বিকৃত মন (Assamese story)
Bikrito Mon – An Assamese Story
হমমম, কিবা এটা গোন্ধ ওলাইছে হেনো বাহিৰত, খুৰী হতে কোৱা-কুই কৰিছে। নাকটো খিৰিকিৰে উলিয়াই লাহেকৈ মইয়ো চেষ্টা অকন কৰিছো , কিহৰ নো গোন্ধ ওলাইছে মইও অকন লঁও। এনেতে বৰুৱানী খুৰীয়ে নিজৰা বাইদেউ ক কৈ থকা শুনিলো (Assamese story)
বৰুৱানী খুৰী “হেৰা নিজৰা এ বোলো তুমি গম পাইচানে আজিকালি আমাৰ যে তৰা , দ্বিপেন দা হঁতৰ ছোৱালী জনী একেবাৰেই সলনি হʼল বুইছা। আমাৰ মাজনীৰ লগৰ একেলগৰে নাছিল জানো , আজিকালি কাকোৱেই মাত-বোল নকৰে, আমাৰ মাজনীৰ যোৱা কেইদিন ইমান বেমাৰ খবৰ এটাও লবলে নাহিলে নহয়”
নিজৰা বাইদেউ “ অ বৰুৱানী তুমি ঠিকেই কৈছা, মইয়ো লক্ষ্য কৰিছো, জানো কিবা হৈছে । বিয়াৰ বয়সো হৈছে নহয়। কতো চোন কথা আগ নাবাঢ়েই”।
বৰুৱানী খুৰী “হমমম, তুমি পিছে গম পোৱা নে নাই ব্ৰেকিং নিউজ এটা….?”
নিজৰা বাইদেউ “কি বা কথা কোৱাচোন”
বৰুৱানী খুৰী “এহ, এই যে ৰমেন কাকতি, ডাক্টৰ ৰমেন কাকতি , তেওঁৰ ল’ৰা টোৰ লগত কমখন লেটি-পেটি আছিল নে ..? এতিয়া দ্বিপেন দাৰ সৰু এখন গেলা-মাল দোকান । ঘৰৰ অৱস্হা টো ইমান ভাল নহয়। ফেমিলি ষ্টেটাচ বুলি কথা এটা আছে দেচোন , ইঁহতৰ ছোৱালী জনীক আৰু বোৱাৰী কৰি নিবনে ….?
নিজৰা বাইদেউ “পিছত কি হʼল….?”
বৰুৱানী খুৰী “পিছত নো আৰু কি…! গুৱাহাটীৰ কোনোবা প্ৰফেছৰৰ ছোৱালী এজনীক বোৱাৰী কৰি আনিলে আকৌ।
নিজৰা বাইদেউ “এহ্ বেয়াই লাগিল শুনি। তাই ছোৱালী জনী দেখাই শুনাই পঢ়াই পাতিয়ে ইমান ভাল আছিলে । বহুত অমায়িকো। মই এবাৰ মেডিকেলত ভৰ্তি হ’বলৈ যাঁওতে কম হেল্প কৰি দিছিলে নে ….!”
