ অংশগ্ৰহণ কেনে ? কিমান সময় কৰিলা এইবোৰ কথা report আকাৰে সুন্দৰ ভাবে উপস্থাপন কৰিব লাগিব ।

সামৰণি

ইয়াতে ম‌ই d.el.ed. second semester অৰ school internship কথা খিনি তোমালোকক জনালোঁ । Semester wise কিছু সাল সলনি হয় কিন্তু প্ৰায় একেই । And guys, we hope it will help you to prepare a Better school Internship report for d.el.ed. আৰু কিবা নজনা থাকিলে comment box জনাবা, definitely we will help you.

kids in school

Link to Order PDF

https://rzp.io/l/Tt9bDWW

PDF will be sent to your email.

2 thoughts on “Know the Deled Internship Proforma in Assamese”

  1. Yes, but you have to make payment through the same link. Price is same for both. And you’ll get that by Sunday. So, make the payment before that. You’ll receive those in your email.

    Reply

Leave a comment