Best Deled notes on Asana, Pranayama, Mudra and Dhyana

First semester Deled notes

প্ৰাণায়াম | Pranayama

What is pranayama and its types?

প্ৰাণায়াম মানে কি ? প্ৰাণায়াম কেনেদৰে কৰা ? Deled notes

       প্ৰাণায়াম শব্দটোৰ উৎপত্তি প্ৰাণ আৰু আয়াম এই দুটা শব্দৰ পৰা হৈছে | Deled notes

  উপনিষদৰ মতে প্ৰাণ হ’ল জীৱন আৰু চেতনাৰ মৌলিক উপাদান,প্ৰাণ হল ব্ৰহ্মাণ্ডৰ সমস্ত জীৱনৰ জীৱনদায়িনী শক্তি,সমস্ত জীৱকুলে এই জীৱন দায়িনী স্বৰুপ প্ৰানৰ বাবে জীৱন লভে,জীয়াই থাকে,আৰু লয়ো হয় এই জীৱন শক্তিৰ মাজতেই  |

   আকৌ,আয়াম শব্দটোৰ অৰ্থ হৈছে প্ৰসাৰণ,গতিকে,প্ৰাণায়াম মানে হৈছে প্ৰাণৰ প্ৰসাৰণ  |

অৰ্থাৎ, প্ৰাণায়াম হৈছে শ্বাস-প্ৰস্বাসৰ এবিধ প্ৰক্ৰিয়া, যি প্ৰক্ৰিয়াৰ দ্বাৰা শ্বাস-প্ৰশ্বাসক নিজৰ নিয়ন্ত্ৰণ অধীনত ৰাখি প্ৰৱাহিত কৰা হয়, এই প্ৰক্ৰিয়াৰ দ্বাৰা দীঘলকৈ শ্বাস লৈ সৰহ পৰিমাণৰ বায়ু হাওঁফাওঁৰ ভিতৰলৈ নিয়া হয়,তাত আৱদ্ধ কৰি ৰখা হয় আৰু বাহিৰ কৰি নিয়া হয় |

     প্ৰাণায়ামৰ দ্বাৰা বায়ু ভিতৰলৈ নিয়া কাৰ্যক অৰ্থাৎ শ্বাস গ্ৰহণ কৰা কাৰ্জক পূৰক,আৱদ্ব কৰি ৰখা কাৰ্যক কুম্ভক আৰু ত্য়াগ ৰেচক বুলি কোৱা হয়, এই প্ৰক্ৰিয়া কৰিবলৈ জোৱাৰ আগতে প্ৰথমতে দীঘল কৈ শ্বাস লৈ হাওঁফাওঁ দুখন যথাসাধ্য বায়ুশুণ্য কৰি লোৱা হয় আৰু এই কাৰ্যক শূণ্যক বুলি কোৱা হয় |

            সকলো প্ৰকাৰৰ প্ৰাণায়ামতে এই চাৰিটা প্ৰক্ৰিয়া থাকে, ইয়াৰে কুম্ভক প্ৰক্ৰিয়াটো প্ৰথমতে কৰা নহয় কেৱল পুৰক আৰু ৰেচকেৰেহে প্ৰাণায়ামৰ আৰম্ভণি কৰা হয়, কুম্ভক প্ৰক্ৰিয়াটো অতি সাৱধানে বিশেষ জনৰ তও্বাবধানতহে কৰা উচিত, কাৰণ ভুল হলে লাভৰ পৰিৱৰ্তে লোকচান হে বেছি হব  | কুম্ভকৰ সময় লাহে লাহে বঢ়াই নি পুৰকৰ চাৰিগুণ কৰিবলৈ লাগে, প্ৰাণায়ামৰ পুৰক, কুম্ভক আৰু ৰেচকৰ আদৰ্শ অনুপাতটো হৈছে ১:৪:২  | Deled notes

প্ৰাণায়ামৰ প্ৰকাৰবোৰ কি কি ?

    প্ৰাণায়ামৰ বিভিন্ন প্ৰকাৰ আছে   | তাৰ ভিতৰত কেইটামান উল্লেখযোগ্য প্ৰকাৰ হ’ল —

১)  উজ্জায়ী প্ৰণায়াম

২)  ভস্ৰিকা  প্ৰাণায়াম

৩)  অনুলোম বিলোম প্ৰাণায়াম

৪) চন্দ্ৰভেদ প্ৰাণায়াম

৫) শীতলী প্ৰাণায়াম

৬) ভ্ৰামৰী প্ৰাণায়াম

৭) সীতকাৰী প্ৰাণায়াম

৮) মুৰ্চ্ছা প্ৰাণায়াম

৯) প্লাৱণী প্ৰাণায়াম

১০) সূৰ্যভেদ প্ৰাণায়াম

                  সিপিঠিত উল্লেখিত প্ৰাণায়াম বোৰৰ ভিতৰত ভস্ৰিকা,অনুলোম বিলোম আৰু কপাল ভাটি এই তিনিবিধ প্ৰাণায়ামৰ বিষয়ে তলত বহলাই আলোচনা কৰা হল-

১) ভস্ৰিকা  : কমাৰ সকলে জুইত ফুক দিয়াৰ কাৰণে জিটো যন্ত্ৰ ব্যৱহাৰ কৰে,তাৰ নাম হৈছে ভস্ৰিকা বা ভাটী, এই ভস্ৰিকা যন্ত্ৰত যিদৰে দ্ৰুত বায়ু পুৰণ কৰা হয় আৰু যিদৰে তাক দ্ৰুত বায়ুশূণ্য কৰা হয়,এই প্ৰাণায়ামটো কিছু পৰিমাণে এনেধৰণৰ বাবে ইয়াক ভস্ৰিকা প্ৰাণায়াম বোলা হয় | Deled notes

প্ৰণালী : প্ৰথমতে,পদ্মাসনত বহি উদৰ বুকু আৰু ডিঙি প্ৰভৃতি সবল ৰাখিব লাগে,

    দ্বিতীয়তে,৩\৪ মিনিট কপালভাটি অভ্যাস কৰিব লাগে অৰ্থাৎ বাঁও নাকেৰে উশাহ লৈ সোঁ নাকেৰে এৰি দিয়ক আকৌ সোঁ নাকেৰে উশাহ লৈ বাওঁ নাকেৰে এৰি দিয়ক, এনেদৰে ৮\১০ বাৰ মান কৰক  |

    তৃতীয়তে,সশব্দৰে উভয় নাকেৰে বায়ু ৰেচন কৰক |

উদৰৰ বায়ু যেতিয়া সম্পূৰ্ণৰূপে বাহিৰ হৈ যাব, তেতিয়া আকৌ সশব্দে সাধ্যমতে দীৰ্ঘ সময় ধৰি দুয়ো নাকেৰে বায়ু আকৰ্ষণ কৰক, জলবন্ধকসহ কিছু সময় কুম্ভকত থাকি শ্বাস ত্যাগ কৰক  | ৰেচকৰ সময়ত থুতুৰি ডিঙিৰ গাতৰ পৰা উত্তোলিত কৰি ৰাখিব |

    এইদৰে প্ৰতিবাৰত কমেত কমেও ৫ মিনিট কৈ দুয়োটা নাকেৰে ৰেচক-পুৰকৰ অভ্যাস কৰিব লাগে  |

উপকাৰিতা  : 1) ভস্ৰিকা প্ৰানায়ামৰ অভ্যাসৰ ফলত নাকৰ বিন্ধা খোল খায়,চাইনাচ অঞ্চলত জমা হোৱা বিষাক্ত পদাৰ্থ,ময়লা আদি বাহিৰ হয়  |

 2) শ্বাসনলী পৰিষ্কাৰ হয়, হাওঁফাওঁ সবল হয়, হাওঁফাওঁৰ বায়ুকোষ সমূহত অক্সিজেনৰ সংগ্ৰহ আৰু কাৰ্বন-ডাই অক্সাইডৰ নিষ্কাষনৰ ক্ষমতা বাঢ়ে ফলত হাপানী আদিকে কৰি শ্বাস-প্ৰশ্বাসৰ ৰোগ আৰোগ্যত সহায় হয় |

