Know Questions and answers of Biodiversity and its Conservation

জৈৱ – বৈচিত্ৰ্য আৰু ইয়াৰ সংৰক্ষন Biodiversity

HS 1st year | Environmental Science | Chapter 3

. জৈৱ- বৈচিত্ৰ্যৰ সংজ্ঞা লিখা ? Biodiversity

জীৱৰ সংখ্যা , পৃথিৱীৰ সকলো ৰূপৰ প্ৰাণীৰ বিভিন্নতা আৰু পৃথকতা বুজাবলৈ ব্যৱহাৰ কৰা শব্দ টোৱে জৈৱ-বৈচিত্ৰ্য Biodiversity

. উদাহৰণসহ ব্যাখ্যা কৰা আণুবংশিক(বা জিনীয়) বৈচিত্ৰ্য, প্ৰজাতিৰ বৈচিত্ৰ্য আৰু পৰিস্হিতিতন্ত্ৰ বৈচিত্ৰ্য

একোটাকৈ প্ৰজাতিৰ শৰীৰত থকা জিনসমূহৰ বৈচিত্ৰ্য‌ই  হৈছে জিনগত জৈৱ বৈচিত্ৰ্য এনে বৈচিত্ৰ্য‌ই প্ৰজাতি সমূহৰ মাজত বিভিন্নতা সৃষ্টি কৰে উদাহৰণস্বৰূপে বাচমতী চাউল জহা চাউল তকৈ একেবাৰে পৃথক, আকাৰ , ৰং, সোৱাদ আৰু গোন্ধ এইবোৰৰ জৰিয়তে এই বিভিন্নতা সহজেই অনুমান কৰিব পাৰি

বিভিন্ন ধৰনৰ জীৱক শ্ৰেণীবদ্ধ কৰা প্ৰজাতি সমূহক একো একোটা গোট হিচাপে ধৰি লোৱা হয় প্ৰতিটো প্ৰজাতি অন্যান্য প্ৰজাতি সমূহতকৈ সম্পূৰ্ণ ভাবে পৃথক প্ৰজাতি বৈচিত্ৰ্যক সাধাৰনতে পৰিমাপ কৰা হয় একোটা নিৰ্দিষ্ট এলেকাত বসবাস কৰা প্ৰজাতি সমূহৰ মুঠ সংখ্যাৰ ভিত্তিত উদাহৰণস্বৰূপে , ঘোঁৰা আৰু গাধ সম্পূৰ্ণ বেলেগ প্ৰজাতি ঠিক তেনেদৰে সিংহ আৰু বাঘ ভিন্ন প্ৰজাতিৰ, কিন্তু ইহঁতৰ মাজত বিভিন্নতাৰ লগতে কিছু সাদৃশ্য দেখা যায়

     পৰিস্হিতিতন্ত্ৰ বৈচিত্ৰ্য হৈছে জীৱৰ বসতি স্থানৰ বৈচিত্ৰ্য , যিয়ে এই ব্যৱস্থাৰ জৰিয়তে বিভিন্ন প্ৰকাৰৰ জীৱক সামৰি লৈছে উদাহৰণস্বৰূপে পুখুৰীৰ পৰিস্হিতিতন্ত্ৰ আৰু মৰুভূমিৰ পৰিস্হিতি তন্ত্ৰ সম্পূৰ্ণ পৃথক

. জৈৱ-বৈচিত্ৰ্য মূল্যসমূহ কি কি ? Biodiversity

জৈৱ বৈচিত্ৰ্য‌ই পৰিস্হিতিতন্ত্ৰত ক্ৰিয়াপ্ৰক্ৰিয়া যেনে পৰিষ্কাৰ -পৰিচ্ছন্ন পানী যোগান , পুষ্টি চক্ৰ আৰু মাটি সংৰক্ষন আদি অব্যাহত ৰাখে , পৃথিৱীত বিভিন্ন প্ৰকাৰৰ জীৱ , গছ বননি আছে এইবোৰেই কোটি কোটি মানুহৰ খাদ্য , ৰোগ নিৰাময়ৰ বস্তু, আশ্ৰয়, আধ্যাত্মিক আৰু বিনোদনমূলক প্ৰয়োজন পূৰন কৰে জৈৱ বৈচিত্ৰ্য‌ই মানুহৰ জীৱনৰ প্ৰতিটো দিশতে প্ৰভাৱ বিস্তাৰ কৰে

জৈৱ বৈচিত্ৰ্য‌ৰ মূল্য সমূহ তলত দিয়া ধৰণে ভগাব পাৰি –

. উপভোক্তামূলক মূল্য

খ. উৎপাদনমূলক মূল্য

. সামাজিক মূল্য

. নৈতিক মূল্য আৰু

. নৈসৰ্গিক মূল্য

. উপভোক্তামূলক মূল্য কি ?

