পৰিৱেশৰ বিষয়ে মৌলিক ধাৰণা Basic concept of Environment
Class 11 | Environmental Science | Chapter 1 | AHSEC
১. পৰিৱেশ কি ? Basic concept of Environment
পৰিৱেশ শব্দৰ অৰ্থ হৈছে চাৰিওফালৰ অৱস্থা । আমাৰ চাৰিওফালৰ পাৰিপাৰ্শ্বিক অৱস্থাটোকে পৰিৱেশ বোলা হয় । পৰিৱেশ জৈৱিক, অজৈৱিক আৰু শক্তি উপাদানেৰে গঠিত । Basic concept of Environment
২.পৰিৱেশৰ বিভিন্ন উপাদান বোৰ কি ?
পৰিৱেশ প্ৰধানকৈ তিনিটা উপাদানেৰে গঠিত এইবোৰ হ’ল
অজৈৱিক উপাদান – অজৈৱিক উপাদান সমূহ হ’ল বায়ু, পানী, মাটি, জলমণ্ডল ইত্যাদি ।
জৈৱিক উপাদান – জৈৱিক উপাদান সমুহ মানৱ জাতিকে ধৰি উদ্ভিদ আৰু প্ৰাণীকুলক লৈ গঠিত ।
শক্তি উপাদান – শক্তি উপাদানসমুহ হ’ল সৌৰশক্তি, ভূ-তাপ শক্তি, জল বৈদ্যুতিক শক্তি, পাৰমাণৱিক শক্তি ।
৩. পৰিৱেশৰ বিভিন্ন অংশবোৰ কি কি ?
পৰিৱেশৰ বিভিন্ন অংশবোৰ বোৰ হ’ল –
বায়ুমণ্ডল – বায়ুমণ্ডল বিভিন্ন গেছীয় উপাদানেৰে গঠিত । বায়ুমণ্ডলত অʼজন স্তৰ নামৰ স্তৰটোৱে জীৱ জগতক ক্ষতিকাৰক অতি বেঙুনীয়া ৰশ্মিৰ পৰা সুৰক্ষিত কৰে ।
জলমণ্ডল – জলমণ্ডলত সকলো ধৰণৰ জলসম্পদৰ উৎসক সামৰি লোৱা হয় । যেনে – হিমবাহ, সাগৰ, নদ-নদী ইত্যাদি ।
ভূ-মণ্ডল – খনিজ দ্ৰব্য আৰু মাটিৰে গঠিত পৃথিৱীৰ উপৰি ভাগৰ স্তৰ টোকে ভূ-মণ্ডল বোলা হয় । ভূমণ্ডল বা লিথʼস্ফিয়াৰৰ সবাতোকৈ গুৰুত্বপূৰ্ণ অংশ হৈছে মাটি ।
জীৱ মণ্ডল – ভূ-পৃষ্ঠৰ ওপৰৰ স্তৰটো হৈছে জীৱমণ্ডল , য’ত জীৱসমূহ বৰ্তি থাকিব পাৰে । জীৱ মণ্ডল টো বায়ুমণ্ডলৰ ৬–৮ কি.মি ওপৰলৈকে আৰু সাগৰৰ ৮–১০ কি.মি গভীৰলৈকৈ বিস্তৃত। Basic concept of Environment
৪. বায়ুমণ্ডলৰ ঘাই-ঘাই উপাদানসমূহ উল্লেখ কৰা
বায়ুমণ্ডলৰ ঘাই-ঘাই উপাদানসমূহৰ ভিতৰত প্ৰধান উপাদান বোৰ হ’ল – নাইট্ৰজেন (৭৮.৯%), অক্সিজেন (২০.৯৪%)
লঘু উপাদান বোৰ হ’ল – আৰ্গন , কাৰ্বন ডাই অক্সাইড
আৰু অতি কম পৰিমানে থকা কিছুমান গেছ যেনে – নিয়ন, হিলিয়াম, মিথেন, জলীয় বাষ্প, ক্ৰিপ্টন, নাইট্ৰাছ অক্সাইড, জেনন, হাইড্ৰজেন, ছালফাৰ ডাই অক্সাইড, অজʼন, কাৰ্বন মনʼঅক্সাইড, নাইট্ৰজেন ডাই অক্সাইড আদি ।
৫. ষ্ট্ৰেটʼস্ফিয়াৰত থকা অʼজন গেছৰ স্তৰৰ ভূমিকা কি ?