মই খিৰিকী খন জপাই দিলো। কথা বোৰ শুনি থাকিবলে ধৈৰ্য নোহোৱা নহয়, কিন্তু কথাবোৰ মিনিংলেচ যে , সেইটো কাৰণে। হয় মই সলনি হৈছো, আজিকালি মই বৰ বেছি কাৰো লগত কথা নাপাতো, কলেজ নথকা কেইদিন ঘৰতে সোমাই থাকো । কলেজ খোলা থকা কেইদিন মাত্ৰ কলেজ যাওঁ আৰু আহো। বন্ধু-বান্ধৱীৰ দীঘলীয়া তালিকা খন কেতিয়াবাই চিঙি পেলালো। কোনোবা খিনিত মই আত্মকেন্দ্ৰিক আৰু স্বাৰ্থপৰো হৈছো। কেতিয়া মই ইমান খিনি সলনি হলো মই নিজেও নাজানো। সময়ে শিকাইছে মোক।
এটা সময়ত আছিলে মই কাৰোবাৰ বেমাৰ-আজাৰ হ’লে এপাক যাব নোৱাৰিলেও ফোন কৰি হ’লেও খবৰ এটা লৈছিলো। । কিন্তু মোৰ ইমান বেমাৰ গ’ল, মোৰ দেউতাৰ বেমাৰ , কোনো এজন অন্তৰংগ বন্ধুৱে ও ফোন এটা কৰি খবৰ এটা নললে । তাৰ পিছতো মই কিন্তু সিঁহতক ফোন কৰিছিলোঁ , খবৰ লৈছিলো ।
Assamese Prose |
দুই-এজনে যেতিয়া বিভিন্ন কাৰনত মানসিক ভাবে ভাগি পৰে মই সাহস দিছিলোঁ । কিন্তু মোৰ ক্ষেত্ৰত….! মই অকলেই যুঁজিছো, ডায়েৰী খনৰ ধক্-ধকীয়া বগা কাগজৰ লগত নীলা চিয়াঁহীৰে কাল্পনিক বন্ধুত্ব কৰিছো । অন্তত ডায়েৰী খনে মোক কেতিয়াও মিছা অপবাদ নিদিয়ে, আৰু বিশ্বাসঘাটকতা ও নকৰে ।
বাস্তৱ জীৱন টো আৰু চিনেমা অথবা ছিৰিয়েল নহয়়, চিনেমা এখনত কাল্পনিকতা ও থাকে । এই যে নায়ক অথবা নায়িকা ৰ লগত ভিলেইন অথবা অন্যান্য চৰিত্ৰ বোৰে অন্যায় কৰে , কিন্তু নায়ক-নায়িকাই নীৰৱে সহ্য কৰি যায়, তাহাতৰ লগত আনে অন্যায় কৰিলেও সিঁহত স্বাৰ্থপৰ বা আত্মকেন্দ্ৰিক হৈ নাযায়। আৰু শেষত অন্যায় কৰা বোৰে সিঁহতৰ পৰা ক্ষমা বিচাৰে অথবা সিঁহতৰ ভৰিত পৰিব লগা হয় । ধিচুম-ধিচুম কৈ উৰি উৰি ফাইটিং কৰা , গাড়ী – ঘোৰা একে কোবাই উল্টাই দিয়া, এটা থাপৰতে উৰি যোৱা এইবোৰ টো আৰু নকওৱে , হাঃহাঃহাঃহাঃ…….
মইটো আৰু এখন ছিৰিয়েল অথবা চিনেমাৰ নায়িকা নহয় । মই বাস্তৱ জীৱনৰ নাটক খনৰ নায়িকা । আজিকালি মই কাৰো প্ৰতি ইমানো সহানুভূতি নেদেখুৱাও। জোখতকৈ বেছি কাকো আব্দাৰো নকৰোঁ । কোনোবাই যদি মোক কয়…”বুইছ তৰা যোৱা দুদিন মানৰ পৰা মোৰ বৰ মুৰৰ বিষ অ”
উত্তৰত মই এটাই বাক্য কঁও “অ take care”
আগৰ নিচিনাকৈ ইটো কৰ, সিটো কৰ, ইটো খাবি, সিটো খাবি বুলি উপদেশ দি নাথাকো।
কোনোবাই যদি সোধে – “অ তৰা এবাৰ আমুকৰ খবৰ লৈ আহো বʼল , বেমাৰ হৈ আছে বোলে”।