 3) মুৰ আদি হৃদযন্ত্ৰৰ যথেষ্ট পৰিমাণে নিৰ্মল আৰু সতেজ বায়ু পোৱাৰ ফলত অংগসমূহ সুস্থ সবল হয় |

4) উদ্বেগ উত্তেজনা আদি দূৰ কৰি মানসিক প্ৰশান্তি আনে |

5) ৰোগ নিৰোধক শক্তি বৃদ্ধি কৰে |

(২)কপাল ভাটি প্ৰাণায়াম :

কপাল ভাটি হৈছে নাক-গহবৰ পৰিষ্কাৰ কৰি ৰাখিবৰ বাবে কৰা শ্বাস-প্ৰশ্বাসৰ এক প্ৰক্ৰিয়া |

প্ৰণালী  :

 1)কপাল ভাটি প্ৰাণায়ামৰ বাবে যিকোনো এটা ধ্যানাসনত বহি লওক আৰু হাত দুখন আঠুৰ ওপৰত ৰাখক |

2) এতিয়া নাকেৰে জোৰেৰে সঘনাই শ্বাস-প্ৰশ্বাস লঁওক অৰ্থাৎ পুৰক আৰু ৰেচক কৰক,কুম্ভক কৰিব নালাগে, শ্বাসৰ ওপৰত গুৰুত্ব দিব নালাগে,ই আপোনা-আপুনি হব, নিশ্বাসৰ ওপৰত গুৰুত্ব দিয়ক |

3) নিশ্বাসৰ লগে লগে পেটটো ভিতৰলৈ সংকোচন হব,জোৰ কৰি সংকোচন কৰাৰ আৱশ্যক নাই |

4) কপাল ভাটি খালী পেটে কৰা হয় | আহাৰ খোৱাৰ কমপক্ষেও চাৰিঘণ্টাৰ পাছতহে কপালভাটি কৰিব লাগে | পুৱা পাইখানা প্ৰস্ৰাৱ কৰি গা-পা ধুই কপালভাটি কৰিলে ভাল | Deled notes

   প্ৰতি চেকেণ্ডত এশবাৰ মান কপালভাটি কৰিব পাৰিলে উত্তম, মাজে মাজে জিৰণি লৈ লৈ পাঁচশ বাৰ মান কপালভাটি কৰক |

উপকাৰিতা

1) কপালভাটিৰ অভ্যাসে নাক গহ্বৰ পৰিষ্কাৰ কৰি নাকৰ বিন্ধা মুকলি কৰি শ্বাস-প্ৰশ্বাস লোৱাটো সহজ কৰি তোলে |

2) শ্বাস জনিত ৰোগ, কফৰ ৰোগ নাইকিয়া কৰে |

3) তেজত অক্সিজেনৰ পৰিমান বৃদ্ধি কৰাত কপালভাটিয়ে যথেষ্ট সহায় কৰে  |

4) এই ক্ৰিয়া অভ্যাসৰ ফলত উদৰৰ মাংসপেশী সমূহ সবল হয় |

5) ই শ্বাস ক্ৰিয়াক আৰু শ্বাসযন্ত্ৰ সমূহক প্ৰাণায়াম কৰিবৰ বাবে উপযোগী কৰি তোলে |

     নিষেধ:  উচ্চ ৰক্তচাপ, হৃদৰোগ, অন্ত্ৰক্ষত আদি ৰোগত ভোগা ৰোগীসকলে কপালভাটি কৰিব নালাগে |কৰিলেও চিকিৎসক আৰু যোগ বিশেষজ্ঞৰ তত্বাৱধানত কৰা উচিত |

 (৩)অনুলোম বিলোম

অনুলোম বিলোম তিনি প্ৰকাৰৰ—

(a) চন্দ্ৰ অনুলোম বিলোম |

(b) সূৰ্য অনুলোম বিলোম |

(c) সালসলনিকৈ কৰা অনুলোম বিলোম অনুলোম বিলোম হৈছে যোগৰ এক নিৰ্দিষ্ট প্ৰকাৰৰ প্ৰাণায়াম বা নিয়ন্ত্ৰিত উশাহ |

(a)চন্দ্ৰ অনুলোম বিলোমৰ প্ৰাণালী

1. যিকোনো এটা ধ্যানাসনত বহি লওক |

2. মেৰুদণ্ড, ডিঙি আৰু মূৰ সহজভাবে পোনকৈ ৰাখিব শৰীৰ শিথিল কৈ ৰাখিব |

3. বাওঁহাতখন জ্ঞানমুদ্ৰা কৰি বাওঁ আঠুৰ ওপৰত ৰাখক সোঁ হাতখন নাসিকা মুদ্ৰা কৰি বুঢ়া আঙুলিৰে সোঁ নাকৰ বিন্ধা বন্ধ কৰি বাওঁ নাকেৰে দীঘলকৈ শ্বাস গ্ৰহণ কৰক |

4. শ্বাস লোৱা সম্পূৰ্ণ হলে আকৌ দীঘলকৈ শ্বাস ত্যাগ কৰক, এইদৰে বাওঁনাকেৰে কেইমিনিটমান শ্বাস গ্ৰহণ কৰক আৰু ত্যাগ কৰক |

 উপকাৰিতা

 1. এই ক্ৰিয়াৰ ফলত মন প্ৰশান্ত হয় |

 2. শৰীৰৰ ৰক্তচাপ তললৈ নামে | উচ্চ ৰক্তচাপত ভোগা লোকৰ বাবে উপকাৰী  |

3.  মানসিক অশান্তি গ্ৰস্ত লোকে এই ক্ৰিয়া ২০\২৫ বাৰকৈ পুৱা,দুপৰীয়া,সন্ধ্যা আহৰৰ লগে লগে আৰু শুৱাৰ আগে আগে কৰিলে সুফল লাভ হয় |

(b)সূৰ্য অনুলোম বিলোম                                                                                

       সূৰ্য অনুলোম বিলোমত বাঁও নাক বন্ধ কৰি সোঁ নাকেৰে শ্বাস লোৱা আৰু শ্বাস ত্যাগ কৰা কাৰ্যটো কৰিব  | বাকীখিনি চন্দ্ৰ অনুলোম বিলোমৰ দৰেই |

 উপকাৰিতা-

1.এই ক্ৰিয়াই শৰীৰত তাপ বৃদ্ধি কৰে বাবে ই শীতকালৰ বাবে উপযোগী |

2.ইয়ে ৰক্ত শোধন কৰে |

সাৱধানতা :

     এই ক্ৰিয়াই ৰক্তচাপ বৃদ্ধি কৰে এইকাৰণে উচ্চ ৰক্তচাপত ভোগা লোকে এই ক্ৰিয়াটো নকৰিব |

(c) সালসলনি কৈ কৰা অনুলোম বিলোম — এই ক্ৰিয়াৰ বাবে বাকী নিয়ম একেই মাত্ৰ শ্বাস-প্ৰশ্বাসৰ নিয়ম বেলেগ |

   এই ক্ৰিয়াৰ বাবে প্ৰথমে সোঁ নাক বন্ধ কৰি বাঁও নাকেৰে দীঘলকৈ উশাহ লওঁক আৰু শ্বাস সম্পূৰ্ণ হোৱাৰ পাছত অনামিকা আৰু কনিষ্ঠা আঙুলিৰ দ্বাৰা বাঁও নাকটো বন্ধ কৰি সোঁ নাকেৰে লাহে লাহে শ্বাস ত্যাগ কৰক, শ্বাস ত্যাগ কৰা সম্পূৰ্ণ হলে, একেটা নাকেৰে শ্বাস গ্ৰহণ কৰিব আৰু আনটো নাকেৰে ত্যাগ কৰিব  |

    এইদৰে বাওঁ নাকেৰে শ্বাস গ্ৰহণ কৰি সোঁ নাকেৰে শ্বাস ত্যাগ কৰা আৰু সোঁ নাকেৰে শ্বাস লৈ বাওঁ নাকেৰে এৰালৈকে সম্পূৰ্ণ এটা চক্ৰ সম্পূৰ্ণ হয়  |