মানুহে জৈৱ বৈচিত্ৰ্য‌ৰ উপাদান সমূহৰ পৰা উপভোগ কৰা কাৰ্যকে সহজ ভাষাত উপভোক্তামূলক মূল্য বুলিব পাৰি

মানুহে অতীজৰে পৰা জৈৱ বৈচিত্ৰ্য‌ৰ বিভিন্ন উপাদান যেনে ইন্ধন, খাদ্য, ঔষধ ইত্যাদি ব্যৱহাৰ কৰি আহিছে বিশ‌্বৰ খাদ্যৰ ৯০% শতাংশই আহে উদ্ভিদ প্ৰজাতি সমূহৰ পৰা আকৌ , উন্নয়নশীল দেশসমূহৰ ৮০ শতাংশ মানুহেই প্ৰাথমিক চিকিৎসাৰ বাবে পৰাম্পৰাগত ঔষধৰ ওপৰত নিৰ্ভৰশীল খৰি বা ইন্ধন হিচাপে ব্যৱহৃত কাঠ, জীৱাশ্ম ইন্ধন, প্ৰাকৃতিক গেছ , খনিজ দ্ৰব্য এই আটাইবোৰ আমি জৈৱ বৈচিত্ৰ্য‌ৰ উপাদান সমূহৰ পৰাই উপভোগ কৰোঁ। Biodiversity

. উৎপাদনমূলক মূল্য কি ?

জৈৱ বৈচিত্ৰ্য‌ৰ বিভিন্ন উৎসৰ পৰা বাণিজ্যিকভাবে প্ৰস্তুত কৰা সামগ্ৰী বোৰৰ ব্যৱহাৰেই হৈছে উৎপাদনমূলক মূল্য উদাহৰণস্বৰূপে পাট পলুৰ পৰা তৈয়াৰ কৰা পাট কাপোৰ, কুঁহিয়াৰৰ পৰা প্ৰস্তুত কৰা গুড় আৰু চেনি, বাঁহৰ পৰা প্ৰস্তুত কৰা কাগজ ইত্যাদি বস্তু বোৰ আমি আমাৰ দৈনন্দিন কামত ব্যৱহাৰ কৰো

. জৈৱ বৈচিত্ৰ্য‌ৰ প্ৰতি প্ৰধান ভাবুকি সমূহ কি কি ?

বিভিন্ন দিশৰ পৰা জৈৱ বৈচিত্ৰ্য লৈ অহা ভাবুকি সমূহ ল –

. বাসস্থান ধ্বংস বিভিন্ন ধৰনৰ উদ্যোগিক কাৰ্য, ৰাস্তা, দলং, বাসগৃহ নিৰ্মাণ ইত্যাদি কাৰণত বনাঞ্চল সমূহ ধ্বংস কৰা হৈছে যাৰ ফলত জীৱ-জন্তুৰ বাসস্থান ধ্বংস হৈছে

. পশুধনৰ অতিপাত বিচৰণ পশুধনৰ অনিয়ন্ত্ৰিত বিচৰণো জৈৱ বৈচিত্ৰ্য‌ৰ প্ৰতি এক ডাঙৰ সমস্যা কম ঘাঁহনি যুক্ত অঞ্চলত অতিপাত পশু বিচৰনৰ ফলত মাটিৰ গুণাগুণ নষ্ট হয় আৰু মাটিৰ উপৰি পৃষ্ঠৰ ক্ষয় বৃদ্ধি হয়

. চোৰাংচিকাৰ জীৱ জন্তুৰ চোৰাং বেহা তথা গছ-গছনি চোৰাং কাৰবাৰে জৈৱ বৈচিত্ৰ্য‌ৰ প্ৰতি ভাবুকি নমাই আনিছে যাৰ বাবে হাতী, গড় , হৰিণা, গুই , এনেধৰনৰ জীৱ জন্তুৰ সংখ্যা টুটি আহিছে