বায়ুমণ্ডলত অʼজন গেছৰ ভূমিকা অতিকৈ গুৰুত্বপূৰ্ণ। অʼজনৰ গেছীয় আৱৰনে পৃথিৱীক চাৰিওপিনৰ পৰা আৱৰি ৰাখিছে আৰু পৃথিৱীত প্ৰাণীৰ অস্তিত্বক জীয়াই ৰাখিছে আৰু মহাকাশৰ প্ৰতিকূল পৰিৱেশৰ পৰা ৰক্ষা কৰিছে । পৃথিৱীৰ বহিঃভাগৰ মহাকাশৰ পৰা সৰহভাগ মহাজাগতিক ৰশ্মি আৰু সূৰ্যৰ পৰা অহা বিদ্যুৎ চুম্বকীয় ৰশ্মি এই গেছীয় আৱৰণে শুহি লয় । এই গেছীয় আৱৰণে আমাৰ শৰীৰৰ কোষবোৰ ধ্বংস কৰিব পৰা অতি বেঙুনীয়া ৰশ্মিৰ আক্ৰমণৰ পৰা ৰক্ষা কৰে ।
৬. পৰিৱেশ শিক্ষা সম্পৰ্কে তুমি কি বুজিছা ? Basic concept of Environment
চমুকৈ কʼবলৈ গ’লে পৰিৱেশ শিক্ষা হৈছে পৰিৱেশৰ জৰিয়তে, পৰিৱেশৰ বিষয়ে আৰু পৰিৱেশৰ বাবে গ্ৰহণ কৰা শিক্ষা । পৰিৱেশ শিক্ষাৰ জৰিয়তে মানুহ আৰু প্ৰকৃতিৰ আন্তঃসম্পৰ্কৰ কথা আলোচনা কৰি হয় । প্ৰদূষণ, সম্পদৰ আবন্টন আৰু সংৰক্ষন , পৰিবহন, প্ৰযুক্তি, নগৰাঞ্চল আৰু গ্ৰামীণ পৰিকল্পনা , আৰু এই আটাইবোৰৰ সৈতে জনসংখ্যাৰ সম্পৰ্ক বিতংকৈ আলোচনা কৰা হয় । পৰিৱেশ শিক্ষাই মানুহক জৈৱ ভৌতিক পাৰিপাৰ্শ্বিকতাক উপলব্ধি কৰাত আৰু মৰ্মবস্তুক বুজাৰ বাবে দক্ষতা অৰ্জন কৰাত সহায় কৰে ।
৭. পৰিৱেশগত শিক্ষাৰ বহল নীতি-নিৰ্দেশিকাসমূহ কি কি ? Basic concept of Environment
ছোভিয়েট ইউনিয়নৰ বিলিছত পোন প্ৰথমবাৰৰ বাবে পৰিৱেশ শিক্ষা বিষয়ত বিশ্বৰ বিভিন্ন দেশৰ মাজত এখন সন্মিলন অনুষ্ঠিত হৈছিল আৰু উক্ত সন্মিলনৰ প্ৰতিবেদনত কিছুমান বহল নীতি নিৰ্দেশনা সন্নিবিষ্ট কৰা হৈছিল , সেইবোৰ হ’ল
শিক্ষা প্ৰদানৰ ক্ষেত্ৰত বিভিন্ন বিষয়ৰ আন্তঃসম্পৰ্কত গুৰুত্ব ।
সামগ্ৰিকভাৱে পৰিৱেশক বিবেচনা কৰা ।
নিৰন্তন শিক্ষা , প্ৰাক স্কুল পৰ্যায়ৰ পৰা আৰম্ভনি আৰু সকলো আনুষ্ঠানিক আৰু অনানুষ্ঠানিক পৰ্যায়জুৰি অব্যাহত ৰখা ।
স্থানীয়, আঞ্চলিক, ৰাষ্ট্ৰীয় আৰু আন্তৰ্জাতিক দৃষ্টিভংগীৰ পৰাই ঘাই -ঘাই পৰিৱেশ সংক্ৰান্ত বিষয় বোৰ সমালোচনামূলক দৃষ্টিৰে পৰীক্ষা কৰা ।
পৰিৱেশৰ সমস্যা সৃষ্টিৰ প্ৰকৃত কাৰণ বোৰ আৰু উপসৰ্গবোৰ আৱিষ্কাৰ কৰাত ছাত্ৰ-ছাত্ৰী সকলক সহায় কৰা আৰু সেইমতে পৰিকল্পনা কৰা । ইত্যাদি ।
৮. পৰিৱেশ শিক্ষাৰ মৌলিক নীতি সমূহ উল্লেখ কৰা
পৰিৱেশ আৰু পৰিৱেশৰ প্ৰত্যাহ্বানসমূহৰ প্ৰতি অনুভূতিশীলতা আৰু সজাগতা |