 উপকাৰিতা -1.হাওঁফাওঁৰ জীৱনী শক্তিৰ নিৰ্দেশিকা উৰ্ধগামী হয় |

2 .ওজন হ্ৰাস কৰাত সহায় কৰে |

3. হতাশা, উৎকণ্ঠা অশান্তি দুৰ কৰে  |                                                        

4. হৃদযন্ত্ৰৰ কাৰ্য নিয়ন্ত্ৰিত কৰি সবল কৰে  |

 সামৰণি-

   সাধাৰণ অৱস্থাত আমি বায়ুমণ্ডলৰ পৰা শ্বাস গ্ৰহণৰ সময়ত যি ২০ ভাগ অক্সিজেন গ্ৰহণ কৰো তাৰ পৰা মাত্ৰ ৪ ভাগ হে আমাৰ দেহৰ পুষ্টিত লাগে,বাকী ১৬ ভাগ অপচয় হয় |

          কিন্ত, প্ৰাণায়ামৰ অনুশীলনৰ ফলত আমি বায়ু ধাৰণ কৰি ৰাখিবলৈ সক্ষম হওঁ, আৰু বায়ুত মজুত থকা খাদ্য প্ৰাণও অপচয় নোহোৱাকৈ দেহৰ পুষ্টিত লগাব পাৰো, প্ৰমাণ আছে – সিদ্ধ যোগী সকলে বায়ুমণ্ডলৰ পৰা সকলোখিনি খাদ্যপ্ৰাণেই সংগ্ৰহ কৰে বাবে তেওঁলোকে দীৰ্ঘদীন ধৰি খাদ্য নোখোৱাকৈ থাকিবলৈ সক্ষম হৈছিল    |

   প্ৰাণায়ামৰ অনুশীলনৰ ফলত হাওঁফাওঁ আৰু হৃদপিণ্ড অধিক সবল হয়, হাওঁফাওঁ যিমানেই শক্তিশালী হব মানুহৰ বায়ুধাৰণ ক্ষমতাও সিমানেই বৃদ্ধি পায়, গতিকে,প্ৰাণায়ামৰ অনুশীলন কৰাটো খুবেই প্ৰয়োজন |                                                                 

ধ্যান

What is dhayana and its types ?

ধ্যান মানে কি ? Deled notes

 ঋষি পাতজ্ঞলিৰ মতে ধ্যান হৈছে সংযম মনক সংযমিত কৰাৰ প্ৰক্ৰিয়াৰ মাজৰ অৱস্থা   | সংযম আৰম্ভ  হয় ধাৰনাৰে আৰু শেষ হয় সমাধিৰে   |

    ধাৰণা হৈছে মনটোক কোনো এক নিৰ্দিষ্ট ঠাইত বা কামত বা চিন্তাত নীৰৱচ্ছিন্নভাৱে লগাই ৰাখিবলৈ কৰা প্ৰচেষ্টা, আৰু এইদৰে অবিৰাম চেষ্টা কৰি থকাৰ ফলত মনটো যেতিয়া কোনোফালে লৰচৰ নোহোৱাকৈ একে ঠাইতে, একেটা কামতে বা একেটা চিন্তাতে লাগি থাকিব পৰা হয়,সেই অৱস্থাটোৱে হৈছে ধ্যান |

    ধ্যানত যেতিয়া ধ্যানিয়ে নিজৰ অস্তিত্ব পাহৰি একেবাৰে ধ্যানৰ বস্তুত লিপ্ত হৈ পৰে আৰু ধ্যান, ধ্যানী আৰু ধ্যানৰ বস্তু একত পৰিণত হয় সেই অৱস্থাটোৱে হৈছে সমাধি   |

ধ্যানৰ বাবে কেনেধৰণৰ স্থান নিৰ্বাচন কৰা উচিত   ?

ধ্যান কৰিবৰ বাবে নিৰিবিলি ঠাই নিৰ্বাচন কৰিব লাগে | যত হাই উৰুমি নাই,ধূলি-মাকতিৰ ৰহিত পৰিষ্কাৰ ঠাই,যত মহ মাখিয়ে আমনি নকৰে তেনে ঠাই উত্তম, ধ্যানৰ বাবে প্ৰাকৃতিক পৰিৱেশেৰে পৰিৱেষ্টিত ঠাই হলে ভাল, এবাৰ ঠাই নিৰ্বাচন কৰি লোৱাৰ পিছত বিশেষ কাৰণ নেহোৱাকৈ সেই স্থান সলনি কৰিব নালাগে   |

ধ্যানৰ বাবে কেনেকুৱা সময় উত্তম   ?

      ধ্যানৰ বাবে নিজৰ সুবিধা অনুযায়ী এটা সময় নিৰ্ধাৰণ কৰিব লাগে আৰু সদায় সেই সময়টোৱে মানি চলিব লাগে, ধ্যানৰ বাবে উত্তম সময় হৈছে ব্ৰক্ষ্মমূহুৰ্ত  | পুৱা-সন্ধ্যা বা পুৱা,দুপৰীয়া আৰু সন্ধ্যা তিনিওটা সময়তে ধ্যান কৰিব পৰা যায় |

ধ্যানৰ বাবে শাৰীৰিক পৰিৱেশ কেনে হোৱা উচিত      ?

   ধ্যান কৰাৰ আগত প্ৰস্ৰাৱ, পাইখানা কৰি গা-পা ধুই শৰীৰৰ অৰ্ন্তভাগ আৰু বহিৰ্ভাগ নিকা কৰি লব লাগে, ভোক লাগি থকা অৱস্থাত নতুবা ভৰা পেটে ধ্যান কৰিব নালাগে, ধ্যানৰ ঢিলা,বায়ু চলাচল কৰিব পৰা পৰিষ্কাৰ পোচাক পৰিপাটিকৈ পৰিধান কৰিব লাগে, বহিবৰ বাবে ব্যৱহাৰ কৰা কাপোৰ কাৰ্পেট আদি পৰিষ্কাৰ হব লাগে আৰু এইবোৰ আনক চুব দিব নালাগে  |

ধ্যানৰ বাবে কেনেদৰে বহা উচিত :

        ধ্যান কৰোঁতে একেথৰে লৰচৰ নকৰাকৈ বহুপৰ বহি থাকি এক চিন্তাত মন নিমগ্ন কৰা হয়  | সেই সময়ছোৱাত মন বাহ্যিক জগতখনৰ পৰা মুক্ত হোৱাৰ উপৰিও শৰীৰ জ্ঞানশূণ্য হব লাগে  |

  ধ্যান কৰোঁতে মূৰ,ডিঙি আৰু মেৰুদণ্ড পোন হৈ থাকিব,শৰীৰ মজিয়াৰ ওপৰত লম্বমান হৈ থাকিব দুই হাত জ্ঞান মুদ্ৰাত আঠুৰ ওপৰত থাকিব  | দৃষ্টি নাসাগ্ৰত নাইবা ভ্ৰুমধ্যত থাকিব, নাইবা চকু জাপ খাই থাকিব  |

             ধ্যান অভ্যাস কৰাৰ আগত কিছু সময় প্ৰাণায়াম কৰি লব লাগে  | প্ৰাণায়াম

 শৰীৰটো লঘু কৰাৰ উপৰিও মনৰ একাগ্ৰতা বৃদ্ধি কৰি ধ্যানৰ বাবে প্ৰশস্ত কৰি তোলে  | ধ্যানৰ সময়ত যিহেতু বহু সময় ধৰি বহি থাকিব লাগে,গতিকে শৰীৰৰ অস্বস্তি বোধ হোৱাটো স্বাভাৱিক,সেয়েহে ধ্যান অভ্যাস কৰাৰ পূৰ্ব প্ৰস্তুতি হিচাপে কেইটামান ধ্যানাসন নিয়মিয়াকৈ অভ্যাস কৰি শৰীৰটো ধ্যানৰ বাবে প্ৰস্তুত কৰি লব লাগে  |

ধ্যানৰ প্ৰকাৰবোৰ কি কি ?