ইয়াৰ ওপৰিও প্ৰাকৃতিক দুৰ্যোগ, জলবায়ুৰ পৰিবৰ্তন আৰু গোলকীয় উষ্ণতা বৃদ্ধিয়েও জীৱজগতৰ প্ৰতি ভাবুকি নমাই আনিছে

. জৈৱ বৈচিত্ৰ্য‌ৰ বহিঃ আৰু অন্তঃসংৰক্ষণ কি  ?

বহিঃ সৰংক্ষণ হৈছে উদ্ভিদ অথবা প্ৰাণীক সিঁহতৰ প্ৰাকৃতিক বাসস্থানৰ পৰা আঁতৰাই আনি অন্য স্থানত সংৰক্ষণ কৰা যেনে উদ্ভিদ উদ্যান, বন্যপ্ৰাণী উদ্যান ইত্যাদি

   আনহাতে অন্তঃসংৰক্ষণ হৈছে বনজ উদ্ভিদ আৰু প্ৰাণীক সিঁহতৰ প্ৰাকৃতিক বাসস্থানতে সৰংক্ষন কৰা যেনে ৰাষ্ট্ৰীয় উদ্যান, সংৰক্ষিত বনাঞ্চল, বন্যপ্ৰাণী অভয়াৰণ্য ইত্যাদি অন্তঃসংৰক্ষণ উদাহৰণ

. জীৱ সম্পদৰ চোৰাং বেহা বা বায়ʼপাইৰেচি কি ?

জীৱ সম্পদৰ চোৰাং বেহা হৈছে এখন দেশৰ পৰা জীৱ সম্পদক হস্তান্তৰ কৰি আন এখন ঠাইলৈ নিয়া আৰু তাৰ পৰা উৎপাদিত দ্ৰব্যৰ অধিকাৰ আদায় কৰা

. আমাৰ দেশৰ দুটা জৈৱ বৈচিত্ৰ্য‌ সংৰক্ষণৰ ব্যৱস্থাৰ বিষয়ে উল্লেখ কৰা

আমাৰ দেশৰ দুটা জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ ব্যৱস্থা

.  বহিঃসংৰক্ষণ আৰু অন্তঃসংৰক্ষণ ব্যৱস্থা বহিঃ সৰংক্ষণ হৈছে উদ্ভিদ অথবা প্ৰাণীক সিঁহতৰ প্ৰাকৃতিক বাসস্থানৰ পৰা আঁতৰাই আনি অন্য স্থানত সংৰক্ষণ কৰা যেনে উদ্ভিদ উদ্যান, বন্যপ্ৰাণী উদ্যান ইত্যাদি

 আনহাতে অন্তঃসংৰক্ষণ হৈছে বনজ উদ্ভিদ আৰু প্ৰাণীক সিঁহতৰ প্ৰাকৃতিক বাসস্থানতে সৰংক্ষন কৰা যেনে ৰাষ্ট্ৰীয় উদ্যান, সংৰক্ষিত বনাঞ্চল, বন্যপ্ৰাণী অভয়াৰণ্য ইত্যাদি অন্তঃসংৰক্ষণ উদাহৰণ

. বিধায়িনী ব্যৱস্থা জৈৱ বৈচিত্ৰ্য‌ৰ সংৰক্ষণৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতত কিছুমান আইনী ব্যৱস্থা হাতত লোৱা হৈছে , তাৰ ভিতৰত পৰিৱেশ সুৰক্ষা আইন ১৯৮৬, বন সুৰক্ষা আইন ১৯৮০, বন্যপ্ৰাণী সুৰক্ষা আইন ১৯৭২ ইত্যাদি প্ৰধান Biodiversity

১০. ধৰিত্ৰী সন্মিলন কোনটো বছৰত অনুষ্ঠিত হৈছিল ? Biodiversity

ধৰিত্ৰী সন্মিলন ১৯৯২ চনত ব্ৰাজিলৰ ৰায়ʼ ডি জেনেৰিঅʼ অনুষ্ঠিত হৈছিল

Leave a comment