Know the Questions and Answers of Basic Concept of Environment

Textual Questions and Answers | Environmental Education | Chapter 1 | AHSEC | 1st Year

পৰিৱেশ শিক্ষা Basic Concept of Environment

১/ পৰিৱেশ শিক্ষা কি? Basic Concept of Environment

উঃ পৰিৱেশ শিক্ষা হৈছে পৰিৱেশৰ জৰিয়তে, পৰিৱেশৰ বিষয়ে আৰু পৰিবেশৰ বাবে গ্ৰহণ কৰা শিক্ষা।

২/পৰিৱেশৰ বিভিন্ন উপাদান বোৰ কি কি ?

উঃ ১/অজৈৱিক উপাদান

      ২/জৈৱিক উপাদান

      ৩/শক্তি উপাদান

৩/পৰিৱেশৰ বিভিন্ন অংশবোৰ কি কি?

উঃ ১/ বায়ুমণ্ডল

      ২/জলমণ্ডল

      ৩/ভুমণ্ডল

        ৪/জীৱমণ্ডল

৪/বায়ুমণ্ডলৰ ঘাই ঘাই উপাদানসমূহ উল্লেখ কৰা ।

উঃপ্ৰধান উপাদান বোৰ হ’ল নাইট্ৰজেন,অক্সিজেন,কাৰ্বন ডাই অক্সাইড,আৰ্গন।

৫/ ষ্ট্ৰেট’স্ফিয়েৰত থকা অ’জন গেছৰ স্তৰৰ ভুমিকা কি ?

উঃঅ’জন গেছ ষ্ট্ৰেট’স্ফিয়েৰত বিয়পি আছে বায়ুমণ্ডলৰ ষ্ট্ৰেট’স্ফিয়ৰ অঞ্চলত। এই অজ’ন গেছে আমাৰ বাবে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সূৰ্য্যৰ অতি বেঙুনীয়া ৰশ্মিৰ বিকিৰণৰ ক্ষতিকৰ প্ৰভাৱৰ পৰা পৃথিৱীত জীৱনৰ বাবে এক ৰক্ষা কবচ হিচাপে এই অজ’ন গেছে কাম কৰে।    

৬/ পৰিৱেশ শিক্ষা সম্পৰ্কে তুমি কি বুজিছা ?

উঃ পৰিৱেশ শিক্ষা হৈছে পৰিৱেশৰ জৰিয়তে, পৰিৱেশৰ বিষয়ে আৰু পৰিবেশৰ বাবে গ্ৰহণ কৰা শিক্ষা পৰিৱেশ শিক্ষা হৈছে এনে এক শিক্ষাগত প্ৰক্ৰিয়া যাৰ জৰিয়তে মানুহৰ সৈতে তেওঁলোকৰ প্ৰাকৃতিক আৰু মানুহে সৃষ্টি কৰা পৰিৱেশ সম্পৰ্কে অধ্যয়ন কৰা হয়। ইয়াত সামৰি লোৱা হৈছে জনসংখ্যাৰ সম্পৰ্ক, প্ৰদূষণ, সম্পদৰ আৱণ্টন আৰু নিঃশেষ (ক্ষয়), সংৰক্ষণ পৰিবহন প্রযুক্তি আৰু সমগ্ৰ মানৱ পৰিৱেশৰ

বাবে নগৰাঞ্চল আৰু গ্ৰামীণ পৰিকল্পনাক। পৰিবেশ শিক্ষা হৈছে এনে এক প্রক্রিয়া, যি প্ৰক্ৰিয়াই মানুহৰ মাজৰ আন্তঃ সম্পৰ্ক, তেওঁলোকৰ সংস্কৃতি, তেওঁলোকৰ জৈৱ ভৌতিক পাৰিপাৰ্শ্বিকতাক উপলব্ধি কৰা আৰু মর্মবস্তুক বুজাৰ বাবে দক্ষতা অর্জন, মনোভাৱ গঠনৰ লক্ষ্যৰে মূল্যবোধক স্বীকৃতি প্রদান আৰু ধাৰণাসমূহক ব্যাখ্যা কৰাত সহায় কৰে ।