ধ্যান প্ৰধানকৈ চাৰি প্ৰকাৰৰ-ট্ৰাটক ধ্যান, ৰাজযোগ ধ্যান,বিপাসনা ধ্যান,ভাৱাতীত ধ্যান  | এই প্ৰকাৰ কেইটাৰ বিষয়ে তলত আলোচনা কৰা হল—

 1 ) ট্ৰাটক ধ্যান   : (I) ট্ৰাটক ধ্যান কৰিবৰ বাবে এগচি বন্তি, এডাল মমবাতি,নাইবা ইষ্ট দেৱতা /দেৱীৰ প্ৰতিমূৰ্তী,নাইবা এপাহ ফুল চকুৰ পোনে পোনে স্থাপন কৰি লওঁক  |

   (ii)এতিয়া ধ্যানৰ বাবে ৰখা বস্তুটোৰ পৰা প্ৰায় তিনিফুট মান আঁৰত যি কোনো এটা ধ্যানাসনত বহক | মুৰ ডিঙি আৰু মেৰুদণ্ড পোনকৈ ৰাখক |

(iii) হাতদুখন জ্ঞান মুদ্ৰা কৰি আঠুৰ ওপৰত ৰাখক শৰীৰৰ সকলো বিলাক মাংসপেশী শিথিল কৰি দি সহজভাৱে বহক, এতিয়া সন্মুখত ৰখা বস্তুটোলৈ চাওক আৰু বস্তুটোৰ সকলো বিলাক অংশ তন্ন তন্ন কৈ নিৰীক্ষণ কৰি মনত ৰাখিবলৈ চেষ্টা কৰক |

(iv) বস্তুটোলৈ নিৰীক্ষণ কৰোতে চকুজুৰি সহজভাৱে ৰাখিব, অকনো চাপ পৰিবলৈ নিদিব | এইদৰে কিছুসময় নীৰিক্ষণ কৰাৰ পাছত চকু জপাওক আৰু মনোৰাজ্যত বস্তুটোৰ ছবিখন ফটফটীয়াকৈ চাবলৈ যত্ন কৰক  |

v . তাৰ পাছত চকু মেলক আৰু এই ক্ৰিয়াটো পুনৰাবৃত্তি কৰক | এইদৰে কেইবাৰমান কৰক তাৰ পিছত চকু মুদি হাতৰ তলুৱা দুখন চকুৰ ওপৰত দি কেইমিনিট মান থাকক  | শেষত বহাৰ পৰা উঠি আহি দুই চকুত হাতৰ চলুৰে কেইবাৰমান শীতল পানী ছটিয়াওক  |

2) ৰাজযোগ ধ্যান :

    i. ৰাজযোগ ধ্যান কৰিবৰ বাবে যিকোনো এটা ধ্যানাসনত বহি লওঁক,মূৰ ডিঙি আৰু মেৰুদণ্ড পোনকৈ ৰাখক  |

   ii .শৰীৰৰ সকলোবোৰ মাংশপেশী শিথিল কৰি সহজভাৱে বহক, চকু খোলাকৈ ৰাখক,দৃষ্টি ভ্ৰুমধ্যলৈ নিয়ক,এতিয়া মানসিক দৃষ্টিৰে সেই ঠাইত আত্মাক অৱলোকন কৰক  |

  iii. তাৰ পাছত মানসিক ভাৱে আত্মাক পৰমাত্মাৰ সৈতে সম্পৰ্কিত কৰিবলৈ চেষ্টা কৰক |

3) বিপাসনা ধ্যান :

  বিপাসনা ধ্যান হৈছে থেৰাবাদ বৌদ্ধধৰ্মৰ এবিধ ধ্যানৰ পদ্ধতি   | এই পদ্ধতিটো যোৱা শতিকাৰ সত্তৰ দশকত সত্য নাৰায়ণ গোৱেঙ্কাই ভাৰতবৰ্ষত জনপ্ৰিয় কৰি তোলে |

  I . বিপাসনা ধ্যান কৰিবৰ বাবে যিকোনো এখন ধ্যানাসনত বহি লওঁক |

ii. মূৰ, ডিঙি আৰু মেৰুদণ্ড পোনকৈ আৰু শৰীৰ শিথিল আৰু সহজভাৱে ৰাখক |

iii.চকু বন্ধ কৰক আৰু মন শ্বাস-প্ৰশ্বাসৰ ওপৰত নিবন্ধ কৰক  | শ্বাস-প্ৰশ্বাসক লক্ষ কৰক আৰু শ্বাস-প্ৰশ্বাস লওঁতে ভিতৰত কেনেধৰণৰ অনুভৱ কৰিছে তালৈ লক্ষ্য ৰাখক |

.iv. অনুভূতি ক্ৰমান্বয়ে গভীৰলৈ নিয়ক, প্ৰথমতে নাকৰ ভিতৰত আৰম্ভ কৰক আৰু তাৰ পিছত লাহে লাহে ভিতৰলৈ গৈ সমগ্ৰ শৰীৰৰে অনুভূতি কৰক   |

4) ভাৱাতীত ধ্যান :

   ভাৱাতীত ধ্যান পদ্ধতিটো যোৱা শতিকাৰ শেষভাগত মহৰ্ষি মহেশ যোগীয়ে বিশ্বজুৰি জনপ্ৰিয় কৰি তোলে  ।

I . এই ধ্যান কৰিবলৈ যিকোনো এখন ধ্যানাসনত বহি লওঁক,মূৰ, ডিঙি আৰু মেৰুদণ্ড পোনকৈ আৰু শৰীৰ শিথিল কৰি সহজভাৱে বহক ।

ii. হাত জ্ঞান মুদ্ৰা কৰি আঠুৰ ওপৰত ৰাখিব আৰু চকু জপাই দিয়ক,মনটো সংযম নকৰিব, ইচ্ছামতে যাবলে দিযক ।

iii. মন যিহেতু চঞ্চল, ই এটা গতিতে নাথাকে এটাৰ পৰা আন এটা চিন্তালৈ জপিয়াই ফুৰে গতিকে ইয়াক সংযমিত কৰি নাৰাখি ইয়াৰ পাছে পাছে গৈ গতি লক্ষ্য কৰক  । এটা সময়ত ই নিজে নিজে স্থিৰ হৈ ৰব  ।

iv .গুৰুসকলে ন শিকাৰুক এইদৰে কেইদিন মান অভ্যাস কৰাৰ পাছত শিকাৰুৰ প্ৰকৃতিৰ লগত খাপ খোৱাকৈ এটা মন্ত্ৰ দিয়ে, আৰু শিকাৰুৱে একো কষ্ট নকৰাকৈ মাত্ৰ মন্ত্ৰটো জপ কৰিব লাগে মনটো তাত লগাব নালাগে ।

v.   এইদৰে অভ্যাস কৰোঁতে কৰোঁতে মনটো এটা সময়ত ভাবাতীত অৱস্থালৈ যায়গৈ অৰ্থাৎ ই চেতন অৱস্থাত সীমা পাৰ হৈ অচেতন অৱস্থাত প্ৰকাশ কৰে  । 

ধ্যানৰ উপকাৰিতা :

 I .ধ্যানে মস্তিষ্কৰ প্ৰশান্তি আৰু শীতলতা আনে ।

ii . স্বয়ংচালিত স্নায়ু তন্ত্ৰৰ ওপৰত প্ৰভাৱ পেলায় অনুকম্পী আৰু পৰানুকম্পী কাৰ্য  সুনিয়ন্ত্ৰিত কৰে ।

iii . গ্ৰন্থি সমূহৰ কাৰ্যৰ সমতা আনে ।

iv . চৰ্মৰ প্ৰতিৰোধ শক্তি বঢায় ।

v.শৰীৰৰ বিপকীয় কাৰ্য মন্থৰ কৰে ।

সামৰণি :  ধ্যানৰ মুখ্য উদ্দেশ্য হ’ল মনক প্ৰশান্ত কৰি ইয়াৰ সমস্ত শক্তিক বিনাবাধাৰে নিৰৱচ্ছিন্নভাবে অধ্যায় বস্তুৰ ওপৰত  কেন্দ্ৰীভূত কৰি  সেই বস্তুৰ মূল সত্য উপলব্ধি কৰা, জ্যোতিৰুপ শক্তিৰ অৱলোৰন কৰা আৰু সৰ্বশেষত বিশ্ব ব্ৰক্ষ্মাণ্ডত পৰিব্যাপ্ত হৈ থকা মহা চৈতন্য শক্তিৰ লগত সম্পৰ্ক স্থাপন কৰা আৰু একত্ব উপলব্ধি কৰা । Deled notes

মুদ্ৰা

What is mudra and its types ?

