আয়াতুল কুৰ্চী (Ayatul Qursi in Assamese)

আচ্ছালমুআলাইকুম।আজি আকৌ আপোনাৰ কাষলৈ লৈ আহিছো অন্য এক interesting বিষয়। আপুনি বাৰু জানেনে কোৰান শ্বৰিফ সম্বন্ধীয় ৰসাল আৰু বাস্তৱ জীৱনৰ লগত জড়িত কথা বোৰ? হয়তো কোৰনত আৰাবীত লিখা থকা বাবে আৰু আমি তাৰ অসমীয়া অৰ্থ টো বুজি নাপাও কাৰনে সকলোবোৰ কথা উপলব্ধি কৰিব নোৱাৰো। কিন্তু আপুনি যদি ভালকৈ বিশ্লেষন কৰি চায় দেখিব যে কোৰানৰ প্ৰতিটো পৃষ্ঠাতে বাস্তৱ জীৱনৰ লগত জড়িত সকলো কথাই তাত উল্লেখ আছে, যিবোৰ সম্পূৰ্ণ যুক্তিসংগত আৰু বিজ্ঞান সন্মত। (Ayatul Qursi in Assamese)
বাৰু এতিয়া আহো মুল কথালৈ, সকলোৱে নিশ্চয় আয়তুল কুৰ্চী ছুৰাৰ নাম টো শুনিছেই কিন্তু আমি বহুতেই হয়তো নাজানো এই ছুৰাটো আম’ল কৰিলে বা শুদ্ধ অন্তৰেৰে পঢ়িলে আমি কেনেধৰনৰ ফল পাব পাৰো….! আহকছোন আজি আমি সেই বিষয়ে জানো।
আমাৰ বহুতেই আৰবীত পঢ়িব নোৱাৰে সেয়ে সকলোৰে সুবিধা হোৱাকৈ মই ইয়াত আৰাবীক উচ্ছাৰন টো অসমীয়াত লিখি দিছো ,লগতে অৰ্থ টো লিখি দিছো যাতে আপোনালোকে প্রকৃত অৰ্থ টো বুজিব পাৰে।

আউজুবিল্লাহি মিনাচ চায়তানিৰ ৰাজীম
বিছমিল্লাহিৰ ৰাহমানিৰ ৰাহীম
আল্লাহু লা ইলাহা ইল্লা হুৱাল হাইয়্যুল কাইয়্যুম, লা-তা’ খুজুহু চিনাতুওঁ ওৱালা নাউম,লাহু মাফিচ্ছামাৱাতি ওৱামা ফীল আৰদি,মান্ যাল্লাযী ইয়াচফাউ ইন্দাহু ইল্লা বিইযনিহী ইয়া’লুমু মা বাইনা আইদিহিম ওৱামা খাল ফাহুম ওৱালা ইউহীতুওনা বিচায়িম মিন ইলমিহীম ইল্লা বিমাছাআ ওৱাছিয়া কুৰ্ছী ইউহুচ্ছামাৱাতি ওৱাল আৰদ্ ,ওৱাল ইয়া উদুহু হিফজুহুমা ওৱা হুৱাল আলীউল আজীম
অৰ্থ : আল্লাহ ব্যতীত কোনো উপাস্য নাই। তেওঁ চিৰঞ্জীৱ চিৰন্তন। তন্দ্ৰা আৰু নিদ্রা বিহীন চিৰজাগ্রত সত্বা। নভোমণ্ডল আৰু ভূ-মণ্ডল ত যিবোৰ আছে সকলোবোৰ তেওঁৰে সৃষ্টি। তেওঁৰ অনুমতি ব্যতীত তেওঁৰ সন্মুখত কোনেও কাৰো হৈ ওকালতি কৰিব নোৱাৰে।তেওঁ ভূত-ভৱিষ্যত সকলো জানে।তেওঁ যাক যিমানখিনি বিচাৰে সিমানখিনিহে জ্ঞান দান কৰে।তেওঁৰ সিংহাসন নভোমণ্ডল আৰু ভুমণ্ডল আগুৰি আছে। আৰু ইয়াৰ ৰক্ষণাবেক্ষণত তেওঁ অলপো ক্লান্ত নহয়,আৰু তেওঁ অতিশয় উন্নত আৰু মহান। (Ayatul Qursi in Assamese)

এইবাৰ কবলৈ লৈছো আয়াতুল কুৰ্চীৰ ফজীলতৰ বিষয়ে :
আয়াতুল কুৰ্চী এটা অন্যতম পাৱাৰফুল ছুৰা, যদিহে আপুনি সদায় ৰাতিপুৱা আৰু গধূলি এই ছুৰা টো পাঠ কৰে আল্লাহে আপোনাক সকলো ক্ষেত্ৰতে protection কৰিব, মাত্ৰ বিশ্বাস ৰাখক আল্লাহৰ ওপৰত।আৰু আমাৰ প্রত্যেকৰে মনত negative energy ,মানে দেও ভূত ,জিন,খবিছ, পিশাচ আদিৰ প্রতি এটা ভয় ভাৱ থাকে, বা কেতিয়াবা মনটো বহুত বেয়া লাগে, আৰু আমাৰ ছোৱালী বিলাকৰ এনেও ভয় টো অলপ বেছি,বিশেষ কৈ হোষ্টেলত থাকিলে বা অকলে ৰুমত থাকিলে ভয় লাগে বহুত নহয়নে? ভয় কৰিবৰ কোনো দৰকাৰ নাই আল্লাহৰ ওপৰত বিশ্বাস ৰাখি এই দোৱাটো পঢ়িব সকলো মনৰ ভয় দূৰ হৈ যাব। মোৰ নিজৰ অভিজ্ঞতাৰ পৰা কৈছো ,মোৰো বহুত ভয় negative energy প্ৰতি,আৰু মই বৰ্তমান পঢ়ি আছো আৰু মই হোস্টেলত থাকো ।

মই নতুনকৈ হোস্টেলত যোৱাৰ কেইদিমান পিছত ,এদিন ৰাতি এনেকুৱা অনুভৱ হল যে কোনোবাই বিচনা খন দাঙি দিছে,জীৱনত 1stটাইম মই তেনেকুৱা অনুভৱ কৰিছিলো।তাৰ পিছত মই আয়াতুল কুৰ্চী টো পঢ়ি মই শুৱা ঠাই খিনিৰ চাৰিও ফালে আৰু মোৰ নিজৰ গাত ফুৱাই দিছিলো, তেতিয়াৰ পৰা মই সদায় এই দোৱা টো পঢ়ি শুই যাওঁ, মনটো বহুত Fresh আৰু শান্তি লাগে। Ayatul kursi is the most beautiful gift from Allah. কালা যাদু, চয়তানী শক্তি, বেয়া নজৰ, বিপদ-আপদ , ইত্যাদিৰ পৰা নিজকে বচাই ৰাখিবলৈ সদায় ৰাতিপুৱা ৩ বাৰ আৰু গধুলি ৩বাৰ আয়াতুলকুৰ্চী পঢ়ক ।

আপোনালোকে মোক comment কৰি জনাওক মোৰ লিখনিটো পঢ়ি কেনে পালে। আজিলৈ bye bye ,আকৌ next Sunday লগ পাম আৰু আপোনাক চিনাকি কৰাই দিম অন্য এটা নজনা বিষয় লগত।