উত্তৰত আজিকালি মই কিবা নহয় কিবা ব্যস্ততা দেখুৱাই নাযাঁও বুলিয়েই কঁও। কোনোবাই সৰু-সুৰা কামত পইচা ধাৰলৈ আহিলে নাই বুলিয়েই কঁও। অৱশ্যে একেবাৰে সমস্যাত পৰিলে মানুহক সহায় নকৰাকৈ মই নাথাকো। মই ও মানুহ , মানৱীয়তা মোৰ হেৰাই যোৱা নাই কিন্তু, আগতকৈ আনক সময় একেবাৰেই কমকৈ দিয়া হৈছো । এৰা , সময়ে মোকো শিকাইছে সময়ৰ সোঁতত চলিবলৈ ।
Assamese Prose |
টক্ টক্ টক্ টক্ টক্ টক্
দৰ্জা খনত কোনোবাই টুকুৰিয়াইছে । দুৱাৰত টোকৰ শুনি হে বাস্তব পৃথিৱী খনলৈ ঘূৰি আহিলো , ইমান পৰে যে এইবোৰ ভাবি আছিলোঁ গমেই নাপাওঁ ।
দুৱাৰ খন খুলি দিলো , মায়ে আহিয়েই ধমক দুটা মান দি ক’লে “এইজনী সাঁজি-কাচি ৰেডি হ’ব হোৱাই নাই, কিনো কৰি আছিলি ৰুম টোত তেতিয়াৰে পৰা, মানুহ আহি পাবৰে হʼব। ওলা জল্দি”।
মাঁ ওলাই গ’ল। খুবেই ব্যস্ত আজি মাঁ । তেওঁৰ একমাত্ৰ ছোৱালীক গুৱাহাটীৰ দৰাই চাবলে আহিব। তাতে আকৌ চাকৰি কৰা লʼৰা । কিমান যে হেঁপাহ মা-দেউতাৰ , একমাত্ৰ ছোৱালী জনীক ভাল ঘৰ এখনলৈ উলিয়াই দিব ।দেউতাই যোগেন খুৰাৰ পৰা ৫০০০ টকা ধাৰলৈ আনি কিমান যে কি যোগাৰ কৰিছে নহয়। মিঠৈৰ পৰা আৰম্ভ কৰি মাছ-মাংস, কণী-পনীৰ গোটেইবোৰ, লগতে মোৰ বাবে এজোৰ জাকত জিলিকা কাপোৰ ,যাতে মই সেই কাপোৰ সাজ পিন্ধি ধুনীয়া কৈ সাজোন-কাচোন কৰি দৰাৰ আগত ওলাও।
মা-দেউতাহঁত টো সহজ-সৰল মানুহ । আজিৰ যুগৰ বাহিৰৰ ভদ্ৰ সমাজৰ আঁৰৰ অপ্ৰকাশিত অভদ্ৰ মুখ বোৰ মই বৰ ওচৰৰ পৰাই দেখিছোঁ ,সিঁহতে হয়তো নাই দেখা। বিয়া নো আৰু কি এক সামাজিক বান্ধোন, য’ত ছোৱালী জনী বা লʼৰা জনৰ জীৱন টো সুৰক্ষিত হয় নে নহয় মই নাজানো , কিন্তু একেখন বিচনাতে বৈধ ভাবে কোনো চিন্তাৰ কাৰন নোহোৱাকৈ যৌন সুখ নিশ্চয় ল’ব পাৰিব। ইয়াত কোনেও বু-বু-বা-বা কৰিব নাহে। চৰিত্ৰহীন বা চৰিত্ৰহীনাৰ পৰিচয় ও নিদিয়ে তোমাক কোনেও । অৱশ্যে আমাৰ সমাজত চৰিত্ৰ হীনাৰ হে সজোৰে চৰ্চা হয় ।
এই যে লʼৰাই ছোৱালী চাবলে অহা, বা প্ৰেম বিবাহেই হঁওক, তাৰ পিছত ঘৰ-সংসাৰৰ দায়িত্ব… এইবোৰৰ প্ৰতি মোৰ এলাৰ্জি আছে । এনেকুৱা লাগে এইবোৰ পৃথিৱীৰ আটাইতকৈ ফাল্টু কথা ।
আজিৰ পৰা দুবছৰ আগত , মোৰ এইবোৰৰ প্ৰতি এলাৰ্জী নাছিল। মইয়ো ধুনীয়া কল্পনা কৰিছিলোঁ , এদিন তাৰ আৰু মোৰ বিয়া হ’ব , আমাৰ ঘৰ-সংসাৰ হ’ব। বহুত ঠাইত ফুৰিম-ঘুৰিম । তামাম ফটো উঠি ডাঙৰ কৈ এলবাম এটা বনাই থৈ দিম আৰু বুঢ়া হ’লে চাম হাঃহাঃহাঃহাঃহাঃ ……. আৰু যে নানান টা জল্পনা -কল্পনা । বহু দুৰ আগবাঢ়ি গৈছিলো আমি।