পৰিৱেশ আৰু পৰিৱেশৰ প্ৰত্যাহ্বানসমূহৰ বিষয়ে উপলব্ধি আৰু জ্ঞান অৰ্জন কৰা |
পৰিৱেশৰ বাবে উদ্বেগৰ মনোভাৱ আৰু পৰিৱেশগত গুণমান ৰক্ষা আৰু উন্নত কৰাৰ মানসিকতা |
পৰিৱশগত প্ৰত্যাহ্বানসমূহৰ সমাধানত সহায় কৰা আৰু সেইবোৰক চিহ্নিত কৰাৰ দক্ষতা |
পৰিৱেশগত প্ৰত্যাহ্বানসমূহ সমাধান কৰাৰ লক্ষ্যেৰে আৰম্ভ কৰা কাম-কাজত অংশগ্ৰহণ ।
৯. পৰিৱেশ শিক্ষাৰ বহুমুখী বিষয়ৰ চৰিত্ৰ সম্পৰ্কে আলোচনা কৰা
পৰিৱেশ শিক্ষা হৈছে বহুমুখী বিষয়। পৰিৱেশ আৰু ইয়াৰ বিভিন্ন জটিল পৰিঘটনা বোৰৰ বিষয়ে জানিবলৈ হ’লে বিভিন্ন বিষয়ৰ জ্ঞান অৰ্জন কৰাটো জৰুৰী। উদ্ভিদ বিজ্ঞান, প্ৰাণী বিজ্ঞান, অনুজীৱ তত্ব, জিন তত্ব, ৰূপায়ন বিদ্যা আদিয়ে পৰিবেশৰ জৈৱিক উপাদান সমূহ আৰু ইহঁতৰ আন্তঃক্ৰিয়া সম্পৰ্কে বুজাত সহায় কৰে ।
আকৌ পদাৰ্থ বিজ্ঞান , গণিত, পৰিসংখ্যা বিজ্ঞান আদিয়ে পৰিৱেশৰ বিভিন্ন পৰিঘটনা বোৰ বুজাত সহায় কৰে ।
আনহাতে , বৰ্তমানৰ কম্পিউটাৰ বিদ্যা, উন্নত মানৰ অভিযান্ত্ৰিক বিদ্যা আদিয়ে পৰিৱেশৰ প্ৰদূষণৰ বিষয়ে নানা তথ্যৰ যোগান ধৰাৰ লগতে, পৰিৱেশৰ সুৰক্ষাৰ বাবে নানা উদ্ভাৱনমূলক প্ৰযুক্তিৰ আৱিষ্কাৰ কৰিছে ।
গতিকে, ওপৰৰ আলোচনাৰ পৰা দেখা গ’ল যে পৰিৱেশ শিক্ষাৰ এক বহুমুখী চৰিত্ৰ আছে ।
১০. আমাৰ পৰিৱেশ সুৰক্ষিত ৰখাত পৰিৱেশ সজাগতাই কেনেকৈ সহায় কৰে ।
সমগ্ৰ বিশ্ব আজি পৰিৱেশ প্ৰদূষণৰ সৈতে মোকাবিলা কৰি আছে । প্ৰদূষণৰ ভয়াবহতা আৰু ইয়াৰ কু প্ৰভাৱৰ কথা আমি সকলোৱে নিশ্চয় অনুমান কৰিব পাৰিছো । জনসংখ্যা বিস্ফোৰণ, ঔদ্যোগিকৰণৰ প্ৰসাৰ, অপৰিকল্পিত ভাবে নগৰীকৰণ, আদিয়ে পৰিৱেশৰ ভাৰসাম্যহীনতাৰ সৃষ্টি কৰিছে। আৰু এই আটাইবোৰ কামৰ বাবে মানুহ দায়ী ।
পৰিৱেশ সুৰক্ষাৰ বাবে ইতিমধ্যে চৰকাৰে কিছুমান বিধায়িনী ব্যৱস্থা হাতত লৈছে , কিন্তু ৰাইজে চৰকাৰক সহায় কৰিলেহে এই ক্ষেত্ৰত চৰকাৰ সফল হ’ব । পৰিৱেশ সজাগতাই মানুহক পৰিৱেশৰ প্ৰয়োজনীয়তাৰ বিষয়ে জ্ঞান দিয়ে, আৰু পাৰিৱেশিক সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ শিক্ষিত কৰি তোলে , লগতে ভৱিষৎ প্ৰজন্মৰ সুৰক্ষা আৰু বহনক্ষম উন্নয়নৰ বাবে চিন্তাশীল কৰি তোলে। Basic concept of Environment