       মুদ্ৰা হৈছে কিছুমান যৌগিক প্ৰক্ৰিয়া যিবিলাকৰ সহায়েৰে শৰীৰত কুণ্ডলিনী শক্তি উত্থাপন  কৰা হয়। মুদ্ৰা হৈছে স্বাস্থ্যাসনৰ প্ৰকাৰ ভেদ ।প্ৰতিটো আসন মুদ্ৰা হব নোৱাৰে কিন্ত প্ৰতিটো মুদ্ৰা প্ৰথমে আসন তাৰ পিছত হে সি মুদ্ৰা ।

       হঠযোগ প্ৰদীপিকা আৰু শিৱ সংহিতাত দহবিধ কৈ,সিদ্ধ সিদ্ধান্ত পদ্ধতিত বাৰ বিধ আৰু ঘেৰাণ্ড সংহিতাত পঁশিচ বিধ মুদ্ৰাৰ বৰ্ণনা কৰা হৈছে ।স্বামী সত্যানন্দ সৰস্বতীয়ে মুদ্ৰা সমূহক পাঁচটা শ্ৰেণীত ভাগ কৰিছে । এই ভাগ বোৰ হল—

( ক )হস্ত মুদ্ৰা —–  হাতৰ আঙুলিৰে কৰা কিছুমান হাতৰ ভংগী যিবিলাকৰ সহায়েৰে যোগ চৰ্চাত হাতৰ অংশত উতপন্ন হোৱা প্ৰাণ শক্তিক বাহিৰলৈ যাবলৈ নিদি অন্তৰ্মুখি কৰা হয় ।উহৰণস্বৰুপে—জ্ঞান মুদ্ৰা, ব্ৰক্ষ্ম মুদ্ৰা ইত্যাদি ।

(খ )মন মুদ্ৰা   —- মন মুদ্ৰা চকু, কাণ,নাক,ওঁঠ আদিৰে কৰা হয ।মন মুদ্ৰাৰ সৰহ সংখ্যক ধ্যান কৰোঁতে ব্যৱহৃত হয় ।যেনে-নাসিকাগ্ৰ দৃষ্টি, ভ্ৰুমধ্য দৃষ্টি, কাকী মুদ্ৰা ইত্যাদি ।

( গ )কায় মুদ্ৰা —- কায় মুদ্ৰাত শৰীৰটোৰ অংগী ভংগীৰ লগত শ্বাস-প্ৰশ্বাস আৰু ধ্যান সংযোগ কৰি কৰা হয় । যেনে—বিপৰিত কৰণীমুদ্ৰা, যোগমুদ্ৰা ইত্যাদি

( ঘ  )বন্ধ মুদ্ৰা —- বন্ধ মুদ্ৰাত শৰীৰৰ বিশেষ অংশত পেশী বা নাডী সংকোচন কৰি আভ্যান্তৰীণ চাপৰ সৃষ্টি কৰা হয় । যেনে-মুলবন্ধ,মহাবন্ধ মুদ্ৰা ইত্যাদি ।

( ঙ )আধাৰ মুদ্ৰা  —–আধাৰ মুদ্ৰাত শৰীৰৰ নিম্নাংশত অৱস্থিত শক্তিকেন্দ্ৰ,যৌনগ্ৰন্থিৰ নাড়ী সংকোচন কৰি যৌনশক্তিক উৰ্ধগামী কৰি উজ :শক্তিলৈ ৰুপান্তৰিত কৰাৰ প্ৰচেষ্টা কৰা হয় । যেনে –অশ্বিনী মুৰ্দা, ব্ৰজোলী মুদ্ৰা ইত্যাদি | Deled notes                        

মুদ্ৰাৰ প্ৰকাৰসমূহ

তলত কেইটামান গুৰুত্বপূৰ্ণ মুদ্ৰাৰ প্ৰকাৰৰ বিষয়ে আলোচনা কৰা হল—

১.মহামুদ্ৰা—গুহ্যপ্ৰদেশক বাওঁ গোৰোহাৰে চেপি ধৰি সোঁ ভৰি সন্মুখৰ পিনে প্ৰসাৰিত কৰি হাতেৰে ভৰিৰ আঙুলি ধৰি কণ্ঠ সংকোচন কৰি থুতুৰি কণ্ঠ কুপত লগাই দুই ভ্ৰুৰ মাজত দৃষ্টি নিবদ্ধ কৰি উশাহ লৈ লৈ কুহু নাৰীক আকৰ্ষণ কৰি কুম্ভক অৱস্থাত সাধ্যানুষাৰে থাকিলে মহা মুদ্ৰা সম্পন্ন হয় সোঁ ভৰি সম্প্ৰসাৰণৰ পিছত বাওঁ ভৰিৰে অনুৰুপভাৱে কৰিব লাগে ।

উপকাৰিতা –-এই মুদ্ৰা অভ্যাস কৰিলে কাঁহ, প্লীহা অজীৰ্ণতাকে ধৰি সৰ্বব্যাধি দূৰ হয়।

২.মুলবন্ধ মুদ্ৰা—এই মুদ্ৰাৰ বাবে প্ৰথমতে মেৰুদণ্ড পোন কৰি বহি লওক। এতিয়া বাওঁ ভৰিৰ গোৰোহাৰে গুহ্যদেহ চেপি ধৰক আৰু সোঁ ভৰিৰ গোৰোহা যৌনাংগৰ ওপৰত ৰাখক । এতিয়া উশাহ লোৱাৰ লগে লগে গুহ্যদেহ সংকুচিত কৰি শংখিনী নাৰীক আাকৰ্ষণ কৰিব লাগে আৰু নিশাহ এৰাৰ লগে লগে আকৰ্ষণ ঢিলা কৰিব লাগে,এইয়াই হৈছে মুলবন্ধ মুদ্ৰা ।

উপকাৰিতা –এই মুদ্ৰাৰ অভ্যাসত শংখিনী নাড়ী শক্তিশালী হয় । কৌষ্ঠকাঠিন্ন, অৰ্শ, সুপ্তি,স্থলন ৰোধ হয় । বীৰ্য্য ধাৰণ ক্ষমতা বৃদ্ধি পায় ।

৩.মহাবন্ধ মুদ্ৰা—–এই মুদ্ৰাত বাওঁ ভৰিৰ গোৰোহাৰে গুহ্যদেহ চেপি ধৰি নিৰুদ্ধ কৰি সো ভৰিৰ গোৰোহাৰে বাওঁ গোৰোহাৰ ওপৰত এনেধৰণৰ চাপ দিব লাগে যাতে বাওঁ ভৰিৰ গোৰোহাই লাহে লাহে গুহ্যদেহক পৰিচালিত আৰু আকুঞ্চিত কৰিব পাৰে । এই অৱস্থানত থাকি জালন্ধৰবন্ধ মুদ্ৰাত প্ৰাণ বায়ুক ধাৰণ কৰিব লাগে ।

উপকাৰিতা—এই মুদ্ৰাৰ অনুশীলনে জঠৰতা নাশ কৰে, এলাহ নাইকিয়া কৰে আৰু সকলো ইচ্ছা পূৰণত সহায় কৰে ।

৪. বিপৰিতকৰণী মুদ্ৰা—–এই মুদ্ৰাৰ বাবে চিত হৈ শোৱক । হাতদুখন শৰীৰৰ দুয়োকাষে ওপৰমুৱাকৈ ৰাখক । এতিয়া লাহে লাহে ভৰি দুখন ওপৰলৈ উঠাওক । ৩০ চে.মি মান ওপৰলৈ উঠায় অলপ ৰব, এতিয়া কিলাকুটি আৰু হাতৰ গাঁথিৰ ওপৰত শৰীৰটো ৰাখি ককালৰ সৈতে ভৰি দুখন ওপৰলৈ তোলক । দৃষ্টি ভৰিৰ আঙুলিত থাকিব লাগিব ।এইয়াই হৈছে বিপৰীত কৰণী মুদ্ৰা ।

উপকাৰিতা—অজীৰ্ণ ৰোগ,কৌষ্ঠকাঠিন্য দুৰ হয়,জঠৰাগ্নি বৃদ্ধি পায়,শৰীৰ সবল হয়। Deled notes