Assamese Prose |
কিন্তু মই কেতিয়াও নভৱা, কেতিয়াও কল্পনা নকৰা বাস্তৱ এটাৰ মুখামুখি হৈছিলো । তেতিয়া মই হোষ্টেলত , হঠাৎ মোলৈ বায়েকে ফোন কৰিলে যে তাৰ বিয়া । ছোৱালী already ঠিক-ঠাক হৈ গৈছে । অথচ সি বায়েকৰ ফোনটোৰ আগলৈকে মোৰ লগত কথা পাতিছে ধুনীয়া কৈ, অথচ ইমান ডাঙৰ সত্য এটা মোৰ পৰা লুকুৱাই ৰাখিলে । ঘিন উপজিছিল , সেই মুহুৰ্তৰ পৰাই । মোৰ অগাধ বিশ্বাস, অগাধ ভালপোৱাৰ প্ৰতিদান হিচাপে মই একটোপোলা বিশ্বাসঘাটকতা হে পালো । ছিঃ… নিজৰ ওপৰত ঘিন ওপজিছিল মোৰ , এনে লাগিছিল যেন পৃথিৱীৰ আটাইতকৈ কুৎচিৎ ছোৱালী জনী মই, আটাইতকৈ দুখীয়া মানুহ মোৰ দেউতা । ভাগি পৰিছিলো মই, বৰ কষ্ট হৈছিল নিজকে চম্ভালিবলৈ। কোনোমতে নিজকে আকৌ জীয়াব শিকাইছিলো ।
ঠিক এনেকুৱা সময়তে আৰু এজনৰ লগত মোৰ চিনাকি হৈছিল কৰ্মসূত্ৰে। তেওঁ আৰু মই একেখন জুনিয়ৰ প্ৰাইভেট কলেজতে কাম কৰিছিলোঁ । লাহে-লাহে আমাৰ মাজত কথা-বতৰা চলিছিল আৰু তাৰ পিছত খুবেই ভাল বন্ধুত্ব। তেওঁ মোৰ লগত সকলো চেয়াৰ কৰিছিল আৰু মইয়ো। মোক যথেষ্ট সাহস দিছিল তেওঁ। মনটো কিছু ভাল লগাৰ খাতিৰত মই ও লাহে- লাহে কথা পতা আৰম্ভ কৰিছিলোঁ। মই মোৰ মনটোক বুজনি দিছিলোঁ যে আগৰ ৰিলেশ্বনশ্বিপ টো ভাঙি যোৱাত মোৰ কোনো ভুল নাই। তাৰ উপস্হতিত মই কেতিয়াও আনৰ কথা ভাবা নাছিলোঁ, বহুত ভালপোৱা আছিল তাৰ প্ৰতি, অগাধ বিশ্বাস আছিল । কিন্তু সি বহুত ডাঙৰ ভুল কৰিছিল, মোৰ আবেগ, মোৰ মৰম সকলো ভৰিৰে মোহাৰি পেলাইছিল। ঠিক তেনেকৈ যেনেকৈ চিগাৰেট টো হুপি হুপি শেষৰ খিনি মাটিত পেলাই জোতাৰে গচকি দিয়ে, তেনেকৈ প্ৰকৃত মই জনীক গচকি নিঃশেষ কৰি পেলাইছিল সি । সেইয়া সঁচা প্ৰেম নাছিল, একপক্ষীয় আছিল। সঁচা প্ৰেম হ’লে সি মোক কেতিয়াও এৰি নগ’ল হৈ ।
লাহে-লাহে এঁও আৰু মোৰ মাজৰ বন্ধুত্ব ৰ সম্পৰ্ক ই প্ৰেমৰ ৰূপ লৈছিল, গম নোপোৱাকৈয়ে । মোৰ মনটো সজীৱ কৰাৰ স্বাৰ্থত এওঁ মোক বহুত ফুৰাবলৈ নিছিল । মোৰ কিছু বিশ্বাস হৈছিল, এতিয়াও ভাল মানুহ আছে , এতিয়াও ভগৱান আছে। চাৰিটা বছৰ তেওঁ আৰু মই কেনেকৈ পাৰ কৰিলোঁ , গমেই নাপালোঁ । যোৱা বছৰ তেওঁ ৰেলৱেত ইন্টাৰভিউ দি চাকৰি পালে। পৃথিৱীৰ আটাইতকৈ সুখী মানুহজনী মই হৈছিলো তেতিয়া, চৰকাৰী চাকৰিৰ লোভত নহয় , তেওঁ দিন ৰাতি একাকাৰ কৰি কৰা কষ্টৰ ফল খিনি পোৱা বাবে। আৰু তাৰ পিছত…………!