৭/ পৰিৱেৰ শিক্ষাৰ বহল নীতি-নিৰ্দেশিকা সমূহ উল্লেখ কৰা ।

উঃ পৰিৱেশগত শিক্ষাৰ বহল নীতি-নিৰ্দেশিকাসমূহ হ’ল –

(ক) পৰিৱেশ আৰু পৰিৱেশৰ প্ৰত্যাহ্বানসমূহৰ প্ৰতি অনুভূতিশীলতা আৰু সজাগতা।

 (খ) পৰিৱেশ আৰু পৰিৱেশৰ প্ৰত্যাহ্বানসমূহৰ বিষয়ে উপলব্ধি আৰু জ্ঞান অর্জন কৰা।

(গ) পৰিৱেশৰ বাবে উদ্বেগৰ মনোভাব আৰু পৰিবেশগত গুণমান ৰক্ষা আৰু উন্নত কৰাৰ মানসিকতা। 

(ঘ) পৰিৱেশগত প্রত্যাহবানসমূহ সমাধান কৰাৰ লক্ষ্যৰে আৰম্ভ কৰা কাম-কাজত অংশ গ্রহণ।

৮/ পৰিৱেশ শিক্ষাৰ মৌলিক নীতিসমূহ উল্লেখ কৰা। Basic Concept of Environment

উত্তৰঃ পৰিৱেশ শিক্ষাৰ মৌলিক নীতিসমূহ হ’ল

(ক) শিক্ষা প্ৰদানৰ ক্ষেত্ৰত বিভিন্ন বিষয়ৰ আন্তঃসম্পর্কত গুৰুত্ব।

(খ) সামগ্রিকভাবে পৰিৱেশক বিবেচনা কৰা।

(গ) নিৰন্তৰ শিক্ষা, প্রাক স্কুল পর্যায়ৰ পৰা আৰম্ভণি আৰু সকলো আনুষ্ঠানিক আৰু অনানুষ্ঠানিক পৰ্য্যায় জুৰি অব্যাহত ৰখা। 

(ঘ) স্থানীয়, আঞ্চলিক, ৰাষ্ট্ৰীয় আৰু আন্তর্জাতিক দৃষ্টিভঙ্গীৰ পৰা ঘাই ঘাই পৰিৱেশ সংক্রান্ত বিষয়বোৰ সমালোচনামূলক দৃষ্টিৰে পৰীক্ষা কৰা।

(ঙ) বৰ্তমান আৰু ভৱিষ্যৎ পৰিবেশৰ প্ৰৱণতা আৰু অৱস্থাৰ বিষয়ে অধ্যয়ন চলোৱা।

৯/ পৰিৱেশ শিক্ষাৰ বহুমুখী বিষয়ৰ চৰিত্ৰ সম্পৰ্কে আলোচনা কৰা। Basic Concept of Environment

উত্তৰঃ পৰিৱেশ শিক্ষা হৈছে বহুমুখী বিষয়। পৰিবেশ আৰু ইয়াৰ বিভিন্ন জটিল পৰিঘটনা বিষয়ক দিশবোৰৰ সম্পৰ্কে জানিবলৈ হ’লে বিভিন্ন বিষয়ত জ্ঞান অৰ্জন কৰা প্ৰয়োজন। উদ্ভিদ বিজ্ঞান, প্রাণী বিজ্ঞান, জৈব প্রযুক্তি, জৈব অভিযান্ত্রিক (বায় ইঞ্জিনিয়াৰিং), অনুজীৱতত্ত্ব, জিন তত্ত্ব, জৈৱ ৰসায়ন বিদ্যা আদিয়ে জৈৱিক (বায়’টিক) উপাদানসমূহ আৰু ইহঁতৰ আন্তঃক্রিয়া সম্পর্কে বুজাত সহায় কৰে। পদার্থবিজ্ঞান, ৰসায়ন বিজ্ঞান, গণিত, পৰিসংখ্যা বিজ্ঞান আদিয়ে পৰিবেশৰ বিভিন্ন পৰিঘটনাবোৰক বুজাত সহায় কৰে। কম্পিউটাৰ বিজ্ঞান, তথ্য প্রযুক্তি আদি হৈছে পৰিবেশ শিক্ষাৰ অপৰিহাৰ্য অংগ। একেদৰে প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে পৰিবেশ অভিযান্ত্রিকবিদ্যা (ইঞ্জিনিয়াৰিং অত্যাৱশ্যক। অভিযান্ত্রিক বিদ্যাৰ অন্যান্য শাখাসমূহ, যেনে, ৰসায়ন, অসামৰিক, কাৰিকৰী আৰু নতুন উদ্ভাৱনমূলক প্রযুক্তিবোৰো পৰিবেশ সুৰা কাৰ্য্যত যুক্ত। ধ্বংস হৈ গৈ থকা পৰিবেশক সুৰক্ষিত কৰাৰ ক্ষেত্ৰত সেউজ ৰসায়ন বিজ্ঞানে এটা সুনির্দিষ্ট আৰু অত্যন্ত স্পষ্ট ভূমিকা পালন কৰে। সমাজতত্ত্ব, অর্থনীতি বিজ্ঞান, শিক্ষা, দর্শন আদি বিষয়ো বিভিন্নভাবে যুক্ত। পৰিবেশ সুৰক্ষাৰ বাবে সদায় পৰিবেশ আইন বলবৎ কৰা হয়। গতিকে পৰিবেশ শিক্ষাই বহুবিধ বিষয়ৰ চৰিত্ৰ বহন কৰে য’ত এক বিশ্বমুখী দৃষ্টিভঙ্গী লৈ বিভিন্ন দিশবিলাকৰ মোকাবিলা কৰা হয় ।