৫.অশ্বিনী মুদ্ৰা –পদ্মাসন,সিদ্ধাসন,বজ্ৰাসন বা অন্য সুবিধা জনক ধ্যানাসনত বহি বাৰে বাৰে গুহ্যদ্ধাৰক আকুঞ্চিত আৰু প্ৰসাৰিত কৰিলে আশ্বিনী মুদ্ৰা সম্পন্ন হয় ।

উপকাৰিতা –এই মুদ্ৰা অভ্যাস কৰিলে গুহ্যৰোগ বিনষ্ট হয়, বল আৰু পুষ্টি লাভ হয় আৰু অকালমৃত্যুত প্ৰতিহত হয় ।

৬. যোগ মুদ্ৰা – এই মুদ্ৰাৰ বাবে পদ্মাসনত বহিব লাগে,পদ্মাসনত বহিব নোৱাৰা বোৰে বীৰাসন বা সুখাসনত বহিব লাগে । এতিয়া হাত দুখন পিছলৈ নি বাঁও হাতেৰে সোঁ হাতৰ কব্জী ধৰক। এতিয়া নিশাহৰ লগে লগে লাহে লাহে মুৰটো নমাই নি কপাল মাটিত লগাওক । ৫ চেকেণ্ড নিশাহ বন্ধ ৰাখি পুনৰ উশাহ লৈ লৈ মুৰ আৰু গা পোন কৰি পূৰ্বাবস্থালৈ আহি বহক।৯ ৰ পৰা ১০ বাৰ এই অনুস্থানটো কৰিব পাৰিলে ভাল।

উপকাৰিতা—কৌষ্ঠকাঠিন্য ক্ৰমশ:ভাল হয়,শৰীৰৰ মেদ বৃদ্ধি প্ৰতিৰোধ কৰে, হৃদযন্ত্ৰ সবল হয়, এই মুদ্ৰাৰ বাবে কোনো বয়সৰ বাধা নিশেষ নাই ।

৭. উড্ডীয়ানবন্ধ মুদ্ৰা—এই মুদ্ৰাৰ বাবে পোন হৈ থিয় দি দুই ভৰিৰ মাজত ১ বা ১/2 ফুট ফাঁক ৰাখি থিয় দিয়ক । হাত দুখন আঠুৰ ওপৰত ৰাখক ।মূৰ আৰু কান্ধ কিছু অৱনত কৰক । এতিয়া শ্বাস ত্যাগ কৰি উদৰ বায়ুশূন্য কৰি কুম্ভক অৱস্থাত নাভিৰ উৰ্দ্ধভাগ উদৰত আকুঞ্চিত কৰিব লাগে যাতে ই পিছফালে স্পৰ্শ কৰিব পাৰে। ইয়েইে হৈছে উড্ডীয়ানবন্ধ মুদ্ৰা । এই মুদ্ৰাক মৃত্যুমাতঙ্হ্ৰ কেশৰীও বোলা হয় । Deled notes

উপকাৰিতা — এই মুদ্ৰা অনুশীলন কৰিলে অগ্ৰিগ্ৰন্থি আৰু বৰণগ্ৰন্থি সবল হয় । হাৰ্ণিয়া, অজীৰ্ণ, কৌষ্ঠকাঠিন্য,অম্লশূল, এপেণ্ডিচাইটিছ, অন্ত্ৰক্ষত,অন্ত্ৰত ফোঁহা আদিৰ পৰা ৰক্ষা পোৱা যায় ।

সামৰণি– মুদ্ৰা সমূহ অঙ্যাসৰ ফলত শৰীৰটো নিৰোগী আৰু সুস্থ সবল হয় ।কিন্ত যদিহে কোনো ব্যক্তিৰ হাৰ্টৰ অপাৰেচন,বা কোনো মেজৰ অস্ত্ৰোপ্ৰচাৰ কৰা আছে তেন্তে কঠিন মুদ্ৰা সমূহ অভ্যাস নকৰাই ভাল । গৰ্ভৱতী মহিলা সকলেও বিশেষ পৰামৰ্শ লৈহে নিৰ্দিষ্ট কেইটামান মুদ্ৰা অভ্যাস কৰিব পাৰে ।

আসন

What is Aasana and its types ?

আসনৰ চমু পৰিচয়

    পতঞ্জলি মুনিয়ে তেওঁৰ বিখ্যাত গ্ৰন্থ যোগসূত্ৰত আসনৰ সংজ্জা দি কৈছে যে-“স্থিৰ সুখম  আসনম” অৰ্থাত আসন কিছুমান এনেকুৱা শাৰিৰীক ভংগীমা যত অভ্যাস কাৰীয়ে স্থিৰতা আৰু সুখ অনুভৱ কৰে ।

   আসন হৈছে মানুহৰ সুস্থ শৰীৰ আৰু সুস্থ মন প্ৰাপ্তিৰ বাবে কৰা এলানি শাৰীৰিক যৌগিক ব্যায়াম।পৃথিৱীত আসনৰ সংখ্যা অলেখ। ঘেৰণ্ড সংহিতাত উল্লেখ কৰা হৈছে যে-ভগৱান শিৱই ৮৪ লক্ষ আসন থকাৰ কথা কৈছে ।এই আসন বোৰৰ ৮৪ টা আসন শ্ৰেষ্ঠ আৰু মাত্ৰ ৩২ টা হে মানুহৰ বাবে উপকাৰী । Deled notes

  আকৌ স্বামী আত্মাৰামে তেওঁৰ বিশেষ গ্ৰন্থ হঠযোগ প্ৰদিপীকাত মাত্ৰ ১৬ টা আসনৰ হে কথা উল্লেখ কৰিছে ।

সমস্ত আসন সমূহ অভ্যাসকাৰীৰ সুবিধাৰ্থে তিনিটা ভাগত ভগাব পাৰি-

(১)ধ্যানাসন—ধ্যান,ধাৰণা সমাধি ইত্যাদি উচ্চ মাৰ্গৰ সহায়ক । ধ্যানাসনৰ লগত স্বাস্থৰো সম্পৰ্ক আছে যদিও সেইয়া মুখ্য নহয় ।

(২)স্বাস্থ্যাসন—দেহটোক সুস্থ-সবল ৰাখি শৰীৰটোক নিৰোগী হোৱাত সহায় কৰে ।

(৩)বিশ্ৰান্তি আসন—কঠোৰ অনুশীলনৰ ফলত এই আসন কৰি দেহটোক জিৰণি দি পুনৰ অনুশীলনৰ বাবে সাজু কৰি তোলে ।

আসন অনুশীলনৰ ক্ষেত্ৰত কিছুমান চৰ্ত মানি চলা উচিত—

(ক)আসন অনুশীলনৰ আগত পৰিমিত আহাৰ আৰু সহজে হজম হোৱা আহাৰ গ্ৰহণ কৰিব লাগে , ৰাগিয়াল বস্তু,মাছ,মাংস আদিৰ পৰা বিৰত থকাটো বাঞ্ছনীয় ।

(খ)ঢিলা,বায়ু চলাচল কৰিব পৰা পৰিষ্কাৰ পোছাক পৰিধান কৰিব লাগে ।

(গ)আনক অনুকৰণ কৰি নিজে কেতিয়াও কঠিন আসন অনুশীলন নকৰিব

আসন সদায় সহজৰ পৰা অনুশীলন কৰি কঠোৰতাৰ ফালে যোৱা উচিত ।

(ঘ)আসনৰ ক্ষেত্ৰত , আসন অনুশীলন কৰা ঠাইডোখৰ নিৰল , বতাহ চলাচল কৰিব পৰা আহল বহল হব লাগে আৰু সুস্থিৰ ভাৱে অনুশীলন কৰিব লাগে ,এটা আসন অলুশীলন কৰিয়ে খৰখেদাকৈ আনটো আসন কৰিবলৈ যাব নালাগে । Deled notes

আসনৰ প্ৰকাৰসমূহ—

আসন বিভিন্ন প্ৰকাৰৰ আছে । সকলোবোৰ আসনৰে বিশেষ উপকাৰিতা আছে।সিপিঠিত আসন সমূহৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰকাৰ বহলাই আলোচনা কৰা হল—-

1 . শলভাসন—(অৰ্ধশলভাসন আৰু শলভাসন)