Assamese Prose |
তেওঁ চাকৰি পোৱা দুমাহ পিছত বিয়াৰ কথা ওলাল। মোক কৈছিল তেওঁ, যে বিয়াৰ বাবে ঘৰৰ পৰা ছোৱালী চাই আছে।
মই কৈছিলো , “তুমি আমাৰ কথা নোকোৱা কিয়।“
উত্তৰ ত তেওঁ কৈছিল,”তুমিও যে আৰু , তুমি আৰু মই ভাল বান্ধুহে । বন্ধু-বান্ধৱীৰ মাজত এইবোৰ হয়েই আৰু। মই নহ’লে টো তোমাৰ অৱস্থা কি হʼলহৈ , মইয়ে টো তোমাক সাহস দিলো, নতুন জীৱন এটা দিলো”
মই নিৰুত্তৰ হৈ গৈছিলো। ডিঙিলৈকে অহা কথাবোৰ গিলি হৃদয়ৰ কোনোবা এটা কোনত তলা লগাই দিছিলোঁ ।
সেই মহুৰ্তত মই মোৰ পৰিচয় হেৰাই পেলাইছিলো । আচলতে মই কোন……? আনৰ হাতৰ পুতলা, কাৰোবাৰ আটাইতকৈ মৰমৰ প্ৰেমিকা, নে মই বেশ্যা । হুকহুকাই কান্দিছিলো মই গাৰুটোত মুখ খন গুজি । গুৰুম্-গুৰুম্ মেঘে গাজিছিল, বিজুলী-ঢেৰেকনিৰে কলহৰ কানে ধলা বৰষুণ এজাক আহিছিল সেইদিনা নিশা । হয়তো মোৰ শোকত আকাশ খনেও কান্দিছিল , সেইদিনা । আকৌ বুজনি দিছিলোঁ নিজকে “মই কাৰো হাতৰ পুতলা নহয়, মোৰ নিজস্বতা আছে , মই মা-দেউতাৰ চকুৰ মনি”। মোৰ হাতত প্ৰতিশোধ লব পৰাকৈ বুজনি দিয়াত বাহিৰে আৰু একোৱেই নাছিল।
সেইবোৰ মুহুৰ্তৰ পৰাই মই ঘিন কৰো মোক নিজকে। বিশ্বাস মোৰ কাৰো প্ৰতিয়ে নাই, অকনো নাই ।
টক্-টক্-টক্-টক্-টক্
“মাজনী, অ মাজনী ওলোৱা হলনে….? তামোলৰ বঁটা খন লৈ আহ”
মাঁ ৰ মাতত হে তৎ ঘূৰি আহিল । ততাতৈয়াকৈ চকুপানী খিনি মচি, চুৰিদাৰ জোৰ পিন্ধি চকুজুৰিত অকনমান কাজল সানি তামোলৰ বঁটা টো লৈ ওলালো।
Mirju Mahreen
Nehu, Shillong