১০/ আমাৰ পৰিৱেশ সুৰক্ষিত ৰখাত পৰিবেশগত সজাগতাই কেনেকৈ সহায় কৰে ?

উত্তৰঃ বিশ্বই আজি পৰিবেশ অৱক্ষয় আৰু প্ৰদূষণৰ দৰে বৃহৎ সমস্যাৰ মোকাবিলা কৰিবলগীয়া হৈছে। বিভিন্ন ধৰণৰ প্ৰদূষণ, বনজ সম্পদৰ দ্ৰুত ক্ষয়, দ্রুত হাৰত জনসংখ্যা বিস্ফোৰণ, ঔদ্যোগীকৰণৰ প্ৰসাৰ, অপৰিকল্পিতভাবে নগৰীকৰণ, খনিৰ কাম, ভূমিক্ষয় আদিয়ে সাম্প্ৰতিক বছৰবোৰত পৰিবেশতন্ত্ৰৰ ভাৰসাম্যহীনতাৰ সৃষ্টি কৰিছে। অর্থনৈতিক উন্নয়নৰ বাবে মানুহৰ অনুসন্ধানেই ঘাইকৈ প্রাকৃতিক সম্পদক নির্দয়ভাবে ব্যৱহাৰৰ বাবে দায়ী। তদুপৰি মানৱ জাতিয়ে অত্যন্ত কঠোৰ বস্তুবাদী, লোভী আৰু বিলাসী জীৱন-ধাৰাৰ মনোভাবেৰে প্ৰাকৃতিক সম্পদক বাচ বিচাৰহীনভাবে শোষণ কৰিছেবা নির্দয়ভাবে ধ্বংস কৰিছে। এই সকলো কাৰ্য্যকলাপেই বহু সংখ্যক জীৱিত প্ৰাণীকূলৰ অস্তিত্বৰ প্ৰতিয়েই ভাবুকিৰ সৃষ্টি কৰিছে। গতিকে পুনৰ অৱনতি ৰোধ কৰি পৰিবেশ ৰক্ষাৰ বাবে গণ সজাগতা সৃষ্টি কৰাটো জৰুৰী। পৰিবেশৰ সমস্যাক আটাইতকৈ ভাল উপায়েৰে সমাধান কৰিব পাৰি যদিহে জনসাধাৰণ পৰিবেশগতভাবে সজাগ হয়। কোনো চৰকাৰেই কেৱল কিছুমান পৰিবেশ সুৰক্ষা বিষয়ক বিধি ৰূপায়ণ কৰি এই সমস্যাৰ সমাধান কৰিব নোৱাৰে, যদিহে জনসাধাৰণে এই ক্ষেত্ৰত সহযোগিতা নকৰে। জনসাধাৰণক পৰিবেশগতভাৱে শিক্ষিত কৰিব লাগিব। তেওঁলোকে জানিব পাৰিব লাগিব যে যদি আমি

আমাৰ পৰিবেশক ধ্বংস কৰো, তেনেহ’লে কাইলৈ ইয়াৰ ফল ভুগিব লাগিব আৰু আমাৰ ভৱিষ্যৎ প্রজন্ম বৃহৎ বিপদৰ সন্মুখীন হ’ব। আমি পৰিবেশৰ এক অংশ আৰু পৰিবেশ ৰক্ষা কৰাটো আমাৰ কৰ্তব্য।

https://byjus.com/biology/our-environment/

Leave a comment