প্ৰণালী—(1) প্ৰথমে পেট পেলাই শুই পৰক,ভৰি দুখন লগ লগাই ৰাখিব,হাত দুখন গাৰ কাষত আৰু তলুৱা মজিয়াত লগাই ৰাখিব ।

2. এতিয়া মুৰটো দাঙি ডিঙিটো পিছফাললৈ ভাঁজ কৰি থুতুৰি মজিয়াত লগাওক ।

3. এতিয়া শ্বাস গ্ৰহণৰ লগে লগে পিঠিৰ সাংসপেশী সংকোচন কৰি সোঁ ভৰিখন আঠুত ভাঁজ নিদয়াকৈ পোনকৈ ৰাখি সাধ্যানুসাৰে ওপৰলৈ তোলক। নিতম্ব বাওঁফাললৈ বেঁকা নকৰিব আৰু শ্ৰোণী অঞ্চল নাদাঙিব।

4. এই ভংগীত স্বাভাৱিক শ্বাস-প্ৰশ্বাসেৰে কিছু সময় স্থিতিৰে থকাৰ পিছত শ্বাস এৰি লাহে লাহে আৰম্ভৰ অৱস্থালৈ আহক ।

5.একেদৰে বাঁও ভৰিখন দাঙিও আসনটো কৰক এইটোৱে হৈছে অৰ্ধশলভাসন।

শলভাসন—এই আসনৰ বাবে অৰ্ধশলভাসনৰ নিচিনাকৈ একে পদ্ধতিৰে শ্বাস লোৱাৰ লগে লগে দুয়োখন ভৰি একেলগে ওপৰলৈ তোলক ।

তাৰ পাছত স্বাভাৱিকভাৱে শ্বাস-প্ৰশ্বাস লৈ সেই অৱস্থাত কিছু সময় স্থিতিৰে অৱস্থান কৰি নিশ্বাসৰ লগে লগে লাহে লাহে আৰম্ভৰ অৱস্থালৈ ঘূৰি আহক । চাব যাতে কোনো অৱস্থাতে আঠু ভাঁজ নলয় ।

উপকাৰিতা—(1) শলভাসন অভ্যাসৰ ফলত মেৰুদণ্ডৰ টিকা,ত্ৰিকাস্থি আৰু পুচ্চাস্থি অঞ্চলৰ নমনীয়তা বৃদ্ধি পায় ।

2) পিঠিৰ বিষ, লম্বাগো আদি ৰোগ দুৰীকৰণত এই আসনে সহায় কৰে ।

3) এই আসন নিয়মিয়াকৈ অনুশীলন কৰিলে ভৰি আৰু নিতম্বৰ অংশ সুস্থ-সবল হয়।উদৰ গহবৰত থকা যকৃত,অগ্নাশয়,পাকস্থলী, অন্ত্ৰ, বৃক্ক , প্লীহা অধিবৃক্ক গ্ৰন্থি আদি অভ্যন্তৰঅংগ সমূহো সুস্থ সবল হৈ উঠে ।

4)  কোষ্ঠবদ্ধতা ৰোগ নিৰাময় হয় । Deled notes

নিষেধ—হাৰ্টৰ চাৰ্জাৰী , থকা মানুহ ,গৰ্ভৱতী মহিলা ,মেৰুদণ্ডৰ ডিচ ৰ সমস্যা থকা মানুহে এই আসনৰ পৰা বিৰত থকাই ভাল ।

২.নৌকাসন—নৌকাসন দুটা পদ্ধতিৰে কৰিব পাৰি এটা হল চিত হৈ শুই আৰু দ্বিতীয়টো পেট পেলাই শুই ।

চিত হৈ শুই কৰা নৌকাসনৰ প্ৰণালী

(i)চিত হৈ শুই পৰক , ভৰি দুখন লগলগাই ৰাখিব হাত দুখন দীঘলকৈ মেলি তলুৱা দুখন দুই উৰুৰ ওপৰত ৰাখক  ।

(ii)এতিয়া দীঘলকৈ শ্বাস টানি লওক , তাৰ পাছত নিশ্বাসৰ লগে লগে কঁকালটো ওপৰলৈ ভাজ দি ,পেটৰ মাংসপেশীৰ ওপৰত জোৰ দি কঁকালৰ ওপৰ আৰু তলফালৰ শৰীৰ মজিয়াৰ পৰা যিমান পাৰে ওপৰলৈ তোলক যাতে শৰীৰটো নাওখনৰ আকৃতি লয়।

(iii) এই অৱস্থাত স্বাভাৱিক শ্বাস-প্ৰশ্বাসেৰে কিছু সময় থাকি শ্বাস গ্ৰহণ কৰি লাহে লাহে আগৰ অৱস্থালৈ ঘূৰি আহক ।

উপকাৰিতা-

(a)এই আসন অনুশীলনৰ ফলত মাংসপেশী সমূহত জোৰ পৰে ফলত চৰ্বী জমা হব নোৱাৰে ।

(b)পেটৰ চৰ্বী কমোৱাত সহায়ক ।

(c)বহুমুত্ৰ ৰোগীৰ বাবেও উপকাৰী আৰু খাদ্য পৰিপাক আৰু মল নিষ্কাষণতো এই আসনে সহায় কৰে ।

নৌকাসনৰ দ্বিতীয়টো প্ৰণালী (পেট পেলাই শুই)

(i)পেট পেলাই শুই পৰক আৰু হাত দুখন মুৰৰ ওপৰলৈ দীঘলকৈ মেলি হাতৰ পৰা ভৰিলৈ এডাল সৰল ৰেখাত পৰিণত কৰক ।

(ii)এতিয়া হাত দুখন সমন্তৰাল হৈ থাকিব, শ্বাস গ্ৰহণৰ লগে হাত ,পিঠি আৰু পিছফালৰ মাংসপেশী সমূহ সংকোচন কৰি , পেটটো মজিয়াত ৰাখি শৰীৰৰ বাকী অংশ যিমান পাৰে সিমান মজিয়াৰ পৰা ওপৰলৈ তোলক যাতে শৰীৰ টো নাওঁৰ আকৃতি লয় ।

(iii) আঠু আৰু কিলাকুটি ভাজ হবলৈ নিদিব , স্বাভাৱিক শ্বাস প্ৰশ্বাসেৰে এই অৱস্থাত কিছু সময় অৱস্থান কৰি আকৌ আগৰ অৱস্থালৈ ঘূৰি আহক । Deled notes

উপকাৰিতা —

(a)পিঠি আৰু ককালৰ বিষ নাইকিয়া হয়

(b)কশেৰুকাৰ মাজত চক্ৰৰ স্থানচ্যুতিৰ বাবে ফলদায়ক

(c) যৌন বিকাৰ আদিত এই আসনে সুফল দিয়ে ।

নিষেধ—-গৰ্ভৱতী মহিলাই এই আসনৰ পৰা বিৰত থকা উচিত ইয়াৰ উপৰিও যদিহে শৰীৰত ডাঙৰ অস্ত্ৰোপ্ৰচাৰ আছে তেন্তে এনে আসনৰ পৰা বিৰত থকা উচিত।

নিষেধ—-গৰ্ভৱতী মহিলাই এই আসনৰ পৰা বিৰত থকা উচিত ইয়াৰ উপৰিও যদিহে শৰীৰত ডাঙৰ অস্ত্ৰোপ্ৰচাৰ আছে তেন্তে এনে আসনৰ পৰা বিৰত থকা উচিত।হাৰ্নিয়া আৰু অন্ত্ৰক্ষত আদি ৰোগত ভোগা ব্যক্তিয়ে এই আসন কৰিব নালাগে ।

3. ধনুৰাসন—

প্ৰণালীঃ—(i)পেট শুই পৰক , ভৰি দুখন লগ লগাই খাকিব , হাতদুখন শৰীৰৰ দুয়োকাষে তলুৱা তলমুৱা হৈ মজিয়াত লাগি থাকিব । Deled notes

(ii)এতিয়া,আঠু দুটা ভাজ কৰি ভৰি দুখন ওপৰলৈ দাঙি আনি গোৰোহা টিকাত লগাওক আৰু হাত দুখনেৰে দুই ভৰিৰ সৰু গাঁঠিৰ তলত খামোচ মাৰি ধৰক ।

(iii)তাৰ পাছত শ্বাস লোৱাৰ লগে লগে পেটটো মজিয়াত  ৰাখি শৰীৰৰ সন্মূখ আৰু পিছভাগ দাঙক আৰু শৰীৰটো ধনুখনৰ দৰে কৰি তোলক

(iv)শৰীৰটো যিমান পাৰে সিমান ভাজ দি ওপৰলৈ তোলক আৰু এই অৱস্থাতে স্বাভাৱিক ভাৱে শ্বাস প্ৰশ্বাস লৈ কিছুসময় স্থিৰেৰে অৱস্থান কৰক আৰু তাৰ পাছত শ্বাস এৰি লাহে লাহে আগৰ অৱস্থালৈ ঘূৰি আহক ।

উপকাৰিতা

(a)মেৰুদণ্ড নমনীয় কৰে আৰু শক্তি বৃদ্ধি কৰি তোলে ।

(b)এই আসনৰ অভ্যাসৰ ফলত আভ্যন্তৰ অংগ সমূহ অৰ্থাত যকৃত ,অগ্নাশয় ,অস্ত্ৰ, প্লীহা , বৃক্ক ,অধিবৃক্ক আদি গ্ৰন্থি সমূহ সুস্থ সবল আৰু কৰ্মক্ষম হৈ উঠে ।

(c)এই আসন বহুমুত্ৰ ৰোগীৰ বাবেও উপকাৰী , মহিলাৰ ঋতুজনিত সমস্যা নাইকিয়া হয় ।

(d)পেঁট আৰু কঁকালত জমা হোৱা চৰ্বী নাইকিয়া হয়।

4 . সৰ্পাসনঃ—

প্ৰণালীঃ—1)এই আসনৰ বাবে প্ৰথমে পেট পেলাই শুই পৰক, ভৰি দুখন লগ লগাই ৰাখক ।হাত দুখন গাৰ দুইকাষে লগাই ৰাখক ,তলুৱাই মজিয়া স্পৰ্শ কৰি থাকিব।

2)এতিয়া লাহে লাহে হাত দুখন কিলাকুটি ভাঁজ দি বুকুৰ ফাললৈ চপাই আনক আৰু দুইফালে বুকুৰ কাষত হাতৰ তলুৱা স্থাপন কৰক । কিলাকুটি দুটা ফাললৈ চপাই ৰাখিব ।

3)এতিয়া শ্বাস গ্ৰহণৰ লগে লগে হাতৰ ওপৰত ভৰ নিদিয়াকৈ প্ৰথমতে মূৰটো তাৰ পিছত শৰীৰৰ কঁকালৰ পৰা ওপৰৰ অংশ ওপৰলৈ তুলি আনক ।সাধ্যানু সৰি তুলি সেই অৱস্থাতে স্বাভাৱিক ভাবে শ্বাস-প্ৰশ্বাস লৈ কিছুপৰ অৱস্থান কৰি আৰম্ভৰ অৱস্থালৈ ওলোটা ক্ৰমত ঘূৰি আহক । Deled notes

উপকাৰিতাঃ—

(a)এই আসনে মেৰুদণ্ড নমনীয় কৰে ।মেৰু চক্ৰ স্থানচ্যুত হলে স্ব স্থানলৈ ঘূৰি আহে ।

(b)এই আসনটোৱে ৩১ জোৰা মেৰুদণ্ডীয় স্নায়ুৰ স্বাস্থ্য উন্নয়ন আৰু সবলীকৰণত সহায় কৰে ।

(c)মহিলাৰ ক্ষেত্ৰত জৰায়ু আৰু ডিম্বাশয়লৈ ৰক্তৰ সৰবৰাহ বৃদ্ধি হোৱাৰ ফলত যৌনগ্ৰন্থি সুস্থ সবল হয় ।ঋতুৰোগ , বাধক বেদনা ,অনিয়মিত ঋতু শ্বেত প্ৰদৰ আদি আৰোগ্য হয় ।

(d) গলগ্ৰন্থি ,উপগলগ্ৰন্থি ,থাইমাচ আৰু অধিবৃক্ক গ্ৰন্থি সুস্থ সবল হয় । Deled notes

5. উত্তান পাদাসনঃ—

প্ৰণালী—i)প্ৰথমে চিত হৈ শুই লওক আৰু ভৰি দুখন দীঘল কৈ তললৈ মেলি দিয়ক ।

ii)এতিয়া শ্বাস গ্ৰহণ কৰি আঠু ভাঁজ নকৰাকৈ লাহে লাহে ভৰি দুখন ওপৰলৈ তুলি দিয়ক ।ভৰি আৰু মজিয়াৰ মাজৰ ৪৫  ব্যৱধান হোৱাৰ লগে লগে সেই ঠাইতে ভৰি দুখন স্থিৰ কৰক ।

iii) এনে অৱস্থাত স্বাভাবিক শ্বাস-প্ৰশ্বাসেৰে কিছু সময় অৱস্থান কৰাৰ পাছত লাহে লাহে শ্বাস এৰি ভৰি দুখন আগৰ অৱস্থালৈ ঘূৰাই আনক । এইদৰে এই আসনটো ৫/৬ বাৰ অনুশীলন কৰক । ইয়াৰ পাছত শৱাসন কৰি জিৰণি লওঁক ।

উপকাৰিতাঃ- এই আসন অভ্যাসৰ ফলত ভৰি পেট আৰু উদৰ গহবৰত থকা অভ্যন্তৰ অঙ্হ্ৰসমূহ বৃদ্ধি পায়,

পেটত জমা হোৱা চৰ্বী নাইকিয়া হয় ।

6.সেতুবন্ধাসনঃ—সেতুবন্ধাসন আসনৰ বাবে তলত দিয়া ধৰণে অভ্যাস কৰকঃ—

(i)প্ৰথমে চিত হৈ লওক । এতিয়া আঠু ভাঁজ কৰি গোৰোহা দুটা নিতম্বৰ ওচৰলৈ আনক আৰু ভৰি দুখন মজিয়াৰ ওপৰত লম্বমান কৰক ।

(ii)এতিয়া কঁকালৰ অংশ ওপৰলৈ তুলি হাতৰ তলুৱা দুখন ককালত স্থাপন কৰক আৰু শৰীৰটো সাধ্যানুসৰি ওপৰলৈ তুলি দিয়ক ।

(iii) তাৰ পিছত ভৰি দুখন দীঘলকৈ মেলি দি আঠুৰ ভাঁজ যিমান পাৰি সিমান কম কৰক । ভৰিৰ তলুৱা মজিয়াত লগাই ৰাখিব ।

(iv)স্বাভাৱিকভাবে শ্বাস-প্ৰশ্বাস লৈ সেই অৱস্থাতে কিছু সময় থাকক আৰ তাৰ পাছত লাহে লাহে আৰম্ভণিৰ অৱস্থালৈ ঘূৰি আহক ।

উপকাৰিতাঃ—এই আসনৰ অনুশীলনৰ ফলত—

(a)পিঠি আৰু ভৰিৰ  মাংসপেশীসমূহ সবল হয়

(b) হাঁওফাওঁৰ কাৰ্যকৰণ সাৱলীল কৰাত সহায় কৰে ।

(c)পেটৰ চৰ্বী কম কৰাত সহায় কৰে

7.চক্ৰাসনঃ— চক্ৰাসনৰ বাবে কেনেদৰে সাজু হব লাগে ,সেইয়া তলত উল্লেখ কৰা হল—i)প্ৰথমে চিত হৈ শুই পৰক,ভৰি দুখন লগ লাগি থাকিব ,হাত দুখন শৰীৰৰ দুই কাশে গাত লগাই পোনকৈ ৰাখক ।

ii) এতিয়া ভৰি দুখন আঠু ভাঁজ কৰি যিমান পাৰে সিমান টিকাৰ ওচৰলৈ চপাই আনক।

iii) তাৰ পাছত পাত দুখন ওপৰলৈ তুলি কিলাকুটিৰ ভাজ দি মুৰৰ ফাললৈ চপাই আনি দুই কান্ধৰ কাষত তলুৱা স্থাপন কৰক । Deled notes

https://byjus.com/free-ias-prep/yoga/

Leave a comment